Mulher
A Bíblia celebra a mulher como obra-prima da criação divina. Ela é elogiada por sua sabedoria, força, beleza interior e papel fundamental na família e na sociedade.
A mulher na criação
Deus criou o homem e a mulher à sua imagem. A mulher foi formada como ajudadora idônea — parceira de igual dignidade e valor.
তেতিয়া ঈশ্বৰে নিজৰ প্ৰতিমূৰ্ত্তিৰে মানুহ সৃষ্টি কৰিলে; ঈশ্বৰে নিজৰ প্ৰতিমূৰ্ত্তিৰেই মানুহ সৃষ্টি কৰিলে; তেওঁ তেওঁলোকক পুৰুষ আৰু স্ত্ৰী কৰি সৃষ্টি কৰিলে।
সেয়ে ঈশ্বৰ যিহোৱাই মানুহলৈ গভীৰ টোপনি আনিলে; তাতে তেওঁ গভীৰ টোপনি গ’ল। তেতিয়া ঈশ্বৰ যিহোৱাই তেওঁৰ এডাল কামী-হাড় উলিয়াই সেই ঠাই মঙহেৰে পুৰালে। ঈশ্বৰ যিহোৱাই মানুহৰ পৰা উলিওৱা কামী-হাড়ডালেৰে এগৰাকী স্ত্ৰী নিৰ্ম্মাণ কৰি তেওঁক মানুহৰ ওচৰলৈ লৈ আনিলে। তেতিয়া মানুহে ক’লে, "এতিয়া হৈছে; এওঁ মোৰ হাড়ৰো হাড়, মোৰ মঙহৰো মঙহ; এওঁক ‘নাৰী’ বুলি মতা হ’ব; কিয়নো এওঁক নৰৰ পৰা লোৱা হৈছে।"
Virtude e caráter
A beleza é vã e a formosura passageira, mas a mulher que teme ao Senhor é digna de louvor. Seu caráter é seu maior tesouro.
সৌন্দৰ্য বিভ্রান্তিকৰ, লাৱণ্য মূল্যহীন,
কিন্তু যিহোৱালৈ ভয় ৰখা মহিলা প্ৰশংসনীয়।
জ্ঞানৱতী মহিলাই নিজৰ ঘৰ নিৰ্মাণ কৰে;
কিন্তু অজ্ঞানী মহিলাই নিজৰ হাতেৰে তাক ভাঙি পেলায়।
গুণৱতী ভাৰ্যা স্বামীৰ মুকুটৰ দৰে;
কিন্তু লাজ দিওঁতা মহিলাৰ অস্থি ক্ষয়কাৰী ৰোগ যেন হয়।
দয়ালু মহিলাই সন্মান পায়;
কিন্তু নিৰ্দয় লোকে সম্পত্তিক ধৰি ৰাখে।
ঘৰ আৰু ধন-সম্পত্তি পিতৃসকলৰ পৰা পোৱা উত্তৰাধিকাৰ;
কিন্তু জ্ঞানৱতী ভাৰ্যা যিহোৱাৰ পৰা পোৱা যায়।
দ্বন্দুৰী আৰু সকলো সময়তে অভিযোগ কৰি থকা মহিলাৰ সৈতে বাস কৰাতকৈ,
মৰুভূমিত বাস কৰাই ভাল।
এতেকে আইটি, তুমি ভয় নকৰিবা; তুমি কোৱা সকলোকে মই কৰিম, কিয়নো তুমি যে সতী, ইয়াক মোৰ নিজ নগৰৰ ভিতৰত থকা সকলো মানুহে জানে।
Sabedoria e serviço
As mulheres da Bíblia foram líderes, profetisas e discípulas fiéis. Jesus honrou as mulheres e as incluiu em seu ministério.
তাৰ অলপ সময়ৰ পাছত, তেওঁ নগৰে নগৰে আৰু গাৱেঁ গাৱেঁ যাত্ৰা কৰি ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা ঘোষণা আৰু প্ৰচাৰ কৰিব ধৰিলে; তেওঁৰ সৈতে সেই বাৰ জন পাঁচনিও আছিল�� ইয়াৰ উপৰি ভূতৰ আত্মা আৰু নৰিয়াৰ পৰা মুক্ত হোৱা কেইজনীমান তিৰোতা, লগতে সাতটা ভূতৰ কবলৰ পৰা উদ্ধাৰ হোৱা মগ্দলীনী বুলি মতা সেই মৰিয়ম; আৰু হেৰোদ ৰজাৰ ঘৰগিৰী কূচৰ ভার্যা, যোহানা, আৰু চোচন্না, আৰু আন আন অনেক মহিলা তেওঁৰ লগত আছিল�� এই তিৰোতা সকলে নিজ নিজ সম্পত্তিৰ পৰা তেওঁলোকৰ সেৱা শুশ্ৰূষা কৰিছিল।
সেইদৰে হে ভাৰ্যা সকল, আপোনালোক নিজ নিজ স্বামীৰ বশীভূত হওক; গতিকে, তেখেত সকলৰ কোনো কোনোৱে যদিও ঈশ্বৰৰ বাক্য অমান্য কৰে, তথাপি নিজ নিজ ভাৰ্য্যাৰ আচাৰ-ব্যৱহাৰৰ দ্বাৰাই,
সেইদৰে হে স্বামী সকল, আপোনালোকতকৈ স্ত্ৰী সকল মাটিৰ পাত্ৰৰদৰে কোমল, জীৱনৰূপ অনুগ্ৰহৰ সহকাৰিণী বুলি জানি, আপোনালোকৰ প্ৰাৰ্থনাত যেন বাধা নজন্মে, এই কাৰণে তেখেত সকলৰ সৈতে জ্ঞানমতে সহবাস কৰি তেখেত সকলক সমাদৰ কৰক।
পৰিচাৰিকা মহিলা সকলো সন্মানৰ যোগ্য হব লাগে�� তেওঁলোক যেন অপবাদ দিওতা নহয়, কিন্তু নিজক সংযম কৰি ৰখা, ধীৰ, আৰু সকলো বিষয়তে তেওঁলোক যেন বিশ্বাসযোগ্য হয়��
সেইদৰে বৃদ্ধ মহিলা সকলেয়ো যেন সকলো সময়তে পবিত্ৰ লোক সকলৰ দৰে আচাৰ-ব্যৱহাৰ দেখুৱায় আৰু অপবাদিকা বা বহু দ্ৰাক্ষাৰসৰ দাসী নহয়�� যি যি উত্তম, সেই শিক্ষা তেওঁলোকে দিয়ক�� ইয়াৰ দ্বাৰা যুৱতী সকলক তেওঁলোকে শিক্ষা দিয়ক, তেওঁলোক যাতে চিন্তাধাৰাত সুস্হিৰ হয়, পতিক প্ৰেম কৰোঁতা আৰু সন্তান-প্ৰিয়া হবলৈ উৎসাহিত হয়, এইদৰে বিবেচক হবলৈ, নিৰ্দোষী, ঘৰ-ধৰোতা, সৎ স্বভাৱৰ, আৰু নিজ নিজ স্বামীৰ বশীভুতা হবলৈ শিকাই বুজাই সুবুদ্ধি কৰি তুলিবৰ বাবে তেওঁলোকে শিক্ষা দিয়ক, যাতে ঈশ্বৰৰ বাক্য নিন্দিত নহয়��