Convicção
A convicção cristã é firmeza de fé que não se abala diante da oposição. É a certeza interior que compele a proclamar a verdade com ousadia, independentemente das consequências.
Ousadia para falar
Recebereis poder e sereis minhas testemunhas. A convicção do Espírito nos equipa para proclamar com coragem e sem vergonha.
কিন্তু যেতিয়া তোমালোকৰ ওপৰত পবিত্ৰ আত্মা আহিব, তেতিয়া তোমালোক আত্মাত শক্তিশালী হবা�� তেতিয়া তোমালোকে যিৰূচালেম আদি কৰি গোটেই যিহুদীয়া, চমৰীয়া দেশত আৰু পৃথিৱীৰ সীমালৈকে মোৰ সাক্ষী হবা।"
পিতৰ আৰু যোহনৰ সাহস দেখি আৰু তেওঁলোক লিখা-পঢ়া নজনা লোক বুলি জানিবলৈ পোৱাত, তেওঁলোকে বিস্ময় মানিলে�� তেওঁলোকে জনিলে যে, পিতৰ আৰু যোহন যীচুৰ লগত আছিল।
তেতিয়া পিতৰ আৰু আন পাঁচনি সকলে উত্তৰ দি কলে, "আমি মানুহৰ নহয়, ঈশ্বৰৰহে আজ্ঞা মনা উচিত।
মোৰ কাৰণেও প্ৰার্থনা কৰিব, যাতে শুভবার্তাৰ নিগূঢ়-তত্ত্ব সাহসেৰে প্ৰচাৰ কৰিবলৈ মই মুখ মেলিবৰ সময়ত উপযুক্ত কথা মোক দিয়া হয়�� কিয়নো মই শুভবার্তাৰ কাৰণে শিকলিৰে বন্ধা হৈও এজন ৰাজদূতৰ কাম কৰিছোঁ�� প্ৰার্থনা কৰিব, বন্দীশালতো যিভাৱে শুভবার্তা কোৱা উচিত, মই সেইভাৱে যেন সাহসেৰে কবলৈ পাৰিম��
কিয়নো শুভবাৰ্তাত মই লাজ নাপাও; কাৰণ প্ৰথমে ইহুদী, পাছত গ্ৰীক লোকলৈ আৰু বিশ্বাস কৰা প্ৰত্যেক জনলৈ, এয়া পৰিত্রাণৰ অৰ্থে ঈশ্বৰৰ শক্তি।
কাৰণ এই কালৰ ব্যভিচাৰী আৰু পাপী লোকৰ সন্মুখত যি কোনোৱে মোক আৰু মোৰ বাক্যত লাজ পায়, মানুহৰ পুত্ৰ যেতিয়া স্বৰ্গৰ পবিত্ৰ দূত সকলৰ সৈতে তেওঁৰ পিতৃৰ প্ৰতাপেৰে আহিব, তেতিয়া তেৱোঁ সেই মানুহত লাজ পাব।"
এতেকে আমাৰ প্ৰভুৱে দিয়া সাক্ষ্যৰ বিষয়ে আৰু তেওঁৰ অর্থে বন্দীয়াৰ হোৱা যি মই পৌল, মোৰো বিষয়ে তুমি লজ্জিত নহবা কিন্তু ঈশ্বৰৰ শক্তি অনুসাৰে, শুভবার্তাৰ কাৰণে মোৰে সৈতে ক্লেশ ভোগ কৰা,
তুমি এইবোৰ কথা কৈ সম্পূর্ণ ক্ষমতাৰে উদগোৱা আৰু অনুযোগ কৰিবা; তোমাক হেয়জ্ঞান কৰিবলৈ কাকো নিদিবা।
Firmeza e confiança
Não temas diante dos homens. A Palavra de Deus é fogo na boca do profeta e firmeza na vida do crente.
যিহোৱাই উত্তৰ দি ক’লে, "তুমি এনে কথা নকবা, কিয়নো, মই তোমাক যিসকলৰ ওচৰলৈ পঠিয়াম, তেওঁলোকৰ প্রত্যেকজনৰ গুৰিলৈ তুমি যাবই লাগিব, আৰু তোমাক যি যি আজ্ঞা কৰিম, সেই সকলোকে তুমি তেওঁলোকক কবই লাগিব।
হে চিয়োনৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ কৰোঁতা লোক, ওখ পৰ্ব্বতলৈ উঠি যোৱা;
যিৰূচালেমলৈ শুভবাৰ্ত্তা ঘোষণা কৰা, শক্তিৰে সৈতে জোৰেৰে ৰিঙিওৱা। চিঞৰি কান্দা, ভয় নকৰিবা।
যিহূদাৰ নগৰবোৰক কোৱা, "এইয়া তোমালোকৰ ঈশ্বৰ।"
মই যেন ক্লান্ত জনক বহন কৰিব পৰা বাক্য ক’ব পাৰোঁ,
সেয়ে শিক্ষা দিয়া সকলৰ এজন বুলি, প্রভু যিহোৱাই মোক কথা কোৱা জিভা দিলে। তেওঁ প্ৰতিটো পুৱাতেই মোক সজাগ কৰে, এনে কি, শিক্ষা লাভ কৰা সকলৰ দৰে তেওঁ মোৰ কাণ সজাগ কৰে।
মই তোমাৰ কপাল চকমকিয়া পাথৰতকৈ কঠিন হীৰা যেন কৰিলোঁ; তেওঁলোক বিদ্ৰোহী বংশ হলেও, তেওঁলোকলৈ ভয় নকৰিবা বা তেওঁলোকৰ মুখ দেখি ব্যাকুল নহ’বা।"
তুমি কোৱা সকলো আজ্ঞাৰ বিষয়ে মই ৰজাসকলৰ আগতো ক’ম;
মই লজ্জিত নহ’ম।
আপোনালোকক অনা-ইহুদী সকলে যি বিষয়ত দুষ্কৰ্ম্মকাৰী বুলি বিৰোধী কথা কয়, সেই বিষয়ত তেওঁলোকে আপোনালোকৰ সৎকৰ্ম দেখি কৃপাদৃষ্টিৰ দিনা যেন ঈশ্বৰৰ স্তুতি কৰে, তাৰ কাৰণে তেওঁলোকৰ মাজত আপোনালোকৰ আচাৰ-ব্যৱহাৰ উত্তম হওক।
মানুহৰ ভয়েই তেওঁলৈ বিপদ আনে;
কিন্তু যিজনে যিহোৱাত ভাৰসা কৰে, সেই জন নিৰাপদে থাকে।
কিন্তু যেনেকৈ ঈশ্বৰে আমাক বিচাৰ কৰি বিশ্বাসী গণ্য কৰিলে আৰু শুভবার্তা জনোৱাৰ ভাৰ দিলে; তেনেকৈ আমি মানুহক সন্তুষ্ট নকৰি আমাৰ হৃদয়ৰ পৰীক্ষা কৰোঁতা ঈশ্বৰকহে সন্তুষ্ট কৰি কওঁ।
তোমালোক জগতৰ পোহৰ। পৰ্বতৰ ওপৰত থকা নগৰ গুপ্ত হ’ব নোৱাৰে। মানু্হে চাকি লগাই পাত্রৰে ঢাকি নথয়, কিন্তু গছাৰ ওপৰত থয় আৰু ই ঘৰৰ সকলোকে পোহৰ দিয়ে। এইদৰে তোমালোকৰ পোহৰ মানুহৰ আগত প্ৰকাশিত হওক; তাতে তেওঁলোকে তোমালোকৰ ভাল কৰ্ম দেখি, স্বৰ্গত থকা তোমালোকৰ পিতৃৰ স্তুতি কৰিব।