Ajuda
Deus é nosso auxílio e socorro em todo tempo. Ele não dorme nem cochila. O Senhor é nosso ajudador — não precisamos temer o que o homem possa nos fazer.
যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই যিহোৱাৰ পৰা মোৰ সহায় আহিব।
প্ৰধান বাদ্যকৰৰ নিমিত্তে: কোৰহৰ বংশৰ ৰচিত গীত। অলামোৎ সুৰত গাবলগীয়া সঙ্গীত।
ঈশ্বৰ আমাৰ আশ্ৰয় আৰু বল,
সঙ্কটৰ সময়ত বিচাৰা মাত্ৰে পাব পৰা ঈশ্বৰ।
কিন্তু ঈশ্ৱৰ মোৰ সহায়কৰ্তা;
ঈশ্বৰেই মোৰ জীৱন ধৰি ৰাখে।
ধাৰ্মিকসকলৰ পৰিত্ৰাণ যিহোৱাৰ পৰা আহে;
সঙ্কটৰ কালত তেৱেঁই তেওঁলোকৰ আশ্ৰয়।
যিহোৱাই তেওঁলোকক সহায় আৰু ৰক্ষা কৰে;
দুষ্ট লোকসকলৰ হাতৰ পৰা তেৱেঁই তেওঁলোকক উদ্ধাৰ কৰি পৰিত্রাণ দিয়ে,
কিয়নো তেওঁলোকে তেওঁতে আশ্ৰয় লৈছে।
হে মোৰ যিহোৱা, মোৰ পৰিত্ৰাণকর্তা; মোক সহায় কৰিবলৈ তুমি শীঘ্রে আহাঁ।
হে আমাৰ পৰিত্ৰাণকর্তা ঈশ্বৰ,
তোমাৰ নামৰ গৌৰৱৰ কাৰণে আমাক সহায় কৰা;
তোমাৰ নামৰ কাৰণে আমাক উদ্ধাৰ কৰা আৰু আমাৰ পাপবোৰ ক্ষমা কৰা।
সকলো প্রশংসা যিহোৱাৰেই; তেওঁ মোৰ কাকুতিৰ স্বৰ শুনিলে।
যিহোৱাই মোৰ বল আৰু মোৰ ঢাল;
মোৰ হৃদয়ে তেওঁতে ভাৰসা কৰে।
সেইবাবেই মই সহায় পাইছোঁ।
সেইবাবেই মোৰ অন্তৰ আনন্দত ভৰি পৰিছে;
মই মোৰ গীতেৰে তেওঁৰ ধন্যবাদ কৰোঁ।
যদি যিহোৱাই মোক সহায় নকৰে,
তেন্তে মৃত্যুৰ নীৰৱতাত মোৰ প্ৰাণে শীঘ্ৰেই বসতি কৰিলেহেঁতেন।
কিয়নো তোমাৰ ঈশ্বৰ যিহোৱা যি মই, ময়েই তোমাৰ সোঁ হাতত ধৰোঁ,
আৰু কওঁ, ‘ভয় নকৰিবা; ময়েই তোমাক সহায় কৰিম।’
তুমি মোক পৰিত্ৰাণ স্বৰূপ ঢাল দিলা,
আৰু তোমাৰ সাহাৰ্যই মোক মহান কৰিলে।
হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোক সকল, মোৰ ওচৰলৈ আহা; মই তোমালোকক জিৰণি দিম।
আৰু মই পিতৃৰ ওচৰত প্ৰাৰ্থনা কৰিম, তেওঁ যাতে তোমালোকক আন এজন সহায়কর্তা দিয়ে আৰু তেওঁ যেন চিৰকাল তোমালোকৰ লগত থাকে৷
সেই একেদৰে আত্মায়ো আমাৰ দূৰ্বলতাত উপকাৰ কৰে৷ কাৰণ, উচিত মতে কি প্ৰাৰ্থনা কৰিব লাগে, সেই বিষয়ে আমি নাজানো; কিন্তু আত্মাই নিজে আমাৰ বাবে অনিৰ্ব্বচনীয় কেঁকনিৰে নিবেদন কৰে। আত্মাৰ ভাব কি, সেই বিষয়ে অন্তৰ্য্যামী ঈশ্বৰে জানে, কাৰণ ঈশ্বৰৰ ইচ্ছা অনুসৰি, তেওঁ পবিত্ৰ লোকৰ বাবে নিবেদন কৰে।
তুমি সমস্ত মনেৰে সৈতে যিহোৱাক বিশ্বাস কৰা;
আৰু তোমাৰ নিজৰ বিবেচনাত তুমি নিৰ্ভৰ নকৰিবা।
তোমাৰ সকলো পথত তেওঁক স্বীকাৰ কৰিবা,
আৰু তেওঁ তোমাৰ পথবোৰ পোন কৰিব।
আপোনালোকৰ সকলো চিন্তাৰ ভাৰ তেওঁৰ ওপৰত পেলাই দিয়ক; কিয়নো আপোনালোকৰ কাৰণে তেওঁ চিন্তা কৰে।
Este artigo te tocou? Faça uma oração!
+581 estão orando agora.
Junte-se à corrente de oração.