Casa de Deus
A casa de Deus é lugar de adoração, refúgio e encontro com o Sagrado. A Bíblia exalta o tabernáculo, o templo e a igreja como morada do Altíssimo entre seu povo.
A presença de Deus
Quão amáveis são os teus tabernáculos! Uma coisa pedi ao Senhor: habitar na casa do Senhor todos os dias da minha vida.
কিয়নো আন ঠাইত হাজাৰ দিন কটোৱাতকৈ তোমাৰ চোতালকেইখনত এদিন থকাই অধিক উত্তম;
দুষ্টতাৰ তম্বুত বাস কৰাতকৈ, বৰং মই ঈশ্বৰৰ গৃহৰ দুৱৰী হৈ থকাই অধিক উত্তম।
যিহোৱাৰ ওচৰত মই এটা বিষয় যাচনা কৰিছোঁ,
মই তাকেই অন্বেষণ কৰিম:
মই যেন যিহোৱাৰ সৌন্দর্য দেখা পাবলৈ,
আৰু তেওঁৰ মন্দিৰত ধ্যান কৰিবলৈ
মোৰ গোটেই জীৱন কাল যিহোৱাৰ গৃহত বাস কৰিব পাৰোঁ।
ধন্য সেই লোক, যি লোকক তুমি বাচি লৈ নিজৰ কাষলৈ আনা;
তেওঁ তোমাৰ চোতাল কেইখনত বাস কৰিব,
আমি তোমাৰ গৃহত, তোমাৰ মন্দিৰৰ পবিত্ৰ-স্থানত সন্তুষ্ট হ’ম।
মই আনন্দিত হ’লো, যেতিয়া লোকসকলে মোক ক’লে,
"ব’লা, আমি যিহোৱাৰ গৃহলৈ যাওঁ।"
অৱশ্যে মঙ্গল আৰু দয়া আয়ুসৰ সকলো কালত মোৰ পাছত যাওঁতা হ’ব,
আৰু মই চিৰকাললৈকে যিহোৱাৰ গৃহত বাস কৰিবলৈ পাম।
কিন্তু মই হ’লে, ঈশ্বৰৰ গৃহত কেঁচাপতীয়া জিত গছৰ নিচিনা;
মই সকলো সময়তে ঈশ্বৰৰ প্রেমৰ ওপৰত ভাৰসা কৰোঁ।
কিয়নো তোমাৰ গৃহৰ কাৰণে হোৱা মোৰ উৎসাহ-অগ্নিয়ে মোক গ্ৰাস কৰিলে;
আৰু তোমাক নিন্দা কৰাবিলাকৰ নিন্দা মোৰ ওপৰত পৰিল।
O templo
Minha casa será chamada casa de oração. O zelo da tua casa me consumiu. O verdadeiro templo é o corpo do cristão.
পাছত যীচু ঈশ্বৰৰ মন্দিৰত সোমাল, তাত যি সকলে মন্দিৰৰ ভিতৰত বেচা-কিনা কৰে, তেওঁলোকক বাহিৰ কৰিলে আৰু ধন সলোৱা সকলৰ মেজ আৰু কপৌ বেচাবোৰৰ আসনবোৰ লুটিয়াই পেলালে। যীচুৱে তেওঁলোকক ক’লে, "এইটো লিখা আছে, ‘মোৰ ঘৰ প্ৰাৰ্থনাৰ ঘৰ কোৱা হ’ব’, কিন্তু তোমালোকে তাক ডকাইতৰ গুহা কৰিছা।"
ইহুদী সকলৰ নিস্তাৰ-পৰ্ব পালনৰ সময় ওচৰ হোৱাত যীচু যিৰূচালেমলৈ গ’ল। তেওঁ তাত গৈ দেখিলে যে মন্দিৰৰ মাজত লোক সকলে ষাঁড়-গৰু, মেৰ, কপৌ চৰাই বেচি আছে আৰু ধন সলোৱা লোক সকলো তাত বহি আছে। তেতিয়া তেওঁ কিছুমান ৰছীৰে এডাল চাবুক বনাই ললে আৰু সেইডালেৰে ষাঁড়-গৰু, মেৰবোৰেৰে সৈতে সকলোকে মন্দিৰৰ পৰা খেদাই দিলে, আৰু ধন সলোৱা সকলৰ টকা-পইচা সকলো বাকি দি সিহঁতৰ মেজবোৰ লুটিয়াই পেলালে। যি সকলে পাৰচৰাই বেচিছিল, তেওঁলোকক ক’লে, "ইয়াৰ পৰা এইবোৰ লৈ যোৱা! মোৰ পিতৃৰ গৃহক ব্যৱসায়ৰ গৃহ নকৰিবা।"
ইয়াতে শাস্ত্রত লিখা এই কথা তেওঁৰ শিষ্য সকলৰ মনত পৰিল: "তোমাৰ গৃহৰ প্রতি মোৰ আগ্ৰহে মোক গ্ৰাস কৰিব।"
আপোনালোকৰ শৰীৰ যে ঈশ্বৰৰ মন্দিৰ আৰু ঈশ্বৰৰ পৰা পোৱা পবিত্ৰ আত্মা যে আপোনালোকৰ অন্তৰত থাকে, ইয়াক আপোনালোকে নাজানে নে কি? আপোনালোক এতিয়া নিজৰ নহয়।
কিন্তু মই যদি পলমো কৰোঁ, তথাপি তুমি সত্যতাৰ স্তম্ভ আৰু ভিক্তিমুল স্ৱৰূপ যি ঈশ্বৰৰ গৃহ, অৰ্থাৎ জীৱনময় ঈশ্ৱৰৰ মণ্ডলীত কেনে আচাৰ-ব্যৱহাৰ কৰিব লাগে, সেই বিষয়ে জানিবৰ বাবে এইবোৰ কথা তোমালৈ লিখিলোঁ; কিয়নো মণ্ডলী হৈছে সত্যৰ স্তম্ভ আৰু ভিত্তিমুল��
কিন্তু পুত্র হিচাপে খ্রীষ্ট হৈছে ঈশ্বৰৰ সেই গৃহৰ কর্তা। যদিহে আমি আমাৰ নিশ্চিত আশাৰ সম্পর্কে সাহস আৰু গর্ব দৃঢ়কৈ ধৰি ৰাখো, তেনেহলে ঈশ্বৰৰ গৃহ আমি বিশ্বাসী সকলেই হওঁ।
মৰুপ্ৰান্তত আমাৰ পূৰ্ব-পুৰুষ সকলৰ ওচৰত সাক্ষ্য-তম্বু আছিল। ঈশ্বৰে মোচিক যি দৰে আজ্ঞা দিছিল আৰু মোচিয়ে যি আর্হি দেখিছিল, সেই আর্হিতে এই তম্বু তৈয়াৰ হৈছিল। পৰৱর্তীকালত আমাৰ পূৰ্ব-পুৰুষ সকলে যিহোচুৱাৰে সৈতে সেই তম্বু কঢ়িয়াই এই ঠাইলৈ আনিছিল। সেই সময়ত আমাৰ পূৰ্ব-পুৰুষ সকলৰ সন্মুখৰ পৰা ঈশ্বৰে অন্য জাতিবোৰক খেদাই দিয়াত তেওঁলোকে প্রৱেশ কৰি এই ঠাই অধিকাৰ কৰিলে। সেই তম্বু দায়ুদৰ দিনলৈকে এই ঠাইত আছিল। দায়ুদে ঈশ্বৰৰ দৃষ্টিত অনুগ্ৰহ পাই যাকোবৰ ঈশ্বৰ থাকিবৰ কাৰণে এটি আবাস বনাবলৈ প্রার্থনা কৰিলে। কিন্তু চলোমনেহে তেওঁলৈ এটা গৃহ নির্ম্মাণ কৰিলে। কিন্তু সৰ্বোপৰিজনা হাতেৰে সজা গৃহবোৰত নাথাকে; এই বিষয়ে ভাববাদীয়ে কৈছিল,
"প্রভুৱে কৈছে,
স্বৰ্গ মোৰ সিংহাসন,
আৰু পৃথিৱী মোৰ ভৰি-পীৰা;
মোৰ কাৰণে তুমি কেনেকুৱা গৃহ নির্ম্মাণ কৰিবা?
নাইবা, মোৰ জিৰণি লোৱা ঠায়েই বা কত?
মোৰ হাতে জানো এই আটাইবোৰ স্ৰজা নাই?"
যিহোৱাই এই কথা কৈছে,
"স্বৰ্গ মোৰ সিংহাসন, আৰু পৃথিৱী মোৰ ভৰিৰ পীৰা; তোমালোকে মোৰ অৰ্থে কেনেকুৱা গৃহ নিৰ্ম্মাণ কৰিবা? মই বিশ্রাম ল’ব পৰা স্থান ক’ত?
মোৰ হাতে সকলো নিৰ্ম্মাণ কৰিলে, সেই বাবেই এই সকলো হ’ল, ইয়াক যিহোৱাই কৈছে;
দুখীয়া, ভগ্ন-চিত্তীয়া, আৰু মোৰ বাক্যত কঁপা জনলৈহে মই অনুমতি দিম।
যাকোবে টোপনিৰ পৰা সাৰ পাই ক’লে, "তেন্তে যিহোৱা নিশ্চয়কৈ এই ঠাইত আছে, অথচ মই তাক জনা নাছিলোঁ।" তেওঁ ভয়তে ক’লে, "কি ভয়ানক এই ঠাই! ই ঈশ্বৰৰ গৃহৰ বাহিৰে আন একো নহয়; ইয়েই স্বৰ্গৰ দুৱাৰ।"