Arca de noé
A arca de Noé é história de salvação e fidelidade. Deus instruiu Noé a construir a arca para salvar sua família e os animais do dilúvio — exemplo supremo de obediência e fé.
ঈশ্বৰে নোহক ক’লে, "মই দেখা পাইছো যে, সমগ্র মানৱজাতিকে ধ্বংস কৰাৰ সময় হ’ল; কিয়নো তেওঁলোকে ক্রোধ আৰু হিংসাৰে পৃথিৱী পৰিপূৰ্ণ কৰিছে। মানুহৰ লগতে মই পৃথিৱীৰ সকলোকে ধ্বংস কৰিম। তুমি নিজৰ কাৰণে গোফৰ কাঠেৰে এখন জাহাজ নিৰ্ম্মাণ কৰা। তাৰ ভিতৰত কিছুমান কোঠালি থাকিব আৰু সেই জাহাজৰ ভিতৰে বাহিৰে শিলাজতুৰে লিপি দিবা। জাহাজখন তুমি এইদৰে নির্ম্মাণ কৰিবা: দীঘলে তিনিশ হাত, পথালিয়ে পঞ্চাশ হাত আৰু তাৰ উচ্চতা হ’ব ত্ৰিশ হাত। জাহাজখনত এখন চালি বনাবা আৰু চালৰ পৰা তললৈ একহাত পর্যন্ত খিড়িকি কৰিবা আৰু জাহাজৰ কাষত দুৱাৰ ৰাখিবা; প্ৰথম, দ্বিতীয় আৰু তৃতীয় এনে তিনি তলাকৈ তাক নিৰ্ম্মাণ কৰিবা;
জলপ্লাৱন
তাৰ পাছত যিহোৱাই নোহক ক’লে, "তুমি আৰু তোমাৰ পৰিয়ালৰ সকলোৱে জাহাজত উঠাগৈ; কিয়নো মোৰ দৃষ্টিত এই কালৰ লোকসকলৰ মাজত কেৱল তুমিয়েই ধাৰ্মিক হৈ আছা।
জলপ্লাৱনৰ পৰা ৰক্ষা পাবৰ কাৰণে নোহ, তেওঁৰ ভাৰ্যা, তেওঁৰ পুত্ৰসকল আৰু তেওঁলোকৰ ভার্য্যাসকল জাহাজত উঠিল। শুচি আৰু অশুচি পশু, চৰাই আৰু মাটিত বগাই ফুৰা সকলোবিধ জন্তুৰ মতা মাইকী যোৰ যোৰকৈ নোহৰ ওচৰলৈ আহিল আৰু ঈশ্বৰে আজ্ঞা দিয়াৰ দৰে সেইবোৰ জাহাজত উঠিল। সাত দিনৰ পাছত পৃথিৱীত জল-প্লাৱন হ’বলৈ ধৰিলে।
ঈশ্বৰে তেওঁক যেনেদৰে আজ্ঞা দিছিল, সেই অনুসাৰে সকলো প্ৰাণীৰে মতা আৰু মাইকী জাহাজত সোমালগৈ; তাৰ পাছত যিহোৱাই জাহাজৰ দুৱাৰ বন্ধ কৰি দিলে।
তাৰ পাছত চল্লিশ দিনলৈকে পৃথিবীৰ ওপৰত জলপ্লাৱনৰ পানী বাঢ়ি যাবলৈ ধৰিলে; পানী বাঢ়ি যোৱাত জাহাজখন মাটিৰ পৰা দাং খাই পানীত ওপঙি উঠিল। পৃথিৱীৰ ওপৰত পানী বাঢ়ি বাঢ়ি গৈ থাকিল আৰু সোঁত প্রৱলৰূপে প্লাৱিত হোৱাত জাহাজখন পানীত ওপঙিবলৈ ধৰিলে।
এইদৰে পৃথিৱীৰ ওপৰি ভাগত থকা সকলো প্ৰাণীকে নিঃশেষ কৰা হ’ল - মানুহকে আদি কৰি ডাঙৰ ডাঙৰ পশু, বগাই ফুৰা প্রাণী আৰু আকাশৰ চৰাইবোৰক উচ্ছন্ন কৰা হ’ল; কেৱল নোহ আৰু তেওঁৰ লগত যি সকল জাহাজত থাকিল সেইসকলহে জীয়াই থাকিল।
পৃথিবীৰ ওপৰৰ পানী ক্ৰমান্বয়ে কমিবলৈ ধৰিলে আৰু এশ পঞ্চাশ দিনৰ মূৰত পানী অনেক কমিল। সেই বছৰৰ সপ্তম মাহৰ সোঁতৰ দিনৰ দিনা জাহাজখন অৰাৰট পৰ্ব্বতশ্রেণীৰ ওপৰত গৈ লাগি ৰ’ল।
তাৰ পাছত চল্লিশ দিন পাৰ হোৱাত নোহে নিজে সজা জাহাজৰ খিড়িকিখন মেলিলে। তেওঁ এটি ঢোৰা কাউৰী বাহিৰলৈ উড়ুৱাই পঠালে। পৃথিৱীৰ পৰা পানী নুশুকুৱা পর্যন্ত কাউৰীজনীয়ে অহা-যোৱা কৰি উড়ি ফুৰিছিল। তাৰ পাছত পৃথিবীৰ পৰা পানী শুকাল নে নাই, তাক জানিবৰ কাৰণে তেওঁ এটা কপৌ বাহিৰলৈ উড়ুৱাই পঠালে। কিন্তু তেতিয়াও গোটেই পৃথিৱীত পানী আছিল আৰু সেয়ে কপৌজনীয়ে নিজৰ ভৰি থ’বলৈ ঠাই বিচাৰি নাপাই জাহাজলৈ নোহৰ ওচৰলৈ উভটি আহিল। তেতিয়া নোহে হাত মেলি তাক ধৰি জাহাজত নিজৰ ওচৰলৈ সুমুৱাই আনিলে। তাৰ পাছত তেওঁ আৰু সাত দিন অপেক্ষা কৰি পুনৰ সেই কপৌজনীক জাহাজৰ পৰা উড়ুৱাই পঠালে। সন্ধিয়া সময়ত কপৌজনী নোহৰ ওচৰলৈ উলটি আহিল আৰু তাইৰ ঠোঁটত এইমাত্র চিঙি অনা জিতগছৰ নতুন পাত এখিলা আছিল; তেতিয়া নোহে বুজি পালে যে, পৃথিবীৰ ওপৰৰ পৰা পানী কমি গৈছে। নোহে আৰু সাত দিন অপেক্ষা কৰি পুনৰ সেই কপৌজনীক উড়ুৱাই পঠালে; কিন্তু এইবাৰ তাই আৰু তেওঁৰ ওচৰলৈ পুনৰ উভটি নাহিল।
নোহৰ বয়স তেতিয়া ছশ এক বছৰ। সেই বছৰৰ প্ৰথম মাহৰ প্ৰথম দিনৰ পৰা পৃথিবীৰ পানী শুকাবলৈ ধৰিলে; তেতিয়া নোহে জাহাজৰ দুৱাৰখন মেলি বাহিৰলৈ চাই দেখিলে যে, ভূমিৰ ওপৰৰ পানী শুকাই গৈছে।
তেতিয়া ঈশ্বৰে নোহক ক’লে, "তুমি তোমাৰ ভাৰ্যা, পুত্ৰ আৰু বোৱাৰীসকলক লগত লৈ, জাহাজৰ পৰা ওলাই যোৱা। তোমাৰ লগত চৰাই, ঘৰচীয়া পশু আৰু মাটিত বগাই ফুৰা উৰগ আদি কৰি সকলো জীৱিত প্রাণীকে জাহাজৰ পৰা উলিয়াই আনা; সেইবোৰে পৃথিৱীত সিহঁতৰ বংশ বৃদ্ধি কৰক আৰু বহুবংশ হৈ সংখ্যাত বাঢ়ি যাওক।"
তাৰ পাছত ঈশ্বৰে নোহক আৰু তেওঁৰ লগত থকা তেওঁৰ পুত্ৰসকলক ক’লে, "চোৱা! মই তোমালোকৰ আৰু তোমালোকৰ বংশধৰসকলৰ সৈতে আৰু যি সকলো প্রাণী তোমালোকৰ লগত আছে অর্থাৎ চৰাই, ঘৰচীয়া আৰু বনৰীয়া পশু আদি কৰি তোমালোকৰ লগত থকা যিমান জীৱ-জন্তু জাহাজৰ পৰা ওলাল, পৃথিৱীত থকা সেই সকলোবোৰৰ কাৰণে মই মোৰ নিয়ম স্থাপন কৰোঁ। মই তোমালোকৰ সৈতে মোৰ এই নিয়মটি স্থাপন কৰিলোঁ যে, জল-প্লাৱনৰ দ্বাৰাই কেতিয়াও কোনো প্ৰাণীকে আৰু বিনষ্ট কৰা নহব; পৃথিৱী ধ্বংস কৰাৰ দৰে জল-প্লাৱনো আৰু কেতিয়াও নহ’ব।"
মেঘত মই মোৰ ধনু থৈছো; এই মেঘধনুয়েই হ’ব মোৰ আৰু পৃথিৱীৰ মাজত হোৱা প্রতিজ্ঞাৰ চিন।
বিশ্বাসৰ গুণে নোহে, ভাবি বিষয়ত আদেশ পাই ভয়তে নিজৰ পৰিয়ালৰ পৰিত্রাণৰ অৰ্থে এখন জাহাজ নিৰ্ম্মাণ কৰিলে, আৰু তাৰ দ্বাৰাই জগতক দোষী কৰি, নিজে বিশ্বাসমূলক ধাৰ্মিকতাৰ অধিকাৰী হ’ল।
সেইবোৰ নোহৰ সময়ত ঈশ্বৰৰ আবাধ্য আছিল৷ নোহৰ জাহাজ তৈয়াৰ কৰাৰ সময়ত ঈশ্বৰ সহিষ্ণু হৈ তেওঁলোকৰ বাবে অপেক্ষা কৰিছিল৷ ঈশ্বৰে অলপ মানুহক ৰক্ষা কৰিলে, আঠ টা আত্মা সেই জলৰ পৰা ৰক্ষা পালে৷
সেই জল বাপ্তিস্মৰ প্ৰতীক, যাৰ যোগে আপোনালোকে ৰক্ষা পালে৷ সেই বাপ্তিস্মৰ যোগেদি শৰীৰৰ ময়লা আতৰোৱা নহয়, কিন্তু ঈশ্বৰৰ ওচৰত সৎ বিবেক বজায় ৰখাৰ কাৰণে এক আবেদন৷ যীচু খ্ৰীষ্টৰ পুনৰুত্থানৰ যোগেদিহে আপোনালোকে ৰক্ষা পালে৷ তেওঁ স্বৰ্গলৈ গ’ল৷ স্বৰ্গৰ দূত সকল, বিধিসংগত শাসন, আৰু পৰাক্ৰম, অৱশ্যে তেওঁলৈ সমৰ্পন কৰক৷
নোহৰ দিনৰদৰে সেইদিনা মানুহৰ পুত্ৰৰ আগমণ হ’ব। কিয়নো জলপ্লাৱনৰ আগেয়ে নোহ জাহাজত সুমুৱা দিনলৈকে যেনেকৈ মানুহবোৰে ভোজন-পান কৰি বিয়া কৰাই, বিয়া দি আছিল, আৰু জলপ্লাৱন আহি সকলোকে উটুৱাই নিনিয়ালৈকে জ্ঞান নাপালে, সেইদৰেই মানুহৰ পুত্ৰৰ আগমণ হ’ব।
তেতিয়া দুজন মানুহ পথাৰত থাকোঁতে এজনক গ্ৰহণ কৰা হ’ব আৰু এজনক ত্যাগ কৰা হ’ব। দুজনী তিৰোতাই জাঁতেৰে ডলি থাকোতে এজনীক গ্ৰহণ কৰা হব আৰু এজনীক ত্যাগ কৰা হ’ব।
Este artigo te tocou? Faça uma oração!
+581 estão orando agora.
Junte-se à corrente de oração.