Fim do mundo
A Bíblia fala sobre o fim do mundo como evento certo e definitivo. Céus e terra passarão, mas as palavras de Jesus jamais passarão. A questão não é se, mas quando.
Os céus passarão
Os céus e a terra passarão, mas as palavras de Jesus permanecerão para sempre. O mundo presente é temporário.
আকাশ আৰু পৃথিৱী লুপ্ত হ’ব, কিন্তু মোৰ বাক্য হলে কেতিয়াও লুপ্ত নহ’ব।
কিন্তু সেই কালৰ ক্লেশৰ পাছতেই সূৰ্য অন্ধকাৰময় হ’ব, চন্দ্ৰয়ো পোহৰ নিদিব; আকাশৰ পৰা তৰাবোৰ খহি পৰিব আৰু আকাশৰ পৰাক্ৰমবোৰ লৰোৱা হ’ব।
কিন্তু অকল পিতৃৰ বাহিৰে স্বৰ্গৰ দূতবোৰ বা পুত্ৰ বা আন কোনেও সেইদিন আৰু সময় নাজানে।
কিন্তু পিতৃৰ বাহিৰে সেই সময় বা দিনৰ প্ৰসংগত কোনো এজনে নাজানে, সেয়া স্বৰ্গৰ দূতেই হওক বা পুত্ৰই হওক৷
O dia do Senhor
O dia do Senhor virá como ladrão. Os céus passarão com grande estrondo, e os elementos se dissolverão no fogo.
কিন্তু চোৰৰ অহাৰ দৰে প্ৰভুৰ দিন আহিব, সেইদিনা আকাশমণ্ডল ডাঙৰ শব্দ কৰি গুচি যাব৷ আকাশৰ সকলো বস্তু জুইত জ্বলি ধ্বংস হব; পৃথিৱী আৰু তাৰ সকলো বস্তু পোৰা যাব।
একে বাক্যৰ গুণে বৰ্তমান এই কালৰ আকাশমণ্ডল আৰু পৃথিৱী জুইৰ দ্বাৰাই ধ্বংস হবলৈ সংৰক্ষণ হৈছে, এইদৰে ভক্তিহীন মানুহবোৰো বিচাৰ আৰু বিনাশ হোৱাৰ দিনলৈকে ৰক্ষিত হৈ অাছে৷
এইদৰে আটাইবোৰ ধ্বংস হবলৈ যোৱা দেখি, আপোনালোকে চিন্তা কৰকচোন, পবিত্ৰ ভক্তি আৰু আচাৰ-ব্যৱহাৰৰ যোগেদি আপোনালোক কেনেকুৱা লোক হোৱা উচিত? পৰম আগ্ৰহেৰে ঈশ্বৰৰ সেই দিনৰ অপেক্ষাত থকা কাৰণে আকাশমণ্ডল পুৰি লয়প্ৰাপ্ত হ’ব আৰু মূলবস্তুবোৰ দগ্ধ হৈ গলি যাব।
প্রভুৰ আগমণৰ কাৰণে প্রস্তুত হোৱা
হে ভাইসকল, এতিয়া সেই কাল বা সেই সময়ৰ কথা মই আপোনালোকলৈ একো লিখাৰ প্রয়োজন নাই; কিয়নো আপোনালোকে নিজেই ভালদৰে জানে যে, ৰাতি যেনেকৈ চোৰ আহে, প্ৰভুৰ দিনটোও তেনেকৈয়ে আহিব। যেতিয়া লোক সকলে "শান্তি আৰু নিৰাপত্তা" ৰ কথা কব, তেতিয়া হঠাতে হোৱা গর্ভৱতীৰ প্ৰসৱ বেদনাৰ নিচিনাকৈ, তেওঁলোকলৈ বিনাশ আহিব আৰু তেওঁলোক কোনোমতেই সাৰিব নোৱাৰিব। কিন্তু হে ভাই সকল, চোৰৰ আহিব পৰাকৈ সেইদিন আপোনালোকৰ ওচৰত উপস্থিত হবলৈ, এতিয়া আপোনালোক পুনৰ আন্ধাৰত থকা নাই; কিয়নো আপোনালোক সকলোৱেই পোহৰ আৰু দিনৰ সন্তান। আমি ৰাতি বা আন্ধাৰৰ লোক নহওঁ।
কিন্তু হে ভাই সকল, চোৰৰ আহিব পৰাকৈ সেইদিন আপোনালোকৰ ওচৰত উপস্থিত হবলৈ, এতিয়া আপোনালোক পুনৰ আন্ধাৰত থকা নাই; কিয়নো আপোনালোক সকলোৱেই পোহৰ আৰু দিনৰ সন্তান। আমি ৰাতি বা আন্ধাৰৰ লোক নহওঁ। এই হেতুকে আহক, আমি আন লোকবোৰৰ নিচিনাকৈ টোপনিয়াই নাথাকি, পৰ দি আৰু সংযত হৈ থাকোহঁক। কিয়নো যি সকলে টোপনিয়াই, তেওঁলোকে ৰাতিহে টোপনিয়ায়; যি সকল মদ্যপায়ী, তেওঁলোক ৰাতিহে মাতাল হয়। কিন্তু আমি হলে দিনৰ সন্তান হোৱাত, আহক আমি সংযমী হওঁ; বিশ্বাস আৰু প্ৰেমৰ বুকুবৰি পিন্ধি, মূৰত পৰিত্রাণৰ আশাৰূপ নিশ্চয়তাৰ টকয়া পিন্ধোহঁক। কিয়নো আমি ক্ৰোধৰ পাত্ৰ হবলৈ নহয়, আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ দ্বাৰাই পৰিত্রাণ লাভ কৰিবলৈহে ঈশ্বৰে আমাক মনোনীত কৰিলে;
Destruição e renovação
O Dia do Senhor trará juízo sobre os ímpios, mas também novos céus e nova terra onde habita a justiça.
যিহোৱাৰ মহৎ দিন
যিহোৱাৰ সেই মহৎ দিন নিকটৱর্তী; ওচৰ চাপি আহিছে আৰু অতি বেগেৰে আহিছে!
সৌৱা শুনা, সেয়া যিহোৱাৰ সেই দিনৰ শব্দ!
তেতিয়া যোদ্ধাসকলে চিঞঁৰি চিঞঁৰি কান্দোনত ভাঙি পৰিব।
সেই দিন হ’ব ক্ৰোধৰ দিন, অতি সঙ্কটময় আৰু ক্লেশৰ দিন,
এক ধুমুহা আৰু ধ্বংসৰ দিন, ঘন অন্ধকাৰ আৰু হতাশাৰ দিন,
মেঘাছন্ন আৰু উত্তাল তৰঙ্গৰ অন্ধকাৰৰ দিন,
শিঙা-ধ্বনি আৰু ৰণনাদৰ দিন;
সেই দিন গড়েৰে আবৃত নগৰবোৰৰ আৰু ওখ কোঁঠবোৰৰ বিপক্ষৰ দিন হ’ব!
মই লোকসকলৰ ওপৰত ভীষণ ক্লেশ আনিম; তেওঁলোকে অন্ধ মানুহৰ নিচিনাকৈ ফুৰিব, কাৰণ যিহোৱাৰ বিৰুদ্ধে তেওঁলোকে পাপ কৰিলে!
তেওঁলোকৰ তেজ ধূলিৰ নিচিনাকৈ পেলাই দিয়া হ’ব! তেওঁলোকৰ দেহ গোবৰৰ নিচিনাকৈ মাটিত পৰি থাকিব।
যিহোৱাৰ ক্ৰোধৰ দিনা তেওঁলোকৰ ৰূপ বা সোণেও তেওঁলোকক উদ্ধাৰ কৰিব নোৱাৰিব;
কিন্তু তেওঁৰ অন্তৰ্জ্বালাৰ তাপত গোটেই দেশ অগ্নিত গ্ৰাসিত হ’ব;
কিয়নো পৃথিৱী নিবাসী সকলোকে তেওঁ নিঃশেষ কৰি দিব; হয়, ভয়ানকভাৱে সংহাৰ কৰিব।
চোৱা, দেশ উচ্ছন্ন কৰিবলৈ, আৰু তাৰ পৰা পাপীবোৰক বিনষ্ট কৰিবলৈ,
যিহোৱাৰ দিন খং আৰু প্ৰচণ্ড ক্ৰোধেৰে আহিছে।
পাছত তেওঁ যেতিয়া ষষ্ঠ ছাবটো মেলিলে, মই চাই দেখিলোঁ যে মহা-ভুমিকম্প হবলৈ ধৰিলে; আৰু নোমৰ চট কাপোৰৰ নিচিনা সুৰ্য্য ক’লা হ’ল; চন্দ্ৰ গোটেইটো তেজৰ নিচিনা হ’ল। আৰু বৰ বতাহে লৰোৱা ডিমৰু গছৰ অপঁইতা গুটি সৰি পৰাৰ দৰে আকাশৰ তৰাবোৰ পৃথিৱীত পৰিবলৈ ধৰিলে৷
সেই ড্ৰেগন, যি দিয়াবল আৰু চয়তান নামেৰে বিখ্যাত; সেই পুৰণি সাপে গোটেই জগতৰ ভ্ৰান্তি জন্মায়, তাক পৃথিৱীলৈ পেলোৱা হ’ল; আৰু তাৰ দূত সকলকো তাৰ লগতে পেলোৱা হ’ল।
তেতিয়া সূৰ্য, চন্দ্ৰ আৰু তৰাবোৰত নানা চিন ওলাব৷ পৃথিৱীতো, সাগৰ আৰু ঢৌৰ তৰ্জ্জন-গৰ্জ্জনৰ কাৰণে ব্যাকুল হোৱা জাতিবোৰৰ ক্লেশ হ’ব৷ পৃথিৱীত যি যি ঘটিব, তাৰ চিন্তাত আৰু ভয়ত মানুহবোৰ বিমূৰ্চ্ছিত হ’ব; কিয়নো আকাশৰ পৰাক্ৰমবোৰ লৰোৱা হ’ব।
কিন্তু এই সকলো ঘটিব লগা ঘটনাৰ পৰা তোমালোক সাৰিবৰ বাবে আৰু মানুহৰ পুত্ৰৰ আগত থিয় হবলৈ যেন সমৰ্থ হোৱা, এই কাৰণে সকলো সময়তে পৰ দি প্ৰাৰ্থনা কৰি থাকিবা৷"
তাৰ পাছত মই নতুন আকাশমণ্ডল আৰু নতুন পৃথিৱী দেখিলোঁ; কিয়নো প্ৰথম আকাশমণ্ডল আৰু প্ৰথম পৃথিৱী গুচি গ’ল; সমুদ্ৰও নাছিল। আৰু দৰাৰ কাৰণে বিভূষিতা কন্যা যেনে, তেনেকৈ যুগুত হোৱা, সেই পবিত্ৰ নগৰ নতুন যিৰূচালেমক, ঈশ্বৰৰ পৰা, অৰ্থাৎ স্বৰ্গৰ পৰা নমা দেখিলোঁ।
পাছত মই সেই সিংহাসনৰ পৰা এই মহা আকাশ-বাণী শুনিলোঁ, "সৌৱা চোৱা!" লোক সকলৰ সহিত ঈশ্বৰৰ নিবাস আৰু তেওঁলোকৰ সহিত তেওঁ নিবাস কৰিব৷ তেওঁলোক তেওঁৰ নিজ লোক হব, আৰু ঈশ্বৰ নিজে সঙ্গী হৈ তেওঁলোকৰ ঈশ্বৰ হ’ব৷ তেওঁলোকৰ চকুৰ পৰা আটাই চকুলো মচি গুচাব; তাতে মৃত্যু পুনৰ নহব; শোক বা ক্ৰন্দন বা বেদনাও পুনৰ নহব৷ আগৰবোৰ গুচি গ’ল।
পাছত সিংহাসনৰ ওপৰত বহা জনে কলে, "চোৱা! মই সকলোকে নতুন কৰোঁ।" তেওঁ পুনৰ কলে, "লিখা, কিয়নো এইবোৰ কথা বিশ্বাসযোগ্য আৰু সত্য।"
Este artigo te tocou? Faça uma oração!
+581 estão orando agora.
Junte-se à corrente de oração.