Dinheiro
O dinheiro é ferramenta que pode ser usada para o bem ou para o mal. A Bíblia nos ensina a administrar recursos com sabedoria, generosidade e temor ao Senhor.
Perspectiva bíblica
Guardai-vos da avareza. A vida não consiste na abundância de bens. O dinheiro é servo, nunca senhor.
তেওঁ তেওঁলোকক পুনৰ ক’লে, "সকলো লোভৰ পৰা নিজকে দুৰত ৰাখি সাৱধানে থাকিবা; কিয়নো উপচি পৰিলেও মানুহৰ জীৱন তেওঁৰ সম্পত্তিৰ ওপৰত নির্ভৰ নহয়।"
কিয়নো য’তে তোমালোকৰ ধন থাকিব, ত’তে তোমালোকৰ মনো হ’ব।
প্ৰভুৱে তেওঁক ক’লে, ‘চাবাইচ উত্তম বিশ্বাসী দাস! অলপ বিষয়তে তুমি বিশ্বাসী আছিলা, তোমাক বহু বিষয়ত গৰাকী পাতিম�� তুমি তোমাৰ প্ৰভুৰ আনন্দৰ ভাগী হোৱা��’
যেতিয়া তোমাৰ দৃষ্টি ধনত পৰে, সেয়ে গুচি যায়,
আৰু হঠাতে ডেউকা লগাই,
আৰু ঈগলৰ দৰে আকাশলৈ উৰি যায়।
ধনী হ’বলৈ অধিক কষ্ট নকৰিবা,
কেতিয়া বন্ধ কৰিব লাগে সেই কথা জানিবলৈ যথেষ্ট জ্ঞানী হোৱা।
যি মানুহে ধন-ৰূপ ভাল পায়, তেওঁ কেতিয়াও ধন-ৰূপত তৃপ্ত নহয়;
যি মানুহে অধিক ধন-সম্পত্তি বিচাৰে,
তেওঁ আয়ত তৃপ্ত নহয়।
ইও অসাৰ।
Administrar com sabedoria
Honra ao Senhor com as tuas primícias. O sábio administra seus recursos com prudência e visão de eternidade.
আৰু তোমাৰ সম্পত্তিৰে,
আৰু তোমাৰ সকলো উৎপাদনৰ প্রথম ফলৰ সৈতে যিহোৱাক সমাদৰ কৰা।
যিহোৱাৰ আশীৰ্ব্বাদে ধনৱান কৰে,
আৰু তেওঁ তাৰ সৈতে কোনো দুখ যোগ নকৰে।
দুষ্টতাৰে অৰ্জন কৰা ধন-সম্পত্তিৰ কোনো মূল্য নাই;
কিন্তু সত্যতাৰে কার্য কৰা জনক মৃত্যুৰ পৰা উদ্ধাৰ কৰে।
অধিক অহঙ্কাৰে সম্পত্তি হ্রাস কৰে;
কিন্তু যি জনে পৰিশ্ৰমেৰে ধন উপাৰ্জন কৰে, তেওঁৰ ধন বৃদ্ধি হয়।
সোণতকৈ প্রজ্ঞা লাভ কৰা কেনে উত্তম!
আৰু সুবিবেচনা নিৰ্বাচন কৰা ৰূপতকৈ কেনে উত্তম।
প্ৰচুৰ ধনতকৈয়ো সুনাম মনোনীত কৰা,
সোণ আৰু ৰূপতকৈ অনুগ্ৰহ উত্তম।
বিভ্রান্তিৰ সৈতে বৃহৎ ভঁৰালতকৈ
যিহোৱালৈ ভয় কৰি ৰখা অলপেই ভাল।
আনুগত্য মানুহৰ ইচ্ছাৰে হয়,
আৰু মিছলীয়াতকৈ দৰিদ্ৰ লোক ভাল।
অহংকাৰ আৰু মিছা কথা মোৰ পৰা দূৰ কৰা;
মোক দৰিদ্ৰ নাইবা ধনৱান নকৰিবা;
কেৱল মোৰ প্রয়োজনীয় আহাৰ মোক দিয়া।
Perigos e armadilhas
Quem quer enriquecer cai em tentação. Fuja do amor ao dinheiro e busque contentamento no Senhor.
কিন্তু যি সকলে ধনৱন্ত হবলৈ ইচ্ছা কৰে, তেওঁলোকে পৰীক্ষা আৰু ফান্দত পৰে আৰু নানা ধৰণৰ আৰু হানিজনক অভিলাষত পৰি যি যি কৰে সেইবোৰে তেওঁলোকক ধ্বংস আৰু বিনাশলৈ লৈ যায়।
যি সকল এই জগতত ধনৱন্ত, তেওঁলোকক এই আজ্ঞা দিয়া যে, তেওঁলোক উচ্চমনা নহওক আৰু তেওঁলোকে অনিশ্চিত ধন-সম্পদত ভাৰসা নকৰক�� যি ঈশ্বৰে, আমি ভোগ কৰিবলৈ সকলোকে বাহুল্যৰূপে আমাক দিছে, সেই ঈশ্বৰত ভাৰসা কৰক��
আপোনালোকৰ আচাৰ-ব্যৱহাৰ নিৰ্ল্লোভী হওক, অৰ্থাৎ ধন সম্পত্তিক প্ৰেম কৰা নহওক; আপোনালোকৰ যি আছে, তাতে আপোনালোক সন্তুষ্ট হৈ থাকক; কিয়নো তেৱেঁ কৈছে,
মই তোমাক কেতিয়াও
নেৰিম, কেতিয়াও
ত্যাগ নকৰিম।
ক্ৰোধৰ দিনত ধন-সম্পত্তি মূল্যহীন;
কিন্তু সত্যতাই মৃত্যুৰ পৰা তোমাক উদ্ধাৰ কৰে।
ধনৱানৰ ধন-সম্পত্তিয়েই তেওঁৰ দৃঢ় নগৰ;
আৰু তেওঁৰ কল্পনাত সেইবোৰ ওখ দেৱালৰ দৰে।
Tudo vem de Deus
De ti vem tudo, e das tuas mãos to damos. Os tributos são devidos — dai a César o que é de César e a Deus o que é de Deus.
কিন্তু মই নো কোন, আৰু মোৰ লোকসকল নো কোন, যে, আমি এইদৰে নিজ ইচ্ছাৰে দান দিবলৈ আগবাঢ়িব পাৰিছোঁ? কিয়নো সকলো বস্তু আপোনাৰ পৰাই আহে, আৰু আপোনাৰ যি তাকে আমি অনন্দমনেৰে আপোনাক দিছোঁ।
যাৰ যি পাবলগীয়া, তেওঁ তাক দিয়ক; কৰ দিবলগীয়াক কৰ দিয়ক; মাচুল দিবলগীয়াক মাচুল দিয়ক; ভয় কৰিব লগা জনক ভয় কৰক; সন্মান কৰিবলগীয়া জনক সন্মান কৰক।
আৰু এই কাৰণে আপোনালোকে দিবলগীয়া কৰ আদায় দিয়ক; কিয়নো তেওঁলোক ঈশ্বৰৰ সেৱক হৈ, সেই কৰ্মতেই লাগি থাকে।
দুষ্টলোকৰ প্রচুৰ ধনৰাশিতকৈয়ো,
ধাৰ্মিকৰ অলপ সম্পত্তিয়েই ভাল।
কিয়নো দুষ্টবোৰৰ বাহু ভঙা হব।
কিন্তু যিহোৱাই ধাৰ্মিকসকলক ধৰি ৰাখিব।
ধন-সম্পদত লোকে যিমান আনন্দ পায়,
তোমাৰ আজ্ঞাৰ পথত চলি মই তাতোকৈ অধিক আনন্দ পাওঁ।