Mudança
A mudança é constante na vida, mas Deus é imutável. A Bíblia nos ensina a abraçar a transformação espiritual enquanto confiamos no Deus que é o mesmo ontem, hoje e sempre.
Deus é imutável
Jesus Cristo é o mesmo ontem, hoje e para sempre. Deus não muda — Ele é a rocha firme em meio às mudanças constantes da vida.
যীচু খ্ৰীষ্ট কালি, আজি, আৰু চিৰকাললৈকে সেই একে হৈ আছে।
"কিয়নো মই, যিহোৱা, মোৰ কোনো পৰিবৰ্ত্তন নাই; সেয়ে, হে যাকোবৰ বংশধৰ, তোমালোক বিনষ্ট হোৱা নাই।
সকলো উত্তম দান আৰু সকলো সিদ্ধ বৰ ওপৰৰ পৰাহে আহে, আৰু আকাশৰ জ্যোতিবোৰ সেই পিতৃৰ পৰাই তললৈ নামি আহে৷ ছাঁ যি দৰে সলনি হয়, তেনেদৰে তেওঁৰ কোনো পৰিৱৰ্তন নহয়৷
আকাশ আৰু পৃথিৱী লুপ্ত হ’ব কিন্তু মোৰ বাক্য কেতিয়াও লুপ্ত নহ’ব।
Transformação em Cristo
Se alguém está em Cristo, é nova criação. Somos transformados de glória em glória à imagem do Senhor pelo poder do Espírito.
এতেকে কোনো যদি খ্ৰীষ্টত আছে, তেনেহলে তেওঁ নতুন সৃষ্টি। পুৰণিবোৰ লুপ্ত হ’ল; চাওক, নতুন হ’ল।
আৰু আমি সকলোৱে, ওৰণি নোলোৱা মুখেৰে দৰ্পণত দেখাৰ দৰে প্ৰভুৰ গৌৰৱ চাওতে চাওতে, সেই গৌৰৱৰ পৰা গৌৰৱ পাই, আত্মাৰূপ প্ৰভুৰ দ্বাৰাই পৰিণত হোৱাৰ দৰে পৰিণত হৈ, সেই একে প্ৰতিমূৰ্তিৰ হ’ব লাগিছোঁ।
আপোনালোক জগতৰ অনুৰূপ নহ’ব; কিন্তু মন নতুন কৰাৰ যোগেদি ৰূপান্তৰিত হওক, তাতে আপোনালোকে পৰীক্ষা কৰি জানি লওঁক, কোনটো উত্তম, গ্ৰহণীয় আৰু সিদ্ধ, কিয়নো এয়ে ঈশ্বৰৰ ইচ্ছা৷
হে প্ৰিয়সকল, এতিয়া আমি ঈশ্বৰৰ সন্তান; কিন্তু পাছত কি হ’ম, সেয়ে এতিয়ালৈকে প্ৰকাশিত হোৱা নাই। কিন্তু আমি জানো যে, খ্ৰীষ্ট যেতিয়া প্ৰকাশিত হব, তেতিয়া আমি তেওঁৰ নিচিনাই হ’ম৷ তেওঁ যেনেকুৱা আছে, তেনেকুৱাই তেওঁক দেখিম৷
তেওঁ যি কাৰ্যসাধক গুণেৰে সকলোকে বশীভূত কৰিব পাৰে, তেনেদৰেই তেওঁ আমাৰ এই নীহ অৱস্থাৰ শৰীৰক ৰূপান্তৰ কৰি, তেওঁৰ প্ৰতাপৰ শৰীৰৰ সমৰূপ কৰিব।
চাওক, মই আপোনালোকক এটি নিগূঢ়-তত্ব কওঁ, আমি সকলোৱেই নিদ্ৰিত নহ’ম; কিন্তু চকুৰ পচাৰতে ৰূপান্তৰিত হ’ম।
এক মুহুৰ্ততে যেতিয়া শেষ তূৰী বাজিব, তেতিয়া চকুৰ পলকতে সেয়া ঘটিব৷ তুৰি যেতিয়া বাজিব, তেতিয়া মৃত লোক সকল অক্ষয়ণীয় হৈ উত্থিত হ’ব আৰু আমি সকলোৱেই ৰূপান্তৰিত হ’ম।
Arrependimento como mudança
Arrependei-vos, pois, e convertei-vos. O arrependimento é a mudança mais radical — da morte para a vida, do pecado para a graça.
মন-পালটনৰ উপযুক্ত ফল ধৰি ফলৱান হওক।
মই অাপোনালোকক কওঁ তেনে নহয়; কিন্তু মন-পালটন নকৰিলে, অাপোনালোক সকলোৱে সেইদৰে বিনষ্ট হব।
এই কাৰণে মন-পালটাই ঘূৰি আহক যাতে, আপোনালোকৰ পাপ-মোচন হয় আৰু প্রভুৰ সন্মুখৰ পৰা শান্তিযুক্ত কাল যেন আহে;
Tempos e ciclos
Para tudo há uma estação e um tempo para cada propósito debaixo do céu. Deus faz novas todas as coisas no tempo certo.
সকলোৰে বাবে এক সময় আছে
প্ৰত্যেক বিষয়ৰ কাৰণে এক এক সময় আছে; আকাশৰ তলত প্ৰত্যেকটো কার্যৰ একোটা নির্দিষ্ট সময় আছে।
এক পুৰুষ যায় আৰু এক পুৰুষ আহে; কিন্তু পৃথিৱী চিৰকাল থাকে।
সূৰ্য উদয় হয়, সূর্য অস্ত যায়; বেগেৰে নিজৰ উদয় স্থানলৈ ঘূৰি গৈ পুনৰ উদয় হয়।
বতাহ দক্ষিণ দিশলৈ বয়, আৰু চৌপাশে ঘূৰি উত্তৰলৈ যায়;
এইদৰে বতাহ নিজৰ পথত ঘূৰি থাকে,
আৰু পুনৰ নিজ চক্ৰলৈ উলটি আহে।
সকলো নদী গৈ সমুদ্ৰত পৰে; তথাপি সমুদ্ৰ কেতিয়াও পূর্ণ নহয়;
নদীবোৰ যি ঠাইলৈ যায়, সেই ঠাইলৈকে পুনৰায় একেৰাহে গৈ থাকে।
যি হৈ গ’ল, সেয়ে পুনৰ হ’ব;
যি কৰা হ’ল, তাক পুনৰ কৰা হ’ব;
সূৰ্যৰ তলত নতুন একোৱেই নাই।
এনে কিবা আছেনে, যাৰ বিষয়ে মানুহে ক’ব পাৰে যে,
‘চোৱা এইটো নতুন’?
যি যি বিদ্যমান, ইতিমধ্যে বহু দিন ধৰি আছিল,
আমাৰ যুগৰ আগতেও বিদ্যমান আছিল।
চোৱা, মই এক নতুন কাৰ্য কৰিবলৈ উদ্যত; সেয়ে এতিয়া ঘটিব; তোমালোকে জানো তাক নাজানিবা?
মই অৰণ্যৰ মাজত পথ, আৰু মৰুভূমিৰ মাজত নদীবোৰ উৎপন্ন কৰিম।
প্ৰথমে ইয়াকে জানিব যে, শেষ-কালত বিদ্ৰূপত আসক্ত বিদ্ৰূপকাৰী লোকবোৰ উপস্থিত হ’ব; তেওঁলোকে নিজ নিজ কু-অভিলাষ অনুসাৰে চলিব৷ তেওঁলোকে ক’ব, "আমাৰ পিতৃৰ আগমণৰ প্ৰতিজ্ঞা কি হ’ল? কাৰণ আমি জানো আমাৰ পিতৃপুৰুষ মৰাৰ সময়ৰ পৰা, এনে কি সৃষ্টিৰ অাদিৰে পৰা একেদৰেই ঘটি আছে৷"
কাৰণ তেওঁলোকে পুর্বে কি ঘটিছিল তাক স্মৰণ নকৰি পাহৰি গ’ল৷ প্ৰথমে যে আকাশমণ্ডল জলৰ পৰা আৰু জলৰ দ্বাৰাই পৃথিৱী আৰু ঈশ্বৰৰ মুখৰ বাক্যৰ দ্বাৰাই সকলো সৃষ্টি হ’ল৷ আৰু এই সময়তেই ঈশ্বৰৰ বাক্যৰ দ্বাৰাই জগত জলপ্লাবিত হৈ বিনষ্ট হৈছিল; একে বাক্যৰ গুণে বৰ্তমান এই কালৰ আকাশমণ্ডল আৰু পৃথিৱী জুইৰ দ্বাৰাই ধ্বংস হবলৈ সংৰক্ষণ হৈছে, এইদৰে ভক্তিহীন মানুহবোৰো বিচাৰ আৰু বিনাশ হোৱাৰ দিনলৈকে ৰক্ষিত হৈ অাছে৷
Este artigo te tocou? Faça uma oração!
+581 estão orando agora.
Junte-se à corrente de oração.