Dívidas
As dívidas podem escravizar, mas a Bíblia nos ensina princípios de sabedoria financeira: não se endividar imprudentemente, pagar o que se deve e confiar em Deus como provedor.
O devedor é servo do credor
O rico domina sobre o pobre, e o que toma emprestado é servo do que empresta. A Bíblia convida à liberdade financeira.
ধনী লোকে দৰিদ্ৰ লোকৰ ওপৰত শাসন কৰে,
আৰু যিজনে ধাৰ লয়, তেওঁ ধাৰ দিয়া জনৰ দাস হয়।
তোমাৰ উপকাৰ কৰিবৰ সমৰ্থ থাকিলে,
যিসকলক উপকাৰৰ প্রয়োজন, তেওঁলোকক উপকাৰ নকৰাকৈ নাথাকিবা।
অধিক অহঙ্কাৰে সম্পত্তি হ্রাস কৰে;
কিন্তু যি জনে পৰিশ্ৰমেৰে ধন উপাৰ্জন কৰে, তেওঁৰ ধন বৃদ্ধি হয়।
কোনেও দুজন গৰাকীৰ ওচৰত সেৱাকৰ্ম কৰিব নোৱাৰে; কিয়নো তেওঁ এজনক ঘিণ কৰি আন জনক প্ৰেম কৰিব; নাইবা এজনত আসক্ত হৈ, আন জনক হেয়জ্ঞান কৰিব�� তোমালোকে ঈশ্বৰ আৰু ধন, এই উভয়তে কৰ্ম কৰিব নোৱাৰা।
Princípios financeiros
Pagai a todos o que lhes é devido. Deus promete que o justo não será desamparado e que a bênção virá sobre os obedientes.
যাৰ যি পাবলগীয়া, তেওঁ তাক দিয়ক; কৰ দিবলগীয়াক কৰ দিয়ক; মাচুল দিবলগীয়াক মাচুল দিয়ক; ভয় কৰিব লগা জনক ভয় কৰক; সন্মান কৰিবলগীয়া জনক সন্মান কৰক।
পৰস্পৰে প্ৰেম কৰাৰ বাহিৰে, আন কোনো কথাত আপোনালোক কাৰো ধৰুৱা নহ’ব; কিয়নো যি জনে আন লোকক প্ৰেম কৰে, তেওঁ বিধানকো সিদ্ধ কৰিলে।
দুষ্টই ধাৰে লয়, কিন্তু তাক পৰিশোধ নকৰে;
কিন্তু ধাৰ্মিক লোক দয়াৱান আৰু দানশীল।
কিয়নো গড় কাৰেং বান্ধিবলৈ মন কৰিলে, প্ৰথমতে বহি তাৰ কিমান খৰচ আৰু ইয়াক সম্পূর্ণ কৰিবলৈ সমর্থ আছে নে নাই, এই বিষয়ে গণনা নকৰা আপোনালোকৰ মাজত কোন আছে?
যি জনে তোমাক খোজে, তেওঁক দিয়া; তোমাৰ কোনো বস্তু যদি কোনোবাই লয়, তেনেহলে সেই বস্তু ওভোতাই নিবিচাৰিবা।
আমাৰ ধৰুৱাহঁতক আমি যেনেকৈ ক্ষমা কৰিলোঁ, তেনেকৈ আমাৰো ধাৰ ক্ষমা কৰা।
Contentamento
Seja o vosso viver sem ganância, contentando-vos com o que tendes. O Senhor é suficiente — não nos desamparará.
আপোনালোকৰ আচাৰ-ব্যৱহাৰ নিৰ্ল্লোভী হওক, অৰ্থাৎ ধন সম্পত্তিক প্ৰেম কৰা নহওক; আপোনালোকৰ যি আছে, তাতে আপোনালোক সন্তুষ্ট হৈ থাকক; কিয়নো তেৱেঁ কৈছে,
মই তোমাক কেতিয়াও
নেৰিম, কেতিয়াও
ত্যাগ নকৰিম।
কিয়নো ঈশ্বৰ যিহোৱাই আপোনালোকৰ আগত যি দৰে প্ৰতিজ্ঞা কৰিছিল সেইদৰেই আপোনালোকক আশীৰ্ব্বাদ কৰিব। তেতিয়া আপোনালোকে অনেক জাতিক ঋণ দিব। কিন্তু অন্য লোকৰ পৰা আপোনালোকে ঋণ ল’ব লগা নহ’ব। আপোনালোকে বহুতো জাতিৰ ওপৰত শাসন কৰিব পাৰিব, কিন্তু তেওঁলোকৰ কোনো এজনেও আপোনালোকক শাসন কৰিব নোৱাৰিব।