Não temas
'Não temas' é uma das frases mais repetidas na Bíblia. Deus a pronuncia nos momentos de maior temor, lembrando que sua presença e poder são maiores que qualquer ameaça.
Deus está contigo
Não temas, porque eu sou contigo. Deus repete essa promessa em cada crise, guerra e desafio que seus filhos enfrentam.
ভয় নকৰিবা, কাৰণ মই তোমাৰ লগত আছোঁ; ব্যাকুল নহ’বা, কাৰণ মই তোমাৰ ঈশ্বৰ;
মই তোমাক শক্তি দিম, মই তোমাক সহায় কৰিম, আৰু মোৰ বিজয় যুক্ত সোঁ হাতেৰে তোমাক ধৰি ৰাখিম।
কিয়নো তোমাৰ ঈশ্বৰ যিহোৱা যি মই, ময়েই তোমাৰ সোঁ হাতত ধৰোঁ,
আৰু কওঁ, ‘ভয় নকৰিবা; ময়েই তোমাক সহায় কৰিম।’
হে পোক যাকোব, হে ইস্ৰায়েল লোকসকল, ভয় নকৰিবা;
যিহোৱাই কৈছে "ময়েই তোমাক সহায় কৰিম" আৰু ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাই তোমাৰ মুক্তিদাতা।
হে চিয়োনৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ কৰোঁতা লোক, ওখ পৰ্ব্বতলৈ উঠি যোৱা;
যিৰূচালেমলৈ শুভবাৰ্ত্তা ঘোষণা কৰা, শক্তিৰে সৈতে জোৰেৰে ৰিঙিওৱা। চিঞৰি কান্দা, ভয় নকৰিবা।
যিহূদাৰ নগৰবোৰক কোৱা, "এইয়া তোমালোকৰ ঈশ্বৰ।"
মই তোমাক আজ্ঞা দিয়া নাই নে? বলৱান আৰু সাহিয়াল হোৱা! ত্ৰাসিত বা ব্যাকুল নহ’বা; কিয়নো তুমি যি যি ঠাইলৈ যাবা, সেই সকলো ঠাইতে তোমাৰ ঈশ্বৰ যিহোৱা তোমাৰ লগত থাকিব।"
আপোনালোক শক্তিশালী হওঁক আৰু অতিশয় সাহিয়াল হওঁক; তেওঁলোকক দেখি ভয় নকৰিব বা কঁপিও নুঠিব; কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা নিজেই আপোনালোকৰ লগত যাওঁতা; তেওঁ আপোনালোকক কেতিয়াও নেৰিব বা ত্যাগ নকৰিব।
এইবোৰ ঘটনাৰ পাছত, দৰ্শনযোগে অব্ৰামলৈ যিহোৱাৰ বাক্য আহিল, তেওঁ ক’লে, "হে অব্ৰাম, ভয় নকৰিবা; ময়েই তোমাৰ ঢাল আৰু মহা পুৰস্কাৰস্বৰূপ।"
Coragem diante do perigo
Não tenhas medo — o Senhor teu Deus está no meio de ti, poderoso para salvar. Ele luta por nós e dá forças aos medrosos.
সেই দিনা যিৰূচালেমক এই কথা কোৱা হ’ব, ‘হে চিয়োন, তুমি ভয় নকৰিবা; তোমাৰ হাত শিথিল নহওক।। তোমাৰ ঈশ্বৰ যিহোৱা তোমাৰ মাজত আছে; সেই পৰাক্রমীজনে তোমাক ৰক্ষা কৰিব; তেওঁ আনন্দেৰে সৈতে তোমাৰ বিষয়ে উল্লাস কৰিব; তেওঁ তেওঁৰ গভীৰ প্রেমেৰে সৈতে তোমাৰ বিষয়ে নীৰব হ’ব। তেওঁ গানেৰে সৈতে তোমাৰ বিষয়ে আনন্দ কৰিব।
ইলীচাই ক’লে, "ভয় নকৰিবা; কিয়নো আমাৰ লগত থকাসকল তেওঁলোকৰ লগত থকাসকলতকৈ অধিক।"
তাৰ পাছত ইলীচাই এই প্ৰাৰ্থনা কৰিলে, "হে যিহোৱা, মই নিবেদন কৰোঁ, এই দাসে যেন দেখা পায়, আপুনি তেওঁৰ চকু মুকলি কৰি দিব।" যিহোৱাই সেই দাসৰ চকু মুকলি কৰি দিলে। তাতে তেওঁ দেখা পালে যে, ইলীচাৰ চাৰিওফালে পাহাৰখন অগ্নিময় ঘোঁৰা আৰু ৰথেৰে ভৰি আছে!
হে দেশ ভয় নকৰিবা, উল্লাসিত হৈ আনন্দ কৰা,
কিয়নো যিহোৱাই মহৎ কাৰ্য কৰিলে।
যিহোৱাই উত্তৰ দি ক’লে, "তুমি এনে কথা নকবা, কিয়নো, মই তোমাক যিসকলৰ ওচৰলৈ পঠিয়াম, তেওঁলোকৰ প্রত্যেকজনৰ গুৰিলৈ তুমি যাবই লাগিব, আৰু তোমাক যি যি আজ্ঞা কৰিম, সেই সকলোকে তুমি তেওঁলোকক কবই লাগিব। তুমি যিসকলক কথা ক’বা, তেওঁলোকলৈ ভয় নকৰিবা, কিয়নো তেওঁলোকৰ দ্বাৰাই অনিষ্ট হোৱাৰ পৰা মই তোমাক সুৰক্ষা দিম। আৰু এইয়া নিশ্চয়কে ঘটিব, কিয়নো মই যিহোৱাই ইয়াকে ক’লো।
প্ৰভুৱে ৰাতি পৌলক দৰ্শন দি কলে "তুমি ভয় নকৰিবা, মনে মনে নাথাকি, প্ৰচাৰ কৰা; মই তোমাৰ লগত আছোঁ, কোনেও তোমাক হানি কৰিব নোৱাৰে, মোৰ বহু লোক এই নগৰত আছে��’’
আৰু তুমি, হে মনুষ্য- সন্তান, তুমি তেওঁলোকলৈ বা তেওঁলোকৰ কথালৈ ভয় নকৰিবা। যদিও তুমি কাঁইটীয়া বন আৰু কাঁইট গছৰ হাবি আৰু কেঁকোৰাবিছাবোৰৰ মাজত থকাৰ দৰে বাস কৰি আছা, তথাপিও তেওঁলোকৰ কথালৈ ভয় নকৰিবা বা তেওঁলোকৰ মুখ দেখি ব্যাকুল নহ’বা, কিয়নো তেওঁলোক বিদ্ৰোহী বংশ।
যদিও তেওঁলোকে সেই বিষয়ে শুনক বা নুশুনক, কিন্তু তুমি হ’লে মোৰ বাক্য তেওঁলোকক ক’বা, কিয়নো তেওঁলোক অত্যন্ত বিদ্ৰোহী।
Fé que vence o medo
O medo não vem de Deus. Jesus disse: não temas, crê somente! A fé dissipa o medo e nos conecta ao poder de Deus.
কিন্তু যেতিয়া সেই বাক্য যীচুৰ কাণত পৰিল, তেওঁ নাম-ঘৰৰ অধিকাৰী জনক কলে, "ভয় নকৰিবা; বিশ্বাস মাথোন ৰাখা।"
তোমাৰ আসন্ন দুখভোগলৈ ভয় নকৰিবা। চোৱা! তোমালোকৰ পৰীক্ষাৰ অৰ্থে, চয়তানে তোমালোকৰ কোনো কোনোক বন্দীশালত পেলাবলৈ উদ্যত আছে, তাতে দহ দিনলৈ তোমালোকৰ ক্লেশ হ’ব�� তুমি মৃত্যু পৰ্য্যন্ত বিশ্বাসী হৈ থাকা; তাতে মই জীৱনৰূপ কিৰীটি তোমাক দিম।
যি সকলে কেৱল শৰীৰকহে বধ কৰে, কিন্তু আত্মাক বধ কৰিব নোৱাৰে, তেওঁলোকলৈ ভয় নকৰিবা; কিন্তু যি জনে আত্মা আৰু শৰীৰ, এই দুয়োকো নৰকত নষ্ট কৰিব পাৰে, তেওঁকেহে ভয় কৰিবা।
কিন্তু তেওঁ যেতিয়া এইবোৰ কথা চিন্তা কৰিলে, তেতিয়া প্ৰভুৰ এজন দূত আহি সপোনত তেওঁক দৰ্শন দি ক’লে, "হে দায়ুদৰ বংশৰ সন্তান যোচেফ, তোমাৰ ভাৰ্যা মৰিয়মক গ্ৰহণ কৰিবলৈ ভয় নকৰিবা; কিয়নো তেওঁৰ গৰ্ভৰ সন্তান পবিত্ৰ আত্মাৰ পৰা হৈছে।
স্বর্গৰ দূতে তেওঁক ক’লে, "হে মৰিয়ম, ভয় নকৰিবা; কিয়নো তুমি ঈশ্বৰৰ দ্বাৰা অনুগ্ৰহ পালা।
ইয়াকে দেখি চিমোন পিতৰে যীচুৰ চৰণত পৰি ক’লে, "প্ৰভু মই এজন পাপী মানুহ, আপুনি মোৰ ওচৰৰ পৰা আতৰি যাওক।"