Irrepreensível
Ser irrepreensível não é ser perfeito — é viver com integridade diante de Deus e dos homens. A Bíblia nos chama a buscar uma vida reta, pura e sem manchas visíveis de hipocrisia.
O padrão divino
Deus é perfeito e chama seus filhos à integridade. A palavra de Deus é purificada e Ele é escudo dos que caminham na retidão.
ঈশ্বৰৰ পথ হ’লে সিদ্ধ৷
যিহোৱাৰ বাক্য নিভাঁজ৷
তেওঁ প্ৰত্যেক লোকৰ ঢালস্বৰূপ; যি জন তেওঁত থাকে, তেওঁ তাৰ আশ্ৰয়স্থান।
ঈশ্বৰৰ পথ হলে সিদ্ধ;
যিহোৱাৰ বাক্য নিভাজ বুলি প্রমাণিত;
তেওঁ তেওঁত আশ্ৰয় লোৱা লোকসকলৰ ঢাল।
আলেফ
ধন্য সেইসকল, যিসকলৰ আচাৰ-ব্যৱহাৰ সিদ্ধ;
যিসকলে যিহোৱাৰ ব্যৱস্থা অনুসাৰে চলে।
সেই সকলেই যোগ্য, যিসকলে সৎ জীৱন কটায়,
ন্যায় কৰ্ম কৰে,
সত্য ভৰা অন্তৰেৰে কথা কয়;
যিসকলৰ জিভাই পৰচর্চ্চা নকৰে,
বন্ধুৰ ক্ষতি নকৰে,
চুবুৰীয়াৰ বিৰুদ্ধে কু-ব্যৱহাৰ নকৰে,
যিসকলে তেওঁক সন্তুষ্ট কৰে তেওঁলোকৰ বাবে তেওঁ নিৰ্ভৰযোগ্য প্রজ্ঞা সংগ্রহ কৰে,
যি সকলে সত্যতাত চলে তেওঁলোকৰ বাবে তেওঁ ঢালস্বৰূপ।
Buscar a perfeição em Cristo
Todos tropeçamos em muitas coisas, mas o alvo é a maturidade. Cristo é a fonte da salvação eterna para todos os que lhe obedecem.
কিয়নো আমি সকলোৱে অনেক বিষয়ত ত্ৰুটি কৰোঁ। কোনো লোক এজনে যদি বাক্যত ত্ৰুটি নকৰে, তেওঁহে সিদ্ধ লোক, আনকি নিজ শৰীৰকো সম্পূর্ণৰূপে দমন কৰিবলৈ সেই জন সমৰ্থ।
মাউৰা আৰু বিধৱা সকলক তেওঁলোকৰ ক্লেশৰ কালত চাবলৈ যোৱা আৰু সংসাৰৰ পৰা নিজকে নিষ্কলঙ্কৰূপে ৰাখা, এয়েই পিতৃ ঈশ্বৰৰ আগত শুদ্ধ আৰু নিৰ্মল ধৰ্ম-কৰ্ম।
সকলো উত্তম দান আৰু সকলো সিদ্ধ বৰ ওপৰৰ পৰাহে আহে, আৰু আকাশৰ জ্যোতিবোৰ সেই পিতৃৰ পৰাই তললৈ নামি আহে৷ ছাঁ যি দৰে সলনি হয়, তেনেদৰে তেওঁৰ কোনো পৰিৱৰ্তন নহয়৷
এইভাৱে যীচুৱে মহা-পুৰোহিতৰূপে পূর্ণ সিদ্ধতা লাভ কৰিলে আৰু সেয়ে তেওঁৰ বাধ্য হোৱা সকলোৰে কাৰণে তেওঁ অনন্ত পৰিত্রাণৰ পথ হ’ল;
যীচুৱে তেওঁক ক’লে, "যদি তুমি নিখুঁত হবলৈ ইচ্ছা কৰা, তেনেহলে যোৱা; তোমাৰ সৰ্ব্বস্ব বেচা আৰু দৰিদ্ৰ সকলক দান কৰা, তাতে স্বৰ্গত তোমাৰ ধন হব৷ তাৰ পাছত আহা, মোৰ অনুকাৰী হোৱা"।
Vida íntegra
Que a vossa alegria seja completa! Vivam em harmonia, sejam irrepreensíveis — transformados pela renovação da mente.
মোৰ আনন্দ তোমালোকত যেন থাকে আৰু তোমালোকৰ আনন্দ যেন সম্পূৰ্ণ হয়, এই কাৰণে তোমালোকক এইবোৰ কথা মই ক’লোঁ।
এতিয়ালৈকে মোৰ নামেৰে তোমালোকে একো খোজা নাই; খোজা, তেতিয়াহে পাবা, তেতিয়া তোমালোকৰ আনন্দ পৰিপূর্ণ হব।
আপোনালোক জগতৰ অনুৰূপ নহ’ব; কিন্তু মন নতুন কৰাৰ যোগেদি ৰূপান্তৰিত হওক, তাতে আপোনালোকে পৰীক্ষা কৰি জানি লওঁক, কোনটো উত্তম, গ্ৰহণীয় আৰু সিদ্ধ, কিয়নো এয়ে ঈশ্বৰৰ ইচ্ছা৷
কৰিন্থীয়া মণ্ডলীত অমিলতা
কিন্তু মোৰ প্রিয় ভাই আৰু ভনী সকল, আমাৰ প্রভু যীচু খ্রীষ্টৰ নামত মই আপোনালোকক বিনয় কৰোঁ যে, আপোনালোকৰ পৰস্পৰৰ মাজত যেন মতৰ মিল থাকে; আপোনালোকৰ মাজত কোনো বিভেদ নাথাকক। আপোনালোক সকলোৰে যেন একে মন আৰু এক উদ্দেশ্য হয়।
এই সকলোৰে ওপৰত প্ৰেমত থাকক; ই সৰ্ব্বসিদ্ধিৰ বান্ধনি।
ঐক্য, সহন আৰু প্ৰেম আদি প্ৰকাশ কৰিবৰ বাবে উদগণি
এতেকে খ্ৰীষ্টত যদি কোনো আশ্বাস, প্ৰেমৰ যদি কোনো সান্ত্বনা, আত্মাৰ যদি কোনো সহভাগিতা আৰু কোনো স্নেহ আৰু দয়া থাকে, তেনেহলে আপোনালোকে একে বিষয় ভাবি, এক প্ৰেমৰ, এক মনৰ আৰু এক ভাবৰ লোক হৈ মোৰ আনন্দ পৰিপূৰ্ণ কৰক৷
আপোনালোকে বিৰোধ বা অনৰ্থক দৰ্পেৰে একো নকৰিব; কিন্তু নম্ৰভাবে প্ৰত্যেকে নিজতকৈ অানক উত্তম বুলি মান্য কৰক৷ প্ৰতিজনে নিজৰ বিষয়ে নহয়, কিন্তু অানৰ বিষয়ে ভাবক।
খ্ৰীষ্ট যীচুত যি ভাব, সেয়ে আপোনালোকৰ হওক,
যি জনৰ অস্তিত্ব ঈশ্বৰ-ৰূপী আছিল৷
তেওঁ ঈশ্বৰৰ সমান হলেও তাক কাঢ়ি লোৱা বুলি নামানিলে৷
বৰং নিজকে শূণ্য কৰিলে৷
আৰু তেওঁ দাসৰ ৰূপ ধাৰণ কৰিলে৷
তেওঁ মানুহৰ নিচিনা হৈ অৱতীৰ্ণ হ’ল৷
আৰু তেওঁ আকাৰ-প্ৰকাৰত মানুহৰ দৰে হ’ল৷
তেওঁ নিজকে সৰু কৰি মৃত্যুলৈকে,
এনে কি ক্ৰুচীয় মৃত্যুলৈকে আজ্ঞাধীন হ’ল।
এই কাৰণে ঈশ্বৰে তেওঁক অতি ওখ পদ দিলে,
আৰু সকলো নামতকৈ সেই শ্ৰেষ্ঠ নাম তেওঁক দান কৰিলে,
যাতে স্বৰ্গত, পৃথিৱীত আৰু পৃথিৱীৰ তলত নিবাস কৰা সকলোৱে যীচুৰ নামত আঁঠু লয়৷
আৰু যীচু খ্ৰীষ্ট যে প্ৰভু, ইয়াক যেন পিতৃ ঈশ্বৰৰ মহিমাৰ অৰ্থে সকলো জিভাই স্বীকাৰ কৰে৷
এতেকে, হে মোৰ প্ৰিয় সকল, আপোনালোকে যেনেকৈ সদায় আজ্ঞাধীন আছিল, তেনেকৈ মোৰ সাক্ষাতে যি ৰূপ, কেৱল সেইদৰে নহয়, কিন্তু এতিয়া মোৰ অনুপস্থিতিতো অধিককৈ ভয় আৰু কম্পনেৰে নিজ নিজ পৰিত্রাণ সম্পন্ন কৰক৷ কিয়নো ঈশ্বৰে নিজৰ হিত-সঙ্কল্পৰ কাৰণে আপোনালোকৰ অন্তৰত ইচ্ছা কৰোঁতা আৰু কাৰ্য সাধন কৰোঁতা, এই উভয়ৰ সাধনকৰ্তা হৈছে।
বিবাদ আৰু তৰ্ক-বিতৰ্ক নোহোৱাকৈ সকলো কৰ্ম কৰক; যাতে ঈশ্বৰৰ নিষ্কলঙ্ক সন্তান হ’বৰ কাৰণে, আপোনালোক যেন পবিত্ৰ, নিৰ্দ্দোষী আৰু শুদ্ধ হয় আৰু জগতত যি কুটিল আৰু বিপথগামী লোক আছে, তেখেত সকলৰ মাজত আপোনালোক দীপ্তি স্বৰূপ হওক৷ জীৱনৰ বাক্য ধাৰণ কৰক, এয়ে খ্ৰীষ্টৰ আগমণৰ দিনত মোৰ বাবে শ্লাঘাৰ কাৰণ হ’ব; কিয়নো মই বৃথা দৌৰ মৰা নাই আৰু বৃথা পৰিশ্ৰমো কৰা নাই।
কিন্তু আপোনালোকৰ বিশ্বাসৰূপ যজ্ঞত আৰু সেৱাৰ কাৰ্যত, যদিওবা মই নৈবেদ্য স্বৰূপে ঢলা যাওঁ, তথাপি মই আনন্দ কৰোঁ; আৰু আপোনালোক সকলোৰে সৈতে আনন্দ কৰোঁ। এই বিষয়ে আপোনালোকেও আনন্দ কৰক আৰু মোৰে সৈতে আনন্দ কৰক৷
কিন্তু আপোনালোকৰ বিষয়ে জানিবলৈ পোৱাত মই যেন সন্তুষ্ট হ’ম, এই কাৰণে সোনকালে আপোনালোকৰ তালৈ তীমথিয়ক পঠাবৰ বাবে মই প্ৰভু যীচুত আশা কৰিছোঁ। কিয়নো আপোনালোকৰ বিষয়ে সঁচাকৈ চিন্তা কৰিবলৈ তীমথিয়ৰ মনৰ দৰে আন লোক মোৰ কোনো নাই। কাৰণ সকলোৱে যীচু খ্ৰীষ্টৰ বিষয়ে নহয়, নিজৰ বিষয়েহে চেষ্টা কৰে।
কিন্তু আপোনালোকে তীমথিয়ৰ পৰীক্ষাসিদ্ধ গুণৰ বিষয়ে জানে, কাৰণ তেওঁ পিতৃৰ লগত পুত্ৰ যেনে, তেনেকৈ মোৰ লগতো শুভবাৰ্তাৰ অৰ্থে সেৱাকৰ্ম কৰিলে৷ এতেকে মোৰ কি ঘটিব, সেই বিষয়ে জনা মাত্ৰকে তেওঁক পঠিয়াবৰ বাবে মই আশা কৰিছোঁ৷ কিন্তু মই নিজেও সোনকালে আপোনালোকৰ ওচৰলৈ যাম বুলি প্ৰভুত বিশ্বাস কৰিছোঁ।
মোৰ অভাবত সেৱা শুশ্ৰূষা কৰোঁতা আপোনালোকৰ পাঁচনি, অথচ মোৰ ভাই, সহকাৰী আৰু সহসেনা যি ইপাফ্ৰদীত, তেখেতক আপোনালোকৰ তালৈ পঠিয়াবলৈ মই প্ৰয়োজন দেখিলোঁ৷ কিয়নো তেখেত নৰিয়াত পৰা বাৰ্তা আপোনালোকে শুনিলে, তেওঁ আপোনালোকৰ কাৰণে অতিশয় হাবিয়াহ কৰিছিল আৰু তেওঁ বৰ উদিগ্ন হৈছিল। তেখেত নৰিয়াত পৰি মৃতপ্ৰায় হৈছিল হয়, কিন্তু ঈশ্বৰে তেওঁলৈ দয়া কৰিলে৷ অকল তেওঁলৈ নহয়, কিন্তু মোৰ দুখৰ ওপৰি দুখ যেন নঘটে, এই কাৰণে, মোলৈকো দয়া কৰিলে।
এতেকে আপোনালোকে তেওঁক পুনৰাই দেখি যেন আনন্দিত হয় আৰু মোৰ শোকো যেন কম হয়, এই কাৰণে তেখেতক পঠিয়াবলৈ ইচ্ছা কৰিলোঁ৷ সম্পূৰ্ণ আনন্দেৰে আপোনালোকে প্ৰভুত থাকি ইপাফ্ৰদীতক গ্ৰহণ কৰিব আৰু তেনেকুৱা মানুহক আদৰণীয় জ্ঞান কৰিব, কিয়নো মোৰ সেৱা শুশ্ৰূষাত আপোনালোকৰ যি যি ক্ৰুটি আছিল, তাক সম্পূৰ্ণ কৰিবলৈ, তেখেত প্ৰাণপণ কৰি খ্ৰীষ্টৰ কাৰ্যৰ কাৰণে মৃতপ্ৰায় হৈছিল।
সাৱধান, কোনেও যেন অপকাৰৰ সলনি কাৰো অপকাৰ নকৰে। কিন্তু পৰস্পৰৰ আৰু সকলোৰে কাৰণে যি উত্তম, তেনে কৰ্ম কৰিবলৈ যেন চেষ্টা কৰে।
কিন্তু মই যি পথ ধৰিছোঁ, তাক তেওঁ জানে;
তেওঁ মোক পৰীক্ষা কৰা হলে, মই সোণৰ দৰে ওলালোহেঁতেন।
মই তেওঁৰ ভৰিৰ খোজত ভৰি দি দি আহিছোঁ;
এফলীয়া নোহোৱাকৈ মই তেওঁৰ পথত চলিছোঁ।
Este artigo te tocou? Faça uma oração!
+581 estão orando agora.
Junte-se à corrente de oração.