Dia dos pais
O Dia dos Pais celebra o amor e o sacrifício paterno. A Bíblia honra os pais como provedores, protetores e guias espirituais que moldam as próximas gerações.
O pai que educa
Instrui a criança no caminho em que deve andar. O pai justo educa com amor, firmeza e o exemplo de uma vida íntegra.
সন্তানক তাৰ চলিবলগীয়া পথ অনুসাৰে শিক্ষা দিয়া,
তাতে তেওঁ প্রাপ্ত বয়স্ক হ’লেও তেওঁ তাৰ পৰা ঘূৰি নাহিব।
যি জনে নিজৰ সন্তানক নিয়মানুৱৰ্তিতাত নচলায়, তেওঁ তাক ঘিণ কৰে,
কিন্তু যিজনে তাক প্ৰেম কৰে, তেওঁ উচিত সময়ত তাক শাস্তিও দিয়ে।
ন্যায় কাৰ্য কৰা লোকে নিজৰ ন্যায়পৰায়ণতাত চলে,
আৰু তেওঁক অনুসৰণ কৰা তেওঁৰ সন্তান সকল সুখী হয়।
ন্যায় কাৰ্য কৰা জনৰ পিতৃ অতিশয় উল্লাসিত হয়,
আৰু জ্ঞানী পুত্ৰৰ জন্মদাতাই তেওঁৰ বাবে আনন্দ কৰিব।
যিহোৱাক ভয় কৰাই দৃঢ়-বিশ্বাস,
আৰু এয়ে তেওঁৰ সন্তান সকলৰ বাবে আশ্ৰয় স্থল হ’ব।
Honra e alegria
Honra a teu pai e tua mãe. Os filhos são herança do Senhor, e a família que serve a Deus junta é inabalável.
তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক যি দেশ দিছে, সেই দেশত তোমালোকৰ আয়ুস দীঘল হ’বলৈ, তোমালোকে তোমালোকৰ পিতৃ-মাতৃক সন্মান কৰিবা।
সন্তান সকল যিহোৱাই দিয়া আধিপত্য আৰু গৰ্ভফল তেৱেঁই দিয়া পুৰস্কাৰ।
বীৰৰ হাতত কাঁড়বোৰ যেনে,
যুবা সন্তান সকলো তেনে।
সেই পুৰুষ সুখী, যিজনৰ কাঁড়েৰে পূর্ণ কাঁড় থোৱা চূঙা থাকে।
নগৰৰ দুৱাৰত শত্ৰুবোৰে সৈতে তেওঁ যেতিয়া কথা পাতে, তেওঁ লজ্জিত নহ’ব।
যদি যিহোৱাৰ আৰাধনা কৰাত বেয়া লাগিছে, তেন্তে ইউফ্ৰেটিচ নদীৰ সিপাৰে থকা তোমালোকৰ ওপৰ-পিতৃসকলে পূজা কৰা দেৱতাবোৰেই হওঁক বা যিসকলৰ দেশত তোমালোকে বাস কৰিছা, সেই ইমোৰীয়াসকলৰ দেৱতাবোৰেই হওঁক, যাৰ আৰাধনা কৰিবা তাক আজিয়েই মনোনীত কৰা�� কিন্তু মই আৰু মোৰ পৰিয়ালে হ’লে যিহোৱাৰ আৰাধনা কৰিম।"
আপোনালোক সজাগ হৈ থাকক; বিশ্বাসত সুস্থিৰ হোৱা, ডেকা সকলৰ দৰে শক্তিমন্ত হওক।
পাছত তেওঁ তেনে ভাবেৰেই দেউতাকৰ ওচৰলৈ আহিল। কিন্তু তেওঁ ঘৰৰ পৰা দূৰৈত থাকোতেই, দেউতাকে দেখিলে আৰু তেওঁক চাই মৰম লগাত চুমা খালে। তেতিয়া পুতেকে ক’লে, ‘দেউতা স্বৰ্গৰ অহিতে আৰু আপোনাৰ দেখাত, মই পাপ কৰিলোঁ। আপোনাৰ পুত্ৰ বুলি মোক মাতিবলৈও মই এতিয়া যোগ্য নহওঁ’।
কিন্তু বাপেকে দাসবোৰক ক’লে, ‘আটাইতকৈ উত্তম বস্ত্ৰ বেগাই আনি এওঁক পিন্ধাই দে; এওঁৰ হাতত আঙঠি, ভৰিত জোতা দে; পোহনীয়া দামুৰিটো আনি মাৰ�� আহা, আমি ভোজন কৰি, ৰং কৰোঁহক;