Aliança
A aliança é o modo como Deus se relaciona com seu povo. Da aliança com Noé à Nova Aliança em Cristo, Deus se compromete com amor e fidelidade irrevogáveis.
Alianças com Israel
Deus firmou aliança com Abraão, Moisés e Davi. No arco-íris, na lei, nas promessas — Ele é o Deus da aliança.
তাৰ পাছত ঈশ্বৰে নোহক আৰু তেওঁৰ লগত থকা তেওঁৰ পুত্ৰসকলক ক’লে, "চোৱা! মই তোমালোকৰ আৰু তোমালোকৰ বংশধৰসকলৰ সৈতে আৰু যি সকলো প্রাণী তোমালোকৰ লগত আছে অর্থাৎ চৰাই, ঘৰচীয়া আৰু বনৰীয়া পশু আদি কৰি তোমালোকৰ লগত থকা যিমান জীৱ-জন্তু জাহাজৰ পৰা ওলাল, পৃথিৱীত থকা সেই সকলোবোৰৰ কাৰণে মই মোৰ নিয়ম স্থাপন কৰোঁ। মই তোমালোকৰ সৈতে মোৰ এই নিয়মটি স্থাপন কৰিলোঁ যে, জল-প্লাৱনৰ দ্বাৰাই কেতিয়াও কোনো প্ৰাণীকে আৰু বিনষ্ট কৰা নহব; পৃথিৱী ধ্বংস কৰাৰ দৰে জল-প্লাৱনো আৰু কেতিয়াও নহ’ব।"
ঈশ্বৰে আৰু ক’লে, "মোৰ আৰু তোমালোকৰ মাজত আৰু তোমালোকৰ লগত যি সকলো জীৱিত প্রাণী আছে, সেই সকলোৰে সৈতে ভৱিষ্যতৰ সকলো বংশৰ কাৰণে যি নিয়ম স্থাপন কৰিলোঁ, তাৰ চিন এই: মেঘত মই মোৰ ধনু থৈছো; এই মেঘধনুয়েই হ’ব মোৰ আৰু পৃথিৱীৰ মাজত হোৱা প্রতিজ্ঞাৰ চিন।
মই তোমালোকৰ সৈতে মোৰ এই নিয়মটি স্থাপন কৰিলোঁ যে, জল-প্লাৱনৰ দ্বাৰাই কেতিয়াও কোনো প্ৰাণীকে আৰু বিনষ্ট কৰা নহব; পৃথিৱী ধ্বংস কৰাৰ দৰে জল-প্লাৱনো আৰু কেতিয়াও নহ’ব।"
মেঘত মই মোৰ ধনু থৈছো; এই মেঘধনুয়েই হ’ব মোৰ আৰু পৃথিৱীৰ মাজত হোৱা প্রতিজ্ঞাৰ চিন।
সেইদিনা যিহোৱাই অব্ৰামে সৈতে এটি এইবুলি কৈ এটা নিয়ম স্থিৰ কৰিলে, "মিচৰৰ নদীৰ পৰা মহানদী ইউফ্রেটিচ পর্যন্ত গোটেইখন দেশ মই তোমাৰ বংশক দিলোঁ। তাৰ মাজত থাকিব কেনীয়া, কনিজ্জীয়া, কদমোনীয়া, হিত্তীয়া, পৰিজ্জীয়া, ৰফায়ীয়া, ইমোৰীয়া, কনানীয়া, গিৰ্গাচীয়া, আৰু যিবুচীয়া।"
তেতিয়া অব্ৰামে উবুৰি খাই মাটিত মুখ থৈ প্রণিপাত কৰিলে আৰু ঈশ্বৰে তেওঁৰে সৈতে কথা ক’বলৈ ধৰিলে। তেওঁ ক’লে, "শুনা, তোমাৰ সৈতে স্থাপন কৰা মোৰ বিধি এই: তুমি এক বাহুল্য জাতিৰ আদিপিতৃ হ’বা। তোমাক অব্ৰাম বুলি পুনৰ কোৱা নহ’ব, কিন্তু এতিয়াৰ পৰা তোমাৰ নাম অব্ৰাহামহে হ’ব; কিয়নো মই তোমাক আদিপিতৃ হ’বলৈ নিৰূপণ কৰিলোঁ। মই তোমাৰ বংশ অতিশয়ৰূপে বৃদ্ধি কৰিম। তোমাৰ পৰা মই অনেক নতুন জাতিৰ সৃষ্টি কৰিম আৰু তোমাৰ পৰা ৰজাসকলৰো জন্ম হ’ব। এই বিধি মোৰ, তোমাৰ আৰু তোমাৰ ভাবী-বংশৰ মাজত পুৰুষানুক্রমে স্থাপন কৰিলোঁ; ই এক চিৰকালৰ বিধি হ’ব। মই তোমাৰ আৰু তোমাৰ ভাবী-বংশৰ লোকসকলৰ ঈশ্বৰ হ’বলৈ মোৰ বিধি স্থাপন কৰিলোঁ। যি কনান দেশত তুমি প্রবাসী হৈ বাস কৰিছা, মই তোমাক আৰু তোমাৰ ভাবী-বংশক এই সমুদায় দেশ সদাকালৰ অধিকাৰৰ অৰ্থে দিম আৰু মই তেওঁলোকৰ ঈশ্বৰ হ’ম।"
পুনৰ ঈশ্বৰে অব্ৰাহামক ক’লে, "তোমালোকৰ বাবে মোৰ এই বিধি পালন কৰিব লাগিব; তুমি আৰু তোমাৰ ভাবী-বংশই পুৰুষানুক্ৰেমে তাক পালন কৰিব লাগে। তোমালোকে মানিবলগীয়া এই বিধি হৈছে - তোমালোকৰ মাজৰ প্রত্যেক পুৰুষৰ চুন্নৎ হ’ব লাগিব; এই বিধি তোমাৰ আৰু তোমাৰ বংশৰ লোকসকলে মানি চলিব লাগিব। তোমালোকে নিজ নিজ লিঙ্গাগ্ৰ-চৰ্ম্ম ছেদন কৰিবা আৰু সেয়ে মোৰে আৰু তোমালোকৰ মাজত স্থাপিত হোৱা নিয়মৰ চিন হ’ব।
তাৰ পাছত চৈধ্য বছৰত ৰজা কদৰ্লায়োমৰ আৰু তেওঁৰ সংগী ৰজাসকলে গৈ ৰফায়ীয়াসকলক অস্তৰোৎকৰ্ণয়িমত, জজীয়াসকলক হামত, এমীয়াসকলক চাবি-কিৰিয়াথয়িমত আহি আক্রমণ কৰিলে আৰু
এতিয়া যদি তোমালোকে বাধ্যতাৰে মোৰ কথা শুনা, আৰু মোৰ নিয়মটি পালন কৰা, তেতিয়াহে তোমালোক সকলো লোকৰ মাজৰ পৰা লোৱা মোৰ বিশেষ অধিকাৰ প্রাপ্ত লোক হ’বা; কাৰণ সমূদায় পৃথিৱী মোৰেই।
মই চূফ সাগৰৰ পৰা পলেষ্টীয়াসকলৰ সমুদ্ৰলৈকে, আৰু মৰুভূমিৰ পৰা ফৰাৎ নদীলৈকে তোমালোকৰ সীমা নিৰূপণ কৰিম। সেই দেশ নিবাসী সকলৰ ওপৰত মই তোমালোকক জয়ী কৰিম। তোমালোকে তোমালোকৰ আগৰ পৰা তেওঁলোকক খেদি বাহিৰ কৰিবা। তোমালোকে তেওঁলোকৰ সৈতে, বা তেওঁলোকৰ দেৱতাবোৰৰ সৈতে কোনো নিয়ম স্থিৰ নকৰিবা।
যিহোৱাই কলে, "চোৱা, এই বিষয়ত মই এটি নিয়ম কৰিলোঁ। মই তোমাৰ লোকসকলৰ আগত এনে আচৰিত কৰ্ম কৰিম যে, ইয়াৰ পূৰ্বে গোটেই পৃথিৱীত আৰু কোনো জাতিতৰ মাজত এনে কৰ্ম হোৱা নাই। তুমি যি লোকসকলৰ মাজত আছা, তেওঁলোক সকলোৱে যিহোৱাৰ সেই কাৰ্য দেখিব, কাৰণ তোমাৰ আগত মই যি কৰিম, সেয়ে ভয়ঙ্কৰ হ’ব।
মোচি সেই ঠাইত যিহোৱাৰ সৈতে চল্লিশ দিন চল্লিশ ৰাতি বাস কৰিছিল। মোচিয়ে চল্লিশ দিন একো ভোজন পান কৰা নাছিল; আৰু তেওঁ সেই দুখন ফলিত নিয়মৰ বাক্য, দহ আজ্ঞা লিখিছিল।
মোচি সেই ঠাইত যিহোৱাৰ সৈতে চল্লিশ দিন চল্লিশ ৰাতি বাস কৰিছিল। মোচিয়ে চল্লিশ দিন একো ভোজন পান কৰা নাছিল; আৰু তেওঁ সেই দুখন ফলিত নিয়মৰ বাক্য, দহ আজ্ঞা লিখিছিল।
তেওঁ আপোনালোকৰ ওচৰত নিজৰ নিয়ম অর্থাৎ দহ আজ্ঞা ঘোষণা কৰিছিল আৰু সেই দহ আজ্ঞা আপোনালোকক পালন কৰিবলৈ নির্দেশ দিছিল। তেওঁ সেই আজ্ঞাবোৰ দুখন শিলৰ ফলিত লিখিছিল।
এতেকে আপোনালোকে জানিব যে, ঈশ্বৰ যিহোৱাই আপোনাৰ ঈশ্বৰ; তেওঁক প্ৰেম কৰা আৰু তেওঁৰ আজ্ঞা পালন কৰাসকলৰ পক্ষে তেওঁ হাজাৰ হাজাৰ পুৰুষলৈকে দয়া আৰু নিয়মটি ৰক্ষা কৰোঁতা বিশ্বস্ত ঈশ্বৰ;
Alianças renovadas
O povo renovava a aliança diante do Senhor. A fidelidade de Deus permanece mesmo quando o povo falha.
পাছত নিয়ম-চন্দুক বৈ নিয়া পুৰোহিতসকল লোকসকলৰ আগে আগে গ’ল আৰু লোকসকল যৰ্দ্দন পাৰ হ’বৰ কাৰণে নিজ নিজ তম্বুৰ পৰা ওলাই আহিল; পাছত নিয়ম-চন্দুক কঢ়িয়াই নিয়া লোকসকলে যেতিয়া যৰ্দ্দন পালে, তেতিয়া নিয়ম-চন্দুক কঢ়িওৱা পুৰোহিতসকলৰ ভৰি নদীৰ দাঁতিৰ পানীত ডুবাই দিয়া মাত্ৰকে (শষ্য চপোৱা সময়ত যৰ্দ্দনৰ পানী পাৰ ওফন্দি উঠি বাগৰি যায়), ওপৰৰ পৰা বৈ অহা পানী ছিগি বহু দূৰৈত থকা চৰ্তনৰ ওচৰৰ আদম নগৰৰ কাষত দ’ম বান্ধি ৰ’ল আৰু আৰাবা সমুদ্ৰ অৰ্থাৎ লৱণ-সমুদ্ৰলৈ বৈ যোৱা জল সমূহ বৈ গৈ সম্পূর্ণৰূপে নাইকিয়া হ’ল; তেতিয়া লোকসকলে যিৰীহোৰ সন্মুখেৰে পাৰ হৈ গ’ল।
আৰু গোটেই ইস্ৰায়েল জাতিয়ে পাৰ হৈ নোযোৱালৈকে, যিহোৱাৰ নিয়ম-চন্দুক বৈ নিয়া পুৰোহিতসকল যৰ্দ্দনৰ মাজত শুকান ভুমিত থিৰে থিয় হৈ থাকিল আৰু গোটেই ইস্ৰায়েলে শুকান ভুমিয়েদি পাৰ হৈ গ’ল।
তাৰ পাছত যিহোয়াদাই যিহোৱা, ৰজা যোৱাচ আৰু প্রজাসকলৰ মাজত এক চুক্তি কৰিলে। এই চুক্তিত কোৱা হ’ল যে, ৰজা আৰু প্রজা উভয়েই যিহোৱাৰ লোক হৈ চলিব। তেওঁ ৰজা আৰু প্রজা পৰস্পৰৰ মাজতো এক চুক্তি কৰিলে।
স্তম্ভটোৰ ওচৰত থিয় হৈ ৰজা যোচিয়ই যিহোৱাৰ পথত চলি সকলো মন আৰু প্ৰাণেৰে যিহোৱাৰ সকলো আজ্ঞা, বিধান আৰু নির্দেশবোৰ মানি চলিবৰ কাৰণে এক প্ৰতিজ্ঞা কৰিলে। এই পুস্তকখনত লিখা বিধানৰ সকলো কথা নিশ্চয়কৈ পালন কৰিবলৈ যিহোৱাৰ সন্মুখত এক প্ৰতিজ্ঞা কৰিলে। তাতে সকলো লোকে ৰজাৰ কথাত সহমত হৈ থিয় দিলে।
সেয়ে ইস্রায়েলৰ ৰজা যোৰামে তেতিয়া চমৰিয়াৰ পৰা ওলাই গৈ ইস্ৰায়েলীয়াসকলক যুদ্ধৰ কাৰণে একগোট কৰিলে।
যিহূদাৰ ৰজা যিহোচাফটৰ ওচৰলৈ তেওঁ বার্তা পঠাই জনালে যে, "মোৱাবৰ ৰজাই মোৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছে; আপুনি মোৱাবৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ মোৰ লগত যাব নে?" যিহোচাফটে ক’লে, "মই আপোনাৰ লগত যাম। মই আপোনাৰ দৰেই হওঁ; মোৰ লোক আৰু ঘোঁৰাবোৰ যেনে আপোনাৰ লোকসকল আৰু ঘোঁৰাবোৰো তেনে।"
এইদৰে যোনাথনে দায়ূদৰ পৰিয়ালৰ সৈতে এটা চুক্তি কৰিলে আৰু তেওঁ ক’লে, যিহোৱাই দায়ুদক শত্ৰুবোৰৰ হাতৰ পৰা ৰক্ষা কৰক।
এইদৰে যোনাথনে দায়ুদৰ ওচৰত পুনৰ প্রতিজ্ঞা কৰিলে, কাৰণ তেওঁ তেওঁক প্ৰেম কৰিছিল; তেওঁ নিজ প্ৰাণৰ দৰে দায়ূদক প্ৰেম কৰিছিল।
যিহোৱাই মোচিক ক’লে, "হাৰোণ পুৰোহিতৰ নাতিয়েক ইলিয়াজৰৰ পুত্ৰ পীনহচে ইস্ৰায়েলৰ মাজত মোৰ অন্তৰ্জ্বালাৰে জ্বলি উঠি ইস্ৰায়েলৰ সন্তান সকলৰ পৰা মোৰ ক্ৰোধ ঘূৰুৱাত মই নিজ অন্তৰ্জ্বালাৰে ইস্ৰায়েলৰ সন্তানসকলক বিনষ্ট নকৰিলোঁ।
এই হেতুকে তুমি এই কথা কোৱা, ‘যিহোৱাই কৈছে, চোৱা, মই পিনহচক শান্তিদায়ক নিয়মটিৰ প্ৰতিজ্ঞা সিদ্ধ কৰোঁ; সেয়ে তেওঁৰ পক্ষে আৰু তেওঁৰ ভাবি-বংশৰ পক্ষেও চিৰস্থায়ী পুৰোহিত পদৰ নিয়ম হ’ব; কিয়নো তেওঁ নিজ ঈশ্বৰৰ পক্ষে অন্তৰ্জ্বালাৰে জ্বলিছিল আৰু ইস্ৰায়েলৰ সন্তানসকলক প্ৰায়শ্চিত্ত কৰিলে।"
পাছত যেতিয়া মোচিয়ে যিহোৱাৰ সৈতে কথা-বতৰা কৰিবলৈ সাক্ষাৎ কৰা তম্বুৰ ভিতৰলৈ সোমাল, তেতিয়া তেওঁ ঈশ্বৰৰ বাক্যৰ শব্দ সেই সাক্ষ্য-ফলিৰ চন্দুকৰ ওপৰত থকা পাপাবৰণৰ পৰা, কৰূব দুটাৰ মাজৰ পৰা তেওঁক কোৱা শুনিলে। এইদৰে তেওঁ মোচিক কথা ক’লে।
যিহোৱাই মোচিক ক’লে। তেওঁ ক’লে, "তুমি ইস্ৰায়েলৰ সন্তানসকলক কথা কোৱা। তেওঁলোকৰ পিতৃ-বংশৰ অধ্যক্ষসকলৰ পৰা এক এক পিতৃ-বংশৰ কাৰণে এডালকৈ লাখুটি, এইদৰে বাৰডাল লাখুটি লোৱা আৰু প্ৰত্যেকৰ লাখুটিত তেওঁৰ নাম লিখা।
আৰু লেবীৰ লাখুটিত হাৰোণৰ নাম লিখা। কিয়নো তেওঁলোকৰ প্ৰত্যেক পিতৃ-বংশৰ মুখ্যলোকৰ বাবে এডালকৈ লাখুটি হ’ব। আৰু সাক্ষাৎ কৰা তম্বুত যি ঠাইত মই তোমালোকেৰে সৈতে সাক্ষাৎ হওঁ, সেই ঠাইতে সাক্ষ্য-ফলিৰ চন্দুকৰ আগত সেই সকলোকে থবা। পাছত মোৰ মনোনীত লোকৰ লাখুটিত কলি ধৰিব। তাতে ইস্ৰায়েলৰ সন্তান সকলে তোমালোকৰ বিৰুদ্ধে বকা বকনি মোৰ ওচৰৰ পৰা মই দূৰ কৰিম।"
পাছত মোচিয়ে ইস্ৰায়েলৰ সন্তানসকলক এই কথাবোৰ ক’লে। তেওঁলোকৰ অধ্যক্ষসকলৰ প্ৰতিজনে নিজ নিজ পিতৃ-বংশৰ বাবে এডালকৈ লাখুটি, এইদৰে বাৰডাল লাখুটি তেওঁক দিলে। আৰু হাৰোণৰ লাখুটি তেওঁলোকৰ লাখুটিবোৰৰ মাজত আছিল। তাতে মোচিয়ে সেই সকলো লাখুটি লৈ, সাক্ষ্য-ফলি থকা তম্বুত যিহোৱাৰ আগত হ’ল।
আৰু পাছদিনা মোচিয়ে সাক্ষ্য-ফলি থকা তম্বুত সোমাই দেখিলে, যে, লেবী বংশৰ নিমিত্তে লোৱা হাৰোণৰ লাখুটিত কুঁহি ওলাই কলি ধৰি ফুলিল, আৰু বাদামৰ পকা গুটি লাগিল। তেতিয়া মোচিয়ে যিহোৱাৰ সন্মূখৰ পৰা সেই সকলো লাখুটি উলিয়াই ইস্ৰায়েলৰ সন্তানসকলৰ আগলৈ আনিলে, আৰু তেওঁবিলাক প্ৰতিজনে চাই চাই নিজ নিজ লাখুটি ললে। পাছে যিহোৱাই মোচিক কলে, এই বিদ্ৰোহ আচৰণ কৰা সন্তান সকলৰ বিৰুদ্ধে চিন থাকিবৰ কাৰণে তুমি হাৰোণৰ লাখুটিডাল পুনৰায় সাক্ষ্য-ফলিৰ চম্দুকৰ আগত ৰাখা; তাতে, তেওঁলোক নমৰিবৰ বাবে, মোৰ বিৰুদ্ধে হোৱা তেওঁলোকৰ বকনি নাইকিয়া কৰিবা। তেতিয়া মোচিয়ে সেইদৰেই কৰিলে; যিহোৱাই আজ্ঞা দিয়াৰ দৰেই তেওঁ কাৰ্য কৰিলে।
ইস্ৰায়েলৰ সন্তান সকলে যিহোৱাৰ সাক্ষাতে পুনৰায় কু-আচৰণ কৰি তেওঁৰ অবাধ্য হ’ল। ইস্রায়েলে কৰা দুষ্টতাৰ কার্যবোৰ দেখা পাই যিহোৱাই তেওঁলোকৰ অহিতে মোৱাবৰ ৰজা ইগ্লোনক শক্তিশালী কৰি তুলিলে। অম্মোনীয়া আৰু অমালেকীয়াসকলক লগত লৈ ইগ্লোনে ইস্ৰায়েলক পৰাজিত কৰি খেজুৰ গছৰ চহৰ নিজৰ অধীনলৈ আনিলে।
Nova Aliança
Eis que dias vêm em que farei nova aliança. Jesus é mediador de uma aliança superior, fundamentada em melhores promessas.
যিহোৱাই কৈছে: "চোৱা, এনে কোনো দিন আহি আছে - "সেই দিনা মই ইস্ৰায়েল-বংশ আৰু যিহূদা বংশৰ সৈতে এক নতুন নিয়ম স্থাপন কৰিম। মিচৰ দেশৰ পৰা উলিয়াই অনাৰ দিনত তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ হাত ধৰিবৰ দিনা তেওঁলোকৰ সৈতে যি নিয়ম স্থাপন কৰা হৈছিল সেই নিয়মটিৰ অনুসাৰে নহয়। সেই দিনবোৰত তেওঁলোকে মোৰ নিয়মটি ভাঙিছিল, যদিও মই তেওঁলোকৰ স্বামীৰ দৰে আছিলোঁ" - এয়ে যিহোৱাৰ ঘোষণা।
"কিন্তু সেই দিনৰ পাছত ইস্ৰায়েল-বংশৰ লগত মই যি নিয়ম কৰিম, সেই নিয়মটি এই" - মই তেওঁলোকৰ অন্তৰত মোৰ নিয়ম স্থাপন কৰিম, আৰু তেওঁলোকৰ হৃদয়ত সেই বিষয়ে লিখিম, কিয়নো মই তেওঁলোকৰ ঈশ্বৰ হ’ম আৰু তেওঁলোক মোৰ প্ৰজা হ’ব। তেতিয়া প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰীয়াক বা প্ৰতিজনে নিজ নিজ ভাইক এই শিক্ষা নিদিব বোলে, ‘যিহোৱাক জানা!’ কিয়নো তেওঁলোকৰ সকলো বৰৰ পৰা সৰুলৈকে সকলোৱে মোক জানিব" - এয়ে যিহোৱাৰ ঘোষণা। "কিয়নো মই তেওঁলোকৰ অপৰাধ ক্ষমা কৰিম আৰু তেওঁলোকৰ পাপ মই আৰু কেতিয়াও নুসুঁৱৰিম।"
যিহোৱাই এই কথা কৈছে: দিন আৰু ৰাতিৰ মোৰ নিয়ম যদি তোমালোকে এনেকৈ ভাঙিব পাৰা, যে, নিজ নিজ সময়ত দিন কি ৰাতি নহ’ব, তেন্তে মোৰ দাস দায়ূদে সৈতে কৰা মোৰ নিয়মটিও এনেকৈ ভাঙিব পৰা যাব, যে, তেওঁৰ সিংহাসনত বহি ৰাজশাসন কৰিবলৈ তেওঁৰ এটি সন্তানো নহ’ব; আৰু মোৰ পৰিচাৰক লেবীয়া পুৰোহিতসকলৰ সৈতে কৰা মোৰ নিয়মটিও ভাঙিব পৰা যাব।
ঈশ্বৰে যি সকলক আমন্ত্ৰণ কৰি অনন্ত কালৰ অধিকাৰ দিয়াৰ প্ৰতিজ্ঞা কৰিছিল, তেওঁলোকে যেন তাক পায়, সেই কাৰণে খ্ৰীষ্টে নতুন নিয়মৰ মধ্যস্থ হ’ল�� তেওঁলোক সেইবোৰৰ অধিকাৰী হ’ব, কাৰণ প্ৰথম বিধান চলি থকাৰ সময়ত তেওঁলোকে যি পাপ কৰিলে, সেই পাপৰ পৰা তেওঁলোকক মুক্তি দিবলৈ খ্ৰীষ্টই আপোন প্ৰাণ দিলে��
ঈশ্বৰে যি সকলক আমন্ত্ৰণ কৰি অনন্ত কালৰ অধিকাৰ দিয়াৰ প্ৰতিজ্ঞা কৰিছিল, তেওঁলোকে যেন তাক পায়, সেই কাৰণে খ্ৰীষ্টে নতুন নিয়মৰ মধ্যস্থ হ’ল�� তেওঁলোক সেইবোৰৰ অধিকাৰী হ’ব, কাৰণ প্ৰথম বিধান চলি থকাৰ সময়ত তেওঁলোকে যি পাপ কৰিলে, সেই পাপৰ পৰা তেওঁলোকক মুক্তি দিবলৈ খ্ৰীষ্টই আপোন প্ৰাণ দিলে��
কিন্তু এতিয়া, খ্ৰীষ্টক যি কার্যত নিয়োগ কৰা হৈছে, সেয়া সেই মহা-পুৰোহিত সকলতকৈয়ো অধিক গুণে উত্তম�� কাৰণ তেওঁ এক উত্তম বিধানৰ মধ্যস্থ হৈছে, যি বিধান আগতকৈ অধিক গুণে শ্ৰেষ্ঠ�� এই বিধান, শ্ৰেষ্ঠ বিষয়ৰ প্ৰতিজ্ঞাবোৰৰ ওপৰত স্থাপিত হৈছে��
শান্তিৰ আঁকৰ যি ঈশ্বৰে, অনন্তকাল স্থায়ী নিয়মৰ তেজৰ গুণে মেৰবোৰৰ সেই মহান ৰক্ষক, আমাৰ প্ৰভু যীচুক মৃত লোকৰ মাজৰ পৰা পুনৰায় আনিলে, তেওঁ নিজৰ ইচ্ছা সাধনৰ অৰ্থে অাপোনালোকক সকলো সদবিষয়ত সিদ্ধ কৰক; তেওঁৰ দৃষ্টিত যি উত্তম, সন্তোষজনক, তাকে আমাৰ যীচু খ্ৰীষ্টৰ দ্বাৰাই সম্পন্ন কৰক; তেওঁৰ মহিমা চিৰকাল হওক। আমেন।
তেৱেঁই আমাক নতুন নিয়মৰ পৰিচাৰক হবলৈ যোগ্য কৰিলে�� সেয়া আখৰৰ নহয়, কিন্তু আত্মাৰহে; কিয়নো আখৰৰ লিখনি সমূহে বধ কৰে, কিন্তু আত্মাই জীৱন দিয়ে।
এইবোৰ কথাৰ এটা আন প্ৰকাৰ ভাবাৰ্থ আছে; কিয়নো এই দুজনীয়েই দুই বিধান হৈছে; এক নিয়ম চীনয় পৰ্বতৰ পৰা দাসত্বৰূপ অৱস্থাত প্ৰসৱ কৰোঁতা; সেয়ে হৈছে হাগাৰ�� কিয়নো আৰব দেশত হাগাৰ শব্দৰ অৰ্থ, চীনয় পৰ্বত; আৰু বৰ্তমানে থকা যিৰূচালেমকো বুজায়; কিয়নো তাই নিজ সন্তানে সৈতে বন্দী অৱস্থাত আছিল।
কিন্তু উৰ্দ্ধলোকত থকা যিৰূচালেম স্বাধীন; তেওঁ হৈছে, আমাৰ মাতৃ।
Fidelidade da aliança
A aliança de Deus é eterna. Ele não quebra seu pacto nem altera o que saiu dos seus lábios.
কিন্তু যিহোৱাক ভয় কৰাসকলৰ ওপৰত তেওঁৰ দয়া অনাদিকালৰ পৰা অনন্তকাল পর্যন্ত থাকে,
আৰু তেওঁৰ ধাৰ্মিকতা বংশৰ পিছত বংশ বর্তি থাকে।
তেওঁলোকে যিহোৱাৰ ব্যৱস্থা মানি চলে আৰু তেওঁৰ আদেশবোৰ সোঁৱৰণ কৰি পালন কৰে।
"মোৰ বাবে তেওঁলোকে সৈতে নিয়ম এই" যিহোৱাই কৈছে, "তোমাৰ ওপৰত থকা মোৰ আত্মা, আৰু মই তোমাৰ মুখত থোৱা মোৰ বাক্যবোৰ, তোমাৰ মুখৰ পৰা, বা তোমাৰ বংশৰ মুখৰ পৰা, নাইবা তোমাৰ বংশত উৎপন্ন হোৱা বংশৰ মুখৰ পৰাও, আজিৰে পৰা সৰ্ব্বকাললৈকে কেতিয়াও নুগুচিব, এয়ে যিহোৱাৰ বচন।"
আৰু মই তেওঁলোকৰ লগত এটি শান্তিৰ নিয়ম স্থাপন কৰিম, আৰু দেশৰ পৰা হিংসুক জন্তুবোৰ দূৰ কৰিম; যেন তেওঁলোকে মৰুভূমিত নিৰ্ভয়ে বাস কৰিব, আৰু কাঠনিত টোপনি যাব।
যিহোৱা নিজেই তোমাৰ আগে আগে যাব আৰু তোমাৰ সঙ্গে সঙ্গে থাকিব; তেওঁ তোমাক কেতিয়াও নেৰিব বা ত্যাগ নকৰিব; তুমি ভয় নকৰিবা আৰু নিৰুৎসাহ নহ’বা।"
এক সপ্তাহৰ বাবে সেইজনে অনেকৰ সৈতে এটি নিয়ম সুনিশ্চিত কৰিব। সেই সপ্তাহৰ মাজৰ দিনত বলিদান আৰু নৈবেদ্য স্থগিত কৰিব। কোনো এজন ঘিণলগীয়া ডেউকাৰ সৈতে আহিব, আৰু ধ্বংস কৰিব। ধ্বংস কৰা জনৰ ওপৰত আজ্ঞাৰ দ্বাৰাই সম্পূৰ্ণ সমাপ্ত বৰ্ষোৱা হ’ব।
দক্ষিণ দেশৰ ৰজা বলৱান হ’ব; কিন্তু তেওঁৰ সেনাপতি সকলৰ মাজৰ এজন তেওঁতকৈয়ো অধিক বলৱান হৈ এখন ডাঙৰ ৰাজ্য শাসন কৰিব। কেইবছৰমানৰ পাছত যেতিয়া নিৰূপিত সময় আহিব, তেতিয়া তেওঁলোকে মিত্রতা কৰিব। চুক্তি সুনিশ্চিত কৰিবলৈ দক্ষিণ দেশৰ ৰজাৰ জীয়েকক উত্তৰ দেশৰ ৰজালৈ দিয়া হ’ব; কিন্তু জীয়েকে নিজৰ ক্ষমতা হেৰুৱাব, আৰু তেওঁক পৰিত্যক্ত কৰা হ’ব। তেওঁ আৰু তেওঁক অনাসকলক, তেওঁৰ পিতৃক, আৰু সেই সময়ত তেওঁক সমৰ্থন কৰা জনক আপদত পেলোৱা হ’ব।
কিন্তু উত্তৰ দেশৰ ৰজাই দক্ষিণ দেশৰ ৰজাৰ বিৰুদ্ধে যি ইচ্ছা তাকেই কৰিব, আৰু কোনেও তেওঁক বাধা দিব নোৱাৰিব। তেওঁ সম্পূৰ্ণ ধ্বংসৰ সৈতে, এখন সমৃদ্ধিশালী দেশত নিজকে প্রতিষ্ঠিত কৰিব।
উত্তৰ দেশৰ ৰজাই তেওঁৰ ৰাজ্যৰ সকলো শক্তিৰে সৈতে আহিবলৈ স্থিৰ কৰিব। দক্ষিণ দেশৰ ৰজাৰ সৈতে তেওঁ এটা চুক্তি কৰিব; আৰু সেই চুক্তি কাৰ্যকৰী কৰিবৰ অৰ্থে তেওঁ দক্ষিণ দেশ ধ্বংস কৰিবলৈ দক্ষিণ দেশৰ ৰজালৈ এজনী ছোৱালীক বিয়া দিব; কিন্তু পৰিকল্পনাটো সফল নহ’ব আৰু তাৰ পৰা তেওঁৰ সহায়ো নহ’ব।
মই মোৰ চকুৰে সৈতে নিয়ম স্থাপন কৰিলোঁ;
তেন্তে মই ছোৱালীলৈ কেনেকৈ চোৱা হলোঁ?
দুঃসাহসিক কাৰ্যলৈ দৃষ্টি কৰা, খুচামোদ কথা কোৱা
আৰু ব্যভিচাৰী মহিলাৰ পৰা প্রজ্ঞা আৰু সতর্কতাই ৰক্ষা কৰে।
তেওঁ যৌৱন কালৰ লগৰীক ত্যাগ কৰে
আৰু তেওঁ তেওঁৰ ঈশ্বৰৰ গুৰুত্বপূর্ণ প্ৰতিশ্ৰুতি পাহৰে।