Legalidades
A Bíblia reconhece a necessidade de leis e governo civil. Os cristãos são chamados a obedecer às autoridades estabelecidas por Deus, enquanto mantêm a lealdade suprema a Cristo.
Submissão às autoridades
Toda autoridade é instituída por Deus. O cristão é chamado a respeitar as leis, pagar tributos e honrar quem governa.
ৰজা আৰু মনুষ্য-সমাজৰ প্ৰতি কৰ্ত্তব্য
প্ৰত্যেক ব্যক্তিয়ে শাসনকৰ্তা সকলৰ বশীভূত হওক; কিয়নো ঈশ্বৰৰ পৰা নাহিলে, কোনোৱে কতৃত্ব নাপায়; আৰু যি যি আছে, সেইবোৰ ঈশ্বৰৰ দ্বাৰাই নিৰূপিত। এতেকে যি জনে সেই ক্ষমতাৰ প্ৰতিৰোধ কৰে, তেওঁ ঈশ্বৰৰ আজ্ঞাৰ প্ৰতিৰোধ কৰে; আৰু যি সকলে প্ৰতিৰোধ কৰে, তেওঁলোকে নিজেই নিজলৈ দণ্ডাজ্ঞা মাতি আনে।
কিয়নো শাসনকৰ্তা সকল ভাল কৰ্মলৈ নহয় কিন্তু কুকৰ্মলৈহে ভয়ৰ কাৰণ হয়। আপুনি ক্ষমতালৈ নিৰ্ভয়ে থাকিব খোজা নে? তেনেহলে ভাল কৰ্ম কৰক, তেতিয়াহে প্ৰশংসা পাব; কিয়নো আপোনাৰ ভালৰ কাৰণে, তেওঁ ঈশ্বৰৰ পৰিচাৰক হৈছে। কিন্তু আপুনি যদি কুকৰ্ম কৰে, তেনেহলে ভয় কৰিব; কিয়নো তেওঁ তৰোৱাল বৃথা ধৰিছে, এনে নহয়; কাৰণ তেওঁ ঈশ্বৰৰ পৰিচাৰক, দুৰাচাৰী লোকলৈ ক্ৰোধৰ অৰ্থে তেওঁ প্ৰতিফল দিওঁতা। এই কাৰণে বশীভূত হওক, অকল ক্ৰোধৰ ভয়ত নহয়; বিবেকৰ কাৰণেও ঈশ্বৰৰ বশীভূত হ’ব লাগে।
আৰু এই কাৰণে আপোনালোকে দিবলগীয়া কৰ আদায় দিয়ক; কিয়নো তেওঁলোক ঈশ্বৰৰ সেৱক হৈ, সেই কৰ্মতেই লাগি থাকে। যাৰ যি পাবলগীয়া, তেওঁ তাক দিয়ক; কৰ দিবলগীয়াক কৰ দিয়ক; মাচুল দিবলগীয়াক মাচুল দিয়ক; ভয় কৰিব লগা জনক ভয় কৰক; সন্মান কৰিবলগীয়া জনক সন্মান কৰক।
পৰস্পৰে প্ৰেম কৰাৰ বাহিৰে, আন কোনো কথাত আপোনালোক কাৰো ধৰুৱা নহ’ব; কিয়নো যি জনে আন লোকক প্ৰেম কৰে, তেওঁ বিধানকো সিদ্ধ কৰিলে।
আপোনালোকক অনা-ইহুদী সকলে যি বিষয়ত দুষ্কৰ্ম্মকাৰী বুলি বিৰোধী কথা কয়, সেই বিষয়ত তেওঁলোকে আপোনালোকৰ সৎকৰ্ম দেখি কৃপাদৃষ্টিৰ দিনা যেন ঈশ্বৰৰ স্তুতি কৰে, তাৰ কাৰণে তেওঁলোকৰ মাজত আপোনালোকৰ আচাৰ-ব্যৱহাৰ উত্তম হওক।
আপোনালোকে প্ৰভুৰ কাৰণে মনুষ্যৰ দ্বাৰাই স্থাপিত সকলো ৰীতিৰ বশীভূত হওক; যেনেদৰে ৰজা সকলোৰে ওপৰ, আৰু দেশাধিপতি সকলক, দুষ্কৰ্ম্মকাৰী সকলৰ প্ৰতিকাৰৰ অৰ্থে আৰু সৎকৰ্মকাৰী সকলৰ প্ৰশংসাৰ অৰ্থে তেওঁৰ দ্বাৰাই পঠোৱা হৈছে বুলি, তেওঁলোকৰ বশীভূত হওক।
গতিকে আমাক কওকচোন, ‘চীজাৰক কৰ দিয়া বিধান সন্মত হয় নে নহয়’? এই বিষয়ে আপুনি কি ভাৱে, চীজাৰক কৰ দিব পায় নে নাপায়?"
যীচুৱে তেওঁলোকৰ দুষ্টতা বুজি পাই ক’লে, "হে কপটীয়া সকল, কিয় মোক পৰীক্ষা কৰিছে? কৰ দিয়া ধন মোক দেখুৱাওঁক৷" তেতিয়া তেওঁলোকে তেওঁৰ আগলৈ আধলি এটা আনিলে।
যীচুৱে তেওঁলোকক সুধিলে, "এই প্ৰতিমূৰ্তি আৰু নাম কাৰ হয়?" তেতিয়া তেওঁলোকে তেওঁক ক’লে, "চীজাৰৰ৷" তেতিয়া যীচুৱে তেওঁলোকক ক’লে, "তেনেহলে যি চীজাৰৰ, সেয়া চীজাৰক দিয়ক আৰু যি ঈশ্বৰৰ, সেয়া ঈশ্বৰক দিয়ক।"
Obrigações legais
Jesus cumpriu obrigações legais, pagou impostos e orientou seus seguidores a obedecer à lei sem comprometer a fé.
কৰ দিয়াৰ বিষয়ে যীচুৰ শিক্ষা
যীচু আৰু তেওঁৰ শিষ্য সকল কফৰনাহূমলৈ গ’ল৷ যি সকল কৰ সংগ্ৰহকাৰীয়ে আধলি তোলে, তেওঁলোকে পিতৰৰ ওচৰলৈ আহি ক’লে, "তোমালোকৰ গুৰুৱে আধলিটো নিদিয়ে নে?" তেওঁ ক’লে "দিয়ে৷" ইয়াৰ পাছত পিতৰে ঘৰলৈ আহি কিবা কোৱাৰ আগেয়ে যীচুৱে তেওঁক ক’লে, "চিমোন, তোমাৰ মনত কি ভাব হয়? পৃথিৱীৰ ৰজা সকলে কোন লোকৰ পৰা কৰ বা মাচুল আদায় কৰে? নিজৰ দেশৰ লোক সকলৰ পৰা নে আন বিদেশী সকলৰ পৰা?"
পিতৰে ক’লে "বিদেশী সকলৰ পৰা", যীচুৱে তেওঁক ক’লে, "তেনেহ’লে নিজৰ দেশৰ লোক সকল কৰ দিয়াৰ পৰা মুক্ত। তথাপি আমি যেন কৰ সংগ্ৰহকাৰী সকলৰ বিঘিনি নজন্মাও, এই কাৰণে তুমি সাগৰলৈ গৈ বৰশী বোৱা আৰু প্ৰথমে যি মাছ উঠিব সেইটোকে ধৰি মুখ মেলিলে এটকা ৰূপ পাবা; সেইটো আনি, মোৰ আৰু তোমাৰ কাৰণে দিবলগীয়া কৰ তেওঁলোকক দিয়াগৈ।"
তোমাৰ গুচৰিয়াৰ সৈতে তুমি আদালতৰ চোতাললৈ গৈ থাকোতেই বেগাই মিলন হোৱা; অন্যথা জানোছা তোমাৰ গুচৰিয়াই তোমাক বিচাৰকৰ হাতত শোধাই দিয়ে; বিচাৰকেও তোমাক টেকেলাৰ হাতত শোধাই দিয়ে আৰু তেতিয়া তোমাক কাৰাগাৰত ভৰাই থোৱা হব। মই তোমালোকক স্বৰূপকৈ কওঁ, যেতিয়ালৈকে দিবলগীয়া ধনৰ শেষ পইচাটি পর্যন্ত আদায় নিদিয়া, তেতিয়ালৈকে তোমালোকে তাৰ পৰা কোনোমতে ওলাব নোৱাৰিবা।
মোৰ কাৰণেই তোমালোকক ৰাজ্যপাল আৰু ৰজা সকলৰ সন্মুখলৈ লৈ যোৱা হ’বা, যাতে তোমালোকে তাত তেওঁলোকৰ আৰু অনা-ইহুদী সকলৰ ওচৰত সাক্ষ্য দিব পাৰা। লোক সকলে যেতিয়া তোমালোকক শোধাই দিব, তেতিয়া কেনেকৈ, কি কথা ক’ব লাগে, সেই বিষয় লৈ চিন্তা নকৰিবা; কিয়নো তেতিয়া যি কথা ক’ব লাগে, সেই বিষয়বোৰ সেই মুহূৰ্ত্ততে তোমালোকক দিয়া হ’ব।
যীচু খ্ৰীষ্টৰ জন্ম
সেই সময়ত চীজাৰ আগষ্টচে নিৰ্দেশ জাৰি কৰিলে যে, ৰোম সাম্রাজ্যত বাস কৰা সকলো লোকৰ নাম লিখাই গণনা কৰা হওক। চিৰিয়াৰ ৰাজ্যপাল কুৰীণীয়ৰ সময়ত এয়ে প্ৰথম লোক পিয়ল হৈছিল। সেয়ে, নাম লিখাবৰ বাবে প্রত্যেকে নিজৰ নিজৰ নগৰলৈ গ’ল।
ৰজা দায়ুদৰ বংশধৰ হোৱা হেতুকে যোচেফেও গালীল প্রদেশৰ নাচৰত নগৰৰ পৰা দায়ুদৰ নগৰ নামেৰে খ্যাত যিহূদাৰ বৈৎলেহম নগৰলৈ গ’ল। যোচেফে তেওঁলৈ বাগ্দান কৰা মৰিয়মকো লগত লৈ নাম লিখাবৰ বাবে গ’ল। সেই সময়ত মৰিয়ম গর্ভৱতী আছিল।
Perspectiva divina
As nações são como uma gota no balde diante de Deus. Ele abre portas que nenhuma lei pode fechar.
চোৱা, দেশবাসীসকল কলহৰ গাত লাগি থকা পানীৰ কণিকাৰ দৰে আৰু তুলাচনীত লাগি থকা ধুলিৰ কণিকাৰ দৰে গণিত হয়;
চোৱা, তেওঁ অতি ক্ষুদ্র বস্তুৰ দৰে দ্বীপবোৰক তোলে।
তেওঁৰ দৃষ্টিত সকলো দেশবাসী অপৰ্যাপ্ত; তেওঁৰ আগত তেওঁলোক একোৱে নহয় দৰে গণিত হয়।
কিয়নো কাৰ্যসাধক এখন বহল দুৱাৰ মোৰ বাবে মুকলি হৈছে; আৰু তাত বিৰোধী বহুত আছে।
তেতিয়া পীলাতে তেওঁক ক’লে, "তুমি মোক একো কথা নোকোৱা নে? তোমাক যে এৰি দিবলৈ মোৰ ক্ষমতা আছে আৰু তোমাক ক্রুচত দিবলৈকো মোৰ ক্ষমতা আছে, ইয়াক তুমি নাজানা নেকি?" যীচুৱে তেওঁক উত্তৰ দিলে, "ওপৰৰ পৰা ক্ষমতা নিদিয়া হ’লে, মোৰ বিৰুদ্ধে তোমাৰ একো ক্ষমতা নহ’লহেঁতেন; এই কাৰণে, যি জনে তোমাৰ হাতত মোক শোধাই দিলে; তেওঁৰেই পাপ গুৰুতৰ।"
Este artigo te tocou? Faça uma oração!
+581 estão orando agora.
Junte-se à corrente de oração.