Admiração
O temor do Senhor é o princípio da sabedoria. A admiração reverente por Deus é a postura que produz conhecimento, obediência e bênção na vida do crente.
যিহোৱালৈ ভয় ৰখাই জ্ঞানৰ আৰম্ভণ,
অজ্ঞানীলোকে প্রজ্ঞা আৰু অনুশাসন হেয়জ্ঞান কৰে।
যিহোৱালৈ ভয় ৰখাই প্রজ্ঞাৰ আৰম্ভণ,
আৰু পবিত্ৰজনাক জনাই সুবিবেচনা।
যিহোৱালৈ ৰখা ভয়ে প্ৰজ্ঞাৰ শিক্ষা দিয়ে,
আৰু নম্ৰতা সন্মানৰ আগত আহে।
বিভ্রান্তিৰ সৈতে বৃহৎ ভঁৰালতকৈ
যিহোৱালৈ ভয় কৰি ৰখা অলপেই ভাল।
যিহোৱাক ভয় কৰায়েই দুষ্টতাক ঘিণ কৰা হয়;
মই অহংকাৰ, গর্ব, কুপথ, আৰু বিপথগামী কথা ঘিণ কৰোঁ।
যিহোৱালৈ ৰখা ভয় নম্ৰতা, সম্পত্তি,
আৰু জীৱনলৈ সন্মান আনে।
তুমি নিজৰ দৃষ্টিত নিজে জ্ঞানী নহ’বা;
যিহোৱালৈ ভয় ৰাখা, আৰু পাপৰ পৰা ঘূৰি আহাঁ।
ই তোমাৰ শৰীৰ সুস্থ কৰিব,
আৰু তোমাৰ দেহলৈ সতেজতা আনিব।
সৌন্দৰ্য বিভ্রান্তিকৰ, লাৱণ্য মূল্যহীন,
কিন্তু যিহোৱালৈ ভয় ৰখা মহিলা প্ৰশংসনীয়।
সকলোবোৰতো শুনা হ’ল: এতিয়া আহাঁ, আমি সকলোৱে সাৰ কথা শুনো। ঈশ্বৰলৈ ভয় ৰাখা, আৰু তেওঁৰ আজ্ঞা সমূহ পালন কৰা; কিয়নো মানুহৰ সকলো কৰ্তব্য এয়ে।
যিহোৱালৈ ভয় ৰখাই জ্ঞানৰ আৰম্ভণ;
যিসকলে তেওঁৰ আজ্ঞা অনুসাৰে কাৰ্য কৰে, তেওঁলোকে সুবুদ্ধি পায়;
তেওঁৰ প্ৰশংসা অনন্ত কাললৈকে থাকে।
তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা!
ধন্য সেইজন, যিজনে যিহোৱালৈ ভয় ৰাখে আৰু তেওঁৰ আজ্ঞাবোৰত অতি আনন্দিত হয়।
যাত্ৰাৰ সঙ্গীত
ধন্য সেইজন, যি জনে যিহোৱালৈ ভয় ৰাখে, আৰু তেওঁৰ পথত চলে;
যিসকলে যিহোৱালৈ ভয় ৰাখে,
যিসকলে তেওঁৰ অসীম দয়াৰ ওপৰত আশা ৰাখে,
যিহোৱাৰ দৃষ্টি তেওঁলোকৰ ওপৰত থাকে,
ঈশ্বৰে আমাক আশীৰ্ব্বাদ কৰিব,
আৰু পৃথিবীৰ সকলো সীমাই তেওঁলৈ ভয় ৰাখিব।
কিন্তু মোৰ নামত ভয় ৰাখোঁতা যি তোমালোক, তোমালোকৰ প্রতি ধাৰ্মিকতাৰূপ সূৰ্য উদিত হ’ব, যাৰ কিৰণ সুস্থতাদায়ক; তোমালোকে বাহিৰ হৈ গোহালিৰ পৰা মুকলি হোৱা দামুৰিৰ নিচিনাকৈ ডেও দিবা।
আজ্ঞা পালন কৰিবলৈ উপদেশ।
ইস্ৰায়েলীয়াসকল, আপোনালোকৰ ঈশ্বৰ যিহোৱাই এতিয়া আপোনালোকৰ পৰা কি বিচাৰিছে? তেওঁ কেৱল বিচাৰিছে যেন আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক ভয় কৰে, তেওঁৰ সকলো পথত চলে, তেওঁক প্ৰেম কৰে, আপোনালোকৰ সকলো মন আৰু প্ৰাণেৰে সৈতে ঈশ্বৰ যিহোৱাৰ আৰাধনা কৰে; লগতে আপোনালোকৰ ভালৰ কাৰণে আজি মই আপোনালোকৰ ওচৰত যিহোৱাৰ যি সকলো আজ্ঞা আৰু বিধি আপোনালোকক দিছো, সেই সকলোকে যেন পালন কৰে।
আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰেই পাছত চলিব, তেওঁকেই ভয় কৰিব, তেওঁৰেই আজ্ঞাবোৰ পালন কৰিব, তেওঁকেই অনুসৰণ কৰিব, তেওঁৰেই আৰাধনা কৰিব আৰু তেওঁক কেতিয়াও পৰিত্যাগ নকৰিব।
ধাত্ৰী দুজনীয়ে ঈশ্বৰলৈ ভয় কৰিছিল, সেয়ে ঈশ্বৰে তেওঁলোকৰ বাবে পৰিয়াল গঠন কৰিলে।
এই হেতুকে, হে প্ৰিয় ভাই আৰু ভনী সকল, এইবোৰ প্ৰতিজ্ঞা পোৱাত, আহক, আমি শৰীৰ আৰু আত্মাৰ সকলো অশুচিতাৰ পৰা নিজকে শুচি কৰি, ঈশ্বৰৰ ভয়ত পবিত্ৰতা সিদ্ধ কৰোঁহক।
যাৰ যি পাবলগীয়া, তেওঁ তাক দিয়ক; কৰ দিবলগীয়াক কৰ দিয়ক; মাচুল দিবলগীয়াক মাচুল দিয়ক; ভয় কৰিব লগা জনক ভয় কৰক; সন্মান কৰিবলগীয়া জনক সন্মান কৰক।
নিৰাশ হৈ যোৱা জনে নিজ বন্ধুৰ পৰা দয়া পাব লাগে;
সেয়ে নহ’লে কিজানি তেওঁ সৰ্ব্বশক্তিমান জনাৰ ভক্তি ত্যাগ কৰিব।
Este artigo te tocou? Faça uma oração!
+581 estão orando agora.
Junte-se à corrente de oração.