Buscar a Deus
Buscar a Deus é o chamado mais urgente da Bíblia. Buscai primeiro o Reino de Deus. Os que buscam de todo coração encontram — porque Ele se deixa encontrar pelos que o procuram.
Buscai ao Senhor
Buscai ao Senhor enquanto se pode achar. Buscai e achareis. O Senhor recompensa os que o buscam com diligência.
যিহোৱাক পাব পৰা সময়ত তোমালোকে তেওঁক বিচাৰা; তেওঁ ওচৰত থাকোঁতে তেওঁক মাতা।
যিহোৱাক পাব পৰা সময়ত তোমালোকে তেওঁক বিচাৰা; তেওঁ ওচৰত থাকোঁতে তেওঁক মাতা।
যি সকলে মোক নুশুধিলে, মই তেওঁলোকৰ দ্বাৰাই অম্বেষিত কৰাবলৈ প্রস্তুত আছিলোঁ; আৰু যি সকলে মোক নিবিচাৰিলে, তেওঁলোকৰ দ্বাৰাই মোক বিচৰাবলৈ মই প্রস্তুত আছিলোঁ;
মোৰ নামেৰে প্ৰখ্যাত নোহোৱা দেশবাসীসকলক "এইয়া চোৱা, মই আছোঁ, মই আছোঁ, এই বুলি মই কলোঁ।
তেওঁ ক্লান্ত হোৱা লোকক শক্তি দান কৰে, আৰু দুৰ্ব্বল হোৱা লোকক অধিক বল দান কৰে।
এনে কি ডেকাসকলে ক্লান্ত হৈ ভাগৰ পায়, আৰু যুৱকসকলে উজুতি খাই পৰে।
কিন্তু যিসকলে যিহোৱালৈ অপেক্ষা কৰে, তেওঁলোকে নতুন বল পাব, তেওঁলোকে কুৰৰ পক্ষীৰ দৰে ডেউকাৰে ওপৰলৈ উৰিব,
তেওঁলোকে দৌৰিব আৰু ক্লান্ত নহ’ব, তেওঁলোকে খোজ কাঢ়িব আৰু ভাগৰ নাপাব।
যিহোৱাক বিচাৰা আৰু তেওঁৰ শক্তিক বিচাৰা;
সদায় তেওঁৰ উপস্থিতি বিচাৰা।
যিহোৱাক বিচাৰা আৰু তেওঁৰ শক্তিক বিচাৰা;
সদায় তেওঁৰ উপস্থিতি বিচাৰা।
হে বোপা চলোমন, তুমি তোমাৰ পিতৃৰ ঈশ্বৰক মানি চলিবা, আৰু তোমাৰ সকলো হৃদয়েৰ আৰু হৰ্ষিত মনেৰে তেওঁৰ পৰিচৰ্যা কৰিবা। এই দৰে কৰা কাৰণ যিহোৱাই সকলোৰে হৃদয় অনুসন্ধান কৰে আৰু সকলোৰে কল্পনাকো বুজে। তুমি যদি তেওঁক বিচাৰা, তেন্তে তুমি তেওঁক পাবা, কিন্তু যদি তেওঁক ত্যাগ কৰা, তেন্তে তেওঁ তোমাকো চিৰকাললৈকে ত্যাগ কৰিব।
তেনেহ’লে মোৰ নামেৰে প্ৰখ্যাত হোৱা মোৰ প্ৰজাসকলে যদি নিজকে নম্ৰ কৰি প্ৰাৰ্থনা কৰে আৰু মোৰ সাক্ষাৎ হবলৈ বিচাৰে বা নিজ নিজ কু-পথৰ পৰা ঘূৰে, তেনেহ’লে মই স্বৰ্গৰ পৰা শুনি তেওঁলোকৰ পাপবোৰ ক্ষমা কৰিম আৰু তেওঁলোকৰ দেশ আৰোগ্য কৰিম।
তেওঁ ওলাই গৈ আচা’ৰ লগত সাক্ষাৎ কৰি তেওঁক ক’লে, "হে আচা, আৰু হে যিহূদাৰ আৰু বিন্যামীনৰ আটাই লোকসকল, তোমালোকে মোৰ কথা শুনা: তোমালোক যেতিয়ালৈকে যিহোৱাৰ লগত থাকিবা, তেতিয়ালৈকে তেৱোঁ তোমালোকৰ লগত আছে�� যদি তোমালোকে তেওঁক বিচাৰা, তোমালোকে তেওঁক পাবা; কিন্তু যদি তোমালোকে তেওঁক ত্যাগ কৰা, তেন্তে তেৱোঁ তোমালোকক ত্যাগ কৰিব।
পাছত ওদেদ’ৰ পুত্ৰ অজৰিয়াত ঈশ্বৰৰ আত্মা স্থিতি হ’ল তেওঁ ওলাই গৈ আচা’ৰ লগত সাক্ষাৎ কৰি তেওঁক ক’লে, "হে আচা, আৰু হে যিহূদাৰ আৰু বিন্যামীনৰ আটাই লোকসকল, তোমালোকে মোৰ কথা শুনা: তোমালোক যেতিয়ালৈকে যিহোৱাৰ লগত থাকিবা, তেতিয়ালৈকে তেৱোঁ তোমালোকৰ লগত আছে যদি তোমালোকে তেওঁক বিচাৰা, তোমালোকে তেওঁক পাবা; কিন্তু যদি তোমালোকে তেওঁক ত্যাগ কৰা, তেন্তে তেৱোঁ তোমালোকক ত্যাগ কৰিব।
এতেকে বহু কাললৈকে ইস্ৰায়েলে সত্যময় ঈশ্বৰ-বিহীন, শিক্ষা দিওঁতা পুৰোহিত বিহীন আৰু ব্যৱস্থা-বিহীন হৈ আছিল কিন্তু সঙ্কটৰ সময়ত যেতিয়া তেওঁলোকে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱালৈ ঘূৰি তেওঁক বিচাৰিলে, তেতিয়া তেওঁ নিজকে তেওঁলোকক পাবলৈ দিছিল। সেই সময়ত যি লোক বাহিৰলৈ গৈছিল বা ভিতৰলৈ আহিছিল, সেই লোকৰ কোনো শান্তি নাছিল; কিন্তু দেশ নিবাসী সকলো লোকলৈ বৰ ক্লেশ ঘটিছিল।
এক জাতিয়ে আন জাতিৰে সৈতে আৰু এখন নগৰে আন এখন নগৰে সৈতে খণ্ড খণ্ড হৈ ভগ্ন হৈছিল, কিয়নো ঈশ্বৰে তেওঁলোকক সকলো প্ৰকাৰ সঙ্কটত পেলাই ক্লেশ দিছিল। কিন্তু এতিয়া তোমালোকে সাহিয়াল হোৱা আৰু তোমালোকৰ হাত শিথিল নহওঁক, কিয়নো তোমালোকক তোমালোকৰ কাৰ্যৰ পুৰস্কাৰ দিয়া যাব।"
যেতিয়া আচা’ই এই সকলো বাক্য শুনিলে, অৰ্থাৎ ওদেদ ভাববাদীৰ ভাববাণী শুনি সাহস পালে, যিহূদাৰ আৰু বিন্যামীনৰ গোটেই দেশৰ পৰা আৰু ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলত তেওঁ হাত কৰি লোৱা নগৰবোৰৰ পৰাও ঘিণলগা বস্তুবোৰ দূৰ কৰিলে; আৰু যিহোৱাৰ গৃহৰ বাৰাণ্ডাৰ আগত থকা যিহোৱাৰ যজ্ঞবেদীটো নতুনকৈ সাজিলে। পাছত তেওঁ আটাই যিহূদা আৰু বিন্যামীনক আৰু তেওঁলোকৰ মাজত প্ৰবাস কৰা ইফ্ৰয়িম, মনচি আৰু চিমিয়োনৰ পৰা অহা লোকসকলক গোটালে কিয়নো তেওঁৰ ঈশ্বৰ যিহোৱা তেওঁৰ লগত থকা দেখি, ইস্ৰায়েলৰ মাজৰ পৰা অহা অনেক লোক আহি তেওঁৰ ফলীয়া হৈছিল।
এইদৰে আচা’ৰ ৰাজত্বৰ তৃতীয় মাহত তেওঁলোকে যিৰূচালেমত গোট খালে। আৰু সেই সময়ত তেওঁলোকে লুটি অনা বস্তুৰ পৰা সাতশ ষাঁড়-গৰু আৰু সাত হাজাৰ ভেড়া ও ছাগলী যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিলে।
আৰু তেওঁলোকে নিজৰ সকলো চিত্তেৰে সকলো মনেৰে নিজৰ ওপৰ পিতৃসকলৰ ঈশ্বৰ যিহোৱাক বিচাৰিবলৈ এটি নিয়ম কৰিলে সৰু বা বৰ, পুৰুষ বা মহিলাই হওঁক, যি কোনোৱে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাক বিচাৰ নকৰিব, তেওঁৰ প্ৰাণদণ্ড হ’ব, ইয়াকে তেওঁলোকে থিৰ কৰিলে।
তেওঁলোকে বৰ মাতেৰে জয়ধ্বনি কৰি, তুৰী আৰু শিঙা বজাই যিহোৱাৰ সাক্ষাতে শপত ল’লে। এই শপত লওঁতে আটাই যিহূদাই আনন্দ কৰিলে কিয়নো তেওঁলোকে নিজৰ সকলো মনেৰে সৈতে শপত ল’লে আৰু সম্পূৰ্ণকৈ নিজ ইচ্ছাৰে তেওঁক বিচাৰিলে; তেতিয়া তেওঁলোকে তেওঁক বিচাৰি পালে আৰু যিহোৱাই তেওঁলোকৰ ওপৰত শান্তি প্ৰদান কৰিলে
ৰজা আচাই তেওঁৰ বুঢ়ীমাক মাখাকো ৰাজমাও পদৰ পৰা আঁতৰাইছিল, কিয়নো তেওঁৰ বুঢ়ীমাক মাখাই আচেৰা মূৰ্তি বুলি এটা ঘিণলগীয়া প্রতিমা স্থাপন কৰিছিল। স্থাপন কৰা সেই মূর্তিটো আচাই কাটি, সেইটো গুৰি কৰি কিদ্ৰোণ জুৰিৰ ওচৰত পুৰি পেলাইছিল। আৰু তাক গুৰি কৰি কিদ্ৰোণ জুৰিৰ কাষত পুৰি পেলালে। কিন্তু ইস্ৰায়েলৰ মাজৰ পৰা ওখ ঠাইবোৰ গুচুউৱা নহ’ল তথাপিও আচা’ৰ মন নিজ আয়ুসৰ সকলো কালত সমৰ্পিত আছিল।
তেওঁ নিজ পিতৃৰ দ্বাৰাই পবিত্ৰ কৰা আৰু নিজেও পবিত্ৰ কৰা বস্তু, অৰ্থাৎ ৰূপ, সোণ আৰু পাত্ৰবোৰ ঈশ্বৰৰ গৃহলৈ আনিছিল। আচা’ৰ ৰাজত্বৰ পঁয়ত্ৰিশ বছৰলৈকে কোনো যুদ্ধ হোৱা নাছিল
De todo o coração
Buscar-me-eis e me achareis quando me buscardes de todo o coração. O Senhor é bom para os que o buscam.
আৰু তোমালোকে সমস্ত মনেৰে মোক বিচাৰিলে মোক বিচাৰি পাবা।
আৰু তোমালোকে সমস্ত মনেৰে মোক বিচাৰিলে মোক বিচাৰি পাবা।
যিহোৱাই কৈছে, "মোৰ বাক্য অগ্নিস্বৰূপ নহয় নে?" "আৰু শিল টুকুৰা-টুকুৰী কৰা হাতুৰীৰ নিচিনা নহয় নে?
কিন্তু সেই ঠাইত থাকি যদি আপোনালোকে নিজ ঈশ্বৰ যিহোৱাক বিচাৰে, তেন্তে, আপোনালোকে তেওঁক পাব। আপোনালোকে যদি নিজৰ সমস্ত হৃদয়ৰে আৰু আত্মাৰে বিচাৰে তেহে তেওঁক পাব।
ধন্য সেইসকল, যিসকলে তেওঁৰ আজ্ঞাবোৰ পালন কৰে;
যিসকলে সমস্ত মনেৰে সৈতে তেওঁক বিচাৰে।
ধন্য সেইসকল, যিসকলে তেওঁৰ আজ্ঞাবোৰ পালন কৰে;
যিসকলে সমস্ত মনেৰে সৈতে তেওঁক বিচাৰে।
মই সমস্ত মনেৰে তোমাক বিচাৰিছোঁ;
তুমি মোক তোমাৰ আজ্ঞা-পথৰ পৰা ভ্ৰান্ত হৈ যাব নিদিবা।
দুখত মোৰ প্রাণ দ্ৰৱীভূত হৈছে;
তোমাৰ বাক্য অনুসাৰে মোক সবল কৰা।
মই নিৰাপদে মুক্তভাৱে বিচৰণ কৰিম;
কিয়নো মই তোমাৰ আদেশবোৰলৈ মনোযোগ দিলোঁ।
তোমালোকে যিহোৱা আৰু তেওঁৰ শক্তি বিচাৰা;
নিতৌ তেওঁৰ সাক্ষাৎ হ’বলৈ বিচাৰা।
তোমালোকে যিহোৱা আৰু তেওঁৰ শক্তি বিচাৰা;
নিতৌ তেওঁৰ সাক্ষাৎ হ’বলৈ বিচাৰা।
মোৰ হৃদয়ে তোমাৰ এই কথাকে ক’লে, "আহাঁ, তোমালোকে মোৰ সাক্ষাৎ পাবলৈ বিচাৰা।"
হে যিহোৱা, মই তোমাৰ সাক্ষাৎ পাবলৈ বিচাৰো।
হে ঈশ্বৰ, তুমি মোৰ ঈশ্বৰ;
আন্তৰিকতাৰে মই তোমাক বিচাৰিম;
পানী নথকা শুকান আৰু খৰাং দেশত, তোমালৈ হাবিয়াহ কৰোঁতে,
মোৰ প্ৰাণ তৃষ্ণাতুৰ হৈছে, মোৰ শৰীৰ ক্ষীণাই গৈছে।
Buscar e encontrar
Pedi e dar-se-vos-á. O Senhor está perto de todos os que o invocam em verdade. Quem o busca não ficará insatisfeito.
খোজা, তেতিয়াহে তোমালোকক দিয়া হ’ব; বিচাৰা, তেতিয়াহে পাবা; টুকুৰিওৱা, তেতিয়াহে তোমালোকলৈ দুৱাৰ মুকলি কৰা হ’ব।
মই তোমালোকক পুনৰ কওঁ, খোজা তেতিয়া তোমালোকক দিয়া হ’ব, বিচাৰা তেতিয়া পাবা, টুকুৰিওৱা তেতিয়া তোমালোকৰ বাবে দুৱাৰ মুকলি কৰা হ’ব। কিয়নো খোজা লোকে পায়, বিচৰা জনে দেখে আৰু যি জনে টুকুৰিয়াই, তেওঁলৈ দুৱাৰ মুকলি কৰা হয়।
মই তোমালোকক পুনৰ কওঁ, খোজা তেতিয়া তোমালোকক দিয়া হ’ব, বিচাৰা তেতিয়া পাবা, টুকুৰিওৱা তেতিয়া তোমালোকৰ বাবে দুৱাৰ মুকলি কৰা হ’ব।
কিন্তু তোমালোকে ঈশ্বৰৰ ৰাজ্য বিচাৰা; তাতে এইবোৰ তোমালোকক দিয়া হ’ব।
কাৰণ, যি হেৰাল, তাক বিচাৰি ৰক্ষা কৰিবলৈ মানুহৰ পুত্ৰ আহিল।"
যিসকলে তোমাক জানে,
তেওঁলোকে যেন তোমাত ভাৰসা ৰাখে,
কিয়নো হে যিহোৱা, যিসকলে তোমাক বিচাৰে,
তেওঁলোকক তুমি পৰিত্যাগ নকৰা।
যিসকলে তোমাক জানে,
তেওঁলোকে যেন তোমাত ভাৰসা ৰাখে,
কিয়নো হে যিহোৱা, যিসকলে তোমাক বিচাৰে,
তেওঁলোকক তুমি পৰিত্যাগ নকৰা।
মই যিহোৱাক বিচাৰিলো, তাতে তেওঁ মোক উত্তৰ দিলে;
মোৰ সকলো ভয়ৰ পৰা তেওঁ মোক উদ্ধাৰ কৰিলে।
ডেকা সিংহবোৰৰ আহাৰৰ অভাৱ হয়, সিহঁতে ভোকত কষ্ট পায়:
কিন্তু যিসকলে যিহোৱাক বিচাৰে, তেওঁলোকৰ মঙ্গলৰ অভাৱ নহয়।
যিহোৱাত আনন্দ কৰা;
তাতে তেওঁ তোমাৰ মনৰ বাঞ্ছা পূর্ণ কৰিব।
যিহোৱাই স্বর্গৰ পৰা তললৈ মানুহৰ ফালে লক্ষ্য কৰি থাকে;
তেওঁ চাব বিচাৰে, প্রকৃতার্থত কোনো জ্ঞানী আছে নে নাই;
তেওঁ চাব বিচাৰে, ঈশ্বৰক বিচাৰা কোনো জ্ঞানী আছে নে নাই।
হে যিহোৱা, তুমি মোৰ বুজ বিচাৰ ল’লা
আৰু মোক জানিলা।
তুমি মোৰ উঠা আৰু বহাকো জানিছা,
দূৰৈৰ পৰাই মোৰ মনৰ চিন্তা বুজি পোৱা।
তেওঁলোকেই যিহোৱাৰ পৰা আশীৰ্ব্বাদ পাব;
তেওঁলোকেই নিজ পৰিত্রাণকর্তা ঈশ্বৰৰ পৰা ধাৰ্মিকতা পাব।
এই লোকসকলেই যিহোৱাক বিচাৰে,
যাকোবৰ ঈশ্বৰৰ সাক্ষাত পাবলৈ বিচাৰে;
তেওঁলোকেই যাকোবৰ বংশ। (চেলা)
Força na busca
Buscai o bem e não o mal. Sede fortalecidos no Senhor. A busca por Deus traz renovação e plenitude de vida.
যিহোৱাই ইস্ৰায়েল-বংশক এই কথা কৈছে, "তোমালোকে মোক বিচাৰা আৰু জীয়াই থাকা;
যিহোৱাই ইস্ৰায়েল-বংশক এই কথা কৈছে, "তোমালোকে মোক বিচাৰা আৰু জীয়াই থাকা;
তোমালোকে যাতে জীয়াই থাকিব পাৰা, সেইবাবে ভাল কামৰ পিছত যোৱা, বেয়া কামৰ পিছত নহয়। তেতিয়া তোমালোকে কোৱাৰ দৰে বাহিনীগণৰ ঈশ্বৰ যিহোৱা তোমালোকৰ লগত থাকিব।
ঈশ্বৰে নিজৰ প্ৰতাপৰ ধন অনুসাৰে এনে শক্তি আপোনালোকক দান কৰক যাতে, তেওঁৰ আত্মাৰ দ্বাৰাই আপোনালোকৰ আন্তৰিক পুৰুষ শক্তিশালী হয়।
অৱশেষত, প্ৰভুত আৰু তেওঁৰ শক্তিৰ পৰাক্ৰমত বলৱন্ত হওক।
আমি নিবেদন কৰোঁ যে, আপোনালোকে যেন সম্পূৰ্ণ সহন আৰু চিৰসহিষ্ণুতাৰ অৰ্থে, তেওঁৰ প্ৰতাপৰ পৰাক্ৰম অনুসাৰে সকলো শক্তিৰে শক্তিৱন্ত হয়��
কিয়নো ঈশ্বৰে আমাক ভয়ৰ আত্মা দিয়া নাই, কিন্তু শক্তি, প্ৰেম আৰু সুবুদ্ধিৰ আত্মা দিলে।
কিন্তু বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা অসাধ্য; কিয়নো, ঈশ্বৰ যে আছে, আৰু তেওঁ যে তেওঁক বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা হয়, ইয়াকে তেওঁৰ ওচৰলৈ চপা মানুহে বিশ্বাস কৰিব লাগে।
কিন্তু বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা অসাধ্য; কিয়নো, ঈশ্বৰ যে আছে, আৰু তেওঁ যে তেওঁক বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা হয়, ইয়াকে তেওঁৰ ওচৰলৈ চপা মানুহে বিশ্বাস কৰিব লাগে।
কিন্তু যেতিয়া তোমালোকৰ ওপৰত পবিত্ৰ আত্মা আহিব, তেতিয়া তোমালোক আত্মাত শক্তিশালী হবা�� তেতিয়া তোমালোকে যিৰূচালেম আদি কৰি গোটেই যিহুদীয়া, চমৰীয়া দেশত আৰু পৃথিৱীৰ সীমালৈকে মোৰ সাক্ষী হবা।"
যিহোৱাই তোমাৰ কৰ্ম অনুসাৰে তোমাক ফল দিয়ক; তুমি ইস্ৰায়েলৰ যি যিহোৱাৰ ডেউকাৰ তলত আশ্রয় ল’বলৈ আহিছা, তেৱেঁই তোমাক সম্পূৰ্ণকৈ পুৰস্কাৰ দিয়ক।"
তেতিয়া যিহোৱাৰ আত্মা তেওঁৰ ওপৰত স্থিতি হ’ল, তেওঁৰ হাতত একো নথকাটো, ছাগলী পোৱালি ছিৰা নিচিনাকৈ তেওঁ সেই সিংহক ছিৰি পেলালে; কিন্তু তেওঁ কি কৰিলে সেই বিষয়ে নিজৰ মাক-বাপেকক নক’লে।
তেতিয়া চিমচোনে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লে, "হে প্ৰভু যিহোৱা মই যেন মোৰ চকু দুটাৰ কাৰণে পলেষ্টীয়াসকলৰ ওপৰত একেবাৰে প্ৰতিকাৰ সাধিব পাৰোঁ, ইয়াৰ বাবে মোক অনুগ্ৰহ কৰি সোঁৱৰণ কৰা: হে ঈশ্বৰ, এইবাৰ মাথোন মোক বলৱান কৰা।"
মানুহৰ ওপৰত ভাৰসা ৰখাতকৈ যিহোৱাত আশ্ৰয় লোৱাই ভাল।
অধিপতিসকলৰ ওপৰত ভাৰসা ৰখাতকৈ, যিহোৱাত আশ্ৰয় লোৱাই ভাল।
যি জনে ভাৰ্যা পায়, তেওঁ পৰম বস্তু পায়,
আৰু যিহোৱাৰ পৰা অনুগ্ৰহ লাভ কৰে।
তেনেকৈ প্ৰজ্ঞা তোমাৰ আত্মাৰ বাবে
তুমি যদি তাক বিচাৰি পোৱা, তেনেহ’লে তাত তোমাৰ ভবিষ্যত আছে,
আৰু তোমাৰ আশা খণ্ডন কৰা নহব।