Honrar os pais
Honrar pai e mãe é mandamento de Deus com promessa de vida longa e feliz. A Bíblia ensina que respeitar, obedecer e cuidar dos pais é dever sagrado dos filhos.
O mandamento com promessa
Honra a teu pai e a tua mãe para que vá bem contigo e vivas muito tempo sobre a terra. É o primeiro mandamento com promessa.
তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক যি দেশ দিছে, সেই দেশত তোমালোকৰ আয়ুস দীঘল হ’বলৈ, তোমালোকে তোমালোকৰ পিতৃ-মাতৃক সন্মান কৰিবা।
নিজ পিতৃ-মাতৃক সন্মান কৰিবা; ঈশ্বৰ যিহোৱাই তোমাক দিয়া আজ্ঞা অনুসাৰে, সেই আদেশ মানি চলিলে তোমালোকৰ আয়ুস দীঘল হ’ব আৰু তোমালোকৰ মঙ্গল হ’ব
"তোমালোকে নিজৰ পিতৃ-মাতৃক সন্মান কৰা" এয়ে প্ৰতিজ্ঞাযুক্ত প্ৰথম আজ্ঞা। তেতিয়াহে তোমালোকৰ কল্যাণ হব আৰু পৃথিৱীত দীৰ্ঘায়ুলৈ জীৱিত থাকিবা।"
হে সন্তান সকল, তোমালোক পিতৃ-মাতৃৰ আজ্ঞাধীন হোৱা; কিয়নো ঈশ্বৰৰ, দৃষ্টিত এয়ে উচিত। "তোমালোকে নিজৰ পিতৃ-মাতৃক সন্মান কৰা" এয়ে প্ৰতিজ্ঞাযুক্ত প্ৰথম আজ্ঞা। তেতিয়াহে তোমালোকৰ কল্যাণ হব আৰু পৃথিৱীত দীৰ্ঘায়ুলৈ জীৱিত থাকিবা।"
হে পিতৃ সকল, আপোনালোকে নিজ নিজ সন্তান সকলৰ খং নোতোলোব; কিন্তু প্ৰভুৰ শিক্ষা আৰু অনুশাসনত তেওঁলোকক প্ৰতিপালন কৰক।
হে সন্তান সকল, আপোনালোকে সকলো বিষয়তে পিতৃ-মাতৃৰ আজ্ঞাধীন হওক; কিয়নো প্ৰভুত সেয়ে সন্তোষজনক।
Obedecer e respeitar
Filhos, obedecei a vossos pais no Senhor. Ouvir a instrução do pai e não desprezar o ensino da mãe traz sabedoria.
হে মোৰ পুত্র, তুমি তোমাৰ পিতৃৰ আদেশ শুনা,
আৰু তোমাৰ মাতৃৰ শাসন অৱজ্ঞা নকৰিবা;
হে মোৰ পুত্র, তুমি তোমাৰ পিতৃৰ আদেশ শুনা,
আৰু তোমাৰ মাতৃৰ শাসন অৱজ্ঞা নকৰিবা;
তেওঁলোক তোমাৰ মুৰৰ বাবে কৰুণাময় মালাৰ দৰে হ’ব,
আৰু তোমাৰ ডিঙিত ওলমি থকা মালাৰ লকেটৰ দৰে হ’ব।
সুশিক্ষা গ্ৰহণত পৰম লাভ।
হে মোৰ পুত্রসকল, পিতৃৰ উপদেশ শুনা,
আৰু মনোযোগ দিয়া, যাতে তুমি সুবিবেচনা বুজিব পাৰা।
জ্ঞানৱান সন্তানে নিজৰ পিতৃৰ কথা শুনে;
কিন্তু নিন্দকে অনুযোগ নুশুনে।
তোমাক জন্ম দিয়া পিতৃৰ কথা শুনা,
আৰু তোমাৰ মাতৃৰ বৃদ্ধা অৱস্থাত তেওঁক হেয়জ্ঞান নকৰিবা।
যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, "আপোনালোকৰ পৰম্পৰাগত বিধান পালনৰ কাৰণে আপোনালোকে কিয় ঈশ্বৰৰ আজ্ঞা উলঙ্ঘন কৰে?"
কাৰণ ঈশ্বৰে কৈছে, ‘তোমাৰ পিতৃ-মাতৃক সন্মান কৰা’; আৰু ‘যি কোনোৱে নিজৰ পিতৃ-মাতৃক কুবচন কয়, তেওঁৰ মৃত্যুদণ্ড হব।’
যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, "আপোনালোকৰ পৰম্পৰাগত বিধান পালনৰ কাৰণে আপোনালোকে কিয় ঈশ্বৰৰ আজ্ঞা উলঙ্ঘন কৰে?"
কাৰণ ঈশ্বৰে কৈছে, ‘তোমাৰ পিতৃ-মাতৃক সন্মান কৰা’; আৰু ‘যি কোনোৱে নিজৰ পিতৃ-মাতৃক কুবচন কয়, তেওঁৰ মৃত্যুদণ্ড হব।’ কিন্তু আপোনালোকে কয়, ‘যি কোনোৱে নিজৰ পিতৃ বা মাতৃক কয়, "মোৰ যি যি বস্তু আপোনালোকৰ সহায় হব পাৰে, সেইবোৰ মই ঈশ্বৰক উপহাৰ দিলোঁ।" তেনেহলে পিতৃ-মাতৃৰ প্ৰতি তেওঁ কোনো সন্মান কৰাৰ প্ৰয়োজন নাই। এইদৰে আপোনালোকৰ পুৰুষে পুৰুষে চলি অহা বিধানৰ কাৰণেই আপোনালোকে ঈশ্বৰৰ বাক্য মূল্যহীন কৰিছে।
Consequências da desonra
A Bíblia adverte severamente contra a desonra aos pais. Quem amaldiçoa ou agride os pais enfrenta consequências sérias.
যি পুত্ৰই পিতৃক লুট কৰে, আৰু মাতৃক খেদি দিয়ে,
তেওঁ এনে পুত্র যি জনে লাজ আৰু অপমান আনে।
যি জনে নিজৰ পিতৃক নাইবা মাতৃক শাও দিয়ে,
ঘোৰ অন্ধকাৰত তাৰ চাকি নুমাই যায়।
যি চকুৱে নিজৰ পিতৃক উপহাস কৰে,
আৰু মাতৃৰ আজ্ঞা পালন কৰিবলৈ ঘিণ কৰে,
তেওঁৰ চকু উপত্যকাৰ কাউৰীবোৰৰ দ্বাৰাই কাঢ়ি উলিওৱা হ’ব,
আৰু শগুণে তেওঁক খাব।
যি কোনোৱে নিজৰ পিতৃ বা মাতৃক শাও দিয়ে, তেওঁৰ অৱশ্যেই প্ৰাণদণ্ড হ’ব।
শেষ-কালত হবলগীয়া ভ্ৰষ্টতাৰ বিষয়ে চেতনা-বাক্য
কিন্তু ইয়াকে জানিবা যে, শেষ-কালত ভয়ঙ্কৰ সময় উপস্থিত হব। কিয়নো সেই কালত মানুহবোৰ নিজকে নিজে প্ৰেম কৰোঁতা, ধন লুভীয়া, দর্পী, অহংকাৰী, নিন্দক, পিতৃ-মাতৃৰ প্ৰতি অবাধ্য, অকৃতজ্ঞ, অপবিত্ৰ, স্নেহহীন, বুজনি নমনা, অপবাদক, ইন্দ্ৰিয়-দমন নকৰা, উগ্ৰ, সাধুক ঘিণাওঁতা,
Cuidar dos pais
Quem não cuida dos seus, principalmente de sua família, negou a fé. Honrar os pais inclui respeitar os idosos.
কিন্তু যদি কোনো বিধৱাৰ সন্তান বা নাতি-নাতিনী থাকে, তেনেহলে তেওঁলোকে প্ৰথমে নিজৰ ঘৰৰ লোক সকলৰ প্রতি শ্রদ্ধা-ভক্তি দেখুৱাবলৈ আৰু নিজ পিতৃ-মাতৃৰ প্ৰতি উপকাৰ কৰিবলৈ শিকক, কিয়নো এয়ে ঈশ্বৰৰ দৃষ্টিত গ্ৰহণীয়।
কিন্তু কোনোৱে যদি আপোন লোকৰ, বিশেষকৈ নিজৰ ঘৰৰ পৰিয়ালৰ বাবে চিন্তা নকৰে, তেনেহলে তেওঁ বিশ্বাস অস্বীকাৰ কৰিলে আৰু এজন অবিশ্বাসী লোকতকৈয়ো অধম হ’ল।
তোমালোকে প্ৰতিজনে নিজ নিজ মাতৃ আৰু নিজ নিজ পিতৃক সন্মান কৰিবা আৰু মোৰ বিশ্ৰাম দিনবোৰ পালন কৰিবা। মই তোমালোকৰ ঈশ্বৰ যিহোৱা।
তুমি পকামুৰীয়া জনৰ আগত উঠি থিয় হ’বা, বৃদ্ধলোকক সমাদৰ কৰিবা আৰু নিজ ঈশ্বৰলৈ ভয় ৰাখিবা; মই যিহোৱা।