Lei
A lei de Deus é expressão do seu caráter e amor. Do Sinai ao Sermão do Monte, a lei orienta, protege e revela o padrão santo de Deus para a vida humana.
O propósito da lei
A lei de Deus revela o pecado e nos conduz a Cristo. Pela lei é que temos consciência do que é justo e do que é errado.
কিয়নো বিধানৰ কৰ্মৰ দ্বাৰাই কোনো মানুহ তেওঁৰ আগত ধাৰ্মিক বুলি প্ৰমাণিত নহ’ব; কাৰণ বিধানৰ দ্বাৰাই পাপৰ বিষয়ে জ্ঞান জন্মে।
তেনেহলে কি? আমি বিধানৰ অধীন নহয়, কিন্তু অনুগ্ৰহৰ অধীন হোৱাৰ কাৰণে পাপ কৰিম নে? এনে নহওক।
সকলো বিধান সন্মত, কিন্তু সকলোৱেই হিতজনক নহয়; সকলো অবাধ কিন্তু সকলোৱেই ধৰ্মত বৃদ্ধি নকৰে।
কিয়নো সকলো বিধান সিদ্ধ হৈ এটা আজ্ঞাতে স্থিৰ আছে, সেইটো হ’ল, ‘তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা��’
কিন্তু আত্মাৰ ফল হ’ল, প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, দয়া, মঙ্গলভাৱ, বিশ্বাস, মৃদুভাব, ইন্দ্ৰিয়-দমন�� এইবোৰৰ বিৰুদ্ধে কোনো বিধান নাই।
আপোনালোকে ইজনে সিজনৰ ভাৰ কঢ়িয়াওক আৰু খ্ৰীষ্টৰ বিধান সম্পূৰ্ণকৈ পালন কৰক।
Amar e obedecer
O maior mandamento é amar a Deus e ao próximo. Toda a lei se resume nestes dois mandamentos, que são o fundamento de tudo.
দ্বিতীয়টো এই, ‘তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা’। এই দুটাতকৈ প্ৰধান আন আজ্ঞা নাই।"
এই মোৰ আজ্ঞা, মই যেনেকৈ তোমালোকক প্ৰেম কৰিলোঁ, তেনেকৈ তোমালোকেও পৰস্পৰে প্ৰেম কৰিবা।
এতেকে, লোকে তোমালোকক যেনে ব্যৱহাৰ কৰিলে তোমালোকে ভাল পোৱা, তোমালোকেও তেওঁলোকক তেনেদৰে ব্যৱহাৰ কৰিবা; কিয়নো এয়ে বিধান আৰু ভাববাদী সকলৰ শিক্ষাৰ সাৰ।
পৰস্পৰে প্ৰেম কৰাৰ বাহিৰে, আন কোনো কথাত আপোনালোক কাৰো ধৰুৱা নহ’ব; কিয়নো যি জনে আন লোকক প্ৰেম কৰে, তেওঁ বিধানকো সিদ্ধ কৰিলে।
যিজনে ঈশ্বৰক প্ৰেম কৰে, তেওঁ আপোন ভাইকো প্ৰেম কৰক; এই আজ্ঞা আমি তেওঁৰ পৰা পালোঁ।
হে প্ৰিয় সন্তানসকল, আমাৰ হৃদয়ে যদি আমাক দোষী নকৰে, তেনেহলে ঈশ্বৰত আমাৰ নিশ্চয়তা বা আত্মবিশ্বাস আছে; আৰু আমি যিহকে যাচনা কৰোঁ, সেয়ে আমি তেওঁৰ পৰা পাওঁ�� কিয়নো আমি তেওঁৰ আজ্ঞাবোৰ পালন কৰোঁ আৰু তেওঁৰ দৃষ্টিত যি যি সন্তোষজনক, সেই কৰ্ম আমি কৰোঁ।
Bênçãos da obediência à lei
Se andardes nos meus mandamentos, vivereis. A obediência à lei de Deus traz vida, paz e prosperidade espiritual.
বাধ্যতাৰ আশীর্বাদ।
আপোনালোকে যদি আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা পালনত মনোযোগ দিয়ে আৰু আজি দিয়া মোৰ এই সকলো আজ্ঞা যত্নেৰে পালন কৰে, তেন্তে আপোনালোকৰ ঈশ্বৰ যিহোৱাই পৃথিবীৰ আন সকলো জাতিতকৈ আপোনালোকৰ স্থান উচ্চ কৰিব।
আজি আপোনালোকৰ ওচৰত মোৰ আজ্ঞা এই যে, আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক প্ৰেম কৰিব, তেওঁৰ পথত চলিব, আৰু তেওঁৰ আজ্ঞা, বিধি আৰু শাসন-প্ৰণালীবোৰ পালন কৰিব। তেনে কৰিলে আপোনালোক জীয়াই থাকিব আৰু সংখ্যাত বৃদ্ধি পাব; যি দেশ আপোনালোকে অধিকাৰ কৰিবলৈ গৈ আছে, সেই দেশত আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক আশীৰ্ব্বাদ কৰিব।
আজ্ঞা পালন কৰিবলৈ উপদেশ।
ইস্ৰায়েলীয়াসকল, আপোনালোকৰ ঈশ্বৰ যিহোৱাই এতিয়া আপোনালোকৰ পৰা কি বিচাৰিছে? তেওঁ কেৱল বিচাৰিছে যেন আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক ভয় কৰে, তেওঁৰ সকলো পথত চলে, তেওঁক প্ৰেম কৰে, আপোনালোকৰ সকলো মন আৰু প্ৰাণেৰে সৈতে ঈশ্বৰ যিহোৱাৰ আৰাধনা কৰে; লগতে আপোনালোকৰ ভালৰ কাৰণে আজি মই আপোনালোকৰ ওচৰত যিহোৱাৰ যি সকলো আজ্ঞা আৰু বিধি আপোনালোকক দিছো, সেই সকলোকে যেন পালন কৰে।
আজি মই আপোনালোকক দিয়া আজ্ঞাৰ সকলো কথা আপোনালোকৰ হৃদয়ত ৰাখিব লাগে। আপোনালোকে নিজৰ সন্তান সকলক যত্নেৰে সেইবোৰ শিকাব; আপুনি ঘৰত বহোঁতে বা বাটত যাওঁতে, আৰু শোওঁতে বা উঠোতে, সেইবোৰৰ বিষয়ে কথা-বতৰা হ’ব।
এই বিধান-পুস্তক খনৰ কথা তোমাৰ মুখৰ পৰা কেতিয়াও আঁতৰি নাযাওঁক; কিন্তু ইয়াতে থকা আটাইখিনি কথাকে পালন কৰি সেই মতে কাৰ্য কৰিবলৈ তুমি দিনে-ৰাতিয়ে ইয়াক ধ্যান কৰা; কিয়নো ইয়াকে কৰিলে তোমাৰ শুভগতি হ’ব আৰু তুমি কৃতকাৰ্য্য হ’বা।
কিন্তু যিহোৱাৰ দাস মোচিয়ে তোমালোকক আদেশ কৰা আজ্ঞা আৰু বিধানৰ দৰে কাৰ্য কৰিবলৈ, ঈশ্বৰ যিহোৱাক প্ৰেম কৰিবলৈ, তেওঁৰ সকলো পথত চলিবলৈ, তেওঁৰ আজ্ঞাবোৰ পালন কৰিবলৈ, তেওঁত আসক্ত হ’বলৈ আৰু সকলো মন ও সকলো প্ৰাণেৰে তেওঁৰ আৰাধনা কৰিবলৈ যত্নবান হ’বা।"
মই সমস্ত মনেৰে তোমাক বিচাৰিছোঁ;
তুমি মোক তোমাৰ আজ্ঞা-পথৰ পৰা ভ্ৰান্ত হৈ যাব নিদিবা।
মই বিশ্বস্ততাৰ পথ মনোনীত কৰিলোঁ;
মই তোমাৰ শাসন-প্ৰণালীবোৰ মোৰ সন্মুখত ৰাখিলোঁ।
কিন্তু যিহোৱাক ভয় কৰাসকলৰ ওপৰত তেওঁৰ দয়া অনাদিকালৰ পৰা অনন্তকাল পর্যন্ত থাকে,
আৰু তেওঁৰ ধাৰ্মিকতা বংশৰ পিছত বংশ বর্তি থাকে।
তেওঁলোকে যিহোৱাৰ ব্যৱস্থা মানি চলে আৰু তেওঁৰ আদেশবোৰ সোঁৱৰণ কৰি পালন কৰে।
Lei e graça
A lei veio para nos guiar; a graça veio para nos salvar. Em Cristo, cumprimos a lei pelo amor — o fruto do Espírito não tem lei contra si.
হে পিতৃ সকল, আপোনালোকে নিজ নিজ সন্তান সকলৰ খং নোতোলোব; কিন্তু প্ৰভুৰ শিক্ষা আৰু অনুশাসনত তেওঁলোকক প্ৰতিপালন কৰক।
হে মনুষ্য, যিহোৱাই যি ভাল,
সেই বিষয়ে তোমালোকক কৈছিল;
আৰু যিহোৱাই তোমালোকৰ পৰা এইবোৰ বিচাৰে:
ন্যায়ৰূপ কাৰ্য কৰা,
দয়াশীলতাক ভাল পোৱা,
আৰু তোমালোকে ঈশ্বৰৰ সৈতে নম্রভাৱে চলা।
কিন্তু ন্যায়বিচাৰ পানীৰ নিচিনাকৈ আৰু ধাৰ্মিকতা অবিৰামে বৈ থকা নদীৰ নিচিনাকৈ বৈ যাওঁক।
অবিশ্বাসী সকলৰ সৈতে আপোনালোক অসমানভাবে সংযুক্ত নহব; কিয়নো ধাৰ্মিকতা আৰু অধৰ্মৰ মাজত পৰস্পৰৰ কি সম্পৰ্ক? আন্ধাৰে সৈতে পোহৰৰ বা কি সহভাগিতা?