Jesus me ama
Jesus me ama — essa certeza transforma vidas. O amor de Cristo não depende do nosso merecimento, mas da sua natureza. Ele nos amou primeiro, e nada pode nos separar desse amor.
Ele me amou primeiro
Nós amamos porque Ele nos amou primeiro. O amor de Deus se manifestou em nos enviar seu Filho como propiciação pelos nossos pecados.
আমি প্ৰেম কৰোঁ, কাৰণ তেৱেঁই প্ৰথমে আমাক প্ৰেম কৰিলে��
ঈশ্বৰক যে আমি প্ৰেম কৰিলোঁ, এনে নহয়; কিন্তু তেওঁহে আমাক প্ৰেম কৰিলে আৰু আমাৰ পাপৰ প্ৰায়শ্চিত্ত হ’বলৈ নিজ পুত্ৰক পঠাই দিলে, ইয়াতেই প্ৰেম আছে।
ঈশ্বৰৰ প্ৰেম; ঈশ্বৰৰ প্ৰতি প্ৰেম
ভাবি চাওক, পিতৃ ঈশ্বৰে আমাক কেনে প্ৰেম প্ৰদান কৰিলে, আমি যেন ঈশ্বৰৰ সন্তান বুলি অভিহিত হওঁ আৰু আমি হৈছোও! এই বাবে জগতৰ মানুহে আমাক নাজানে, কাৰণ জগতে তেওঁক নাজানিলে��
যীচু খ্ৰীষ্টে আমাৰ কাৰণে নিজৰ প্ৰাণ দিলে, ইয়াতেই আমি প্ৰেমৰ তত্ব জানিবলৈ পালোঁ�� আমিও ভাই সকলৰ কাৰণে নিজ নিজ প্ৰাণ দিয়া উচিত।
কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে, তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়।
কিন্তু ঈশ্বৰে আমাৰ বাবে তেওঁৰ প্ৰেমৰ প্ৰমাণ দিছে, কাৰণ ইতিপূৰ্বে যেতিয়া আমি পাপী আছিলোঁ, তেতিয়া খ্ৰীষ্টে আমাৰ বাবে আপোন প্ৰাণ দিলে।
Amor inseparável
Nem a morte, nem a vida, nem qualquer outra criatura poderá nos separar do amor de Deus em Cristo Jesus nosso Senhor.
কিয়নো মোৰ এনে দৃঢ় বিশ্বাস আছে যে, তাৰ পৰা মৃত্যু বা জীৱন, স্বৰ্গৰ দূত বা শাসনকৰ্তা, বৰ্ত্তমান বা ভবিষ্যত বিষয় বা পৰাক্ৰম, ওপৰ বা তল বা আন কোনো সৃষ্ট বস্তুৱেই আমাক প্ৰভু খ্ৰীষ্ট যীচুত থকা ঈশ্বৰৰ প্ৰেমৰ পৰা বিচ্ছিন্ন কৰিব নোৱাৰে।
খ্ৰীষ্টৰ প্ৰেমৰ পৰা কোনে আমাক বিচ্ছিন্ন কৰিব পাৰে? ক্লেশ বা সঙ্কট, তাড়না বা আকাল, বস্ত্ৰহীনতা বা প্ৰাণ সংশয় বা তৰোৱাল, এইবোৰে পাৰে নে? এই বিষয়ে লিখাও আছে,
"আমি তোমাৰ কাৰণে ওৰে দিনটো হত হ’ব লাগিছোঁ��
কাটিবলৈ নিয়া মেৰৰ দৰে আমি গণিত হ’লোঁ।"
তথাপি আমাক প্ৰেম কৰা জনৰ যোগেদি, এই সকলো কথাত আমি জয়তকৈয়ো জয়যুক্ত।
আৰু যীচু খ্রীষ্টৰ পৰা, যি জন বিশ্বাসযোগ্য সাক্ষী, মৃত সকলৰ মাজত প্রথমে জন্ম পোৱা আৰু পৃথিৱীৰ ৰজা সকলৰ অধিকাৰী; যি জনে আমাক প্রেম কৰে আৰু নিজৰ তেজেৰে আমাক পাপৰ পৰা মুক্ত কৰিলে, অৰ্থাৎ মৃত সকলৰ মাজৰ প্ৰথমজাত আৰু পৃথিৱীৰ ৰজা সকলৰ অধিপতি, সেই জন যীচু খ্ৰীষ্টৰ পৰা আপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক, তেওঁ আমাক ৰাজ্য স্বৰূপ, ঈশ্বৰৰ উদ্দেশ্যে পুৰোহিত কৰিলে আৰু তেওঁৰ পিতৃৰ প্রতি, তেওঁৰ মহিমা আৰু পৰাক্রম সদা-সর্বদায় হওক। তেওঁৰ মহিমা আৰু পৰাক্ৰম চিৰকাল হওক। আমেন।
পোহৰত জীৱন-যাপন কৰা
এতেকে আপোনালোক ঈশ্বৰৰ প্ৰিয় সন্তান হিচাপে তেওঁৰ অনুকাৰী হওক। খ্ৰীষ্টে যেনেকৈ আপোনালোকক প্ৰেম কৰিলে আৰু আমাৰ কাৰণে ঈশ্বৰৰ উদ্দেশ্যে সুগন্ধযুক্ত নৈবেদ্য আৰু বলি স্বৰূপে নিজকে শোধাই দিলে, তেনেকৈ আপোনালোকেও প্ৰেমৰ পথত চলক।
Celebrar o amor de Jesus
O amor de Jesus é motivo de cântico e louvor. De manhã cantarei teu amor e à noite proclamarei tua misericórdia.
হে মোৰ বল, মই তোমাৰ উদ্দেশে প্ৰশংসাৰ গীত গান কৰিম;
কিয়নো ঈশ্বৰ মোৰ উচ্চ দুৰ্গ, আৰু তেওঁ মোৰ দয়ালু ঈশ্বৰ।
যিহোৱা স্নেহশীল আৰু কৃপাময়। তেওঁ ক্ৰোধত ধীৰ আৰু দয়াত মহান।
তেওঁ সদায় ধমকি দি নাথাকিব,
চিৰকাললৈকে ক্ৰোধো নাৰাখিব।
তেওঁ আমাৰ পাপ অনুসাৰে আমালৈ কাৰ্য কৰা নাই,
আমাৰ অধৰ্ম অনুসাৰে আমাক প্ৰতিফল দিয়া নাই।
কিয়নো পৃথিৱীৰ পৰা আকাশ-মণ্ডল যিমান ওখ,
তেওঁলৈ ভয় ৰাখোঁতাসকলৰ প্রতি তেওঁৰ দয়াও সিমান মহৎ।
পূৱৰ পৰা পশ্চিমলৈ যিমান দূৰ,
তেওঁ আমাৰ অপৰাধো আমাৰ পৰা সিমান দূৰ কৰিলে।
বন্ধুৰ বাবে নিজৰ প্ৰাণ দিয়াৰ দৰে শ্ৰেষ্ঠ প্ৰেম আন ক’তো নাই।
কিয়নো আপোনালোকে প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ জানে�� তেওঁ ধনী আছিল যদিও, তেওঁৰ দৰিদ্ৰতাৰ দ্বাৰাই আপোনালোক যেন ধনী হয়, তাৰ বাবে তেওঁ দৰিদ্ৰ হ’ল��