Compreensão
A verdadeira compreensão vem de Deus. Os caminhos do Senhor são mais altos que os nossos. Mas Ele nos convida a buscar entendimento — e promete iluminar quem o busca de coração.
A sabedoria de Deus
Os meus pensamentos não são os vossos pensamentos. A incompreensibilidade de Deus nos leva à humildade e adoração.
"কাৰণ যি দৰে পৃথিবীতকৈ আকাশ-মণ্ডল ওখ, সেই দৰে তোমালোকৰ সকলো পথতকৈ মোৰ পথ ওখ, আৰু তোমালোকৰ চিন্তাধাৰাতকৈ মোৰ চিন্তাধাৰা।
যি কোনোৱে নিজৰ নিৰ্মাণকৰ্ত্তাৰ লগত বাদানুবাদ কৰে, তেওঁৰ সন্তাপ হ’ব! তেওঁ পৃথিবীৰ সকলো মাটিৰ খোলাকটিবোৰৰ মাজৰ এডোখৰ খোলাকটি মাথোন!
‘তুমি কি কৰিছা?’ এই বুলি জানো কুমাৰ জনক মাটিয়ে ক’ব? বা ‘তুমি কি বনাইছা- যেতিয়া তুমি এইটো কৰিছিলা তেতিয়া তোমাৰ অধিকাৰ নাছিল নেকি?’ তাৰ হাত নাই, এই বুলি জানো তোমাৰ সজা বস্তুৱে ক’ব?
তুমি জনা নাই নে? তুমি জানো শুনা নাই?
অনাদি অনন্ত ঈশ্বৰ যিহোৱাই, পৃথিৱীৰ সীমাবোৰ সৃষ্টিকৰ্ত্তা
তেওঁ ক্লান্ত নহয়, আৰু ভাগৰ নাপায়, আৰু তেওঁৰ বুদ্ধি অগম্য।
যিহোৱা মহান, আৰু অতি প্ৰশংসাৰ যোগ্য;
তেওঁৰ মহিমা অগম্য।
পৰ্ব্বতবোৰ উৎপন্ন হোৱাৰ আগেয়ে,
পৃথিৱী আৰু জগত সৃষ্টিৰ আগতে,
অনাদি কালৰ পৰা অনন্ত কাল পর্যন্ত তুমিয়েই ঈশ্বৰ।
তোমাৰ দৃষ্টিত হাজাৰ বছৰ যেন পাৰ হোৱা যোৱাকালিৰ নিচিনা;
যেন ৰাতিৰ এক প্ৰহৰ মাত্র।
ঈশ্বৰৰ জ্ঞান আৰু বুদ্ধিৰূপ ধন কেনে গভীৰ! তেওঁৰ বিচাৰবোৰ বোধৰ কেনে অগম্য! আৰু তেওঁৰ পথ অনুসন্ধান কৰা কেনে অসাধ্য!
Buscar entendimento
Clama a mim e responder-te-ei. A sabedoria é a coisa principal — busque o entendimento com todo o coração.
‘তুমি মোৰ আগত প্ৰাৰ্থনা কৰা; তাতে মই তোমাক উত্তৰ দিম, আৰু তুমি নজনা মহত আৰু অগম্য কথা তোমাক জনাম।’
প্ৰজ্ঞা হৈছে অতি গুৰুত্বপূৰ্ণ বিষয়, সেয়ে প্ৰজ্ঞা অৰ্জন কৰা;
আৰু তুমি অৰ্জন কৰা প্রজ্ঞাক সকলোতে ব্যৱহাৰ কৰা, তাতে তুমি বিবেচনা শক্তি লাভ কৰিবা।
ধৈৰ্যশীল লোকৰ বিবেচনা শক্তি অধিক;
কিন্তু বেগাই খং উঠা লোকে নিজৰ মুৰ্খতা প্রকাশ কৰে।
মানুহৰ হৃদয়ত বহুতো আঁচনি থাকে;
কিন্তু যিহোৱাৰ অভিপ্রায় থিৰে থাকিব।
সকলো মানুহৰ পথ তেওঁৰ নিজৰ দৃষ্টিত ন্যায়;
কিন্তু যিহোৱাই হৃদয় জোখে।
মই এই প্রার্থনা কৰোঁ যে, আপোনালোকক আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ ঈশ্বৰ অর্থাৎ সেই গৌৰৱময় পিতৃয়ে আত্মিক জ্ঞান দিয়ক আৰু তেওঁক বুজিবলৈ নিজৰ তত্ব-জ্ঞান প্রকাশ কৰক।
আমাৰ প্ৰভু আৰু ত্ৰাণকৰ্তা যীচু খ্ৰীষ্টৰ অনুগ্ৰহত আৰু জ্ঞানত বাঢ়ি বাঢ়ি যাওঁক। এতিয়া আৰু চিৰকাললৈকে তেওঁৰ মহিমা হওক। আমেন।
Iluminação divina
A entrada da tua Palavra dá luz e entendimento. Deus revela verdades ocultas e transforma nossa visão da realidade.
তোমাৰ বাক্য প্ৰকাশিত হ’লে দীপ্তি দিয়ে;
সৰল মনৰ লোকক বুজন শক্তি দান কৰে।
মই তোমাক বুদ্ধি দিম;
তুমি যাবলগীয়া পথ মই তোমাক শিকাম; তোমাৰ ওপৰত মই দৃষ্টি ৰাখি পৰামৰ্শ দিম।
বতাহ কোন দিশৰ পৰা বলিব, তুমি নাজানা;
তুমি নাজানা মাতৃগর্ভত এটি শিশুৰ হাড়বোৰ কেনেকৈ বৃদ্ধি হয়;
সেইদৰে যিজন সকলো বস্তুৰে সৃষ্টিকর্তা, সেই ঈশ্বৰৰ কার্যও তুমি বুজিব নোৱাৰা।
উত্তৰত যীচুৱে নীকদীমক ক’লে, "মই আপোনাক সঁচাকৈয়ে কওঁ, নতুন জন্ম নহ’লে, কোনেও ঈশ্বৰৰ ৰাজ্য দেখা পাব নোৱাৰে।"
যীচুৱে তেওঁলোকলৈ চাই ক’লে, "ই মানুহৰ পক্ষে অসম্ভৱ ঠিকেই, কিন্তু ঈশ্বৰৰ পক্ষে সকলো সম্ভৱ।"
তাতে তেওঁ বহিল, আৰু বাৰ জন পাঁচনিক মাতি ক’লে, কোনোৱে যদি প্ৰথম হ’বলৈ ইচ্ছা কৰে, তেওঁ সকলোৰে শেষ আৰু সকলোৰে পৰিচাৰক হ’ব।
এতিয়া খ্রীষ্ট যীচুত যি সকল আছে, তেওঁলোকৰ মাজত ইহুদী কি গ্ৰীক, দাস কি স্বাধীনৰ কোনো পার্থক্য নাই; পুৰুষ বা স্ত্রীৰ মাজত কোনো ভেদাভেদ নাই। কিয়নো খ্ৰীষ্ট যীচুত আপোনালোক সকলোৱেই এক। আপোনালোক যদি খ্ৰীষ্টৰ হয়, তেনেহলে আপোনালোক অব্ৰাহামৰ বংশধৰও হৈছে আৰু অব্রাহামৰ ওচৰত ঈশ্বৰে যি প্ৰতিজ্ঞা কৰিছিল, আপোনালোক তাৰ উত্তৰাধিকাৰীও হৈছে।
সকলো বিষয় বিবেচনা কৰি যি বিষয় ভাল, তাকে ধৰি ৰাখক। সকলো প্ৰকাৰৰ মন্দৰ পৰা পৃথকে থাকক।
কিয়নো আমি মাংসত থাকিলেও, মাংস অনুসাৰে যুদ্ধ নকৰোঁ;
এই কাৰণে দৃশ্য বস্তুলৈ নাচাই, অদৃশ্য বস্তুলৈ চাই থাকোঁহক�� কাৰণ দৃশ্য বস্তু অলপদিনীয়া; কিন্তু অদৃশ্য বস্তু অনন্তকলীয়া।
কিন্তু যেতিয়া পৰীক্ষিত হয়, তেতিয়া কোনোৱে যেন এই বুলি নকওঁক "ঈশ্বৰৰ দ্বাৰাই মই পৰীক্ষিত হৈছোঁ"; কিয়নো মন্দ বিষয়ত ঈশ্বৰ নিজেও অপৰীক্ষিত আৰু কোনো লোকৰ পৰীক্ষাও তেওঁ নকৰে।