Criação
A criação revela a glória de Deus. Céus, terra, mares e tudo o que existe testemunham o poder criador. No princípio Deus criou — e tudo era muito bom.
No princípio
No princípio criou Deus os céus e a terra. O Espírito de Deus pairava sobre as águas. E Deus disse: haja luz.
প্রথম দিন
আদিতে ঈশ্বৰে আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে। পৃথিবীৰ আকাৰ নাছিল আৰু সম্পূর্ণ শূণ্য আছিল; তাৰ ওপৰত আন্ধাৰে ঢকা অগাধ জল আছিল আৰু ঈশ্বৰৰ আত্মাই সেই জলৰ ওপৰত উমাই আছিল।
প্রথম মনুষ্য নির্ম্মাণ
তাৰ পাছত ঈশ্বৰে ক’লে, "আমি নিজৰ প্ৰতিমুৰ্ত্তিৰ দৰে আমাৰ সাদৃশ্যেৰে মানুহ নিৰ্ম্মাণ কৰোঁহক; তেওঁলোকে সমুদ্ৰৰ মাছ, আকাশৰ চৰাই, ঘৰচীয়া পশু, সমুদায় পৃথিৱী আৰু পৃথিবীত বগাই ফুৰা প্রাণীৰ ওপৰত অধিকাৰ চলাওঁক।"
তেতিয়া ঈশ্বৰে নিজৰ প্ৰতিমূৰ্ত্তিৰে মানুহ সৃষ্টি কৰিলে; ঈশ্বৰে নিজৰ প্ৰতিমূৰ্ত্তিৰেই মানুহ সৃষ্টি কৰিলে; তেওঁ তেওঁলোকক পুৰুষ আৰু স্ত্ৰী কৰি সৃষ্টি কৰিলে।
ঈশ্বৰে সেই সপ্তম দিনক আশীৰ্ব্বাদ কৰি পবিত্ৰ কৰিলে; কিয়নো সেইদিনা ঈশ্বৰে নিজৰ সকলো সৃষ্টি কাৰ্যৰ পৰা বিশ্ৰাম ল’লে।
প্রথম নাৰী
তাৰ পাছত ঈশ্বৰ যিহোৱাই ক’লে, "মানুহ অকলে থকা ভাল নহয়; মই তেওঁৰ বাবে এজন উপযুক্ত সহকাৰী নিৰ্ম্মাণ কৰিম।"
O poder criador
Pela palavra do Senhor foram feitos os céus. Tudo foi criado por Ele e para Ele — o visível e o invisível.
যিহোৱাৰ বাক্যৰ দ্বাৰাই আকাশ-মণ্ডল নির্মাণ কৰা হ’ল,
তাত থকা সকলো বাহিনী তেওঁৰ মুখৰ প্ৰশ্বাসেৰে নির্মিত হ’ল।
পৰ্ব্বতবোৰ উৎপন্ন হোৱাৰ আগেয়ে,
পৃথিৱী আৰু জগত সৃষ্টিৰ আগতে,
অনাদি কালৰ পৰা অনন্ত কাল পর্যন্ত তুমিয়েই ঈশ্বৰ।
আহাঁ, আমি আঁঠুকাঢ়ি প্ৰণিপাত কৰোঁ,
আমাৰ সৃষ্টিকৰ্ত্তা যিহোৱাৰ আগত আঁঠু লওঁ;
যাত্ৰাৰ সঙ্গীত।
মই পৰ্ব্বতবোৰৰ ফালে মোৰ চকু তুলি কওঁ,
ক’ৰ পৰা মোৰ সহায় আহিব?
যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই যিহোৱাৰ পৰা মোৰ সহায় আহিব।
যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে,
সেই যিহোৱাৰ নামত আমি সহায় পাওঁ।
এয়ে সেই দিন, যি দিন যিহোৱাই নিৰূপণ কৰিলে;
আহাঁ, আমি এই দিনত আনন্দ কৰোঁ আৰু উল্লাস কৰোঁ।
তুমিয়েই মোৰ অন্তর্ভাগ সৃষ্টি কৰিলা,
তুমি মোক মাতৃৰ গৰ্ভতে গঠন কৰিলা।
মই তোমাৰ প্ৰশংসা কৰোঁ;
কিয়নো মই অতি বিস্ময় আৰু আশ্চর্যজনক ভাৱে নিৰ্ম্মিত হলোঁ;
তোমাৰ কাৰ্যবোৰ আচৰিত,
তাক মই ভালদৰেই জানো।
Criador e Sustentador
O Deus eterno não se cansa nem se fatiga. Dele, por Ele e para Ele são todas as coisas — a Ele seja a glória.
তুমি জনা নাই নে? তুমি জানো শুনা নাই?
অনাদি অনন্ত ঈশ্বৰ যিহোৱাই, পৃথিৱীৰ সীমাবোৰ সৃষ্টিকৰ্ত্তা
তেওঁ ক্লান্ত নহয়, আৰু ভাগৰ নাপায়, আৰু তেওঁৰ বুদ্ধি অগম্য।
যি কোনোৱে নিজৰ নিৰ্মাণকৰ্ত্তাৰ লগত বাদানুবাদ কৰে, তেওঁৰ সন্তাপ হ’ব! তেওঁ পৃথিবীৰ সকলো মাটিৰ খোলাকটিবোৰৰ মাজৰ এডোখৰ খোলাকটি মাথোন!
‘তুমি কি কৰিছা?’ এই বুলি জানো কুমাৰ জনক মাটিয়ে ক’ব? বা ‘তুমি কি বনাইছা- যেতিয়া তুমি এইটো কৰিছিলা তেতিয়া তোমাৰ অধিকাৰ নাছিল নেকি?’ তাৰ হাত নাই, এই বুলি জানো তোমাৰ সজা বস্তুৱে ক’ব?
"হে প্ৰভু যিহোৱা, চোৱা, তুমিয়েই তোমাৰ মহা শক্তিৰে আৰু মেলা বহুৰে আকাশ-মণ্ডল আৰু পৃথিৱী নিৰ্মাণ কৰিলা। তোমাৰ অসাধ্য একোৱেই নাই;
তেওঁ আকাশ-মণ্ডলত নিজৰ উচ্চ কোঁঠালিবোৰ সাজিলে, আৰু পৃথিৱীৰ ওপৰত নিজৰ চন্দ্ৰতাপৰ দৰে আকাশ স্থাপন কৰিলে।
তেওঁ সমুদ্ৰৰ জলক আহ্বান কৰি ভুমিৰ ওপৰত ঢালি দিয়ে।
যি জনাই এই সকলো কৰে, তেওঁৰ নাম যিহোৱা।
কিয়নো সকলো বস্তু তেওঁৰ পৰা, তেওঁৰ দ্বাৰাই আৰু তেওঁৰ কাৰণেই হয়; তেওঁৰেই মহিমা চিৰকাল হওক। আমেন।
কিয়নো ঈশ্ৱৰৰ সেই অদৃশ্য গুণবোৰৰ বিষয়ে, জগত সৃষ্টিৰ কালৰে পৰা তেওঁ সৃষ্টি কৰা সকলোকে বোধগম্য হৈ স্পষ্টকৈ দেখা গৈছে, যাতে তেওঁৰ অনাদি অনন্ত পৰাক্ৰম আৰু ঐশ্বৰিক স্বভাৱৰ বিষয়ে আপোনালোকৰ একো নজনাৰ কাৰণ নাথাকে;
কাৰণ ঈশ্বৰৰ সন্তান সকল প্ৰকাশিত হোৱালৈ, সৃষ্টিৰ আশাই বাট চাই আছে।
Nova criação
Se alguém está em Cristo, nova criatura é. O Criador faz novas todas as coisas — na natureza e na redenção.
এতেকে কোনো যদি খ্ৰীষ্টত আছে, তেনেহলে তেওঁ নতুন সৃষ্টি। পুৰণিবোৰ লুপ্ত হ’ল; চাওক, নতুন হ’ল।
কিয়নো আমি ঈশ্বৰৰ কাৰিকৰী; যি সৎ কাম ঈশ্বৰে আমাৰ কাৰণে আগেয়ে প্রস্তুত কৰিলে, সেই পথত চলিবলৈ আৰু সৎ কাম কৰিবলৈ ঈশ্বৰে আমাক খ্রীষ্ট যীচুত সৃষ্টি কৰিলে।
ঈশ্বৰে তেওঁৰ নিজ ইচ্ছাৰে সত্য বাক্যৰ দ্বাৰাই আমাক জীৱন দিলে যাতে তেওঁৰ সৃষ্ট বস্তুবোৰৰ মাজত আমি যেন এবিধ প্ৰথম ফল হওঁ।
কাৰণ প্ৰত্যেক গৃহ কোনো জনৰ দ্বাৰাই নির্মাণ কৰা হয়, কিন্তু যি জনে সকলোকে নির্মাণ কৰিলে, তেওঁ ঈশ্বৰ।
কিয়নো আমি তেওঁতে জীয়াই আছোঁ, চলা-ফুৰা কৰিছোঁ আৰু আছোঁ, যেনেকৈ আপোনালোকৰ কবি সকলৰ এজনে কৈছে, ‘কাৰণ আমিও তেওঁৰ সন্তান।’
আৰু স্বৰ্গত, পৃথিৱীত, পৃথিৱীৰ তলত আৰু সাগৰত যি সকলো সৃষ্ট বস্তু আছে সেই সকলোৱে কোৱা শুনিলোঁ,
"সিংহাসনত বহি থকা জন আৰু মেৰ-পোৱালি জনৰ প্ৰশংসা, মৰ্যদা, মহিমা আৰু পৰাক্ৰম চিৰকাল হওক"।
Este artigo te tocou? Faça uma oração!
+581 estão orando agora.
Junte-se à corrente de oração.