Confiabilidade
A confiabilidade de Deus é absoluta. Ele é fiel em todas as suas promessas, constante em seu amor e seguro em seu caráter. Podemos confiar nele completamente.
Deus é fiel
O Senhor é fiel em todas as suas palavras e bondoso em todos os seus atos. Grande é a sua fidelidade!
আমি যে সম্পূৰ্ণ শেষ নহলোঁ, এইটোৱে যিহোৱাৰ বিশ্ৱাসযোগ্য নিয়ম; কিয়নো তেওঁৰ কৰুণাময় কাৰ্যৰ শেষ নাই!
তেওঁৰ কৰুণাময় কাৰ্য প্ৰতি প্ৰভাততে নতুন হয়; তোমাৰ বিশ্বস্ততা মহৎ!
যিসকলে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰে,
সত্যেৰে তেওঁৰ আগত প্ৰাৰ্থনা কৰে,
যিহোৱা সেই সকলো লোকৰে ওচৰ।
যিহোৱাই মোৰ পক্ষে নিজৰ উদ্দেশ্য সিদ্ধ কৰিব;
হে যিহোৱা, তোমাৰ প্রেম অনন্তকাল স্থায়ী।
তুমি তোমাৰ হাতৰ কৰ্ম ত্যাগ নকৰিবা।
কিন্তু যিহোৱাক ভয় কৰাসকলৰ ওপৰত তেওঁৰ দয়া অনাদিকালৰ পৰা অনন্তকাল পর্যন্ত থাকে,
আৰু তেওঁৰ ধাৰ্মিকতা বংশৰ পিছত বংশ বর্তি থাকে।
তেওঁলোকে যিহোৱাৰ ব্যৱস্থা মানি চলে আৰু তেওঁৰ আদেশবোৰ সোঁৱৰণ কৰি পালন কৰে।
যিসকলে যিহোৱালৈ ভয় ৰাখে,
যিসকলে তেওঁৰ অসীম দয়াৰ ওপৰত আশা ৰাখে,
যিহোৱাৰ দৃষ্টি তেওঁলোকৰ ওপৰত থাকে,
কিয়নো যিহোৱাই ন্যায় বিচাৰ ভাল পায়,
তেওঁৰ ভক্তসকলক তেওঁ পৰিত্যাগ নকৰে;
অনন্ত কাললৈকে তেওঁলোকক ৰক্ষা কৰা হ’ব;
কিন্তু দুষ্টবোৰৰ বংশক হলে ধ্বংস কৰা হ’ব।
কিন্তু, প্ৰভু বিশ্বাসী; তেৱেঁই আপোনালোকক সুস্থিৰ কৰিব আৰু দুষ্ট শক্তি চয়তানৰ হাতৰ পৰা ৰক্ষা কৰিব।
যি যি প্ৰলোভন মানুহবোৰৰ মাজলৈ আহে, সেইবোৰৰ বাহিৰে আন পৰীক্ষা আপোনালোকলৈ ঘটা নাই; কিন্তু ঈশ্বৰ বিশ্বাসী; তেওঁ আপোনালোকলৈ শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিব; কিন্তু আপোনালোকে যেন সহিব পাৰিব, তাৰ কাৰণে পৰীক্ষাৰ সৈতে সাৰিবলৈ তেওঁ উপায়ো কৰি দিব।
এতেকে আপোনালোকে জানিব যে, ঈশ্বৰ যিহোৱাই আপোনাৰ ঈশ্বৰ; তেওঁক প্ৰেম কৰা আৰু তেওঁৰ আজ্ঞা পালন কৰাসকলৰ পক্ষে তেওঁ হাজাৰ হাজাৰ পুৰুষলৈকে দয়া আৰু নিয়মটি ৰক্ষা কৰোঁতা বিশ্বস্ত ঈশ্বৰ;
যিহোৱা নিজেই তোমাৰ আগে আগে যাব আৰু তোমাৰ সঙ্গে সঙ্গে থাকিব; তেওঁ তোমাক কেতিয়াও নেৰিব বা ত্যাগ নকৰিব; তুমি ভয় নকৰিবা আৰু নিৰুৎসাহ নহ’বা।"
Caráter de Deus
Toda boa dádiva vem do alto. O Senhor é bom e sua misericórdia dura para sempre. Nele podemos descansar.
সকলো উত্তম দান আৰু সকলো সিদ্ধ বৰ ওপৰৰ পৰাহে আহে, আৰু আকাশৰ জ্যোতিবোৰ সেই পিতৃৰ পৰাই তললৈ নামি আহে�� ছাঁ যি দৰে সলনি হয়, তেনেদৰে তেওঁৰ কোনো পৰিৱৰ্তন নহয়��
যিহোৱাৰ ধন্যবাদ কৰা, কাৰণ তেওঁ মঙ্গলময়,
কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে।
হে প্ৰভু, তুমি মঙ্গলময় আৰু ক্ষমাদানকাৰী;
তোমাৰ আগত প্ৰাৰ্থনা কৰা সকলৰ প্রতি তুমি দয়াৰে পৰিপূর্ণ।
কিয়নো তেওঁ পিপাসিত প্ৰাণক তৃপ্ত কৰে;
আৰু ক্ষুধাতুৰ প্ৰাণক উত্তম দ্ৰব্যেৰে পূৰ কৰে।
কিন্তু মই হলে তোমাৰ পৰাক্ৰমৰ গীত গাম;
এনে কি, ৰাতিপুৱাতে উচ্চ স্বৰেৰে তোমাৰ দয়াৰ গীত গান কৰিম;
কিয়নো তুমি মোৰ উচ্চ দুৰ্গ, সঙ্কটৰ কালত তুমি মোৰ আশ্ৰয় স্থান।
যিহোৱাত তোমাৰ সকলো চিন্তাৰ ভাৰ সমৰ্পণ কৰা, তেওঁ তোমাক প্ৰতিপালন কৰিব;
তেওঁ ধাৰ্মিক লোকক কেতিয়াও পৰিবলৈ নিদিয়ে।
তেওঁ তোমাৰ ভৰি লৰচৰ হ’বলৈ নিদিব;
তোমাৰ ৰখীয়াজনা টোপনি নাযাব।
Integridade e confiança
Eu sou o Alfa e o Ômega — Deus é o mesmo ontem, hoje e sempre. Fiel em o que realizou e realizará por cada filho.
প্ৰভু পৰমেশ্বৰে কৈছে - "মই আলফা আৰু ওমেগা", "যি জন আছে, যি জন আছিল আৰু যি জন আহিব, সেই সৰ্বশক্তিমান��"
হে যিহোৱা, তুমি চিৰকাললৈকে আছা,
তোমাৰ সিংহাসন পুৰুষানুক্ৰমে আছে।
হে যিহোৱা আপুনি মোৰ ঈশ্বৰ; মই আপোনাক মহিমাম্বিত কৰিম, মই আপোনাৰ নাম প্ৰশংসা কৰিম;
কাৰণ আপুনি আচৰিত কৰ্ম কৰিলে, বহু আগৰ কল্পনাবোৰ বিশ্বস্ততাৰে আৰু সত্যতাৰে সিদ্ধ কৰিলে।
আনুগত্য মানুহৰ ইচ্ছাৰে হয়,
আৰু মিছলীয়াতকৈ দৰিদ্ৰ লোক ভাল।
পৰচৰ্চ্চা কৰা লোকে গুপুত কথা প্ৰকাশ কৰে;
কিন্তু বিশ্বাসী লোকে বিষয়বোৰ গুপুতে ৰাখে।
সাধুলোকৰ সততা তেওঁলোকৰ পথদৰ্শক;
কিন্তু বিশ্বাস-ঘাতকসকলৰ কুটিলতাই তেওঁলোকক বিনষ্ট কৰে।
প্ৰভুৱে তেওঁক ক’লে, ‘চাবাইচ উত্তম বিশ্বাসী দাস! অলপ বিষয়তে তুমি বিশ্বাসী আছিলা, তোমাক বহু বিষয়ত গৰাকী পাতিম�� তুমি তোমাৰ প্ৰভুৰ আনন্দৰ ভাগী হোৱা��’
এতিয়ালৈকে মোৰ নামেৰে তোমালোকে একো খোজা নাই; খোজা, তেতিয়াহে পাবা, তেতিয়া তোমালোকৰ আনন্দ পৰিপূর্ণ হব।