Amor ao próximo
O amor ao próximo não é opcional — é mandamento. Amarás o teu próximo como a ti mesmo. A lei inteira se cumpre nesta palavra. O amor ao próximo é prova do amor a Deus.
তোমালোকে কোৱা শুনিছা, ‘তোমাৰ চুবুৰীয়াক প্ৰেম কৰিবা আৰু শত্ৰুক ঘিণ কৰিবা’। কিন্তু মই তোমালোকক কওঁ, তোমালোকৰ শত্ৰুক প্ৰেম কৰিবা আৰু তোমালোকক তাড়না কৰা সকলৰ বাবে প্ৰাৰ্থনা কৰিবা,
এই মোৰ আজ্ঞা, মই যেনেকৈ তোমালোকক প্ৰেম কৰিলোঁ, তেনেকৈ তোমালোকেও পৰস্পৰে প্ৰেম কৰিবা।
পৰস্পৰে প্ৰেম কৰাৰ বাহিৰে, আন কোনো কথাত আপোনালোক কাৰো ধৰুৱা নহ’ব; কিয়নো যি জনে আন লোকক প্ৰেম কৰে, তেওঁ বিধানকো সিদ্ধ কৰিলে।
আমাৰ প্ৰতিজনে নিজ চুবুৰীয়াক ধৰ্মত বৃদ্ধি কৰিবলৈ, তেওঁৰ ভাললৈ চাই, তেওঁক সন্তুষ্ট কৰক।
আপোনালোকৰ সকলো কৰ্ম প্ৰেমেৰে কৰা হওক।
আপোনালোকলৈ আমাৰ প্ৰেম যেনে, তেনেকৈ ইজনে সিজনলৈ আৰু সকলো লোকলৈ প্ৰভুৱে আপোনালোকৰ প্ৰেম বঢ়াই উপচাই দিয়ক।
ভাতৃ-প্ৰেম চলি থাকক। আপোনালোকে অতিথি সেৱা নাপাহৰিব; কিয়নো তাৰ দ্বাৰাই কোনো কোনোৱে নাজনাকৈয়ে স্বৰ্গৰ দূত সকলকেই আলহী সুধিলে। বন্দীয়াৰ সকলক লগৰ বন্দীয়াৰ যেন গণ্য কৰি তেওঁলোকক সোঁৱৰণ কৰক; নিজেও শৰীৰত জীয়াই থকা বুলি জ্ঞান কৰি অত্যাচাৰ পোৱা সকলক সোঁৱৰণ কৰক।
যদিহে বিধান-শাস্ত্ৰত লিখাৰ দৰে, "তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা", এই ৰাজকীয় বিধান যদি আপোনালোকে সিদ্ধ কৰে, তেনেহলে আপোনালোকে ভাল কৰিছে;
বিশেষকৈ আপোনালোকৰ মাজত পৰস্পৰে আগ্ৰহযুক্ত প্ৰেম ৰাখক; কিয়নো প্ৰেমে আনৰ পাপ সমূহ নিবিচাৰে।
এতেকে ঈশ্বৰৰ মনোনীত প্ৰিয় আৰু পবিত্ৰ লোক সকলৰ যি উপযুক্ত, সেই মতে দয়া, স্নেহ, মধুৰ ভাব, নম্ৰতা, মৃদুতা আৰু চিৰসহিষ্ণুতা, এই সকলোকে পিন্ধক; আপোনালোক পৰস্পৰ সহনীয় হওক; ইজনে সিজনৰ প্ৰতি দয়ালু হওক; আৰু যদি কাৰোবাৰ বিৰুদ্ধে কাৰোবাৰ দোষ দিয়াৰ কাৰণ থাকে, তেনেহলে পৰস্পৰে ক্ষমা কৰক; কিয়নো প্ৰভুৱে যেনেকৈ আপোনালোকক ক্ষমা কৰিলে, আপোনালোকেও তেনেকৈ ক্ষমা কৰক�� এই সকলোৰে ওপৰত প্ৰেমত থাকক; ই সৰ্ব্বসিদ্ধিৰ বান্ধনি।
এতিয়া আপোনালোকৰ সকলোৰে হৃদয়ত খ্ৰীষ্টৰ শান্তিয়ে কৰ্ত্তৃত্ব কৰক; আপোনালোক তাৰ কাৰণেই এক শৰীৰত আমন্ত্ৰিত হ’ল; আৰু কৃতজ্ঞ হওক।
কিয়নো আমি যেন পৰস্পৰে প্ৰেম কৰোঁ, এই বার্তা আপোনালোকে আদিৰে পৰা শুনি আছে।
যি কোনোৱে নিজ ভাইক ঘিণ কৰে, তেওঁ এজন নৰবধী�� কোনো নৰবধীৰ অন্তৰত অনন্ত জীৱন নাথাকে, ইয়াক আপোনালোকে জানে। যীচু খ্ৰীষ্টে আমাৰ কাৰণে নিজৰ প্ৰাণ দিলে, ইয়াতেই আমি প্ৰেমৰ তত্ব জানিবলৈ পালোঁ�� আমিও ভাই সকলৰ কাৰণে নিজ নিজ প্ৰাণ দিয়া উচিত।
যীচু খ্ৰীষ্টে আমাৰ কাৰণে নিজৰ প্ৰাণ দিলে, ইয়াতেই আমি প্ৰেমৰ তত্ব জানিবলৈ পালোঁ�� আমিও ভাই সকলৰ কাৰণে নিজ নিজ প্ৰাণ দিয়া উচিত।
হে প্ৰিয় লোকসকল আহক, আমি পৰস্পৰে প্ৰেম কৰোঁহক; কিয়নো প্ৰেম ঈশ্বৰৰ পৰা হয়�� যি কোনোৱে প্ৰেম কৰে, তেওঁ ঈশ্বৰৰ পৰা জন্ম পোৱা আৰু তেওঁ ঈশ্বৰক জানে। যিজনে প্ৰেম নকৰে, তেওঁ ঈশ্বৰক নাজানে; কিয়নো ঈশ্বৰেই প্ৰেম।