Aniversário de idoso
O aniversário de um idoso é celebração de uma vida longa e cheia de experiências com Deus. A Bíblia honra os cabelos brancos como coroa de glória e prova da fidelidade divina.
গীতমালা
পঞ্চম খণ্ড
যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়;
কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে!
এয়ে সেই দিন, যি দিন যিহোৱাই নিৰূপণ কৰিলে;
আহাঁ, আমি এই দিনত আনন্দ কৰোঁ আৰু উল্লাস কৰোঁ।
দায়ুদৰ ৰচিত গীত। ৰজা অবীমেলকৰ আগত দায়ুদে পগলাৰ ভাও ধৰিছিল যাতে অবীমেলকে তেওঁক খেদাই দিয়ে। দায়ুদে সেই সময়ত এই গীতটো লিখিছিল।
মই সকলো সময়তে যিহোৱাৰ ধন্যবাদ কৰিম; তেওঁৰ প্ৰশংসা মোৰ মুখত থাকিব।
যিহোৱাই মোৰ বল আৰু মোৰ ঢাল;
মোৰ হৃদয়ে তেওঁতে ভাৰসা কৰে।
সেইবাবেই মই সহায় পাইছোঁ।
সেইবাবেই মোৰ অন্তৰ আনন্দত ভৰি পৰিছে;
মই মোৰ গীতেৰে তেওঁৰ ধন্যবাদ কৰোঁ।
প্রচুৰ শস্য আৰু নতুন দ্রাক্ষাৰস উভৈনদী হ’লে যেনেকৈ আনন্দ হয়,
তাতোকৈয়ো অধিক আনন্দ দি তুমি মোৰ অন্তৰ পূর্ণ কৰি ৰাখিছা।
তুমি মোক জীৱনৰ পথ শিকাইছা;
তোমাৰ উপস্থিতিত আছে পৰিপূর্ণ আনন্দ;
তোমাৰ সোঁ-হাতত আছে অনন্ত সুখ।
যিহোৱাৰ ওচৰত মই এটা বিষয় যাচনা কৰিছোঁ,
মই তাকেই অন্বেষণ কৰিম:
মই যেন যিহোৱাৰ সৌন্দর্য দেখা পাবলৈ,
আৰু তেওঁৰ মন্দিৰত ধ্যান কৰিবলৈ
মোৰ গোটেই জীৱন কাল যিহোৱাৰ গৃহত বাস কৰিব পাৰোঁ।
সেয়ে আমাৰ আয়ুসৰ কাল গণনা কৰিবলৈ তুমি আমাক শিকোৱা;
যাতে আমি প্রজ্ঞাৰ চিত্ত লাভ কৰিব পাৰোঁ।
পকা চুলি গৌৰৱৰ মুকুট।
সৎ পথত চলাৰ দ্বাৰাই ইয়াক পোৱা যায়।
যুৱকৰ বলেই তেওঁৰ গৌৰৱ,
আৰু পকা চুলিয়ে বৃদ্ধ লোকৰ অভিজ্ঞতা দৰ্শাই।
কিন্তু যিসকলে যিহোৱালৈ অপেক্ষা কৰে, তেওঁলোকে নতুন বল পাব, তেওঁলোকে কুৰৰ পক্ষীৰ দৰে ডেউকাৰে ওপৰলৈ উৰিব,
তেওঁলোকে দৌৰিব আৰু ক্লান্ত নহ’ব, তেওঁলোকে খোজ কাঢ়িব আৰু ভাগৰ নাপাব।
এতিয়া চাওঁক! যিহোৱাই এই পঞ্চল্লিশ বছৰ বয়সলৈকে মোক জীয়াই ৰাখিছে আৰু নিজ বাক্য কোৱাৰ দৰে - যি সময়ত ইস্ৰায়েলে মৰুভূমিত ভ্ৰমি ফুৰিছিল, সেই সময়তে যিহোৱাই মোচিক এই কথা কৈছিল�� এতিয়া চাওঁক! আজি মোৰ বয়স পঁচাশী বছৰ হ’ল। মোচিয়ে মোক যাত্ৰাৰ বাবে পঠোৱা কালত মই যেনে বলৱান আছিলোঁ, এতিয়াও আছোঁ�� যুদ্ধৰ অৰ্থে আৰু অহা-যোৱা কৰিবৰ বাবে তেতিয়া মোৰ যেনে শক্তি আছিল, এতিয়াও আছে।
যিহোৱাই তোমালোকক আশীৰ্ব্বাদ কৰি ৰাখক।
যিহোৱাই তেওঁৰ নিজ পোহৰৰে তোমালোকক উজ্জ্বল কৰি ৰাখক আৰু তোমালোকৰ প্রতি দয়ালু হওঁক।
যিহোৱাই তোমালৈ দৃষ্টি কৰক আৰু তোমাক শান্তি দান কৰক।’
হে প্ৰিয়জন, আপোনাৰ জীৱাত্মা যেনে কুশলপ্ৰাপ্ত, তেনেকৈ সকলো বিষয়তে আপোনাৰ কুশল আৰু সু-স্বাস্থ্য হওক, এই মোৰ প্ৰাৰ্থনা।