Arca da aliança
A Arca da Aliança era o símbolo mais sagrado de Israel — representava a presença de Deus no meio do seu povo. Sobre ela brilhava a glória do Senhor entre os querubins.
তেওঁলোকে চিটীম কাঠেৰে আঢ়ৈ হাত দীঘল, ডেৰ হাত বহল আৰু ডেৰ হাত ওখকৈ এটা নিয়ম-চন্দুক সাজিব। তুমি সেই নিয়ম চন্দুকৰ ভিতৰে বাহিৰে শুদ্ধ সোণৰ পতা মাৰিবা; আৰু তাৰ ওপৰৰ চাৰিওফালৰ সীমা সোণেৰে তৈয়াৰ কৰিবা।
ইয়াৰ বাবে সোণৰ চাৰিটা আঙঠি সাঁচত বনাবা, আৰু নিয়ম চন্দুকৰ এফালে দুটা, আৰু আন ফালে দুটা, এইদৰে চাৰিওটা খুৰাত লগাবা। তুমি চিটীম কাঠৰ দুডাল কানমাৰি সাজি, তাতো সোণৰ পতা মাৰিবা। নিয়ম চন্দুক বৈ নিবৰ বাবে, সেই কানমাৰি নিয়ম-চন্দুকৰ দুয়ো ফালে থকা আঙঠিত সুমুৱাবা।
সেই কানমাৰি নিয়ম-চন্দুকৰ আঙঠিৰ ভিতৰতে থাকিব লাগে, তাৰ পৰা উলিয়াব নালাগে। মই তোমাক যি সাক্ষ্য ফলি দিম, সেই সাক্ষ্য ফলি নিয়ম-চন্দুকৰ ভিতৰত ৰাখিবা। তাৰ পাছত তুমি শুদ্ধ সোণৰ আঢ়ৈ হাত দীঘল, ডেৰ হাত বহল এখন পাপাবৰণ সাজিবা। তুমি সোণ পিটি দুটা কৰূব সাজিবা; পাপাবৰণৰ দুই মুৰত সেই কৰূব দুটা লগাবা।
এক মুৰত এটা কৰূব আৰু আন মুৰত আনটো কৰূব লগাবা; পাপাবৰণৰ দুই মুৰত তাৰে সৈতে একে ডোখৰ সোণতে সেই দুটা কৰূব সাজিবা। কৰূব দুটাই ওপৰলৈ ডেউকা মেলি নিজৰ ডেউকাৰে পাপাবৰণক ঢাকিব; সেই কেইটা মুখামুখি হৈ থাকিব; আৰু কৰূব দুটাৰ দৃষ্টি পাপাবৰণৰ মাজত থাকিব। তুমি সেই পাপাবৰণ, সেই নিয়ম চন্দুকৰ ওপৰত ৰাখিবা; আৰু মই তোমাক যি সাক্ষ্য-ফলি দিম, সেই ফলি নিয়ম চন্দুকৰ ভিতৰত থ’বা।
মই সেই নিয়ম চন্দুকতে তোমাৰে সৈতে সাক্ষাৎ কৰিম। পাপাবৰণৰ ওপৰৰ পৰা, সাক্ষ্য ফলিৰ নিয়ম চন্দুকৰ ওপৰত থকা কৰূব দুটাৰ মাজৰ পৰা, ইস্ৰায়েলৰ লোকসকলৰ বাবে যিবোৰ আজ্ঞা দিম, সেই বিষয়ে তোমাৰে সৈতে কথা পাতিম।
তাৰ পাছত বচলেলে চিটীম কাঠৰ আঢ়ৈ হাত দীঘল, ডেৰ হাত বহল, আৰু ডেৰ হাত ওখকৈ নিয়ম চন্দুক নিৰ্মাণ কৰিলে।
তাৰ পাছত যিহোৱাই মোচিক কলে, "তুমি নতুন বছৰৰ প্ৰথম মাহৰ প্ৰথম দিনা সাক্ষাৎ কৰা তম্বুৰ আবাস স্থাপন কৰিবা।
তুমি তাৰ ভিতৰত সাক্ষ্য-ফলিৰ নিয়ম চন্দুক ৰাখি পৰ্দাৰে সেই চন্দুক আঁৰ কৰি ৰাখিবা।
পাছে যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, তেওঁ সাক্ষ-ফলি দুখন লৈ নিয়ম চন্দুকটোৰ ভিতৰত ভৰাই, চন্দুকত কানমাৰি লগাই, নিয়ম চন্দুকৰ ওপৰত পাপাবৰণ থৈ, আৰু আবাসৰ ভিতৰলৈ নিয়ম চন্দুকটো আনি, আঁৰ কৰি ৰখা পৰ্দা লগাই, সাক্ষ-ফলিৰ নিয়ম চন্দুক ঢাকিলে।
পাছত যেতিয়া মোচিয়ে যিহোৱাৰ সৈতে কথা-বতৰা কৰিবলৈ সাক্ষাৎ কৰা তম্বুৰ ভিতৰলৈ সোমাল, তেতিয়া তেওঁ ঈশ্বৰৰ বাক্যৰ শব্দ সেই সাক্ষ্য-ফলিৰ চন্দুকৰ ওপৰত থকা পাপাবৰণৰ পৰা, কৰূব দুটাৰ মাজৰ পৰা তেওঁক কোৱা শুনিলে। এইদৰে তেওঁ মোচিক কথা ক’লে।
পাছত তেওঁলোকে যিহোৱাৰ পৰ্ব্বতৰ পৰা তিনদিনৰ বাট প্ৰস্থান কৰিলে; আৰু যিহোৱাৰ নিয়ম চন্দুক তেওঁলোকৰ কাৰণে বিশ্ৰামৰ ঠাই বিচাৰি বিচাৰি তিন দিনৰ বাট তেওঁলোকৰ আগে আগে গ’ল। আৰু ছাউনি ভাঙি প্ৰস্থান কৰা সময়ত যিহোৱাৰ মেঘ দিনত তেওঁলোকৰ ওপৰত থাকিছিল।
আৰু চন্দুক যোৱা সময়ত মোচিয়ে কয়, "হে যিহোৱা উঠা, তোমাৰ শত্ৰুবোৰ ছিন্ন ভিন্ন হওঁক আৰু তোমাক ঘিণ কৰোঁতাসকল তোমাৰ আগৰ পৰা পলাই যাওঁক।" আৰু যেতিয়াই নিযম-পুস্তকটি ৰৈ যায়, তেতিয়া মোচিয়ে কয়, "হে যিহোৱা তুমি ইস্ৰায়েলৰ হাজাৰ হাজাৰ গোষ্ঠীৰ ওচৰলৈ উলটি আহা।"
যিহোৱাই মোচিক ক’লে। তেওঁ ক’লে, "তুমি ইস্ৰায়েলৰ সন্তানসকলক কথা কোৱা। তেওঁলোকৰ পিতৃ-বংশৰ অধ্যক্ষসকলৰ পৰা এক এক পিতৃ-বংশৰ কাৰণে এডালকৈ লাখুটি, এইদৰে বাৰডাল লাখুটি লোৱা আৰু প্ৰত্যেকৰ লাখুটিত তেওঁৰ নাম লিখা।
আৰু লেবীৰ লাখুটিত হাৰোণৰ নাম লিখা। কিয়নো তেওঁলোকৰ প্ৰত্যেক পিতৃ-বংশৰ মুখ্যলোকৰ বাবে এডালকৈ লাখুটি হ’ব। আৰু সাক্ষাৎ কৰা তম্বুত যি ঠাইত মই তোমালোকেৰে সৈতে সাক্ষাৎ হওঁ, সেই ঠাইতে সাক্ষ্য-ফলিৰ চন্দুকৰ আগত সেই সকলোকে থবা। পাছত মোৰ মনোনীত লোকৰ লাখুটিত কলি ধৰিব। তাতে ইস্ৰায়েলৰ সন্তান সকলে তোমালোকৰ বিৰুদ্ধে বকা বকনি মোৰ ওচৰৰ পৰা মই দূৰ কৰিম।"
পাছত মোচিয়ে ইস্ৰায়েলৰ সন্তানসকলক এই কথাবোৰ ক’লে। তেওঁলোকৰ অধ্যক্ষসকলৰ প্ৰতিজনে নিজ নিজ পিতৃ-বংশৰ বাবে এডালকৈ লাখুটি, এইদৰে বাৰডাল লাখুটি তেওঁক দিলে। আৰু হাৰোণৰ লাখুটি তেওঁলোকৰ লাখুটিবোৰৰ মাজত আছিল। তাতে মোচিয়ে সেই সকলো লাখুটি লৈ, সাক্ষ্য-ফলি থকা তম্বুত যিহোৱাৰ আগত হ’ল।
আৰু পাছদিনা মোচিয়ে সাক্ষ্য-ফলি থকা তম্বুত সোমাই দেখিলে, যে, লেবী বংশৰ নিমিত্তে লোৱা হাৰোণৰ লাখুটিত কুঁহি ওলাই কলি ধৰি ফুলিল, আৰু বাদামৰ পকা গুটি লাগিল। তেতিয়া মোচিয়ে যিহোৱাৰ সন্মূখৰ পৰা সেই সকলো লাখুটি উলিয়াই ইস্ৰায়েলৰ সন্তানসকলৰ আগলৈ আনিলে, আৰু তেওঁবিলাক প্ৰতিজনে চাই চাই নিজ নিজ লাখুটি ললে। পাছে যিহোৱাই মোচিক কলে, এই বিদ্ৰোহ আচৰণ কৰা সন্তান সকলৰ বিৰুদ্ধে চিন থাকিবৰ কাৰণে তুমি হাৰোণৰ লাখুটিডাল পুনৰায় সাক্ষ্য-ফলিৰ চম্দুকৰ আগত ৰাখা; তাতে, তেওঁলোক নমৰিবৰ বাবে, মোৰ বিৰুদ্ধে হোৱা তেওঁলোকৰ বকনি নাইকিয়া কৰিবা। তেতিয়া মোচিয়ে সেইদৰেই কৰিলে; যিহোৱাই আজ্ঞা দিয়াৰ দৰেই তেওঁ কাৰ্য কৰিলে।
পাছত নিয়ম-চন্দুক বৈ নিয়া পুৰোহিতসকল লোকসকলৰ আগে আগে গ’ল আৰু লোকসকল যৰ্দ্দন পাৰ হ’বৰ কাৰণে নিজ নিজ তম্বুৰ পৰা ওলাই আহিল; পাছত নিয়ম-চন্দুক কঢ়িয়াই নিয়া লোকসকলে যেতিয়া যৰ্দ্দন পালে, তেতিয়া নিয়ম-চন্দুক কঢ়িওৱা পুৰোহিতসকলৰ ভৰি নদীৰ দাঁতিৰ পানীত ডুবাই দিয়া মাত্ৰকে (শষ্য চপোৱা সময়ত যৰ্দ্দনৰ পানী পাৰ ওফন্দি উঠি বাগৰি যায়), ওপৰৰ পৰা বৈ অহা পানী ছিগি বহু দূৰৈত থকা চৰ্তনৰ ওচৰৰ আদম নগৰৰ কাষত দ’ম বান্ধি ৰ’ল আৰু আৰাবা সমুদ্ৰ অৰ্থাৎ লৱণ-সমুদ্ৰলৈ বৈ যোৱা জল সমূহ বৈ গৈ সম্পূর্ণৰূপে নাইকিয়া হ’ল; তেতিয়া লোকসকলে যিৰীহোৰ সন্মুখেৰে পাৰ হৈ গ’ল।
আৰু গোটেই ইস্ৰায়েল জাতিয়ে পাৰ হৈ নোযোৱালৈকে, যিহোৱাৰ নিয়ম-চন্দুক বৈ নিয়া পুৰোহিতসকল যৰ্দ্দনৰ মাজত শুকান ভুমিত থিৰে থিয় হৈ থাকিল আৰু গোটেই ইস্ৰায়েলে শুকান ভুমিয়েদি পাৰ হৈ গ’ল।
তাৰ পাছত যিহোৱাৰ নিয়ম-চন্দুক কঢ়িয়াই নিয়া পুৰোহিতসকলে যৰ্দ্দনৰ মাজৰ পৰা উঠি আহি শুকান ভূমিত ভৰি দিয়াৰ লগে লগে যৰ্দ্দনৰ পানী নিজ ঠাইলৈ উলটি আহিল আৰু পূৰ্বৰ দৰে গোটেই পাৰ ওফন্দি উঠি বাগৰি গ’ল।
সেই সময়ত ইস্ৰায়েলৰ সন্তান সকলৰ ভয়ত যিৰীহো নগৰৰ প্ৰৱেশ পথবোৰ বন্ধ আছিল; ভিতৰলৈ কি বাহিৰলৈ কোনেও ওলোৱা-সোমোৱা কৰা নাছিল। পাছত যিহোৱাই যিহোচূৱাক ক’লে, "চোৱা, মই যিৰীহোক, ইয়াৰ ৰজাক আৰু তাৰ প্ৰশিক্ষিত বীৰপুৰুষসকলক তোমাৰ হাতত সমৰ্পণ কৰিলোঁ।
তোমালোকৰ আটাই যুদ্ধাৰু লোকে নগৰখনৰ চাৰিওকাষে এবাৰ কুচকাৱাজ কৰি প্ৰদক্ষিণ কৰিবা�� এইদৰে তুমি ছদিন কৰিবা। আৰু সাতজন পুৰোহিতক নিয়ম-চন্দুকৰ আগে আগে মহাশব্দকাৰী সাতোটা শিঙা লৈ যাবলৈ দিবা�� পাছত সপ্তম দিনা তোমালোকে সাতবাৰ নগৰখন প্ৰদক্ষিণ কৰিবা আৰু পুৰোহিতসকলক উচ্চ শব্দেৰে শিঙা বজাবলৈ দিবা।
আৰু যেতিয়া তেওঁলোকে মহাশব্দকাৰী শিঙা দীঘলীয়াকৈ উচ্চ শব্দেৰে বজাব আৰু তোমালোকে যেতিয়া শিঙাৰ শব্দ শুনিবা, তেতিয়া সকলো লোকে মহাধ্বনি কৰিবা; তাতে নগৰৰ গড় মাটিৰ সমান হৈ পৰিব আৰু প্ৰতিজন লোকে নিজৰ সন্মুখেদি পোনে পোনে উঠি যাবা।"
তেতিয়া নুনৰ পুত্ৰ যিহোচূৱাই পুৰোহিতসকলক মাতি আনি ক’লে, "তোমালোকে নিয়ম-চন্দুক দাঙি লোৱা আৰু পুৰোহিত সাত জনে যিহোৱাৰ নিয়ম-চন্দুকৰ আগে আগে মহাশব্দকাৰী সাতোটা শিঙা লৈ যোৱা।" পাছত তেওঁ লোকসকলক ক’লে, "তোমালোকে গৈ নগৰ প্ৰদক্ষিণ কৰা আৰু যুদ্ধলৈ সাজু হৈ থকা সৈন্যসকল যিহোৱাৰ চন্দুকৰ আগে আগে যোৱা।"
তেতিয়া লোকসকলে ধ্বনি কৰিলে আৰু পুৰোহিতসকলে উচ্চ শব্দেৰে শিঙা বজালে�� শিঙাৰ শব্দ শুনি লোকসকলে মহাধ্বনি কৰিলে�� তাতে নগৰৰ গড় পৰি মাটিৰ সমান হোৱাৰ পাছত, প্ৰতিজন লোকে নিজৰ সন্মুখেৰে পোনে পোনে উঠি গৈ নগৰত সোমাল আৰু তেওঁলোকে নগৰ খন দখল কৰি ল’লে।
পাছত পলেষ্টীয়াসকলে ইস্ৰায়েলৰ বিৰুদ্ধে যুদ্ধ কৰোঁতে পলেষ্টীয়াসকলৰ হাতত ইস্ৰায়েলসকল পৰাস্ত হ’ল; আৰু সেই যুদ্ধ-ক্ষেত্ৰত ইস্ৰায়েলৰ সৈন্য সমূহৰ প্ৰায় চাৰি হাজাৰ লোকক তেওঁলোকে বধ কৰিলে। পাছত লোকসলক ছাউনিলৈ ঘূৰি আহোতে, ইস্ৰায়েলৰ বৃদ্ধলোক সকলে ক’লে, "যিহোৱাই পলেষ্টীয়াসকলৰ হাতত আজি আমাক কিয় পৰাস্ত হবলৈ এৰি দিলে? এতিয়া ব’লা, চীলোৰ পৰা আমি যিহোৱাৰ সাক্ষ্য নিয়ম-চন্দুক আনোগৈ, তেতিয়া সেই নিয়ম-চন্দুক আমাৰ লগত থকিলে, সেয়াই শত্ৰুৰ শক্তিৰ পৰা আমাক ৰক্ষা কৰিব।" সেয়েহে লোকসকলে চীলোলৈ মানুহ পঠিয়াই, কৰূব দুটাৰ মাজত বসতি কৰা বাহিনীসকলৰ যিহোৱাৰ নিয়ম-চন্দুক অনালে। সেই সময়ত এলীৰ দুজন পুত্ৰ হফনী আৰু পীনহচ সেই ঠাইত যিহোৱাৰ নিয়ম-চন্দুকৰ লগত আছিল।
যিহোৱাৰ নিয়ম-চন্দুক ছাউনিলৈ অনাৰ পাছত, ইস্ৰায়েলৰ সকলো লোকে এনেদৰে মহাধ্বনি কৰিলে যে, পৃথিৱীও কঁপিবলৈ ধৰিলে। পলেষ্টীয়াসকলে সেই মহাধ্বনিৰ শব্দ শুনি ক’লে, "ইব্ৰীয়াসকলৰ ছাউনিত এনে মহাধ্বনি কিয় হৈছে?" এইদৰে যিহোৱাৰ নিয়ম-চন্দুক ইস্ৰায়েলৰ ছাউনিলৈ অনা হ’ল বুলি তেওঁলোকে উপলব্ধি কৰিলে��
তেতিয়া পলেষ্টীয়াসকলৰ ভয় লাগিল আৰু তেওঁলোকে ক’লে, "ছাউনিলৈ নিশ্চয় ঈশ্বৰ আহিল��" তেওঁলোকে পুনৰ ক’লে, "আমাৰ এতিয়া সন্তাপ হ’ব; কিয়নো ইয়াৰ পূৰ্বতে কেতিয়াও এনেকুৱা হোৱা নাই। আমাৰ এতিয়া সন্তাপ হ’ব; সেই পৰাক্ৰমী ঈশ্বৰৰ শক্তিৰ পৰা আমাক কোনে ৰক্ষা কৰিব? এইজনেই সেই ঈশ্বৰ, যিজনে অৰণ্যৰ মাজত বিভিন্ন প্ৰকাৰ উপদ্ৰৱেৰে মিচৰীয়াসকলক আঘাত কৰিছিল। হে পলেষ্টীয়াসকল, ইব্ৰীয়াসকল যেনেকৈ তোমালোকৰ অধীনত আছিল, তেনেকৈ তোমালোক তেওঁলোকৰ অধীনত যেন নহোৱা, সেইবাবে তোমালোক বলৱান হোৱা আৰু পুৰুষত্ব দেখুউৱা; পুৰুষত্ব দেখুৱাই যুদ্ধ কৰা।"
তাৰ পাছত পলেষ্টীয়াসকলে যুদ্ধ কৰোঁতে, ইস্ৰায়েলৰ লোকসকল পৰাজিত হৈ প্ৰতিজন নিজ নিজ তম্বুলৈ পলাল; তাতে এনে মহা-সংহাৰ হ’ল যে, ইস্ৰায়েলৰ মাজত ত্ৰিশহাজাৰ পদাতিক লোকৰ মৃত্যু হ’ল। আৰু ঈশ্বৰৰ নিয়ম-চন্দুক শত্ৰুৰ হাতত পৰিল, আৰু এলীৰ দুজন পুতেক হফনী আৰু পীনহচক বধ কৰা হ’ল।
অচ্দোদীয়া লোক সকলৰ ওপৰত যিহোৱাৰ হাত ভাৰযুক্ত আছিল, আৰু তেওঁ তেওঁলোকক ধংস কৰিলে, আৰু অচদোদৰ সীমালৈকে অনেক লোকক বিহ ফোঁহোৰাৰে আঘাত কৰিলে। অচ্দোদীয়া সকলে তাকে দেখি ক’লে, "ইস্ৰায়েলৰ ঈশ্বৰৰ নিয়ম-চন্দুক আমাৰ ওচৰত থাকিব নোৱাৰে; কিয়নো আমাৰ ওপৰত আৰু আমাৰ দেৱতা দাগোনৰো ওপৰত তেওঁৰ হাত ক্লেশদায়ক হৈছে।" এই হেতুকে তেওঁলোকে মানুহ পঠাই পলেষ্টীয়াসকলৰ সকলো অধিপতিক নিজৰ ওচৰলৈ মাতি ক’লে, "ইস্ৰায়েলৰ ঈশ্বৰৰ নিয়ম-চন্দুকৰ বিষয়ে আমি কি কৰিম?" তেওঁলোকে ক’লে, "ইস্ৰায়েলৰ ঈশ্বৰৰ নিয়ম-চন্দুক গাতলৈ নিয়া হওঁক।" তেতিয়া তেওঁলোকে ইস্ৰায়েলৰ ঈশ্বৰৰ নিয়ম-চন্দুক সেই ঠাইলৈ লৈ গ’ল। কিন্তু এইদৰে লৈ যোৱাৰ পাছত যিহোৱাৰ হাত নগৰ খনৰ বিৰুদ্ধে অতিশয় ত্ৰাসযুক্ত হ’ল; তেওঁ নগৰখনৰ বৰ কি সৰু সকলোকে আঘাত কৰাত, তেওঁলোকৰ গাত বিহ ফোঁহোৰা ওলাল।
সেয়ে, তেওঁলোকে যিহোৱাৰ চন্দুক ইক্ৰোণলৈ পঠালে। কিন্তু যিহোৱাৰ চন্দুক ইক্ৰোণলৈ অহাৰ পাছত, ইক্ৰোণীয়া সকলে চিঞৰি ক’লে, "আমাৰ মানুহবোৰক বধ কৰিবৰ বাবে তেওঁলোকে আমাৰ ওচৰলৈ ইস্ৰায়েলৰ ঈশ্বৰৰ নিয়ম-চন্দুক আনিলে।" তাকে দেখি তেওঁলোকে মানুহ পঠাই পলেষ্টীয়াসকলৰ সকলো অধিপতিক গোট খুৱাই ক’লে, "আমাৰ লোকসকলক যেন বধ নকৰে, তাৰ বাবে ইস্ৰায়েলৰ ঈশ্বৰৰ নিয়ম-চন্দুক ইয়াৰ পৰা পঠাই দিয়ক; নিজৰ ঠাইলৈ ইয়াক ঘূৰাই পঠাওঁক।" কিয়নো নগৰৰ সকলো ফালে মহামাৰীৰ ভয়ত লোকসকল ব্যাকুল হৈছিল; কাৰণ ঈশ্বৰৰ শাস্তি দিয়া হাত তেওঁলোকৰ বিৰুদ্ধে উঠিছিল।
যিহোৱাৰ নিয়ম-চন্দুক পলেষ্টীয়াসকলৰ দেশত সাত মাহলৈকে আছিল। পলেষ্টীয়াসকলে পুৰোহিত আৰু মঙ্গল চোৱা সকলক মাতি আনি ক’লে, "আমি যিহোৱাৰ নিয়ম-চন্দুকৰ বিষয়ে কি কৰিম? কওকচোন, আমি ইয়াক নিজৰ দেশলৈ কেনেকৈ পঠাম?"
তেওঁলোকে ক’লে, "তোমালোকে বিনা উপহাৰেৰে ইস্ৰায়েলৰ ঈশ্বৰৰ নিয়ম-চন্দুক নপঠাবা, কিন্তু যি কোনো উপায়ে দোষাৰ্থক উপহাৰ তেওঁৰ তালৈ পঠাই দিয়া, তেতিয়াহে তোমালোক সুস্থ হ’বা, আৰু তেওঁৰ হাত তোমালোকৰ পৰা কিয় দূৰ হোৱা নাই, তেতিয়াহে তোমালোকে বুজিবা।"
তাৰ পাছত লোকসকলে তেওঁলোকক যি দৰে কৈছিল, সেইদৰেই কৰিলে; খীৰঁতী গাই গৰু আনি ৰথত লগালে, আৰু সিহঁতৰ পোৱালি দুটাক ঘৰত বান্ধি হ’ল। পাছত সিহঁতে যিহোৱাৰ নিয়ম-চন্দুক, সোণৰ নিগনি আৰু বিহ ফোঁহোৰাৰ আকৃতিৰে সজা বস্তুবোৰ বাকচত ভৰাই ৰথৰ ওপৰত তুলি দিলে। তাৰ পাছত সেই গৰু দুজনীয়ে বৈৎচেমচৰ দিশে হেম্বেলিয়াই হেম্বেলিয়াই গ’ল; সিহঁতে সোঁ-হাতে কি বাওঁ-হাতে নুঘূৰিলে; আৰু পলেষ্টীয়াসলকৰ অধিপতিসকলে বৈৎচেমচৰ সীমালৈকে সিহঁতৰ পাছে পাছে গ’ল। সেই সময়ত বৈৎচেমচ নিবাসীসকলে উপত্যকাত ঘেহুঁধান দাই থাকোঁতে, ওপৰলৈ মুৰ-দাঙি চাই নিয়ম-চন্দুকটো দেখি তেওঁলোকে আনন্দ কৰিলে।
ৰথখন বৈৎচেমচ নিবাসী যিহোচূৱাৰ পথাৰ পালে আৰু যি ঠাইত ডাঙৰ শিল এটা আছিল, সেই ঠাইতে ৰ’লহি�� তাৰ পাছত তেওঁলোকে ৰথৰ কাঠ ফালি, গৰু দুজনীক হোমৰ অৰ্থে যিহোৱাৰ উদ্দেশ্য উৎসৰ্গ কৰিলে। লেবীয়াসকলে যিহোৱাৰ নিয়ম-চন্দুক আৰু তাৰ লগত সোণৰ বস্তু থকা বাকচটো নমালে আৰু সেই ডাঙৰ শিলটোৰ ওপৰত ৰাখিলে। বৈৎচেমচৰ লোকসকলে সেইদিনাই যিহোৱাৰ উদ্দেশ্যে হোমবলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে।
তাৰ পাছত কিৰিয়ৎ-যিয়াৰীমৰ লোকসলকে আহি যিহোৱাৰ নিয়ম-চন্দুক লৈ গ’ল আৰু পৰ্ব্বতত থকা অবীনাদবৰ ঘৰত ৰাখিলে। তাতে তেওঁলোকে যিহোৱাৰ সেই নিয়ম-চন্দুক ৰাখিবৰ বাবে তেওঁৰ পুতেক ইলিয়াজৰক পবিত্ৰ কৰিলে। যিহোৱাৰ নিয়ম-চন্দুক কিৰিয়ৎ-যিয়াৰীমত থাকোঁতে বহু সময় অৰ্থাৎ বিশবছৰ অতিবাহিত হ’ল, আৰু ইস্ৰায়েলৰ আটাই বংশই যিহোৱাক অনুসৰণ কৰি চলিবৰ ইচ্ছাৰে শোক কৰিলে।
তাৰ পাছত "যিহোৱাই ঈশ্বৰৰ নিয়ম-চন্দুকৰ বাবে ওবেদ-ইদোমৰ ঘৰ আৰু তেওঁৰ যি যি আছে, সেই সকলোকে আশীৰ্ব্বাদ কৰিলে" এই বুলি দায়ূদৰ আগত কোৱা হ’ল। তেতিয়া দায়ূদে গৈ ওবেদ ইদোমৰ ঘৰৰ পৰা আনন্দেৰে ঈশ্বৰৰ নিয়ম-চন্দুকটি দায়ূদৰ নগৰলৈ লৈ আনিলে। যেতিয়া যিহোৱাৰ নিয়ম-চন্দুকটি কঢ়িয়াই অনা লোকসকলে ছখোজ আগবাঢ়ি গ’ল, তেওঁ এটা বলদগৰু আৰু এটা হৃষ্টপুষ্ট গৰু পোৱালি বলিদান কৰিলে।
আৰু দায়ূদে শণ সূতাৰ এখন এফোদ পিন্ধি যিহোৱাৰ আগত পাৰে মানে নাচিলে�� এইদৰে দায়ুদ আৰু ইস্ৰায়েলৰ সকলো বংশই জয়ধ্বনি কৰি কৰি আৰু শিঙাৰ বাদ্য বজাই বজাই যিহোৱাৰ নিয়ম-চন্দুকটি লৈ আনিলে।
পাছত চলোমনে দায়ূদৰ নগৰ অৰ্থাৎ চিয়োনৰ পৰা যিহোৱাৰ নিয়ম-চন্দুক আনিবৰ কাৰণে, ইস্ৰায়েলৰ পৰিচাৰকসকলক আৰু ফৈদৰ প্ৰধান লোকসকলক, ইস্ৰায়েলৰ সন্তান সকলৰ পিতৃ-বংশৰ বিষয়াসকলক যিৰূচালেমলৈ আহ্বান কৰিলে, আৰু তেওঁৰ সন্মুখত গোট খুৱালে। তাতে এথানী নামেৰে সপ্তম মাহৰ উৎসৱৰ সময়ত ইস্ৰায়েলৰ সকলো লোক চলোমন ৰজাৰ ওচৰলৈ আহি একগোট হৈছিল।
তাৰ পাছত ইস্ৰায়েলৰ পৰিচালকসকল আহিল, আৰু পুৰোহিতসকলে নিয়ম-চন্দুক তুলি ল’লে। তেওঁলোকে যিহোৱাৰ নিয়ম-চন্দুক, সাক্ষাৎ কৰা তম্বু আৰু তম্বুৰ ভিতৰত থকা সকলো পবিত্ৰ বস্তুবোৰ আনিলে�� এই সকলো বস্তু পুৰোহিত আৰু লেবীয়াসকলে আনিলে। তেতিয়া চলোমন ৰজাৰ সৈতে ইস্ৰায়েলৰ গোটেই লোক সকলে নিয়ম-চন্দুকৰ আগত অসংখ্য ভেড়া আৰু গৰু আদি বলিদান কৰিছিল।
পুৰোহিতসকলে যিহোৱাৰ নিয়ম-চন্দুক গৃহৰ অন্তঃস্থানলৈ অৰ্থাৎ মহা পবিত্ৰ স্থানলৈ লৈ গৈ কৰূব দুটাৰ ডেউকাৰ তলত তাৰ নিজৰ ঠাইত স্থাপন কৰিছিল। কিয়নো কৰূব দুটাই নিয়ম-চন্দুকৰ ঠাইৰ ওপৰত ডেউকা মেলি আছিল আৰু কৰূব দুটাই নিয়ম-চন্দুক আৰু তাৰ কানমাৰি ঢাকি ধৰি আছিল। সেই দুডাল কানমাৰি ইমান দীঘল যে, তাৰ মুৰ অন্তঃস্থানৰ সন্মুখত থকা পবিত্ৰ স্থানৰ পৰা দেখা যায়; কিন্তু তাক বাহিৰৰ পৰা দেখা নাযায়, সেইবোৰ আজিলৈকে সেই ঠাইত আছে।
মিচৰ দেশৰ পৰা ইস্ৰায়েলৰ সন্তান সকল ওলাই অহা কালত, যিহোৱাই তেওঁলোকে সৈতে এটি নিয়ম স্থাপন কৰা সময়ত, হোৰেব পৰ্ব্বতত মোচিয়ে নিয়ম-চন্দুকৰ ভিতৰত যি দুখন শিলৰ ফলি ৰাখিছিল, তাৰ বাহিৰে তাত আৰু একো নাছিল। পাছত পুৰোহিতসকলে পবিত্ৰ-স্থানৰ পৰা ওলাই আহোতে, যিহোৱাৰ গৃহ মেঘেৰে এনেকৈ পৰিপূৰ্ণ হৈছিল যে, পুৰোহিতসকলে পৰিচৰ্যা কৰিবৰ অৰ্থে থিয় হৈ থাকিব নোৱাৰা হৈছিল; কিয়নো যিহোৱাৰ গৃহ যিহোৱাৰ প্ৰতাপেৰে পৰিপূৰ্ণ হৈছিল।
যিহোৱাই কৈছে, হে বিপদ-ঘামিনী সন্তান সকল, মোলৈ উলটি আহাঁ; কিয়নো ময়েই তোমালোকৰ স্বামী!
তোমালোক উলটি আহিলে, মই এখন নগৰৰ পৰা এজন আৰু এক গোষ্ঠীৰ পৰা দুজনকৈ লৈ চিয়োনলৈ অৰ্থাৎ যিৰূচালেমলৈ তোমালোকক আনিম।
তোমালোকে এইদৰে কৰিলে, মই তোমালোকক মোৰ মনৰ দৰে এজন ৰখীয়া দিম; তেওঁলোকে জ্ঞান আৰু বুদ্ধিৰে তোমালোকক চৰাব, কাৰণ তেওঁলোকে মোক সন্তুষ্ট কৰিবলৈ জানে আৰু বুজে।
যিহোৱাই কৈছে, সেই দিনত, যেতিয়া তোমালোক বাঢ়ি বহুপ্ৰজা হ’বা, তেতিয়া, "যিহোৱাৰ নিয়ম চন্দুক" এই কথা মানুহে আৰু নকব, আৰু সেয়ে মনত নপৰিব, লোকে তাক সোঁৱৰণ নকৰিব, সেয়ে নোহোৱাত লোকে বেজাৰ নাপাব আৰু তাক পুনৰায় সজা নাযাব।
সেই প্ৰথম ব্যৱস্থাত এই জগতত সেৱা উপাসনা কৰিবলৈ নানা বিধান দিয়া হৈছিল আৰু উপাসনাৰ বাবে এটি বিশেষ মহা-পবিত্ৰ স্থান আছিল�� সেই অনুসাৰে এটা তম্বু নির্ম্মাণ কৰা হৈছিল আৰু তাৰ ভিতৰত এটা কোঠালি যুগুত কৰিছিল�� সেই তম্বুৰ প্ৰথম অংশক ‘অতি পবিত্ৰ স্থান’ বোলা হয়, তাতে দীপাধাৰ, মেজ আৰু ঈশ্বৰলৈ উৎসৰ্গ কৰা বিশেষ পিঠা থাকে।
আৰু দ্বিতীয় আঁৰ-কাপোৰৰ পাছফালে আন এটা অংশ আছিল, সেই অংশক ‘মহা-পবিত্ৰ স্থান’ বোলা হৈছিল�� এই অংশত ধুপ জ্বলোৱাৰ কাৰণে সোণৰ বেদি অাৰু ব্যৱস্থাৰ নিয়ম-চন্দুক আছিল; ইয়াৰ চাৰিওফালে সোণৰ পতা মৰা আছিল আৰু তাৰ ভিতৰত আছিল মান্না থকা সোণৰ ঘট, হাৰোণৰ লাখুটি আৰু বিধান থকা দুখন শিলৰ ফলি। সেই চন্দুকৰ ওপৰত প্ৰতাপৰ দুটা সোণৰ কৰূব আছিল, সিহঁতৰ পাখিবোৰে সেই চন্দুকৰ ঢাকনিৰ ওপৰত ছাঁ দি ৰাখিছিল�� এই সকলোৰ বিষয়ে আমি এতিয়া ভাঙি পাতি ক’বলৈ নোৱাৰিম।
পাছত স্বৰ্গত থকা ঈশ্বৰৰ মন্দিৰৰ দুৱাৰ যেতিয়া মুকলি কৰা হ’ল; তেতিয়া তেওঁৰ বিধানৰ নিয়ম-চন্দুক দেখা গ’ল�� তাতে বিজুলী, গাজনি, মেঘ-গৰ্জ্জন, ভুমিকম্প আৰু মহা-শিলাবৃষ্টি হ’ল।