Amor de casal
O amor de casal é celebrado na Bíblia como dom sagrado. O Cântico dos Cânticos exalta a beleza do amor conjugal — íntimo, exclusivo e forte como a morte.
মোহৰ মাৰাৰ দৰে তুমি
মোক তোমাৰ হৃদয়ত, আৰু
তোমাৰ বাহুত ৰাখা;
কিয়নো ভালপোৱা মৃত্যুৰ দৰেই শক্তিশালী,
কামনাৰ আবেগ চিয়োলৰ দৰে কঠোৰ;
এক জ্বলি থকা অগ্নিশিখাৰ দৰে ই বিস্ফোৰিত হয়,
ই আন সকলো জ্বলন্ত অগ্নিশিখাতকৈও উত্তপ্ত।
জল সমূহেও ভালপোৱাৰ শিখাক নুমাব নোৱাৰে,
আৰু বন্যাৰ ধলেও তাক উটুৱাই নিব নোৱাৰে;
যদি কোনোৱে ভালপোৱাৰ কাৰণে নিজৰ ঘৰৰ সৰ্ব্বস্ব দিয়ে,
সেই সমর্পণ অৱশ্যেই তুচ্ছ কৰা হ’ব।
যুৱতীৰ ককায়েকসকলৰ কথা;
মোৰ প্রিয়া, মোৰ কইনাজনী, তুমি মোৰ মনকে চুৰ কৰিলা;
তোমাৰ চকুৰ এক চাৱনীৰে,
তোমাৰ ডিঙিৰ হাৰৰ এটা মণিৰে
তুমি মোৰ মন বন্দী কৰিলা।
তুমি তোমাৰ মুখৰ চুম্বনবোৰেৰে মোক ভৰাই দিয়া,
কাৰণ তোমাৰ ভালপোৱা দ্রাক্ষাৰসতকৈও উত্তম।
তোমাৰ তেলৰ সুগন্ধই আনন্দৰ সৌৰভ আনে;
বাকি দিয়া সুগন্ধৰ দৰেই তোমাৰ নাম;
সেই বাবেই যুৱতীসকলে তোমাক ভাল পায়।
চোৱা, কি সুন্দৰী তুমি! মোৰ প্রিয়া;
তুমি কিমান যে সুন্দৰী! তোমাৰ দুচকু কপৌৰ নিচিনা।
প্রিয়াৰ কথা:
চোৱা, কি সুন্দৰ তুমি! মোৰ প্রিয়;
তুমি কিমান যে সুন্দৰ!
আমাৰ শয্যা সেউজীয়া ঘাহেঁৰে ভৰা।
তাৰ পাছত ঈশ্বৰ যিহোৱাই ক’লে, "মানুহ অকলে থকা ভাল নহয়; মই তেওঁৰ বাবে এজন উপযুক্ত সহকাৰী নিৰ্ম্মাণ কৰিম।"
ঈশ্বৰ যিহোৱাই মানুহৰ পৰা উলিওৱা কামী-হাড়ডালেৰে এগৰাকী স্ত্ৰী নিৰ্ম্মাণ কৰি তেওঁক মানুহৰ ওচৰলৈ লৈ আনিলে। তেতিয়া মানুহে ক’লে, "এতিয়া হৈছে; এওঁ মোৰ হাড়ৰো হাড়, মোৰ মঙহৰো মঙহ; এওঁক ‘নাৰী’ বুলি মতা হ’ব; কিয়নো এওঁক নৰৰ পৰা লোৱা হৈছে।" সেইবাবে মানুহে নিজৰ পিতৃ মাতৃক ত্যাগ কৰি তেওঁৰ স্ত্রীৰ প্রতি আসক্ত হ’ব আৰু তেওঁলোক দুয়োজন এক দেহ হ’ব।
যি জনে ভাৰ্যা পায়, তেওঁ পৰম বস্তু পায়,
আৰু যিহোৱাৰ পৰা অনুগ্ৰহ লাভ কৰে।
তোমাৰ ভুমুক আশীৰ্ব্বাদযুক্ত হওক;
তুমি তোমাৰ যৌৱন কালৰ ভাৰ্যাত আনন্দ কৰা।
কাৰণ তেওঁ মৰমীয়াল হৰিণী আৰু লাবন্যময়ী মৃগ,
তেওঁৰ স্তনৰ দ্বাৰাই সকলো সময়ত তুমি তৃপ্ত হোৱা,
আৰু তেওঁৰ প্ৰেমতেই সদায় মত্ত থাকা।
কিয়নো হে মোৰ পুত্র, তুমি ব্যভিচাৰিণীত কিয় মত্ত হবা?
আৰু তুমি অচিনাকী মহিলাৰ বুকু কিয় সাৱটি ধৰিবা?
তেওঁলোক এতিয়া দুজন নহয়, কিন্তু দুয়ো এক দেহ হ’ল। এতেকে ঈশ্বৰে যি জনক একেলগে যোগ কৰিছে, মানুহে তেওঁক বিয়োগ নকৰক।"
প্ৰেম সহনশীল আৰু স্নহশীল; প্ৰেমে হিংসা নকৰে বা গৰ্ব নকৰে; ই অহংকাৰী বা অশিষ্টাচাৰী নহয়, ই নিজৰ লাভ নিবিচাৰে, সহজে কুপিত নহয় আৰু ই অন্যায় আচৰণ নকৰে�� ই অধাৰ্মিকতাত আনন্দ নকৰে, কিন্তু সত্যতাত আনন্দ কৰে, প্ৰেমে সকলোকে আকোৱালি লয়, সকলোকে বিশ্বাস কৰে, সকলোকে আশা কৰে আৰু সকলোকে সহ্য কৰে।
সেইদৰে স্বামী সকলে নিজ নিজ ভাৰ্যাক, নিজ নিজ শৰীৰ বুলি প্ৰেম কৰা উচিত। যি জনে নিজ ভাৰ্যাক প্ৰেম কৰে, তেওঁ নিজকেই প্ৰেম কৰে। কিয়নো কোনেও নিজৰ শৰীৰক কেতিয়াও ঘৃণা নকৰে; কিন্তু পৰিপুষ্ট কৰি তাৰ যত্ন লয়। সেইদৰে খ্রীষ্টয়ো মণ্ডলীক ভালপায়।
যি কি নহওক, আপোনালোক প্ৰতিজনে নিজ নিজ ভাৰ্যাক নিজৰ নিচিনাকৈ প্ৰেম কৰক আৰু ভার্য্যায়ো উচিত মতে নিজৰ স্বামীক সন্মান কৰক।
এই সকলোৰে ওপৰত প্ৰেমত থাকক; ই সৰ্ব্বসিদ্ধিৰ বান্ধনি।
এজনতকৈ দুজন ভাল, কিয়নো তেওঁলোকৰ পৰিশ্ৰমৰ দ্বাৰাই অনেক সুফল হয়।
কাৰণ তেওঁলোকৰ এজন যদি পৰে, তেন্তে তেওঁৰ সঙ্গীয়ে তেওঁক তুলিব পাৰে।
কিন্তু হায় সেই অকলে থকা লোক!
কিয়নো তেওঁ পৰিলে তেওঁক তুলিবলৈ দ্বিতীয়জন কোনো নাই।
তাৰ উপৰি দুজনে একেলগে শুলে উম পায়;
কিন্তু এজনে অকলে কেনেকৈ উম পাব?
যিজন অকলশৰীয়া তেওঁ সহজে পৰাজয় হ’ব পাৰে,
কিন্তু দুজনে আক্রমণক প্ৰতিৰোধ কৰিব পাৰে।
তিনিডাল ৰছী একেলগে মেৰাই ল’লে বেগাই নিছিগে।
যিহোৱাই জানো স্বামী আৰু ভার্যাক নিজৰ আত্মাৰ এক অংশৰে এক কৰা নাই? শৰীৰ আৰু আত্মাত তেওঁলোক তেওঁৰেই। তেওঁ তেওঁলোকক কিয় এক কৰিলে? কাৰণ তেওঁ তেওঁলোকৰ দ্বাৰাই ঈশ্বৰভক্ত বংশ পাবলৈ আশা কৰি আছিল; গতিকে তোমালোকে নিজৰ নিজৰ আত্মাৰ বিষয়ে সাৱধান হোৱা; যৌৱনকালৰ ভাৰ্য্যাৰ সৈতে কোনেও বিশ্বাস-ঘাতকতা নকৰিব।
অলপতে বিয়া কৰা পুৰুষে সৈন্য সমূহৰ লগত যুদ্ধলৈ ওলাই নাযাব নাইবা তেওঁৰ ওপৰত কোনো কামৰ ভাৰ দিয়া নাযাব। তেওঁ যাক বিয়া কৰি আনিছে, তাইৰ আনন্দৰ কাৰণে এবছৰলৈকে এই সকলো কামৰ পৰা ৰেহাই দি তেওঁক স্বচ্ছন্দে নিজ ঘৰত থাকিব দিব লাগিব।