Confiar no Senhor
Confiar no Senhor é a base de toda vida espiritual. A confiança em Deus nos livra do medo, nos dá paz e nos posiciona para receber as promessas divinas.
Confiar de todo coração
Confia no Senhor de todo o coração. Não te apoies em teu próprio entendimento — em todos os caminhos o reconheça.
তুমি সমস্ত মনেৰে সৈতে যিহোৱাক বিশ্বাস কৰা;
আৰু তোমাৰ নিজৰ বিবেচনাত তুমি নিৰ্ভৰ নকৰিবা।
তোমাৰ সকলো পথত তেওঁক স্বীকাৰ কৰিবা,
আৰু তেওঁ তোমাৰ পথবোৰ পোন কৰিব।
যি মানুহ সৰ্ব্বোপৰি জনাৰ আশ্রয়ত থাকে,
যি মানুহ সৰ্ব্বশক্তিমানৰ ছাঁত বসতি কৰে
তেওঁ যিহোৱাৰ বিষয়ে এই কথা ক’ব, "তেৱেঁই মোৰ আশ্ৰয় আৰু মোৰ দুর্গ;
তেৱেঁই মোৰ ঈশ্বৰ, যি জনাৰ ওপৰত মই ভাৰসা কৰোঁ।"
তেওঁ তোমাক ব্যাধৰ ফান্দৰ পৰা
আৰু সর্বনাশী মহামাৰীৰ পৰা ৰক্ষা কৰিব।
তেওঁ নিজৰ ডেউকাৰে তোমাক আবৰি ৰাখিব,
তেওঁৰ ডেউকাৰ তলত তুমি আশ্রয় পাবা;
ঈশ্বৰৰ বিশ্বাসযোগ্যতা তোমাৰ ঢাল আৰু সুৰক্ষা হ’ব।
যাত্ৰাৰ সঙ্গীত।
যিসকলে যিহোৱাৰ ওপৰত ভাৰসা ৰাখে,
তেওঁলোক চিয়োন পর্বতৰ নিচিনাকৈ অলৰ আৰু চিৰকাল স্থায়ী।
যিৰূচালেমক পর্বতবোৰে যেনেকৈ চাৰিওফালে আবৰি ৰাখিছে,
তেনেকৈ যিহোৱাই নিজৰ লোকসকলক আবৰি ৰাখে;
এতিয়াৰে পৰা অনন্তকাল পর্যন্ত ৰাখিব।
দুঃসংবাদ শুনিলেও তেওঁলোকে ভয় নকৰিব;
তেওঁলোকৰ হৃদয় দৃঢ় হৈ থাকে;
তেওঁলোকে যিহোৱাত ভাৰসা ৰাখে।
যিহোৱাত ভাৰসা ৰাখা আৰু সুকৰ্ম কৰা;
দেশত বাস কৰা আৰু নিৰাপদে থাকা।
যিহোৱাত আনন্দ কৰা;
তাতে তেওঁ তোমাৰ মনৰ বাঞ্ছা পূর্ণ কৰিব।
তোমাৰ পথ যিহোৱাত সমৰ্পণ কৰা;
তেওঁত ভাৰসা ৰাখা; তাতে তেৱেঁই সকলো কৰিব।
তেৱেঁই তোমাৰ সততা দীপ্তিৰ দৰে উজ্জ্বল কৰি তুলিব;
তোমাৰ ন্যায় কাৰ্য দুপৰীয়াৰ ৰ’দৰ নিচিনাকৈ প্ৰকাশ কৰিব।
যিসকলে তোমাক জানে,
তেওঁলোকে যেন তোমাত ভাৰসা ৰাখে,
কিয়নো হে যিহোৱা, যিসকলে তোমাক বিচাৰে,
তেওঁলোকক তুমি পৰিত্যাগ নকৰা।
Segurança em Deus
Bem-aventurado o homem que confia no Senhor. Ele é como árvore plantada junto às águas — não temerá quando vier o calor.
যি পুৰুষে যিহোৱাত নির্ভৰ কৰে, আৰু যি জনাৰ বিশ্বাস-ভুমি যিহোৱা, সেই পুৰুষ ধন্য।
কিয়নো তেওঁ জলৰ দাঁতিত ৰোৱা, আৰু নদীৰ পাৰত বহু শিপা মেলা গছৰ নিচিনা হ’ব।
খৰ মাৰিলে সি ভয় নকৰিব, কিন্তু তাৰ পাত কেঁচাই থাকিব।
আৰু তেতিয়া অনা বৃষ্টিৰ বছৰতো তাৰ চিন্তা নহ’ব, আৰু গুটি নলগাকৈ নাথাকিব।
তোমালোকে চিৰকাললৈকে যিহোৱাত ভাৰসা কৰা; কিয়নো যিহোৱা চিৰস্থায়ী শিলা।
চোৱা, ঈশ্বৰ মোৰ পৰিত্ৰাণকৰ্ত্তা, মই তেওঁত ভাৰসা কৰিম, আৰু ভয় নকৰিম;
কাৰণ যিহোৱা, হয়, যিহোৱাই মোৰ শক্তি আৰু মোৰ গান, তেওঁ মোৰ পৰিত্ৰাণকৰ্ত্তা হ’ল।"
হে বাহিনীসকলৰ যিহোৱা, তোমাৰ ওপৰত নির্ভৰ কৰা লোক ধন্য।
অনেকে তেওঁলোকৰ ৰথত,
অনেকে তেওঁৰ ঘোঁৰাত অহংকাৰ কৰে;
কিন্তু আমি হলে অহংকাৰ কৰোঁ আমাৰ ঈশ্বৰ যিহোৱাৰ নামত।
তেওঁলোক পৰিব আৰু পতন হ’ব।
কিন্তু আমি হলে মূৰ দাঙি থিয় হৈ থাকিম।
মানুহৰ ওপৰত ভাৰসা ৰখাতকৈ যিহোৱাত আশ্ৰয় লোৱাই ভাল।
অধিপতিসকলৰ ওপৰত ভাৰসা ৰখাতকৈ, যিহোৱাত আশ্ৰয় লোৱাই ভাল।
Não confiar no homem
Não temas — em ti confiarei. Melhor é confiar no Senhor do que confiar no homem ou nos príncipes.
মই ঈশ্বৰত নিৰ্ভৰ কৰি তেওঁৰ বাক্যৰ প্ৰশংসা কৰিম;
মই যিহোৱাত নিৰ্ভৰ কৰি তেওঁৰ বাক্যৰ প্ৰশংসা কৰিম।
মই ঈশ্বৰত ভাৰসা কৰিলোঁ, ভয় নকৰোঁ;
মানুহে মোক কি কৰিব পাৰে?
কিন্তু মই তোমাৰ দৃঢ় প্রেমত ভাৰসা কৰিছোঁ;
তুমি মোক পৰিত্রাণ কৰিবা আৰু মোৰ মন আনন্দিত হ’ব।
কিন্তু, হে যিহোৱা, মই তোমাতেই ভাৰসা কৰিছোঁ;
মই কওঁ, "তুমিয়েই মোৰ ঈশ্বৰ।"
ধন্য সেই লোক, যি লোকে যিহোৱাৰ ওপৰত ভাৰসা কৰে;
যিজনে অহংকাৰীবোৰৰ ফালে নুঘূৰে,
নাইবা মিছা দেৱতাবোৰৰ পাছত চলি অপথে যোৱাসকলৰ দিশে নুঘূৰে।
"তোমালোকৰ হৃদয় ব্যাকুল নহওক�� ঈশ্বৰত বিশ্বাস কৰা আৰু মোকো বিশ্বাস কৰা।