Namoro e sexo
Namoro e sexo são temas que a Bíblia trata com clareza e sem tabus. Deus criou o sexo como bênção dentro do casamento e nos chama à pureza fora dele.
Pureza sexual
A vontade de Deus é a santificação. Cada um saiba controlar seu próprio corpo em santidade e honra, não na paixão do desejo.
কিয়নো ঈশ্বৰৰ ইচ্ছা এই যে, আপোনালোক যেন পবিত্ৰ হয় অর্থাৎ সকলো ধৰণৰ ব্যভিচাৰৰ পৰা যেন দূৰৈত থাকে। আপোনালোক প্রত্যেকে নিজৰ নিজৰ ভার্যাৰ লগত কেনেদৰে পবিত্রতাৰে আৰু সন্মানজনক ভাৱে সহবাস কৰিব লাগে, সেই বিষয়ে জানে। ঈশ্বৰক নজনা অনা-ইহুদী সকলৰ নিচিনা অবৈধ মাংসিক কামনাৰ বশত চলিব নালাগে।
"পেটৰ কাৰণেই আহাৰ; আহাৰৰ কাৰণেও পেট"; কিন্তু ঈশ্বৰে এই দুয়োকো লোপ কৰিব। তথাপি শৰীৰ ব্যভিচাৰৰ কাৰণে নহয়, প্ৰভুৰ কাৰণেহে আৰু প্রভুও শৰীৰৰ কাৰণেহে;
আৰু তেওঁৰ ওপৰত যি ব্যক্তিৰ এনে আশা বা আত্মবিশ্বাস আছে, তেওঁ যেনে শুচি, তেৱোঁ তেনেকৈ নিজকে শুচি কৰে।
Arrependimento e restauração
Bem-aventurado aquele cujo pecado é perdoado. Deus restaura os que se arrependem e cria neles um coração limpo e renovado.
মচকীল নামেৰে দায়ুদৰ ৰচিত গীত
ধন্য সেই লোক, যি লোকৰ অপৰাধ ক্ষমা কৰা হয়;
যি লোকৰ পাপ ঢকা হয়।
ধন্য সেই ব্যক্তি, যি ব্যক্তিৰ অপৰাধ যিহোৱাই গণনা নকৰে,
আৰু যি ব্যক্তিৰ মনত কোনো ছলনা নাই।
মই যেতিয়া পাপ স্বীকাৰ নকৰি মনে মনে আছিলোঁ, তেতিয়া ওৰে দিনটো কেঁকাই থকাত মোৰ অস্থিবোৰ ক্ষয় পাইছিল।
কিয়নো তেতিয়া দিনে ৰাতিয়ে মোৰ ওপৰত তোমাৰ হাত গধুৰ হৈ আছিল,
মোৰ গাৰ শক্তি জহকালৰ তাপত যেনেকৈ হয়, তেনেকৈয়ে শুকাই গৈছিল। (চেলা)
তেতিয়া মই তোমাৰ আগত মোৰ পাপ সৈ কাঢ়িলোঁ;
মোৰ অপৰাধ মই আৰু লুকুৱাই নাৰাখিলোঁ;
মই ক’লো, "যিহোৱাৰ আগত মই মোৰ অপৰাধ সৈ কাঢ়িম";
তাতে মোৰ পাপৰ দোষ তুমি ক্ষমা কৰিলা। (চেলা)
সেইবাবে প্রয়োজনৰ সময়ত প্রতিজন বিশ্বাসীয়ে তোমাৰ আগত প্রার্থনা কৰক;
বিপদ মহা-জলপ্লাৱনৰ দৰে আহিলেও সেইজনৰ ওচৰ নাপাব।
মোৰ সকলো অধৰ্ম তুমি ধুই পেলোৱা;
মোৰ পাপৰ পৰা মোক শুচি কৰা।
মোৰ পাপবোৰ মই নিজে জানিছোঁ;
মোৰ পাপ সদায় মোৰ আগত আছে।
তোমাৰ বিৰুদ্ধে, কেৱল তোমাৰেই বিৰুদ্ধে মই পাপ কৰিলোঁ;
তোমাৰ দৃষ্টিত যি বেয়া মই তাকে কৰিলোঁ;
তুমি তোমাৰ বাক্যত ধাৰ্মিক, তোমাৰ বিচাৰ নিখুঁত।
এচোব বনেৰে তুমি মোক পবিত্র কৰা আৰু মই শুচি হ’ম;
মোক ধোৱা, তাতে মই হিমতকৈয়ো বগা হ’ম।
মোক আনন্দ আৰু উল্লাসৰ ধ্বনি শুনিবলৈ দিয়া;
তুমি গুড়ি কৰা মোৰ অস্থিবোৰক উল্লাসিত হবলৈ দিয়া।
মোৰ পাপ সমূহৰ পৰা তুমি তোমাৰ মুখ ঢাকা;
মোৰ সকলো অপৰাধ মোচন কৰা।
হে ঈশ্বৰ, তুমি মোৰ ভিতৰত শুদ্ধ অন্তৰ সৃষ্টি কৰা;
মোৰ অন্তৰত এক নতুন আৰু সুস্থিৰ আত্মা স্থাপন কৰা।
তোমাৰ সন্মুখৰ পৰা মোক দূৰ নকৰিবা;
তোমাৰ পবিত্ৰ আত্মা মোৰ পৰা নিনিবা।
তোমাৰ পৰিত্ৰাণৰ আনন্দ মোক পুনৰায় দান কৰা;
তোমাৰ উদাৰ আত্মা দি মোক ধৰি ৰাখা।