Conversão
A conversão é o ato de se voltar para Deus — arrependendo-se do pecado e abraçando a graça. É o início de uma vida nova, transformada pelo amor de Cristo.
Arrependei-vos
Arrependei-vos e convertei-vos para que os vossos pecados sejam apagados. A conversão começa com a mudança de mente e coração.
এই কাৰণে মন-পালটাই ঘূৰি আহক যাতে, আপোনালোকৰ পাপ-মোচন হয় আৰু প্রভুৰ সন্মুখৰ পৰা শান্তিযুক্ত কাল যেন আহে;
তেতিয়া পিতৰে তেওঁলোকক কলে, "আপোনালোকে পাপ ক্ষমা পাবলৈ অনুতপ্ত হওক আৰু যীচু খ্ৰীষ্টৰ নামেৰে প্ৰতিজনে বাপ্তিস্ম গ্ৰহণ কৰক, তেনে কৰিলেহে আপোনালোকে পবিত্ৰ আত্মা পাব��
এই কাৰণতে, মানুহৰ অজ্ঞানতাৰ এনে কালছোৱাক ঈশ্বৰে ক্ষমাৰ চকুৰে চাইছে কিন্তু এতিয়া তেওঁ সকলো ঠাইতে আটাই মানুহক মন-পালটন কৰিবলৈ আজ্ঞা দিছে।
সেই সময়ৰে পৰা যীচুৱে এই বুলি প্রচাৰ কৰিবলৈ ধৰিলে, "তোমালোকে মন-পালটন কৰা; কিয়নো স্বৰ্গৰাজ্য ওচৰ আহি পালে।"
মন-পালটনৰ উপযুক্ত ফল ধৰি ফলৱান হওক।
যীচুৱে প্ৰচাৰ কৰিলে আৰু ক’লে, "কাল সম্পূৰ্ণ হ’ল, আৰু ঈশ্বৰৰ ৰাজ্য ওচৰ হ’ল�� তোমালোকে মন-পালটন কৰা আৰু শুভবাৰ্তাত বিশ্বাস কৰা"।
O amor de Deus converte
Céu se alegra por um pecador que se arrepende. Deus não deseja a morte do ímpio, mas que se converta e viva.
মই আপোনালোকক কওঁ, সেইদৰে মন-পালটন নকৰা নিৰানব্বই জন ধাৰ্মিক লোকৰ অর্থে যিমান আনন্দ, মন পালটোৱা এজন পাপীৰ অর্থে, স্বৰ্গত তাতকৈ অধিক আনন্দ হব।
সেইদৰে মই আপোনালোকক কওঁ, মন পালটোৱা এজন পাপীৰ অর্থে, ঈশ্বৰৰ দূতবোৰৰ সাক্ষাতে আনন্দ হয়।"
মই ধাৰ্মিক জনক নহয়; কিন্তু মন-পালটন কৰিবলৈ পাপীকহে নিমন্ত্ৰণ কৰিবলৈ আহিছোঁ।"
কিয়নো যি জন লোকৰ মৃত্যু হয়, তেওঁৰ মৃত্যুত মই সন্তোষ নকৰোঁ" - এই কথা প্ৰভু যিহোৱাই ঘোষণা কৰিছে। "এই হেতুকে তোমালোক মনপালটন কৰি জীয়াই থাকা!"
কিন্তু যদি দুষ্টজনে নিজে কৰা আটাই পাপৰ পৰা ঘূৰি মোৰ সকলো বিধি পালন কৰে আৰু উচিত আৰু ন্যায় সকলো কাৰ্যবোৰ কৰে, তেন্তে তেওঁ নমৰি অৱশ্যে জীয়াই থাকিব,।
যিহোৱাৰ বাক্য আকৌ মোৰ ওচৰলৈ আহিল আৰু ক’লে, "ইস্ৰায়েল দেশৰ যোজনা যে তোমালোকে দিয়া, তাৰ অৰ্থ কি? আৰু এইবুলি কোৱা,
‘বাপেকহঁতে টেঙা দ্ৰাক্ষাগুটি খাই কিন্তু তেওঁলোকৰ পুত্রসকলৰ দাঁত টেঙায়?’
মোৰ জীৱনৰ শপত"- প্ৰভু যিহোৱাই এই কথা কৈছে, "ইস্ৰায়েলত এই যোজনা দিবলৈ তোমালোকে আৰু কেতিয়াও সুযোগ নাপাবা। চোৱা! আটাই প্ৰাণ মোৰেই; যেনেকৈ বাপেকৰ প্ৰাণ মোৰ, তেনেকৈ পুতেকৰ প্ৰাণো মোৰ; যি প্ৰাণীয়ে পাপ কৰে সেই প্ৰাণীহে মৰিব!
কোনো মানুহ যদি ধাৰ্মিক হয় আৰু যি উচিত আৰু ন্যায় তাকহে সম্পন্ন কৰে, আৰু যদি পৰ্ব্বতবোৰৰ পবিত্র স্থান বোৰত ভোজন নকৰে বা ইস্ৰায়েল বংশৰ প্রতিমাবোৰলৈ চকু নোতোলে- বা নিজ ওচৰ চুবুৰীয়াৰ স্ত্রীক অশুচি কৰা নাই বা কোনো স্ত্রীৰ অশুচি হোৱা সময়ত তাইৰ ওচৰলৈ যোৱা নাই -
আৰু কাকো অন্যায় কৰা নাই কিন্তু তাৰ সলনি তেওঁৰ ধৰুৱাক তেওঁৰ বন্ধক ঘূৰোৱাই দিছে - কাৰো বস্তু বলেৰে কাঢ়ি লোৱা নাই, কিন্তু তাৰ সলনি ক্ষুধাতুৰক নিজৰ আহাৰ দিয়ে আৰু নাঙঠাক কাপোৰেৰে ঢাকে;
তেওঁ যদি সুতলৈ ধাৰ নিদিয়ে বা তাক বঢ়াই নিদিয়ে - বা অন্যায়ৰ পৰা নিজ হাত কোঁচায়, মানুহৰ মাজত সত্য বিচাৰ কৰি, মোৰ বিধি বোৰত চ’লে, আৰু যথাৰ্থ কাৰ্য কৰি মোৰ শাসন-প্ৰণালীবোৰ পালন কৰে, তেন্তে তেওঁহে ধাৰ্মিক; তেওঁহে অৱশ্যে জীব!" এয়ে প্ৰভু যিহোৱাৰ ঘোষণা।
কিন্তু যদি তেওঁৰ এজন উগ্র পুতেক আছে আৰু সি যদি ৰক্তপাত কৰা আদি তেনে কোনো কাৰ্যবোৰ কৰে - আৰু যদিও তেওঁৰ পিতৃয়ে সেইবোৰৰ কোনো কৰ্ত্তব্যৰ কৰ্ম নকৰে - কিন্তু যদি তেওঁৰ পুতেকে পৰ্ব্বতবোৰৰ পবিত্র স্থানবোৰত ভোজন কৰে আৰু নিজ ওচৰ-চুবুৰীয়াৰ স্ত্রীক অশুচি কৰে -
সি যদি দুখী-দৰিদ্ৰক অন্যায় কৰে, বা যদি বলেৰে কাঢ়ি লয় বা বন্ধক ঘূৰোৱাই নিদিয়ে, প্রতিমাবোৰলৈ চকু তোলে বা ঘিণলগীয়া কাৰ্য কৰে; সি যদি সুতলৈ ধাৰ দিয়ে বা অনুচিত লাভ লয়, তেনেহ’লে সি জীয়াই থাকিব নে? সি জীয়াই নাথাকিব! সি এই আটাইবোৰ ঘিণলগীয়া কাৰ্য কৰিলে; তাৰ অৱশ্যে মৃত্যু হ’ব আৰু তাৰ ৰক্তপাতৰ দোষ তাৰ ওপৰত থাকিব।
কিন্তু চোৱা! যদি তাৰ এজন পুত্র জন্মে, তেওঁৰ পিতৃয়ে কৰা সকলো পাপ দেখিছে আৰু সি ঈশ্ৱৰলৈ ভয় ৰাখি তেনে কাৰ্যবোৰ নকৰে - সি পৰ্ব্বতবোৰৰ পবিত্র স্থানবোৰৰ ওপৰত ভোজন নকৰে বা ইস্ৰায়েল বংশৰ প্রতিমা বোৰলৈ চকু নোতোলে আৰু যদি সি চুবুৰীয়াৰ স্ত্রীক অশুচি নকৰে;
বা কাকো অন্যায় নকৰে, বন্ধকৰ কাৰণে একো নলয়, বা বলেৰে বস্তু কাঢ়ি নলয়, কিন্তু ক্ষুধাতুৰক নিজৰ আহাৰ দিয়ে আৰু নাঙঠাক কাপোৰেৰে ঢাকে - সি যদি দুখীয়াক উপদ্ৰৱ কৰাৰ পৰা নিজৰ হাত কোঁচায়, সুত বা অনুচিত লাভ নলয়; মোৰ শাসন-প্ৰণালীবোৰ পালন কৰে আৰু মোৰ বিধিবোৰত চ’লে, তেন্তে সেই পুত্রই নিজৰ পিতৃৰ পাপবোৰৰ কাৰণে নমৰিব। তেওঁ অৱশ্যে জীয়াই থাকিব!
তেওঁৰ পিতৃৰ বিষয়ে হ’লে, তেওঁ অত্যন্ত অত্যাচাৰ কৰাত, বলেৰে নিজ ভাইৰ বস্তু কাঢ়ি লোৱাত আৰু নিজ লোকসকলৰ মাজত, যি ভাল নহয়, সেইবোৰ কৰাৰ বাবে - চোৱা, তেওঁ নিজ অপৰাধৰ বাবে মৰিব।
তথাপি তোমালোকে কোৱা, "পুত্রই কিয় পিতৃৰ অপৰাধৰ ভাৰ নবয়?" কিয়নো সেই পুত্রই উচিত আৰু ন্যায় কাৰ্য কৰে আৰু মোৰ সকলো বিধি পালন কৰে। সি সেই সকলোবোৰৰ মতে কৰ্ম কৰে। তেতিয়া তেওঁ নিশ্চয়ে জীয়াই থাকিব! যিজনে পাপ কৰে, তেওঁ মৰিব। পুত্রই পিতৃৰ অপৰাধৰৰ ভাৰ নবব আৰু ধাৰ্মিকৰ ধাৰ্মিকতা ধাৰ্মিকৰ গাত আৰু দুষ্টৰ দুষ্টতা দুষ্টৰ গাত থাকিব।
কিন্তু যদি দুষ্টজনে নিজে কৰা আটাই পাপৰ পৰা ঘূৰি মোৰ সকলো বিধি পালন কৰে আৰু উচিত আৰু ন্যায় সকলো কাৰ্যবোৰ কৰে, তেন্তে তেওঁ নমৰি অৱশ্যে জীয়াই থাকিব,। তেওঁ কৰা অপৰাধবোৰৰ কোনো অপৰাধকে তেওঁৰ অহিতে সোঁৱৰণ কৰা নহ’ব। তেওঁ নিজ ধাৰ্মিকতাৰ বাবেহে জীয়াই থাকিব।
প্ৰভু যিহোৱাই ঘোষণা কৰিছে - "দুষ্টজনৰ মৃত্যুত জানো মই অতিকৈ সন্তোষ পাওঁ" - যিহেতু তেওঁলোকে নিজ কু-পথৰ পৰা ঘূৰি আহি জীয়াই থাকিব পাৰিলেহেঁতেন?
কিন্তু যদি ধাৰ্মিকজনে তেওঁৰ ধাৰ্মিকতাৰ পৰা ঘূৰি অপৰাধ কৰে আৰু দুষ্ট লোকসকলে কৰা আটাই ঘিণলগীয়া কাৰ্যৰ দৰে কাৰ্য কৰে, তেন্তে তেওঁ জীয়াই থাকিব নে? তেওঁ কৰা ধৰ্ম-কৰ্মবোৰৰ একোকেই সোঁৱৰণ কৰা নাযাব। সেই কাৰণে তেওঁ কৰা অপৰাধতেই আৰু তেওঁ কৰা পাপতেই তেওঁ মৰিব।
তথাপি তোমালোকে কোৱা, ‘প্ৰভুৰ পথ সৎ নহয়!’ শুনা, হে ইস্ৰায়েল বংশ! মোৰ পথবোৰ সৎ নহয়নে? তোমালোকৰ পথবোৰহে জানো সৎ নহয়? ধাৰ্মিক লোকজনে যদি নিজ ধাৰ্মিকতাৰ পৰা ঘূৰি অপৰাধ কৰে আৰু সেই বাবে তেওঁৰ মৃত্যু হয়, তেতিয়া তেওঁ কৰা অপৰাধতেই তেওঁৰ মৃত্যু হ’ব।
কিন্তু যেতিয়া দুষ্ট লোকজনে যদি তেওঁ কৰা দুষ্কৰ্মৰ পৰা ঘূৰি উচিত আৰু ন্যায় কাৰ্য কৰে, তেন্তে তেওঁ নিজ প্ৰাণ জীয়াই ৰাখিব! তেওঁ বিবেচনা কৰি তেওঁ কৰা আটাই দুষ্কৰ্মৰ পৰা ঘূৰি অহাত, তেওঁ জীয়াই থাকিব; তেওঁৰ মৃত্যু নহ’ব!
তথাপি ইস্ৰায়েল বংশই কয়, ‘প্ৰভুৰ পথ সৎ নহয়!’ হে ইস্ৰায়েল বংশ, মোৰ পথ কিয় সৎ নহয়? তোমালোকৰ পথহে জানো অসৎ নহয়? এই হেতুকে, প্ৰভু যিহোৱাই কৈছে, "হে ইস্ৰায়েল বংশ, প্ৰতিজনৰ আচাৰ-ব্যৱহাৰ অনুসাৰে, মই তোমালোকৰ বিচাৰ কৰিম!" "তোমালোক উলটি আহা আৰু তোমালোকৰ সকলো অধৰ্মৰ পৰা ঘূৰা যেন অপৰাধ তোমালোকৰ বিৰুদ্ধে সৰ্ব্বনাশৰ কাৰণ নহ’ব।
যি যি অপৰাধেৰে তোমালোকে অপৰাধ কৰিলা, তোমালোকৰ সেই সকলো অপৰাধবোৰ তোমালোকৰ পৰা দূৰ কৰা আৰু তোমালোকৰ নিজৰ কাৰণে এক নতুন হৃদয় আৰু এক নতুন আত্মা কৰা; কিয়নো হে ইস্ৰায়েল বংশ, তোমালোক কিয় মৰিবা? কিয়নো যি জন লোকৰ মৃত্যু হয়, তেওঁৰ মৃত্যুত মই সন্তোষ নকৰোঁ" - এই কথা প্ৰভু যিহোৱাই ঘোষণা কৰিছে। "এই হেতুকে তোমালোক মনপালটন কৰি জীয়াই থাকা!"
প্ৰভুৱে নিজ প্ৰতিজ্ঞাৰ কথাত তেনে পলম নকৰে; কোনোৱে যদি পলম কৰা বুলি ভাবে, এনে নহয় ঈশ্বৰে কোনো এজনো যাতে বিনষ্ট নহয়, কিন্তু সকলোৱে যেন মন-পালটন কৰে সেয়ে তেওঁ আমাৰ কাৰণে ধৈর্য ধৰি আছে��
Transformação
Voltai-vos para mim e sereis salvos! Rasgai o coração e não as vestes. A verdadeira conversão transforma o interior.
দুষ্ট লোকে তেওঁলোকৰ পথ আৰু পাপীলোকে তেওঁলোকৰ চিন্তাধাৰা ত্যাগ কৰক।
তেওঁলোক যিহোৱালৈ ঘুৰি আহক, তাতে তেওঁ তেওঁলোকক দয়া কৰিব; আৰু যি জনে প্ৰচুৰ পৰিমাণে তেওঁলোকক ক্ষমা কৰিব, আমাৰ সেই ঈশ্বৰলৈ ঘুৰি আহাঁ।
তোমাৰ ঘন মেঘৰ দৰে অপৰাধবোৰ, আৰু তোমাৰ মেঘৰ দৰে পাপবোৰ মচি পেলাম;
তুমি মোলৈ ঘূৰি আহাঁ, কিয়নো মই তোমাক মুক্ত কৰিলোঁ।
যিহোৱাই কৈছে, "তথাপি এতিয়াও",
"তোমালোকৰ সমস্ত মনেৰে সৈতে মোলৈ ঘূৰা। লঘোন, ক্ৰন্দন আৰু শোক কৰা।"
আৰু তোমালোকে তোমালোকৰ বস্ত্ৰ নিছিৰি, হৃদয় ছিৰা,
তোমালোকৰ ঈশ্বৰ যিহোৱালৈ ঘুৰা।
কিয়নো তেওঁ কৃপাময় আৰু দয়ালু,
ক্ৰোধত ধীৰ আৰু দয়াত মহান,
আৰু অমঙ্গলৰ পৰা নিজকে ঘূৰাওঁতা।
তেনেহ’লে মোৰ নামেৰে প্ৰখ্যাত হোৱা মোৰ প্ৰজাসকলে যদি নিজকে নম্ৰ কৰি প্ৰাৰ্থনা কৰে আৰু মোৰ সাক্ষাৎ হবলৈ বিচাৰে বা নিজ নিজ কু-পথৰ পৰা ঘূৰে, তেনেহ’লে মই স্বৰ্গৰ পৰা শুনি তেওঁলোকৰ পাপবোৰ ক্ষমা কৰিম আৰু তেওঁলোকৰ দেশ আৰোগ্য কৰিম।
পাছত লোকসকলে যেন ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে নিস্তাৰ-পৰ্ব্ব পালন কৰিবলৈ যিৰূচালেমত থকা যিহোৱাৰ গৃহলৈ আহে, সেই বাবে হিষ্কিয়াই ইস্ৰায়েলৰ আৰু যিহূদাৰ সকলো ফালে দূত পঠিয়ালে আৰু ইফ্ৰয়িম ও মনচিৰ লোকসকললৈকো পত্ৰ লিখিলে। কিয়নো ৰজা, তেওঁৰ পাত্ৰ মন্ত্ৰীসকল আৰু যিৰূচালেমত থকা গোটেই সমাজে একেলগে আলোচনা কৰি দ্বিতীয় মাহত নিস্তাৰ-পৰ্ব্ব পালন কৰিবলৈ স্থিৰ কৰিছিল। প্ৰয়োজনতকৈ কম সংখ্যক পুৰোহিতে নিজকে পবিত্ৰ কৰাত আৰু প্ৰজাসকলেও যিৰূচালেমলৈ আহি গোট খাবলৈ নহা বাবে, তেওঁলোকে নিস্তাৰ-পৰ্ব্ব উচিত ধৰণে পালন কৰিব পৰা নাছিল।
এই পৰিকল্পনাটো ৰজা আৰু গোটেই সমাজৰ দৃষ্টিত ন্যায় বোধ হ’ল। এই হেতুকে, তেওঁলোকে যেন যিৰূচালেমলৈ আহি ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে নিস্তাৰ-পৰ্ব্ব পালন কৰে, এই কাৰণে তেওঁলোকে বেৰ-চেবাৰ পৰা দানলৈকে ইস্ৰায়েলৰ সকলো ফালে ঘোষণা কৰিবলৈ বিবেচনাৰে সিদ্ধান্ত ল’লে আচলতে শাস্ত্ৰৰ আজ্ঞামতে তেওঁলোকে বহু লোক লগ লাগি তাক পালন কৰা নাছিল।
পাছত বাৰ্তাবাহকসকল ৰজাৰ আজ্ঞা অনুসাৰে ৰজা আৰু তেওঁৰ পাত্ৰমন্ত্ৰীসকলৰ পৰা পত্ৰসমূহ লৈ, ইস্ৰায়েল আৰু যিহূদাৰ সকলো ঠাইলৈ গ’ল আৰু এই কথা ক’লে যে, "হে ইস্ৰায়েলৰ সন্তান সকল, তোমালোকৰ যি অৱশিষ্ট ভাগে অচূৰৰ ৰজাসকলৰ হাতৰ পৰা ৰক্ষা পালা, তোমালোকে অব্ৰাহাম, ইচহাক আৰু ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱালৈ ঘূৰা, যাতে তেৱোঁ যেন তোমালোকলৈ ঘূৰি চাব পাৰে।
তোমালোক ওপৰ পিতৃসকলৰ আৰু ভাইসকলৰ নিচিনা নহ’বা; তেওঁলোকে তেওঁলোকৰ ওপৰ পিতৃসকলৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে অপৰাধ কৰিলে আৰু তেওঁ তেওঁলোকক বিনষ্ট হ’বলৈ এৰি দিলে; ইয়াক তোমালোকে দেখিছা। তোমালোকে তোমালোকৰ ওপৰ পিতৃসকলৰ দৰে ঠৰডিঙীয়া নহ’বা; কিন্তু যিহোৱাৰ প্ৰচণ্ড ক্ৰোধ যাতে তোমালোকৰ পৰা ঘূৰি যায়, সেইবাবে তোমালোকে নিজক যিহোৱালৈ শোধাই দিয়া আৰু চিৰকালৰ বাবে তেওঁ পবিত্ৰ কৰা তেওঁৰ ধৰ্মধামত প্ৰৱেশ কৰি, তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আৰাধনা কৰা। কিয়নো তোমালোক যদি পুনৰায় যিহোৱালৈ ঘূৰা, তেন্তে তোমালোকৰ ভাইসকল আৰু সন্তান সকল, বন্দী কৰি নিয়াসকলৰ পৰা কৃপা পাই এই দেশলৈ উলটি আহিব; কাৰণ তোমালোকৰ ঈশ্বৰ যিহোৱা কৃপাৱান আৰু মৰমীয়াল। তোমালোক তেওঁলৈ উলটিলে, তেওঁ তোমালোকৰ পৰা বিমুখ নহ’ব"
পাছত বাৰ্তাবাহকসকল গোটেই ইফ্ৰয়িম আৰু মনচিৰ অঞ্চলৰ সকলো নগৰৰ পৰা জবূলূনলৈকে গ’ল; কিন্তু লোকসকলে তেওঁলোকক হাঁহিলে আৰু খেঁজেলিয়ালে। তথাপি আচেৰৰ, মনচিৰ আৰু জবূলূনৰ কোনো কোনো লোকে নিজকে নম্ৰ কৰি যিৰূচালেমলৈ আহিল। তেওঁলোকক এক মনৰ হৃদয় দিবলৈ আৰু যিহোৱাৰ বাক্যৰ দ্বাৰাই হোৱা ৰজা আৰু পাত্ৰমন্ত্ৰীসকলৰ আজ্ঞা সম্পন্ন হ’বলৈ ঈশ্বৰৰ হাত যিহূদাৰ ওপৰত অৰ্পিত হ’ল।
পাছত দ্বিতীয় মাহত খমীৰ নিদিয়া পিঠাৰ পৰ্ব্ব পালন কৰিবৰ অৰ্থে, যিৰূচালেমলৈ অনেক লোক আহিল। তাতে এক বৃহৎ সমাজ গোট খালে। আৰু তেওঁলোকে উঠি আহি যিৰূচালেমত থকা যজ্ঞবেদীবোৰ আতৰালে আৰু ধূপ জ্বলোৱা আটাই বেদী গুচাই কিদ্ৰোণ উপত্যকাত জুই জ্বলাই সেইবোৰ পুৰিলে। পাছত দ্বিতীয় মাহৰ চতুৰ্দ্দশ দিনা তেওঁলোকে নিস্তাৰ-পৰ্ব্বৰ বলি দিলে পাছত পুৰোহিত আৰু লেবীয়াসকলে লাজ পাই তেওঁলোকে নিজকে শুচি কৰিলে আৰু যিহোৱাৰ গৃহলৈ হোম-বলিসমূহ আনিলে।
তেওঁলোকে ঈশ্বৰৰ লোক মোচিৰ ব্যৱস্থা অনুসাৰে তেওঁলোকে নিয়ম পালন কৰিলে আৰু নিজ নিজ ঠাইত থিয় হ’ল পুৰোহিতসকলে লেবীয়াসকলৰ হাতৰ পৰা সেই তেজ লৈ সকলোলৈ চটিয়ালে। কিয়নো সমাজৰ মাজত নিজকে শুচি নকৰা অনেক লোক আছিল; এই হেতুকে যিহোৱাৰ উদ্দেশ্যে বলি পবিত্ৰ কৰিবৰ অৰ্থে, অশুচি লোকসকলৰ বাবে নিস্তাৰ-পৰ্ব্বৰ বলি দিয়া কামত লেবীয়াসকল দায়িত্বত আছিল।
কিয়নো ইফ্ৰয়িম, মনচি, ইচাখৰ আৰু জবূলূনৰ পৰা অহা এই বৃহৎ সমাবেশৰ মাজত অনেক লোকে নিজকে শুচি নকৰাকৈয়ে, লিখিত নিৰ্দেশৰ বিপৰীতে নিস্তাৰ-পৰ্ব্বৰ ভোজ খাইছিল। কাৰণ হিষ্কিয়াই তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰি কৈছিল, "মঙ্গলময় যিহোৱাই সকলোকে ক্ষমা কৰক যিকোনোৱে ধৰ্মধাম শুচি কৰা বিধি অনুসাৰে নিজকে শুচি নকৰাকৈয়েই ঈশ্বৰক অৰ্থাৎ নিজৰ ওপৰ-পিতৃসকলৰ ঈশ্বৰ যিহোৱাক বিচাৰ কৰিবলৈ নিজ মন থিৰ কৰিলে।" সেইবাবে যিহোৱাই হিষ্কিয়াৰ নিবেদন শুনি লোকসকলক শুচি কৰিলে।
এই হেতুকে যিৰূচালেমত উপস্থিত হৈ থকা ইস্ৰায়েলৰ সন্তান সকলে সাত দিনলৈকে মহা আনন্দেৰে খমীৰ নিদিয়া পিঠাৰ পৰ্ব্ব পালন কৰিলে লেবীয়া ও পুৰোহিতসকলে সদায় উচ্চধ্বনি বাদ্যেৰে যিহোৱাৰ উদ্দেশ্যে গীত গাই যিহোৱাৰ প্ৰশংসা কৰিলে। আৰু যিসকল লেবীয়ালোক যিহোৱাৰ সেৱা কাৰ্যত নিপুণ আছিল, তেওঁলোকক হিষ্কিয়াই উৎসাহজনক কথা ক’লে। এইদৰে তেওঁলোকে মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে আৰু তেওঁলোকৰ ওপৰ পিতৃ-সকলৰ ঈশ্বৰ যিহোৱাৰ আগত স্বীকাৰোক্তি কৰি ধন্যবাদেৰে সাত দিনলৈকে ভোজ খালে।
পাছত গোটেই সমাজে এইদৰে পুনৰ সাত দিনলৈকে পালন কৰিবলৈ স্থিৰ কৰিলে আৰু সেইদৰেই তেওঁলোকে আনন্দেৰে পালন কৰিলে। কিয়নো যিহূদাৰ ৰজা হিষ্কিয়াই সমাজক এক হাজাৰ ভতৰা, সাত হাজাৰ ভেড়া আৰু ছাগলী উৎসৰ্গ কৰিবৰ অৰ্থে দিছিল; আৰু অধ্যক্ষসকলে সমাজক এক হাজাৰ ষাঁড়, আৰু দহ হাজাৰ ভেড়া ও ছাগলী দিলে; আৰু পুৰোহিতসকলৰ মাজৰ অনেকে নিজক পবিত্ৰ কৰিলে।
আৰু যিহূদাৰ গোটেই সমাজ, পুৰোহিতসকল আৰু লেবীয়াসকল, ইস্ৰায়েলৰ পৰা অহা লোকসকলৰ গোটেই সমাজ আৰু ইস্ৰায়েল দেশৰ পৰা অহা বা যিহূদাত থকা সকলো বিদেশী লোকসকল - সেই সকলোৱে আনন্দ কৰিলে। এইদৰে যিৰূচালেমত বৰ আনন্দ হ’ল; কিয়নো ইস্ৰায়েলৰ ৰজা দায়ূদৰ পুত্ৰ চলোমনৰ দিনৰে পৰা যিৰূচালেমত এনেদৰে হোৱা নাছিল। পাছত লেবীয়া, পুৰোহিতসকলে উঠি লোকসকলক আশীৰ্ব্বাদ কৰিলে তেওঁলোকৰ মাত শুনা গ’ল আৰু তেওঁলোকৰ প্ৰাৰ্থনা স্বৰ্গলৈ অৰ্থাৎ পবিত্ৰ ঠাইত উঠিল, য’ত ঈশ্বৰ নিবাস কৰে।
দাৰিয়াবচৰ ৰাজত্বৰ দ্বিতীয় বছৰৰ অষ্টম মাহত, ইদ্দোৰ নাতিয়েক বেৰেখিয়াৰ পুত্ৰ জখৰিয়া ভাববাদীৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল:
"যিহোৱাই তোমালোকৰ পূৰ্বপুৰুষসকলৰ ওপৰত অতিশয় অসন্তুষ্ট হৈছিল! সেই কাৰণে তুমি লোকসকলক কোৱা: ‘বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে,
"তোমালোকে মোলৈ ঘূৰা!" এয়ে বাহিনীসকলৰ যিহোৱাৰ বাক্য;
"তেতিয়া মই তোমালোকলৈ ঘূৰিম!" এই কথা বাহিনীসকলৰ যিহোৱাই কৈছে।
তোমালোকৰ পূৰ্ব-পুৰুষসকলৰ নিচিনা তোমালোক নহ’বা; যিসকলৰ আগত আগৰ কালৰ ভাববাদীসকলে কৈছিল, "বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তোমালোকে নিজ নিজ কু-পথৰ, আৰু নিজ নিজ কু-কাৰ্যৰ পৰা ঘূৰা!" কিন্তু তেওঁলোকে সেই কথা নুশুনিলে, বা মোলৈ কাণ নিদিলে।" এয়ে যিহোৱাৰ ঘোষণা।
"তোমালোকৰ পূৰ্বপুৰুষসকল ক’ত? আৰু ভাববাদীসকল চিৰকাললৈকে জীয়াই আছে নে?
কিন্তু মোৰ দাস ভাববাদীসকলক মই আজ্ঞা কৰা মোৰ বাক্য আৰু নিয়মবোৰ
তোমালোকৰ পূৰ্বপুৰুষসকলৰ কাণত পৰা নাছিল নে?
তেতিয়া তেওঁলোকে মন পালটন কৰি ক’লে, ‘আমাৰ আচাৰ-ব্যৱহাৰ আৰু আমাৰ কাৰ্য অনুসাৰে আমালৈ কৰিবৰ কাৰণে বাহিনীসকলৰ যিহোৱাই থিৰ কৰাৰ দৰে তেওঁ আমালৈ কৰিলে’।"
দাৰিয়াবচৰ ৰাজত্বৰ দ্বিতীয় বছৰৰ একাদশ, অৰ্থাৎ চবাট মাহৰ চৌবিশ দিনৰ দিনা ইদ্দোৰ নাতিয়েক বেৰেখিয়াৰ পুত্ৰ জখৰিয়া ভাববাদীক যিহোৱাৰ দ্বাৰাই এই বাক্য জনোৱা হ’ল, "মই ৰাতি দৰ্শনত দেখিলোঁ যে, এজন লোকে এটা ৰঙা ঘোঁৰাত উঠি সমতলত থকা মেন্দি গছবোৰৰ মাজত থিয় হৈ আছিল; আৰু তেওঁৰ পাছত ৰঙা, মুগা আৰু বগা বৰণীয়া কেইবাটাও ঘোঁৰা আছিল। তেতিয়া মই সুধিলোঁ, "হে মোৰ প্ৰভু, এইবোৰ কি বস্তু?" তেতিয়া মোৰ লগত কথা হোৱা দূতজনে মোক ক’লে, "এইবোৰ কি বস্তু সেই বিষয়ে মই তোমাক দেখুৱাম।"
তেতিয়া মেন্দি গছবোৰৰ মাজত থিয় দি থকা সেই লোকজনে উত্তৰ দি ক’লে, "পৃথিৱীত চাৰিওফালে ফুৰিবলৈ যিহোৱাই পঠোৱা লোক এইসকল।" তেতিয়া তেওঁলোকে মেন্দি গছবোৰৰ মাজত থিয় হৈ থকা যিহোৱাৰ দূতজনাক উত্তৰ দি ক’লে, "আমি পৃথিৱীৰ সকলো ফালে ফুৰিলোঁ আৰু চোৱা, গোটেই পৃথিৱী সুস্থিৰ আৰু বিশ্ৰামে আছে।"
তেতিয়া যিহোৱাৰ দূতজনে উত্তৰ দি ক’লে, "হে বাহিনীসকলৰ যিহোৱা, যি যিৰূচালেমৰ, আৰু যিহূদাৰ নগৰবোৰৰ অহিতে আপুনি এই সত্তৰ বছৰ ক্ৰোধ কৰিয়েই আছে, সেই যিৰূচালেম আৰু যিহূদাৰ সেই নগৰবোৰৰ ওপৰত আপুনি কিমান কাললৈ দয়া নকৰাকৈ থাকিব?" তেতিয়া যিহোৱাই মোৰে সৈতে কথা হোৱা দূতজনক উত্তম বাক্য, এনে কি, শান্ত্বনাদায়ক বাক্যেৰে উত্তৰ দিলে।
তেতিয়া মোৰ লগত কথা হোৱা দূতজনে মোক ক’লে, "তুমি ঘোষণা কৰি কোৱা, ‘বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে:
"মই যিৰূচালেম আৰু চিয়োনৰ অৰ্থে মহা অন্তৰ্জ্বালাৰে জ্বলিছোঁ।
আৰু নিশ্চিন্তে থকা জাতি সমূহৰ ওপৰত মই অতিশয় অসন্তুষ্ট হৈছোঁ;
কিয়নো মই কেৱল অলপ অসন্তুষ্ট হোৱাত, তেওঁলোক অমঙ্গলৰ অৰ্থে সাহায্য কৰোঁতা হ’ল।"
এই হেতুকে যিহোৱাই এই কথা কৈছে:
"মই নানা দয়াৰে সৈতে যিৰূচালেমলৈ ঘূৰিলোঁ; তাত মোৰ গৃহ সজা হ’ব।"
বাহিনীসকলৰ যিহোৱাৰ এই বচন- "আৰু যিৰূচালেমৰ ওপৰত এডাল পৰিমাণ-জৰী বিস্তাৰ কৰা হ’ব!"
তুমি আকৌ ঘোষণা কৰি কোৱা,
‘বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘মোৰ নগৰবোৰ পুনৰায় মঙ্গলেৰে উপচি পৰিব,
যিহোৱাই চিয়োনক পুনৰায় শান্ত্বনা কৰিব আৰু যিৰূচালেমক আকৌ মনোনীত কৰিব।"
পাছত চকু তুলি চাই মই চাৰিটা শিং দেখিলোঁ। তেতিয়া মোৰ লগত কথা হোৱা দূতজনক মই সুধিলোঁ, "এইবোৰ কি?" তেতিয়া তেওঁ মোক উত্তৰ দি ক’লে, "যিহূদা, ইস্ৰায়েল আৰু যিৰূচালেমক ছিন্ন-ভিন্ন কৰা শিং এইবোৰ।"
তাৰ পাছত যিহোৱাই মোক চাৰিজন শিল্পকাৰ দেখুৱালে। তেতিয়া মই সুধিলোঁ, "এওঁলোকে কি কৰিবলৈ আহিছে?" তেওঁ উত্তৰ দি ক’লে, "যি কোনো মানুহকে নিজৰ মূৰ দাঙিব নোৱাৰাকৈ যিহূদাক ছিন্ন-ভিন্ন কৰা শিং এইবোৰ; কিন্তু যি জাতিবোৰে যিহূদা দেশ ছিন্ন-ভিন্ন কৰিবলৈ নিজ নিজ শিং তুলিছিল, সেই জাতিবোৰক ত্ৰাসিত কৰিবলৈ আৰু তেওঁলোকৰ শিংবোৰ ভাঙি পেলাবলৈ, এওঁলোক আহিছে।
যি সকলক মই প্ৰেম কৰোঁ, সেই সকলোৱে কেনেকৈ জীৱন-ধাৰণ কৰা উচিত, তাৰ বাবে মই তেওঁলোকক অনুযোগ কৰোঁ আৰু শাস্তি দিওঁ। এই কাৰণে তুমি উদ্যোগী হৈ মন পালটোৱা।
এতেকে আপোনালোকে, পৃথিৱীত থকা এই সকলোকে মাৰি পেলাওঁক; নিজ নিজ অঙ্গ-প্ৰত্যঙ্গ স্বৰূপ যি ব্যভিচাৰ, অশুচিতা, কামাভিলাষ, কু-অভিলাষ আৰু লোভ, যেনে মূৰ্তিপূজা��
নিজ নিজ অঙ্গ-প্ৰত্যঙ্গবোৰক অধাৰ্মিকতাৰ সঁজুলি স্বৰূপে পাপলৈ সমৰ্পণ নকৰিব; কিন্তু নিজৰ জীৱনক ঈশ্বৰলৈ সমর্পণ কৰক। মৃত লোকৰ মাজৰ পৰা জীৱিত ৰূপে আৰু নিজ নিজ অঙ্গ-প্ৰত্যঙ্গবোৰ ধাৰ্মিকতাৰ সঁজুলি স্বৰূপে ঈশ্বৰলৈ সমৰ্পণ কৰক।
হে ভাই সকল, কোনো মানুহ যদি কোনো অপৰাধত পৰে, তেনেহলে আত্মিক যি আপোনালোক, আপোনালোকে মৃদুশীল আত্মাৰে তেনেকুৱা জনক পুনৰ সুস্থ কৰক; কিন্তু পাছত নিজে নিজৰ পৰীক্ষাত নপৰিবৰ বাবে আপুনিও সাৱধান হ’ব��
এতেকে আপোনালোকে সকলো অশুচিতা আৰু হিংসাৰ অধিকতা দূৰ কৰি, যি ৰোৱা বাক্য আপোনালোকৰ আত্মাৰ পৰিত্ৰাণ কৰিবৰ বাবে সমৰ্থ, তাক নম্ৰভাৱে গ্ৰহণ কৰক।