Corpo
O corpo é templo do Espírito Santo. A Bíblia ensina a cuidar do corpo com responsabilidade, moderação e respeito — honrando a Deus com nosso ser integral.
Templo do Espírito
Vosso corpo é templo do Espírito Santo. Glorificai a Deus no vosso corpo — ele não é vosso, foi comprado por preço.
আপোনালোকৰ শৰীৰ যে ঈশ্বৰৰ মন্দিৰ আৰু ঈশ্বৰৰ পৰা পোৱা পবিত্ৰ আত্মা যে আপোনালোকৰ অন্তৰত থাকে, ইয়াক আপোনালোকে নাজানে নে কি? আপোনালোক এতিয়া নিজৰ নহয়। কিয়নো আপোনালোকক মূল্য দি কিনা হৈছে; এই হেতুকে আপোনালোকৰ শৰীৰৰ দ্বাৰা ঈশ্বৰক মহিমাম্বিত কৰক।
কিন্তু লোকৰ আগত ঘোষণা কৰি, শেষত নিজে যেন ঈশ্বৰৰ দৃষ্টিত অগ্ৰাহ্য নহওঁ, এই কাৰণে মই নিজ শৰীৰকো ঘুচিয়াই বশ কৰি ৰাখিছোঁ।
আৰু দৰিদ্ৰক খুৱাবলৈ যদি মোৰ সৰ্ব্বস্ব ব্যয় কৰোঁ আৰু পুৰি ভস্ম হ’বলৈ মোৰ শৰীৰকো শোধাই দিওঁ, তথাপি মোৰ প্ৰেম নাথাকিলে, তাত মোৰ একো লাভ নাই।
কাৰণ আমি ইহুদী হওঁ বা গ্ৰীক হওঁ, দাস হওঁ বা স্বাধীন হওঁ, সকলোৱেই এক শৰীৰ হবলৈ এক আত্মাত বাপ্তাইজিত হ’লোঁ; আৰু সকলোৱে এক আত্মা পান কৰিবলৈ পালোঁ।
কাৰণ আমাৰ এই শৰীৰত যেনেকৈ অনেক অঙ্গ-প্ৰত্যঙ্গ আছে, অথচ সেই সকলো অঙ্গ-প্ৰত্যঙ্গৰ একে ৰূপৰ কাৰ্য নহয়, তেনেকৈ আমিও অনেক হৈ খ্ৰীষ্টত এক দেহ হওঁ আৰু প্ৰতিজনে পৰস্পৰ অঙ্গ-প্ৰত্যঙ্গ হৈ আছোঁ।
Cuidar do corpo
O exercício físico é proveitoso, mas a piedade tem promessa para a vida presente e futura. Cuide do corpo com sabedoria.
কিয়নো শৰীৰচর্চ্চাই কেৱল অলপহে উপকাৰ কৰে, কিন্তু ভক্তি সকলো বিষয়ত লাভজনক, কাৰণ সেয়ে বৰ্ত্তমান আৰু ভবিষ্যত জীৱনৰ আয়ুস লাভৰ নিশ্চয়তা প্রদান কৰে।
আনন্দিত হৃদয় ভাল ঔষধ হয়;
কিন্তু ভগ্ন হৃদয়ে হাড়বোৰ শুকুৱায়।
সন্তোষজনক বাক্য মৌচাকৰ দৰে;
সেয়ে আত্মালৈ মিঠা, আৰু হাড়বোৰলৈ আৰোগ্য স্বৰূপ।
তুমি নিজৰ দৃষ্টিত নিজে জ্ঞানী নহ’বা;
যিহোৱালৈ ভয় ৰাখা, আৰু পাপৰ পৰা ঘূৰি আহাঁ।
ই তোমাৰ শৰীৰ সুস্থ কৰিব,
আৰু তোমাৰ দেহলৈ সতেজতা আনিব।
তুমিয়েই মোৰ অন্তর্ভাগ সৃষ্টি কৰিলা,
তুমি মোক মাতৃৰ গৰ্ভতে গঠন কৰিলা।
মই তোমাৰ প্ৰশংসা কৰোঁ;
কিয়নো মই অতি বিস্ময় আৰু আশ্চর্যজনক ভাৱে নিৰ্ম্মিত হলোঁ;
তোমাৰ কাৰ্যবোৰ আচৰিত,
তাক মই ভালদৰেই জানো।
মোৰ শৰীৰ আৰু হৃদয় দুয়োটা পৰাজিত হ’ল;
কিন্তু ঈশ্বৰ চিৰকাললৈকে মোৰ মনৰ শক্তি।
হে ঈশ্বৰ, তুমি মোৰ ঈশ্বৰ;
আন্তৰিকতাৰে মই তোমাক বিচাৰিম;
পানী নথকা শুকান আৰু খৰাং দেশত, তোমালৈ হাবিয়াহ কৰোঁতে,
মোৰ প্ৰাণ তৃষ্ণাতুৰ হৈছে, মোৰ শৰীৰ ক্ষীণাই গৈছে।
Corpo e espírito
O espírito está pronto, mas a carne é fraca. Não vos preocupeis com o corpo — a vida é mais do que alimento.
পৰীক্ষাত যেন নপৰা, এই কাৰণে পৰ দি প্ৰাৰ্থনা কৰা; আত্মা ইচ্ছুক, কিন্তু শৰীৰ দূৰ্বল"।
যদি তোমাৰ সোঁ চকুৱে তোমাৰ বিঘিনি জন্মায়, তেনেহলে তাক কাঢ়ি তোমাৰ পৰা উলিয়াই পেলাই দিয়া; কিয়নো তোমাৰ গোটেই শৰীৰ নৰকত পেলোৱা হোৱাতকৈ, এটা অঙ্গ নষ্ট হোৱাই তোমাৰ পক্ষে ভাল।
এই হেতুকে মই তোমালোকক কওঁ, ‘কি ভোজন কৰিম বা কি পান কৰিম’- এই বুলি প্ৰাণৰ কাৰণে, নাইবা ‘কি পিন্ধিম’- এই বুলি শৰীৰৰ কাৰণে চিন্তা নকৰিবা। আহাৰতকৈ প্ৰাণ, আৰু কাপোৰতকৈ শৰীৰ শ্ৰেষ্ঠ নহয় নে?
যি সকলে কেৱল শৰীৰকহে বধ কৰে, কিন্তু আত্মাক বধ কৰিব নোৱাৰে, তেওঁলোকলৈ ভয় নকৰিবা; কিন্তু যি জনে আত্মা আৰু শৰীৰ, এই দুয়োকো নৰকত নষ্ট কৰিব পাৰে, তেওঁকেহে ভয় কৰিবা।
এনেতে অসংখ্য লোক গোট খোৱাত, লোক সকলৰ মাজত গচকা-গচকি হ’ল তেতিয়া যীচুৱে প্ৰথমে তেওঁৰ শিষ্য সকলক কবলৈ ধৰিলে, "যি কপট, সেই ফৰীচী সকলৰ খমিৰলৈ সাৱধান হবা।"
"কিন্তু যি প্ৰকাশিত নহব এনে কোনো ঢাকি থোৱা বস্তু নাই আৰু যি জানিব পৰা নহব, এনে লুকুৱা বস্তু নাই। এতেকে তোমালোকে আন্ধাৰত যি যি কথা ক’লা, সেইবোৰ পোহৰত শুনা যাব আৰু ভিতৰৰ কোঠালিত তোমালোকে কাণে কাণে যি কথা কৈছা, সেয়া ঘৰৰ ওপৰৰ পৰা ঘোষণা কৰা হ’ব।
হে মোৰ বন্ধু সকল, মই তোমালোকক কওঁ, যি সকলে শৰীৰক বধ কৰে আৰু তাৰ পাছত একো কৰিব নোৱাৰে, তেওঁলোকলৈ ভয় নকৰিবা। কিন্তু কোন জনক ভয় কৰিব লাগে সেই বিষয়ে মই তোমালোকক জনাওঁ ভয় সেই জনক কৰিবা, যি জনৰ বধ কৰাৰ পাছত নৰকতো পেলাবৰ ক্ষমতা আছে হয়, মই তোমালোকক কওঁ; তেওঁলৈকে ভয় কৰা।
পাঁচোটা ঘৰ-চিৰিকা ক্ষুদ্ৰ পইচালৈ বিক্ৰী নকৰে নে? তথাপি সেইবোৰৰ এটাকো ঈশ্বৰৰ আগত পাহৰা নাযায়। কিন্তু তোমালোকৰ মূৰৰ সকলো চুলিও গণনা কৰা হৈছে। ভয় নকৰিবা; কিয়নো তোমালোক অনেক ঘৰ-চিৰিকাতকৈ বহুমূলীয়া।
মই তোমালোকক পুনৰ কওঁ, মানুহবোৰৰ আগত যি জনে মোক স্বীকাৰ কৰে, মানুহৰ পুত্ৰয়ো ঈশ্বৰৰ দূতবোৰৰ আগত তেওঁক স্বীকাৰ কৰিব। কিন্তু মানুহবোৰৰ আগত যি জনে মোক অস্বীকাৰ কৰে, ঈশ্বৰৰ দূতবোৰৰ আগত তেওঁকো অস্বীকাৰ কৰা হব। যি কোনোৱে মানুহৰ পুত্ৰৰ অহিতে কথা কয়, তেওঁক ক্ষমা কৰা হব। কিন্তু পবিত্ৰ আত্মাৰ অহিতে নিন্দা কৰা জনক ক্ষমা কৰা নহব।
যেতিয়া তেওঁলোকে নাম-ঘৰবোৰত আৰু ক্ষমতা পোৱা আৰু শাসনকৰ্তা সকলৰ সন্মুখত তোমালোকক হাজিৰ কৰাব, তেতিয়া কেনেকৈ কি উত্তৰ দিব লাগে বা কি কথা কব লাগে, সেই বিষয়ে চিন্তা নকৰিবা কিয়নো যি যি কথা সেই সময়ত কবলগীয়া হব, সেয়া পবিত্ৰ আত্মাই সেই মু্হুর্ত্ততেই তোমালোকক শিকাই দিব।"
তাৰ পাছত লোক সকলৰ মাজৰ পৰা এজনে তেওঁক ক’লে, "হে গুৰু, পৈতৃক সম্পত্তি মোৰ সৈতে ভাগ কৰিবলৈ, মোৰ ককাইক আজ্ঞা দিয়ক।" কিন্তু যীচুৱে তেওঁক ক’লে, "হে ভাই, মোক কোনে তোমালোকৰ ওপৰত বিচাৰক বা ভাগ কৰোঁতা পাতিলে?" তেওঁ তেওঁলোকক পুনৰ ক’লে, "সকলো লোভৰ পৰা নিজকে দুৰত ৰাখি সাৱধানে থাকিবা; কিয়নো উপচি পৰিলেও মানুহৰ জীৱন তেওঁৰ সম্পত্তিৰ ওপৰত নির্ভৰ নহয়।"
পাছত যীচুৱে তেওঁলোকক এটা দৃষ্টান্ত দি ক’লে, "এজন ধনী মানুহৰ মাটিত বহু শস্য উৎপন্ন হৈছিল। তাতে তেওঁ মনতে ভাবি ক’লে, ‘মোৰ শস্য সামৰিবলৈ ঠাই নাই; মই এতিয়া কি কৰিম?’ পাছত তেওঁ নিজকে কলে, ‘মই ইয়াকে কৰিম যে, আগৰ ভঁৰালবোৰ ভাঙিম আৰু এটা ডাঙৰ ভঁৰাল সাজিম সেই ভঁৰালত মোৰ সকলো শস্য আৰু ভাল বস্তু সামৰি থম’। তাৰ পাছত মই মোৰ প্ৰাণক কম, ‘হে প্ৰাণ, অনেক বছৰলৈ তোমাৰ বহুত ভাল বস্তু সাঁচি থোৱা হৈছে জিৰাই-সতাই থাকা আৰু ভোজন-পান কৰি আনন্দ কৰা’।
কিন্তু ঈশ্বৰে তেওঁক ক’লে, ‘হে নির্ব্বোধ লোক, আজি ৰাতি তোমাৰ প্ৰাণ নিয়া হব তাতে যিবোৰ বস্তু যুগুত কৰি থলা, সেইবোৰ কাৰ হ’ব? ঠিক এইদৰে যি জনে ঈশ্বৰলৈ ধনৱান নহয়, কেৱল নিজলৈ ধন সাঁচি থয়, তেওঁ তেনেকুৱা লোক।"
পাছত যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, "সেই বাবে মই তোমালোকক কওঁ, তোমালোকে কি খাম বুলি প্ৰাণৰ কাৰণে আৰু কি পিন্ধিম বুলি শৰীৰৰ কাৰণে চিন্তা নকৰিবা। কিয়নো আহাৰতকৈ প্ৰাণ আৰু বস্ত্ৰতকৈ শৰীৰ শ্ৰেষ্ঠ।
ঢোঁৰা কাউৰীবোৰলৈ চোৱা, সিহঁতে নবয় বা নাদায়; সিহঁতৰ ভঁৰালত বা মেৰত নাই; তথাপি ঈশ্বৰে সিহঁতক আহাৰ দিয়ে। তোমালোক চৰাইতকৈ কিমান বহুমূলীয়া! আৰু তোমালোকৰ মাজত কোনে চিন্তা কৰি নিজৰ আয়ুস এহাতকে বঢ়াব পাৰে? এতেকে তোমালোকে যদি আটাইতকৈ সৰুটোৱে কৰিব নোৱাৰা তেনেহলে আনবোৰ বিষয় কিয় চিন্তা কৰা? পথাৰৰ কনাৰি ফুল কেনেকৈ বাঢ়ে, সেই বিষয়ে চিন্তা কৰি চোৱা; সেইবোৰে শ্ৰম নকৰে আৰু সূতাও নাকাটে মই তোমালোকক কওঁ, চলোমন তেওঁৰ সকলো ঐশ্বর্যৰ সৈতেও সেইবোৰৰ এটাৰ নিচিনাও বিভূষিত নাছিল। কিন্তু পথাৰত থকা যি বন আজি আছে কাইলৈ জুইশালত পেলোৱা হ’ব, তাকো যদি ঈশ্বৰে এইদৰে ভূষিত কৰে, তেনেহলে হে অল্পবিশ্বাসী সকল, তোমালোকক তাতকৈয়ো বেছি ভূষিত নকৰিব নে!
তোমালোকে কি খাবা, কি পান কৰিবা এইবোৰ তোমালোকে নিবিচাৰিবা আৰু অস্থিৰ নহবা। কিয়নো জগতৰ সকলো জাতিয়ে এইবোৰ বিচাৰে; আৰু এইবোৰ তোমালোকৰো প্ৰয়োজন আছে বুলি তোমাৰ পিতৃয়ে জানে।
কিন্তু তোমালোকে ঈশ্বৰৰ ৰাজ্য বিচাৰা; তাতে এইবোৰ তোমালোকক দিয়া হ’ব। হে তাকৰ জাকটি, ভয় নকৰিবা, কিয়নো তোমালোকক ৰাজ্য দিবলৈ, তোমালোকৰ পিতৃ প্ৰসন্ন হৈছে।
তোমালোকৰ যি যি সম্পত্তি আছে, সেইবোৰ বিক্ৰী কৰি দৰিদ্ৰ সকলক দান কৰা আৰু যি ঠাইত চোৰ নাযায়, পোকেও নষ্ট নকৰে; এনে স্বৰ্গত নিজৰ কাৰণে পুৰণি হৈ নোযোৱা মোনা যুগুত কৰি অক্ষয় ধন সাঁচি থোৱা কিয়নো য’তে তোমালোকৰ ধন, ত’তে তোমালোকৰ মনো হব।"
"তোমালোকে কঁকাল বান্ধা আৰু তোমালোকৰ চাকি জ্বলি থাকক, আৰু বিয়াৰ পৰা আহি দুৱাৰত টুকুৰিয়ালেই দুৱাৰ মেলি দিবলৈ নিজ নিজ প্ৰভুলৈ বাট চাই থকা মানুহবোৰৰ নিচিনা তোমালোকো হোৱা
প্ৰভু অহাৰ পাছত যি দাস সকলক তেওঁ পৰ দি থকা দেখে, তেওঁলোক ধন্য মই তোমালোকক সঁচাকৈ কওঁ, তেওঁ নিজৰ কঁকাল বান্ধি, তেওঁলোকক ভোজনত বহুৱাই, নিজেই তেওঁলোকক শুশ্ৰূষা কৰিব আৰু আহাৰ বাঢ়ি দিব। তেওঁ মাজৰাতি বা শেষৰাতিও আহি যদি তেওঁলোকক সেইদৰেই দেখে তেনেহলে তেওঁলোক ধন্য।
কোন সময়ত চোৰ আহিব, সেই বিষয়ে ঘৰৰ গৰাকীয়ে জনা হলে, পৰ দি থাকি সিন্ধি দিবলৈ নিজৰ ঘৰ এৰি নিদিলেহেঁতেন; ইয়াক তোমালোকে জানা। তোমালোকো যুগুত হৈ থাকা; কিয়নো যি ক্ষণত তোমালোকে নাভাবা, সেই ক্ষণতে মানুহৰ পুত্ৰ আহিব।"
তেতিয়া পিতৰে ক’লে, "হে প্ৰভু, এই দৃষ্টান্ত অকল আমাৰ বাবে ক’লে নে, নাইবা সকলোকে কৈছে?" তাতে প্ৰভুৱে ক’লে, "নিজৰ ভৃত্য সকলক উচিত সময়ত নিৰূপিত আহাৰ দিবলৈ, প্ৰভুৱে সিহঁতৰ ওপৰত যাক গৰাকী পাতিব এনে বিশ্বাসী আৰু বুদ্ধিমান ঘৰগিৰী কোন? প্ৰভু অহা সময়ত যাক এনে কৰা দেখে সেই দাস ধন্য। মই তোমালোকক সঁচাকৈ কওঁ, তেওঁ নিজৰ সর্ব্বস্বৰ ওপৰত তাক ঘৰগিৰী পাতিব।
কিন্তু সেই দাস জনে যদি নিজৰ মনতে কয়, ‘মোৰ প্ৰভু অহাত পলম হ’ব’, আৰু এনেদৰে আন বন্দী বেটীক যদি কোবাবলৈ ধৰে, আৰু ভোজন-পান কৰি তেওঁ মতলীয়া হয়। তেনেহলে যি দিন আৰু সময়ৰ কথা তেওঁ অলপো চিন্তা নকৰে, সেইদিন আৰু সময়তে তেওঁৰ প্ৰভু আহি হাজিৰ হ’ব তাতে প্ৰভুৱে দাসক কাটি টুকুৰা-টুকুৰ কৰিব আৰু অবিশ্বাসী সকলৰ কাৰণে যি ঠাই যুগুত কৰা হৈছে, তেওঁৰ স্থান তাতেই হ’ব
যি দাসে তাৰ প্ৰভুৰ ইচ্ছা জানিও যুগুত হৈ নাথাকে আৰু তেওঁৰ ইচ্ছাৰ দৰে নকৰে, সেই দাসে ভালেমান কোব খাব। কিন্তু যি জনে নাজানি কোবৰ যোগ্য কর্ম কৰে সি তাকৰ কোব খাব যি জনক অধিক দিয়া হৈছিল, তেওঁৰ পৰা অধিক বিচৰা হব; লোক সকলে যি জনক সৰহকৈ গোটাই দিলে, তেওঁৰ পৰা অধিককৈ খুজিব।
মই পৃথিৱীত জুই পেলাবলৈ আহিলোঁ আৰু অহ! যদি এই আশা পূর্ণ হৈ আগতেই প্ৰজ্বলিত হলহেতেন। কিন্তু মই এটা বাপ্তিস্মৰে বাপ্তাইজিত হ’ব লাগে, আৰু সেয়া সম্পন্ন নোহোৱালৈ মই বহুত কষ্ট পাই আছোঁ!
মই পৃথিৱীত শান্তি দিবলৈ আহিছোঁ বুলি ভাবিছা নে? মই তোমালোকক কওঁ, তেনে নহয়, কিন্তু বিভেদহে দিবলৈ আহিলোঁ। এতিয়াৰ পৰা ঘৰৰ পাঁচ জন ভিন ভিন হৈ, দুজনৰ বিপক্ষে তিনি জন, তিনি জনৰ বিপক্ষে দুজনহে হব। পুতেকৰ বিপক্ষে বাপেক; বাপেকৰ বিপক্ষে পুতেক; জীয়েকৰ বিপক্ষে মাক, মাকৰ বিপক্ষে জীয়েক; বোৱাৰীৰ বিপক্ষে শাহুৱেক, শাহুৱেকৰ বিপক্ষে বোৱাৰী ভিন ভিন হৈ যাব।"
ইয়াৰ পাছত যীচুৱে লোক সকলৰ ফালে চাই ক’লে, "পশ্চিম দিশত ডাৱৰ এচটা উঠা দেখিলেই, আপোনালোকে কয় ‘বৰষুণ আহিব’ আৰু পাছত সেইদৰে হয়। দক্ষিণ ফালৰ বতাহ বুলিলে কয় ‘বৰ জহ হব’; পাছত সেই জনো সেইদৰে ঘটে। হে কপটীয়া সকল, আপোনালোকে পৃথিৱীৰ আৰু আকাশৰ ৰূপ নির্ণয় কৰিব জানে; কিন্তু এই কালৰ বিষয়ে কিয় আপোনালোকে বিচাৰ কৰিব নাজানে?
নিজৰ বিষয়ে উচিত বিচাৰ কি কাৰণত কৰিব নোৱাৰে? কিয়নো আপোনাৰ গুচৰিয়াৰ সৈতে আপুনি যেতিয়া বিচাৰকৰ ওচৰলৈ যায়, তেতিয়া বাটতেই তেওঁৰ পৰা মুক্ত হবলৈ চেষ্টা কৰে যাতে তেওঁ আপোনাক বিচাৰকর্তাৰ সন্মুখলৈ বলেৰে টানি নিনিয়ে আৰু বিচাৰকর্তাই দাৰোগাৰ হাতত শোধাই নিদিয়ে; তেতিয়া দাৰোগায়ো বন্দীশালত সোমাই থব নোৱাৰিব। মই আপোনালোকক কওঁ, শেষ পইচাটোও পৰিশোধ নকৰালৈকে কোনো প্ৰকাৰে আপুনি কাৰাগাৰৰ পৰা মুক্ত হব নোৱাৰিব"
এই হেতুকে তোমাৰ হৃদয়ৰ পৰা ক্রোধ দূৰ কৰা; তোমাৰ শৰীৰৰ কষ্টলৈ মনোযোগ নিদিবা; কিয়নো যৌৱন আৰু যুবা কালৰ শক্তি ভাপ-স্বৰূপ।
União e harmonia
O corpo é um só, mas tem muitos membros. Cristo é a cabeça; a paz de Cristo governe em vossos corações.
শৰীৰ এক আৰু আত্মাও এক; ঠিক সেইদৰে আপোনালোক সকলো এক আমন্ত্রণৰ আশাৰ কাৰণে আমন্ত্ৰিত হ’ল��
হে ভাৰ্যা সকল, আপোনালোক যেনেকৈ প্ৰভুৰ, তেনেকৈ নিজ নিজ স্বামীৰো বশীভূত হওক; কিয়নো খ্ৰীষ্ট যেনেকৈ মণ্ডলীৰ মূৰ আৰু নিজেই শৰীৰৰ ত্ৰাণকৰ্তা, তেনেকৈ স্বামীও ভাৰ্য্যাৰ মূৰ স্বৰূপ হৈছে।
এতিয়া আপোনালোকৰ সকলোৰে হৃদয়ত খ্ৰীষ্টৰ শান্তিয়ে কৰ্ত্তৃত্ব কৰক; আপোনালোক তাৰ কাৰণেই এক শৰীৰত আমন্ত্ৰিত হ’ল; আৰু কৃতজ্ঞ হওক।
ঈশ্বৰ যিহোৱাই মানুহৰ পৰা উলিওৱা কামী-হাড়ডালেৰে এগৰাকী স্ত্ৰী নিৰ্ম্মাণ কৰি তেওঁক মানুহৰ ওচৰলৈ লৈ আনিলে। তেতিয়া মানুহে ক’লে, "এতিয়া হৈছে; এওঁ মোৰ হাড়ৰো হাড়, মোৰ মঙহৰো মঙহ; এওঁক ‘নাৰী’ বুলি মতা হ’ব; কিয়নো এওঁক নৰৰ পৰা লোৱা হৈছে।" সেইবাবে মানুহে নিজৰ পিতৃ মাতৃক ত্যাগ কৰি তেওঁৰ স্ত্রীৰ প্রতি আসক্ত হ’ব আৰু তেওঁলোক দুয়োজন এক দেহ হ’ব।
এই কাৰণে আমি নিৰুৎসাহ নহওঁ; যদিও আমাৰ বাহ্যিক পুৰুষ বিনষ্ট হৈ আছে, তথাপি আমাৰ আন্তৰিক পুৰুষ দিনে দিনে নতুন হৈ উঠিছে।
তাতে আমি যেন পাপৰ সম্বন্ধে মৰি, ধাৰ্মিকতাৰ সম্বন্ধে জীয়াই থাকো, আৰু এই কাৰণে তেওঁ নিজ শৰীৰত আমাৰ ভাৰ বৈ কাঠৰ ওপৰলৈ নিলে�� তেওঁৰ সাঁচৰ দ্বাৰাই আপোনালোক সুস্থ হ’ল��
কিয়নো আমি সকলোৱে অনেক বিষয়ত ত্ৰুটি কৰোঁ। কোনো লোক এজনে যদি বাক্যত ত্ৰুটি নকৰে, তেওঁহে সিদ্ধ লোক, আনকি নিজ শৰীৰকো সম্পূর্ণৰূপে দমন কৰিবলৈ সেই জন সমৰ্থ।