A carne
A carne representa a natureza pecaminosa que milita contra o Espírito. A Bíblia ensina que os que pertencem a Cristo crucificaram a carne com suas paixões e desejos.
Carne versus Espírito
Os que são segundo a carne inclinam-se para as coisas da carne. O nascido da carne é carne; o nascido do Espírito é Espírito.
কিয়নো মাংস অনুসাৰে জীয়াই থকা সকলে মাংসিক বিষয় ভাবে; কিন্তু আত্মা অনুসাৰে জীয়াই থকা সকলে আত্মিক বিষয় ভাবে।
কাৰণ মাংসৰ ভাব হ’ল মৃত্যু; কিন্তু আত্মাৰ ভাব হৈছে জীৱন আৰু শান্তি, কিয়নো মাংসৰ ভাব ঈশ্বৰলৈ শত্ৰুতা; কাৰণ সেয়ে ঈশ্বৰৰ বিধানৰ বশীভূত নহয় আৰু হ’বও নোৱাৰে�� যি সকলে মাংসৰ বশত আছে, তেওঁলোকে ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰে।
যিয়েই নহওক, আপোনালোক মাংসৰ বশত নহয় কিন্তু আত্মাৰ বশতহে আছে, আৰু সেয়াই যদি সত্য হয়, তেনেহলে ঈশ্বৰৰ আত্মা আপোনালোকৰ অন্তৰত বাস কৰে। কিন্তু যি জনত খ্ৰীষ্টৰ আত্মা নাই, তেওঁ খ্ৰীষ্টৰ নহয়।
এই কাৰণে এতিয়া খ্ৰীষ্ট যীচুত থকা সকলৰ কোনো দণ্ডাজ্ঞা নাই। কিয়নো খ্ৰীষ্ট যীচুত মোৰ জীৱনক আত্মাৰ বিধানত পাপ আৰু মৃত্যুৰ বিধানৰ পৰা মুক্ত কৰিলে।
বিধান মাংসৰ কাৰণে দূৰ্বল হোৱাত যি কৰিব নোৱাৰিলে, সেয়েহে ঈশ্বৰে নিজৰ পুত্ৰক পাপৰ অৰ্থে উৎসৰ্গিত হ’বলৈ, পাপময় মাংসৰ সাদৃশ্যেৰে পঠিয়ালে, আৰু মাংসত পাপৰ দণ্ডাজ্ঞা দিলে�� তেওঁ সেইটোৱে কৰিলে, যাতে আমাৰ জীৱনত যেন বিধানৰ বিধান সিদ্ধ কৰা হয়; সেয়েহে আমি মাংসিকৰ দৰে নহয়, কিন্তু আত্মা অনুসাৰে চলোঁ আহক��
কাৰণ আপোনালোকে যদি মাংসৰ বশত জীয়াই থাকে, তেনেহলে আপোনালোক যেনে হ’লেও মৰিব; কিন্তু আত্মাৰ দ্বাৰাই যদি শৰীৰৰ কৰ্মবোৰ বধ কৰা হয়, তেনেহলে আপোনালোক জীৱ।
কিয়নো যিমান লোক ঈশ্বৰৰ আত্মাৰ দ্বাৰা চালিত হয়, সেই সকলোৱে ঈশ্বৰৰ সন্তান।
এতেকে বিচাৰি পাইছোঁ যে, যেতিয়া উত্তম কৰ্ম কৰিবলৈ মোৰ ইচ্ছা হয়, তেতিয়া মন্দ মোৰ ওচৰত থাকে, এনে এক ধাৰণা মোৰ হৈছে।
কিয়নো মই আন্তৰিক পুৰুষৰ দৰে ঈশ্বৰৰ বিধানত সন্তুষ্ট হৈছোঁ; কিন্তু মোৰ মনৰ বিধানৰ বিৰুদ্ধে যুদ্ধ কৰা আৰু মোৰ অঙ্গ-প্ৰত্যঙ্গবোৰত থকা পাপৰ বিধানৰ অধীনত মোক বন্দী কৰা, এনে আন এক ধাৰণা মোৰ অঙ্গ-প্ৰত্যঙ্গবোৰত দেখো।
কিয়নো যেতিয়া আমি মাংসৰ বশত আছিলোঁ, তেতিয়া মৃত্যুলৈ ফল উৎপন্ন কৰিবলৈ, বিধানৰ যোগেদি হোৱা পাপৰ অভিলাষবোৰৰ বাবে আমাৰ অঙ্গ-প্ৰত্যঙ্গবোৰে নিজ নিজ কাৰ্য সাধন কৰিলে।
শৰীৰৰ পৰা যাৰ জন্ম হয়, সেয়ে শৰীৰ হয় আৰু আত্মাৰ পৰা যাৰ জন্ম হয়, সেয়ে আত্মা হয়।
আত্মাইহে জীৱন দিয়ে। মাংস একো উপকাৰত নাহে; মই তোমালোকক যিবোৰ কথা কৈছোঁ, সেই কথাই আত্মা আৰু জীৱন।
Vencer a carne
Andai no Espírito e não cumprireis os desejos da carne. Os que são de Cristo crucificaram a carne com suas paixões.
কিন্তু মই কওঁ, আপোনালোকে আত্মাৰে চলক; তাতে কোনোমতে আপোনালোকে মাংসৰ অভিলাষ পুৰ নকৰিব।
এতিয়া মাংসৰ কাৰ্যবোৰ দৃশ্যমান�� সেয়ে ব্যভিচাৰ, অশুচি কাৰ্য, লম্পট আচৰণ, মূৰ্তিপূজা, মায়াকৰ্ম্ম, নানা বিধ শত্ৰুতা, বিবাদ, ঈৰ্ষা, খং-ৰাগ, বিৰোধ বিভেদ, নানামত অসূয়া, মত্ততা, হিংসুক, মতলীয়া, মতলীয়া হৈ হাই-কাজিয়া কৰা, আৰু এইবোৰৰ নিচিনা আন আন অপৰাধ কৰ্ম; এই সকলো বিষয়ৰ ওপৰত মই যেনেকৈ পূৰ্বতে আপোনালোকক সাৱধান কৰি কৈছিলোঁ, তেনেকৈ এতিয়াও কৈছোঁ, যি সকলে এনে আচৰণ কৰে, তেওঁলোকে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব।
আৰু যি সকল খ্ৰীষ্ট যীচুৰ, তেওঁলোকে মাংসিক অভিলাষেৰে সৈতে কু-ভাৱনা আৰু আসক্তিক ক্রুচত দিলে��
হে ভাই সকল, আপোনালোক স্বাধীনতাৰ বাবেহে আমন্ত্ৰিত হ’ল�� আপোনালোকৰ এই স্বাধীনতা কেৱল মাংসৰ অভিলাষ পুৰ কৰিবৰ কাৰণে নহওক; কিন্তু প্ৰেমৰ যোগেদি এজনে আন জনৰ সেৱাকৰ্ম কৰক।
কাৰণ যি জনে নিজৰ মাংসৰ উদ্দেশ্যে ৰুৱে, তেওঁ মাংসৰ পৰা অৱক্ষয়ৰূপ শস্য দাব; কিন্তু যি জনে আত্মাৰ উদ্দেশ্যে ৰুৱে, তেওঁ আত্মাৰ পৰা অনন্ত জীৱনৰূপ শস্য দাব।
কিয়নো জগতত যিবোৰ আছে, অৰ্থাৎ মাংসৰ অভিলাষ, চকুৰ অভিলাষ, আৰু জীৱন কালৰ অহংকাৰ, এইবোৰ পিতৃ ঈশ্বৰৰ পৰা উৎপন্ন নহয়, জগতৰ পৰাহে হয়।
তেওঁতেই আপোনালোক বিনাহাতে কৰা চুন্নৎ, মাংসময় শৰীৰ বস্ত্ৰ স্বৰূপে সোলোকাই পোলোৱাৰ দ্বাৰাই আপোনালোকে খ্ৰীষ্টৰ চুন্নতেৰে চুন্নৎ হ’ল��
পৰীক্ষাত যেন নপৰা, এই কাৰণে পৰ দি প্ৰাৰ্থনা কৰা; আত্মা ইচ্ছুক, কিন্তু শৰীৰ দূৰ্বল"।
কিন্তু হে প্ৰিয় ভাই আৰু ভনী সকল আপোনালোকক কওঁ, মাংস আৰু তেজ ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী হ’ব নোৱাৰে; আৰু ক্ষয়শীল অক্ষয়তাৰ অধিকাৰী হব নোৱাৰে।