Tomar uma decisão
Tomar decisões com sabedoria é um dos maiores desafios da vida. A Bíblia nos ensina a buscar a Deus em oração, na Palavra e no conselho, confiando que Ele dirige os nossos passos.
Buscar a Deus
Se algum de vós tem falta de sabedoria, peça a Deus. Ele dá generosamente e sem repreensão a todos os que pedem.
কিন্তু আপোনালোকৰ কাৰোবাৰ যদি জ্ঞানৰ অভাৱ হয় তেনেহলে যি জন দিওঁতা ঈশ্ৱৰ, যি জনে গৰিহণা নকৰাকৈ মুক্তহস্তে সকলোকে দান কৰে, তেওঁক যাচনা কৰক আৰু তাতে আপোনালোকক দিয়া হ’ব।
এই বিষয়ত আমাৰ দৃঢ় আস্থা আছে যে, আমি যদি তেওঁৰ ইচ্ছা অনুসাৰে তেওঁৰ ওচৰত যি কোনো বিষয় বিচাৰো, তেনেহলে তেওঁ আমাৰ যাচনা শুনে;
কিন্তু আমি যদি আমাৰ পাপবোৰ স্বীকাৰ কৰোঁ, তেনেহলে বিশ্বাসী আৰু ধাৰ্মিক যি তেওঁ, তেওঁ আমাৰ পাপবোৰ ক্ষমা কৰে আৰু সকলো অধৰ্মৰ পৰা আমাক শুচি কৰে।
তুমি সমস্ত মনেৰে সৈতে যিহোৱাক বিশ্বাস কৰা;
আৰু তোমাৰ নিজৰ বিবেচনাত তুমি নিৰ্ভৰ নকৰিবা।
তোমাৰ সকলো পথত তেওঁক স্বীকাৰ কৰিবা,
আৰু তেওঁ তোমাৰ পথবোৰ পোন কৰিব।
তোমাৰ সকলো পথত তেওঁক স্বীকাৰ কৰিবা,
আৰু তেওঁ তোমাৰ পথবোৰ পোন কৰিব।
কাৰণ যিহোৱাই কৈছে, মই তোমালোকৰ বিষয়ে কৰা সঙ্কল্প ময়েই জানো; তোমালোকৰ শেষ-অৱস্থাত তোমালোকক আশা দিবলৈ সেয়ে মঙ্গলৰ সঙ্কল্প, অমঙ্গলৰ নহয়।
Conselho e direção
Onde não há conselho os planos se frustam. Toda Escritura é útil para nos guiar nas decisões da vida.
যি খন দেশ জ্ঞানেৰে পৰিচালিত নহয়, সেই দেশৰ পতন হয়;
কিন্তু বহুত উপদেষ্টাৰ আলোচনাৰ দ্বাৰাই দেশৰ উন্নতি হয়।
চিঠি-খেলৰ গুটি কোঁচত পৰে,
কিন্তু সিদ্ধান্ত যিহোৱাৰ পৰা হয়।
যি জনে নিজকে পৃথকে ৰাখে, তেওঁ কেৱল নিজৰ আকাংক্ষা সিদ্ধিৰ চেষ্টা কৰে,
আৰু সকলো সুপৰামৰ্শৰ বিৰুদ্ধে যুঁজ কৰে।
অজ্ঞানী লোকে বিবেচনাত সন্তোষ নাপায়,
কিন্তু কেৱল নিজৰ হৃদয়ত থকা কথা প্ৰকাশ কৰে।
যেতিয়া দুষ্ট লোক আহে, তেওঁৰ লগত অপমানো আহে;
আৰু অপমানৰ লগত নিন্দাও আহে।
মানুহৰ মুখৰ কথা গভীৰ জলৰ দৰে;
প্রজ্ঞাৰ ভুমুক বৈ থকা জুৰিৰ নিচিনা।
দুষ্ট লোকলৈ পক্ষপাত হোৱা ভাল নহয়,
আৰু ন্যায় কৰা সকলৰ বিচাৰ অগ্রাহ্য কৰা ভাল নহয়।
অজ্ঞানী লোকৰ ওঁঠে তেওঁৰ লগত বিবাদ আনে,
আৰু তেওঁৰ মুখৰ কথাই তেওঁক মাৰ খোৱাই।
অজ্ঞানী লোকৰ মুখে তেওঁৰ ধ্বংস আনে,
আৰু তেওঁৰ ওঁঠে তেওঁক ফান্দত পেলাই।
পৰচৰ্চ্চাকাৰীৰ কথা সুস্বাদু আহাৰৰ দৰে;
সেয়ে শৰীৰৰ ভিতৰৰ অংশলৈকে সোমায় যায়।
আৰু যি জনে নিজৰ কাৰ্যত অৱহেলা কৰে,
তেওঁ ধ্বংসকাৰীৰ ভায়েকৰ দৰে।
যিহোৱাৰ নাম দৃঢ় দুৰ্গ স্বৰূপ;
সৎ কাৰ্য কৰা লোকে পলাই গৈ সেই দুৰ্গত ৰক্ষা পায়।
ধনৱানৰ ধন-সম্পত্তিয়েই তেওঁৰ দৃঢ় নগৰ;
আৰু তেওঁৰ কল্পনাত সেইবোৰ ওখ দেৱালৰ দৰে।
পতনৰ পূৰ্বে মানুহৰ হৃদয় অহংকাৰী হয়,
কিন্তু নম্ৰতা সন্মানৰ আগে আহে।
যি জনে নুশুনাৰ পূৰ্বেই উত্তৰ দিয়ে,
সেয়ে তেওঁৰ অজ্ঞানতা আৰু অপমান।
মানুহৰ আত্মাই অসুস্থতাতো জীয়াই ৰাখিব;
কিন্তু ভগ্ন আত্মাক কোনে সহিব পাৰে?
সকলো ধৰ্মশাস্ত্ৰ ঈশ্বৰৰ দ্বাৰা নিশ্বাসিত আৰু শিক্ষাৰ বাবে, অনুযোগৰ বাবে, শুধৰণিৰ বাবে আৰু ধাৰ্মিকতা সম্বন্ধীয় শিক্ষাত লাভজনক;
যাতে ঈশ্বৰৰ মানুহ সিদ্ধ আৰু সকলো সৎ কর্মৰ কাৰণে সুসজ্জিত হব পাৰে��
আৰু মূচিয়াৰ সীমান্ত অঞ্চলত আহি তেওঁলোকে বিথুনিয়া গাওঁলৈ যাবৰ বাবে চেষ্টা কৰিলে, কিন্তু প্রভু যীচুৰ আত্মাই তেওঁলোকক যাবলৈ নিদিলে।
আন্তিয়খিয়াত থকা মণ্ডলীত কেইজনমান ভাৱবাদী আৰু উপদেশক আছিল�� তেওঁলোক বাৰ্ণব্বা, চিমোন, যি জনক নিগ্ৰ বোলে, কুৰীণীৰ লুকীয়, হেৰোদ ৰজাৰ লগত প্ৰতিপালিত হোৱা মনহেম আৰু চৌল�� যি সময়ত তেওঁলোকে প্ৰভুৰ উপাসনা কৰি লঘোন দি আছিল, সেই সময়তে পবিত্ৰ আত্মাই কলে, "যি কৰ্ম কৰিবলৈ মই বাৰ্ণব্বা আৰু চৌলক মাতিলোঁ, সেই কৰ্মৰ কাৰণে তেওঁলোকক মোলৈ পৃথক কৰি দিয়া��" তাতে তেওঁলোকে লঘোন দি প্ৰাৰ্থনা কৰি, সেই দুজনৰ ওপৰত হাত দি পঠিয়াই দিলে��
Confiar e seguir
Seja o que for que façais, fazei tudo para a glória de Deus. O sábio ouve a Deus antes de agir.
এতেকে আপোনালোকে ভোজন-পান আদি যি যি কৰ্ম কৰে, সকলোকে ঈশ্বৰৰ মহিমাৰ অৰ্থে কৰিব।
এতেকে ইমানবোৰ সাক্ষীয়ে আমাক চাৰিওফালে বেৰি থকা দেখি, আহক, আমিও আটাই বাধা আৰু আমাক লগ ধৰি থকা পাপ দূৰ কৰি আমাৰ আগত থকা দৌৰৰ পথত ধৈৰ্যৰে দৌৰোহঁক,
গিবিয়োনতে যিহোৱাই ৰাতি সপোনত চলোমনক দৰ্শন দিলে; তেওঁ ক’লে, "খোজা! মই তোমাক কি বৰ দিম।"
তেতিয়া চলোমনে ক’লে, "আপোনাৰ দাস মোৰ পিতৃ দায়ূদে সত্যতা, ধাৰ্মিকতা আৰু সৰল চিত্তেৰে যি আচৰণ কৰিলে, সেইদৰে আপুনি তেওঁক অতিশয় দয়া কৰিলে�� বিশেষকৈ তেওঁক এনে মহা-অনুগ্ৰহ কৰিলে যে, আজিৰ দৰে তেওঁৰ সিংহাসনত বহিবলৈ তেওঁক এজন পুত্ৰও দিলে।
এতিয়া, হে মোৰ ঈশ্বৰ যিহোৱা, আপুনি মোৰ পিতৃ দায়ূদৰ পদত আপোনাৰ এই দাসক ৰজা পাতিলে, কিন্তু মই সৰু ল’ৰা মাথোন�� মই বাহিৰলৈ ওলাব আৰু অানকি ভিতৰলৈ সোমাবলৈকো নাজানো। আপোনাৰ এই দাস, আপুনি মনোনীত কৰা আপোনাৰ দাসবোৰৰ মাজত আছে; তেওঁলোক মহাজাতি, সংখ্যাত অগণন বা গণিব নোৱাৰা। এতেকে আপোনাৰ প্ৰজাসকলৰ বিচাৰ কৰিবৰ অৰ্থে, আপোনাৰ এই দাসক ভাল বেয়া বুজিবলৈ জ্ঞানযুক্ত মন দিয়ক�� কিয়নো আপোনাৰ এনে বৃহৎ জাতিৰ বিচাৰ কৰা কাৰ সাধ্য?"
চলোমনে এনে বৰ খোজাত, প্ৰভুৱে তেওঁৰ প্ৰাৰ্থনাত সন্তোষ পালে। তেতিয়া ঈশ্বৰে তেওঁক ক’লে, "কিয়নো তুমি এনে বিষয় বিচাৰিলা, আৰু নিজৰ কাৰণে দীঘল আয়ুস বা ঐশ্বৰ্য্য বা তোমাৰ শত্ৰুৰ প্ৰাণ নুখুজিলা, কিন্তু সুবিচাৰ কৰিবলৈ নিজৰ কাৰণে জ্ঞান বিচাৰিলা, এই কাৰণে চোৱা, মই তোমাৰ বাক্যৰ দৰেই সকলো কৰিলোঁ। তোমাক মই এনে জ্ঞান আৰু বুদ্ধি থকা মন দিলা যে, তোমাৰ আগেয়ে তোমাৰ তুল্য কোনো হোৱা নাই বা তোমাৰ পাছতো উৎপন্ন নহ’ব।
পাছত তেওঁৰ তিৰোতাই তেওঁক ক’লে, "আপুনি এতিয়াও নিজৰ সিদ্ধতা ৰক্ষা কৰি থাকিব নে? ঈশ্বৰক বিদায় দিয়ক আৰু প্ৰাণত্যাগ কৰক।" তেতিয়া তেওঁ তাইক ক’লে, "এজনী অজ্ঞানী তিৰোতাৰ দৰে তুমি কথা কৈছা। আমি ঈশ্বৰৰ পৰা মঙ্গলহে গ্ৰহণ কৰিম নে, অমঙ্গলকো জানো গ্ৰহণ নকৰিম?" এই সকলো বিষয়ত ইয়োবে নিজ ওঁঠেৰে পাপ নকৰিলে।