Confiança
A confiança em Deus é âncora da alma em tempos de tempestade. Quem confia no Senhor não será abalado — porque o Deus fiel sustenta, protege e guia os que nele esperam.
Confiança inabalável
Tudo posso naquele que me fortalece. O meu Deus suprirá toda necessidade. Quem confia não será confundido.
মই খ্ৰীষ্টৰ দ্ৱাৰাই সকলো কাম সিদ্ধ কৰিব পাৰোঁ, কিয়নো তেওঁ মোক বলৱান কৰে।
আৰু মোৰ ঈশ্বৰে আপোনালোকৰ সকলো অভাৱ, প্ৰতাপেৰে নিজ ধন অনুসাৰে খ্ৰীষ্ট যীচুত পূৰ্ণ কৰিব।
যি জনে আপোনালোকত সৎকৰ্ম আৰম্ভ কৰিলে, সেই জনে যীচু খ্ৰীষ্টৰ আগমণৰ দিনলৈকে সিদ্ধ কৰি থাকিব বুলি দৃঢ় প্ৰত্যয় কৰিলোঁ��
তেতিয়াহলে এইবোৰ কথাত আমি কি ক’ম? যদি ঈশ্বৰ আমাৰ সপক্ষ হয়, তেনেহলে আমাৰ বিপক্ষ কোন হ’ব পাৰে?
ওপৰ বা তল বা আন কোনো সৃষ্ট বস্তুৱেই আমাক প্ৰভু খ্ৰীষ্ট যীচুত থকা ঈশ্বৰৰ প্ৰেমৰ পৰা বিচ্ছিন্ন কৰিব নোৱাৰে।
যি মানুহ সৰ্ব্বোপৰি জনাৰ আশ্রয়ত থাকে,
যি মানুহ সৰ্ব্বশক্তিমানৰ ছাঁত বসতি কৰে
তেওঁ যিহোৱাৰ বিষয়ে এই কথা ক’ব, "তেৱেঁই মোৰ আশ্ৰয় আৰু মোৰ দুর্গ;
তেৱেঁই মোৰ ঈশ্বৰ, যি জনাৰ ওপৰত মই ভাৰসা কৰোঁ।"
ঈশ্বৰ মোৰ পৰিত্ৰাণ আৰু মোৰ গৌৰৱ;
মোৰ শক্তি, মোৰ দৃঢ় শিলা আৰু আশ্ৰয় ঈশ্বৰতহে আছে।
যেতিয়াই মোৰ ভয় লাগে;
তেতিয়াই মই তোমাত ভাৰসা কৰিম।
মই ঈশ্বৰত নিৰ্ভৰ কৰি তেওঁৰ বাক্যৰ প্ৰশংসা কৰিম;
মই ঈশ্বৰত ভাৰসা কৰিলোঁ, ভয় নকৰোঁ;
মাংসই মোক কি কৰিব পাৰে?
Fundamento de confiança
Deus não é homem para que minta. Todas as suas promessas são firmes. Confiar em Deus é segurança absoluta.
ঈশ্বৰ মনুষ্য নহয়, যে তেওঁ মিছা কথা ক’ব,
তেওঁ মানুহৰ সন্তানো নহয়, যে তেওঁ মন ঘূৰাব।
তেওঁ কৈ জানো সিদ্ধ নকৰিব?
তেওঁ বাক্য কৈ জানো সাম্ফল নকৰিব?
আপোনালোকৰ আচাৰ-ব্যৱহাৰ নিৰ্ল্লোভী হওক, অৰ্থাৎ ধন সম্পত্তিক প্ৰেম কৰা নহওক; আপোনালোকৰ যি আছে, তাতে আপোনালোক সন্তুষ্ট হৈ থাকক; কিয়নো তেৱেঁ কৈছে,
মই তোমাক কেতিয়াও
নেৰিম, কেতিয়াও
ত্যাগ নকৰিম।
এতেকে আমি সাহসেৰে ক’ব পাৰোঁ যে,
প্ৰভু মোৰ সহায়কৰ্তা;
মই ভয় নকৰিম;
মানুহে মোক কি
কৰিব?
মোৰ যি যি কথা শুনিলা তাক নিৰাময় বাক্যৰ আর্হি হিচাপে লৈ খ্ৰীষ্ট যীচুৰ সম্বন্ধীয় বিশ্বাস আৰু প্ৰেমত ধাৰণ কৰা।
এতেকে হে মোৰ পুত্ৰ, খ্ৰীষ্ট যীচুত থকা যি অনুগ্ৰহ, তাৰ দ্ৱাৰাই তুমি বলৱান হোৱা।
তুমি সমস্ত মনেৰে সৈতে যিহোৱাক বিশ্বাস কৰা;
আৰু তোমাৰ নিজৰ বিবেচনাত তুমি নিৰ্ভৰ নকৰিবা।
তোমাৰ সকলো পথত তেওঁক স্বীকাৰ কৰিবা,
আৰু তেওঁ তোমাৰ পথবোৰ পোন কৰিব।
তুমি সমস্ত মনেৰে সৈতে যিহোৱাক বিশ্বাস কৰা;
আৰু তোমাৰ নিজৰ বিবেচনাত তুমি নিৰ্ভৰ নকৰিবা।
তোমাৰ সকলো পথত তেওঁক স্বীকাৰ কৰিবা,
আৰু তেওঁ তোমাৰ পথবোৰ পোন কৰিব।
তোমাৰ কাৰ্যৰ ভাৰ যিহোৱাত সমৰ্পণ কৰা;
তাতে তোমাৰ অভিপ্ৰায় সিদ্ধ হ’ব।
যিসকলে শিক্ষা লাভ কৰি অনুশীলন কৰে, তেওঁলোকে মঙ্গল বিচাৰি পায়;
আৰু যি সকলে যিহোৱাত নির্ভৰ কৰে, তেওঁলোক সুখী হয়।
মানুহৰ ভয়েই তেওঁলৈ বিপদ আনে;
কিন্তু যিজনে যিহোৱাত ভাৰসা কৰে, সেই জন নিৰাপদে থাকে।
Confiar em todas as coisas
Não pertenço ao mundo — minha cidadania é do céu. A confiança cristã repousa na fidelidade de Deus, não nas circunstâncias.
ওপৰৰ বিষয়বোৰ ভাবক, কিন্তু পৃথিৱীত যি আছে সেই বিষয়ে নাভাবিব;
তেতিয়া যীচুৱে তেওঁক ক’লে, "যদি পাৰে বুলি ক’লা যে! বিশ্বাস কৰা জনৰ বাবে সকলো সম্ভৱ।"
যীচুৱে উত্তৰ দি ক’লে, "যিবোৰ কথা মানুহৰ দেখাত অসাধ্য, সেইবোৰ কর্ম ঈশ্বৰৰ দৃষ্টিত সাধ্য।"
আকাশৰ চৰাইবোৰলৈ চোৱা; সেইবোৰে নবয়, নাদায়, আৰু ভঁৰালত নচপায়; তথাপি তোমালোকৰ স্বৰ্গীয় পিতৃয়ে সেইবোৰকো আহাৰ দিয়ে। তোমালোক সেইবোৰতকৈ অধিক মূল্যৱান নোহোৱা নে?
এই কাৰণে মই তোমালোকক এইবোৰ কথা ক’লোঁ, যাতে তোমালোকে মোৰ শান্তি পোৱা�� জগতত তোমালোকে কষ্ট পাবা; কিন্তু নিৰ্ভয় হোৱা; মই জগতৰ ওপৰত জয় কৰিলোঁ।"
যি পুৰুষে যিহোৱাত নির্ভৰ কৰে, আৰু যি জনাৰ বিশ্বাস-ভুমি যিহোৱা, সেই পুৰুষ ধন্য।
কিয়নো তেওঁ জলৰ দাঁতিত ৰোৱা, আৰু নদীৰ পাৰত বহু শিপা মেলা গছৰ নিচিনা হ’ব।
খৰ মাৰিলে সি ভয় নকৰিব, কিন্তু তাৰ পাত কেঁচাই থাকিব।
আৰু তেতিয়া অনা বৃষ্টিৰ বছৰতো তাৰ চিন্তা নহ’ব, আৰু গুটি নলগাকৈ নাথাকিব।
তুমি যেতিয়া পানীৰ মাজেদি পাৰ হ’লে, মই তোমাৰ লগত থাকিম, আৰু নদীবোৰৰ মাজেদি গ’লে সেইবোৰে তোমাক প্লাবিত নকৰিব;
যেতিয়া তুমি জুইৰ মাজেদি খোজ কাঢ়িবা তুমি দগ্ধ নহ’বা, নাইবা তাৰ শিখাই তোমাক অনিষ্ট নকৰিব।
এই বিষয়ত আমাৰ দৃঢ় আস্থা আছে যে, আমি যদি তেওঁৰ ইচ্ছা অনুসাৰে তেওঁৰ ওচৰত যি কোনো বিষয় বিচাৰো, তেনেহলে তেওঁ আমাৰ যাচনা শুনে;
এই বিষয়ত আমাৰ দৃঢ় আস্থা আছে যে, আমি যদি তেওঁৰ ইচ্ছা অনুসাৰে তেওঁৰ ওচৰত যি কোনো বিষয় বিচাৰো, তেনেহলে তেওঁ আমাৰ যাচনা শুনে;
আমালৈ ঈশ্বৰৰ প্ৰেম আছে, এই কথা আমি জানোঁ আৰু বিশ্বাসো কৰোঁ। ঈশ্বৰ প্ৰেম আৰু যি জন প্ৰেমত থাকে, তেওঁ ঈশ্বৰত থাকে আৰু ঈশ্বৰো তেওঁত থাকে।
হে প্ৰিয়সকল, অাপোনালোকে সকলো আত্মাত বিশ্বাস নকৰিব; কিন্তু সেই আত্মা ঈশ্বৰৰ হয় নে নহয়, সেই বিষয়ে জানিবৰ বাবে আত্মাবোৰ পৰীক্ষা কৰি চাব; কাৰণ জগতত বহুত ভুৱা ভাববাদী ওলাল।
Esperar com confiança
O Senhor está perto de todos os que o invocam. Na espera confiante encontramos descanso e direção divina.
যিসকলে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰে,
সত্যেৰে তেওঁৰ আগত প্ৰাৰ্থনা কৰে,
যিহোৱা সেই সকলো লোকৰে ওচৰ।
ৰাতিপুৱাতে মোক তোমাৰ সুস্থিৰ প্রেমৰ বচন শুনুউৱা,
কাৰণ মই তোমাৰ ওপৰতে ভাৰসা কৰিছোঁ;
তুমি মোক মই চলিবলগীয়া পথ শিকোঁৱা,
কিয়নো মই মোৰ প্রাণ তোমালৈ তুলি ধৰিছোঁ।
তেওঁ তোমাৰ ভৰি লৰচৰ হ’বলৈ নিদিব;
তোমাৰ ৰখীয়াজনা টোপনি নাযাব।
যিহোৱাত ভাৰসা ৰাখা আৰু সুকৰ্ম কৰা;
দেশত বাস কৰা আৰু নিৰাপদে থাকা।
অহ! তোমাৰ মঙ্গল কিমান যে মহান!
যি মঙ্গল তুমি তোমাক ভয় কৰোঁতা লোকসকলৰ বাবে সঞ্চয় কৰি থৈছা;
তোমাত আশ্ৰয় লোৱা সকলোৰে সন্মুখতে তুমি সেই মঙ্গল সিদ্ধ কৰি থাকা।
তোমাৰ বাহিৰে স্বৰ্গত মোৰ কোন আছে?
তোমাৰ বাহিৰে পৃথিৱীত মোৰ এনে কোনো আশ্রয় নাই।
এই কাৰণে সহনশীলতাক সিদ্ধ কাৰ্য-বিশিষ্ট কৰা হওক, যাতে আপোনালোকে একোতে অসম্পূৰ্ণ নহৈ সিদ্ধ আৰু সম্পূৰ্ণ হয়��
কিন্তু বিশ্বাসেৰে নিঃসংশয় হৈ যাচনা কৰক; কিয়নো যি জনে সংশয় কৰে, তেওঁ বতাহে বলোৱা আৰু ওপৰলৈ উধুৱা সাগৰৰ ঢৌৰ নিচিনা হয়।
(কিয়নো আমি দেখাৰ দ্বাৰাই চলা নাই, বিশ্বাসৰ দ্বাৰাইহে চলিছোঁ;)