Agradecimento pela vida
Agradecer pela vida é reconhecer que cada respiração é dom de Deus. Toda criatura que tem fôlego louve ao Senhor — porque Ele nos formou e nos sustenta com amor.
শ্বাসযুক্ত সকলো প্রাণীয়েই যিহোৱাৰ প্ৰশংসা কৰক।
তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।
তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।
হে মোৰ মন, যিহোৱাৰ প্ৰশংসা কৰা।
মোৰ আয়ুস থাকেমানে মই যিহোৱাৰ প্ৰশংসা কৰিম,
জীয়াই থাকোঁমানে মোৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰিম।
তুমিয়েই মোৰ অন্তর্ভাগ সৃষ্টি কৰিলা,
তুমি মোক মাতৃৰ গৰ্ভতে গঠন কৰিলা।
মই তোমাৰ প্ৰশংসা কৰোঁ;
কিয়নো মই অতি বিস্ময় আৰু আশ্চর্যজনক ভাৱে নিৰ্ম্মিত হলোঁ;
তোমাৰ কাৰ্যবোৰ আচৰিত,
তাক মই ভালদৰেই জানো।
যেতিয়া মোক গোপন স্থানত গঠন কৰা হৈছিল,
যেতিয়া মই পৃথিৱীৰ অধঃস্থানত চমৎকাৰ ৰূপে গঢ় লৈছিলোঁ,
তেতিয়াও মোৰ দেহ তোমাৰ পৰা লুকাই থকা নাছিল।
তোমাৰ চকুৱে জন্মৰ আগেয়েই মোৰ শৰীৰৰ গঠনহীন প্রকৃতি দেখিলে,
তোমাৰ পুস্তকত সকলো লিখা আছিল;
মোৰ কাৰণে যি দিনবোৰ নিৰূপিত কৰা হৈছিল, সেই দিনবোৰ সেই সময়ত আৰম্ভই হোৱা নাছিল।
মই জীয়াই থাকোঁমানে যিহোৱাৰ উদ্দেশ্যে গান কৰিম;
মই থকালৈকে মোৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গাম।
তেওঁৰ ওচৰত মোৰ ধ্যান মধুৰ হওক;
মই যিহোৱাত আনন্দ কৰিম।
তোমালোকে ইয়াকে জানা যে, যিহোৱাই ঈশ্বৰ;
তেঁৱেই আমাক নিৰ্ম্মাণ কৰিলে, আমি তেওঁৰেই;
আমি তেওঁৰ প্ৰজা আৰু তেওঁৰ চৰণীয়া পথাৰৰ মেৰ-ছাগ।
তেওঁৰ ধন্যবাদ কৰি তেওঁৰ দুৱাৰবোৰত প্রৱেশ কৰা,
তেওঁৰ প্ৰশংসা কৰি তেওঁৰ চোতাল কেইখনত সোমোৱা;
তেওঁৰ স্তুতি কৰা, তেওঁৰ নামৰ ধন্যবাদ কৰা।
হে ঈশ্বৰ, তোমাৰ গভীৰ প্রেম কেনে বহুমূল্য!
সকলো মনুষ্যই যেন তোমাৰ ডেউকাৰ ছাঁয়াত আশ্রয় লয়।
তেওঁলোকে যেন তোমাৰ গৃহৰ প্রচুৰ আহাৰ খাই তৃপ্ত হয়;
তুমি তোমাৰ আনন্দ-নদীৰ পানী তেওঁলোকক পিবলৈ দিয়া।
কিয়নো তোমাৰ লগত জীৱনৰ ভুমুক আছে;
তোমাৰ দীপ্তিতে আমি পোহৰ দেখো।
হে যিহোৱা, মই তোমাৰ প্ৰশংসা কৰিম; কিয়নো তুমিয়েই মোক উঠাই আনিলা।
মোৰ শত্রুবোৰক তুমি মোৰ ওপৰত আনন্দ কৰিবলৈ নিদিলা।
হে মোৰ ঈশ্বৰ যিহোৱা, মই সহায়ৰ বাবে তোমাৰ আগত কাতৰোক্তি কৰাত, তুমি মোক সুস্থ কৰিলা।
হে যিহোৱা, তুমি মোৰ প্ৰাণ চিয়োলৰ পৰা তুলি আনিলা,
তুমি মোক গাতলৈ যাব নিদি জীয়াই ৰাখিলা।
হে যিহোৱা, মই মোৰ সমস্ত হৃদয়েৰে তোমাৰ ধন্যবাদ কৰিম,
আৰু তোমাৰ সকলো আচৰিত কার্যবোৰ বর্ণনা কৰিম।
মই তোমাক লৈ আনন্দিত হৈ উল্লাস কৰিম;
হে সৰ্ব্বোপৰি জনা, মই তোমাৰ নামত প্ৰশংসাৰ গান কৰিম!
সদায় আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ নামেৰে সকলো বিষয়ৰ কাৰণে পিতৃ ঈশ্বৰৰ ধন্যবাদ কৰক।
আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰৰ প্রশংসা হওক। তেওঁ স্বর্গীয় ঠাইবোৰত থকা সকলো আত্মিক আশীর্বাদেৰে সৈতে খ্রীষ্টত আমাক আশীর্বাদ কৰিলে।
ঈশ্বৰৰ বৰ্ণনাতীত দানৰ কাৰণে তেওঁৰ ধন্যবাদ হওক।
আমি নিবেদন কৰোঁ আৰু আনন্দেৰে সৈতে তেওঁৰ ধন্যবাদ কৰোঁ, কাৰণ পিতৃয়ে আমাক পবিত্ৰ লোক সকলৰ যি অধিকাৰ পোহৰত আছে, সেই অধিকাৰৰ অংশীদাৰ হ’বলৈ যোগ্য কৰিলে��
তেৱেঁই আমাক আন্ধাৰৰ পৰাক্ৰমৰ পৰা উদ্ধাৰ কৰি নিজ প্ৰেমৰ পুত্ৰৰ ৰাজ্যত স্থানান্তৰ কৰি থ’লে�� তেওঁৰ সেই পুত্ৰত আমাৰ মুক্তি, পাপৰ ক্ষমা আছে।
সেই পুত্ৰ অদৃশ্য ঈশ্বৰৰ প্ৰতিমূৰ্তি�� তেওঁ গোটেই সৃষ্টিৰ প্ৰথমজাত; কিয়নো যি যি স্বৰ্গত আৰু পৃথিৱীত, দৃশ্য আৰু অদৃশ্য বস্তু আছে, সেই সকলোবোৰ তেওঁতেই সৃষ্ট হ’ল�� সিংহাসন হওক বা প্ৰভুত্ব হওক, আধিপত্য হওক বা ক্ষমতা হওক, এই সকলোবোৰ তেওঁৰ দ্বাৰাই আৰু তেওঁৰ কাৰণে সৃষ্টি কৰা হ’ল�� তেওঁ সকলোৰে পূৰ্বৰ পৰা আছে আৰু সকলোবোৰ তেওঁৰেই নিয়ন্ত্ৰণত আছে��
আপোনালোকে তাত ভোজন কৰি তৃপ্ত হ’ব আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাই দিয়া উত্তম দেশৰ কাৰণে তেওঁৰ ধন্যবাদ কৰিব।
হে প্ৰভু, তুমি মোৰ প্ৰাণৰ অভিযোগ প্ৰতিবাদ কৰিলা; তুমি মোৰ জীৱন মুক্ত কৰিলা।
মই ডুবি গৈ পৰ্ব্বতবোৰৰ মূল পর্যন্ত নামি গ’লোঁ;
নিজৰ ডাংবোৰেৰে পৃথিৱীয়ে মোক চিৰকাললৈকে আটক কৰিলে;
কিন্তু, হে মোৰ ঈশ্বৰ যিহোৱা, আপুনি সেই গাতৰ পৰা মোক উঠাই আনিলে।
মোৰ প্ৰাণ যেতিয়া মোৰ অন্তৰত ব্যাকুল হ’ল,
মই যিহোৱাক সোঁৱৰণ কৰিলোঁ আৰু মোৰ প্ৰাৰ্থনা
আপোনাৰ ওচৰত আপোনাৰ পবিত্ৰ মন্দিৰত উপস্থিত হ’ল।