Obediência
A obediência a Deus é a resposta natural do amor. Jesus disse: 'Se me amais, guardareis os meus mandamentos.' A obediência abre portas de bênção e nos aproxima do coração de Deus.
Obedecer é melhor que sacrificar
Deus deseja obediência acima de rituais. O sacrifício sem submissão ao Senhor é vazio de significado espiritual.
চমূৱেলে ক’লে, "যিহোৱাৰ বাক্য পালন কৰিলে যেনেকৈ তেওঁ সন্তুষ্ট হয়, তেনেকৈ হোম আৰু বলিদানত জানো তেওঁ সন্তুষ্ট হ’য়? বলিদানতকৈ আজ্ঞাপালন কৰা উত্তম, আৰু মেৰৰ তেলতকৈ বাক্য শুনা উত্তম।
তেতিয়া পিতৰ আৰু আন পাঁচনি সকলে উত্তৰ দি কলে, "আমি মানুহৰ নহয়, ঈশ্বৰৰহে আজ্ঞা মনা উচিত।
এই কথাৰ আমি সাক্ষী আছোঁ আৰু যি সকল ঈশ্বৰৰ বাধ্য হয়, ঈশ্বৰে তেওঁলোকক যি পবিত্ৰ আত্মা দিছে, সেই পবিত্র আত্মাও ইয়াৰ সাক্ষী।"
যীচু ঈশ্বৰৰ পুত্ৰ হোৱা সত্ত্বেও দুখভোগ কৰিছিল আৰু তাৰ মাজেদিয়েই বাধ্যতা হ’বলৈ শিক্ষা পালে; এইভাৱে যীচুৱে মহা-পুৰোহিতৰূপে পূর্ণ সিদ্ধতা লাভ কৰিলে আৰু সেয়ে তেওঁৰ বাধ্য হোৱা সকলোৰে কাৰণে তেওঁ অনন্ত পৰিত্রাণৰ পথ হ’ল;
Obedecer aos mandamentos de Cristo
Jesus vinculou amor a obediência. Quem ama a Deus guarda seus mandamentos, e seus mandamentos não são pesados.
তোমালোকে যদি মোক প্ৰেম কৰা, তেনেহলে মোৰ আজ্ঞাবোৰ পালন কৰিবা।
যীচুৱে উত্তৰ দি তেওঁক ক’লে, "কোনোৱে যদি মোক প্ৰেম কৰে, তেনেহলে তেওঁ মোৰ বাক্য পালন কৰিব; মোৰ পিতৃয়ে তেওঁক প্ৰেম কৰিব, আৰু আমি তেওঁৰ ওচৰলৈ আহি, তেওঁৰে সৈতে নিবাস কৰিম।
কাৰণ ঈশ্বৰে দিয়া প্ৰেমৰ অভিপ্ৰায় এয়েই, আমি যেন তেওঁৰ আজ্ঞাবোৰ পালন কৰোঁ; আৰু তেওঁৰ আজ্ঞাবোৰ ব’বলৈ গধুৰ নহয়��
হে প্ৰিয় সন্তানসকল, আমাৰ হৃদয়ে যদি আমাক দোষী নকৰে, তেনেহলে ঈশ্বৰত আমাৰ নিশ্চয়তা বা আত্মবিশ্বাস আছে; আৰু আমি যিহকে যাচনা কৰোঁ, সেয়ে আমি তেওঁৰ পৰা পাওঁ�� কিয়নো আমি তেওঁৰ আজ্ঞাবোৰ পালন কৰোঁ আৰু তেওঁৰ দৃষ্টিত যি যি সন্তোষজনক, সেই কৰ্ম আমি কৰোঁ।
তোমালোকে কিয় মোক ‘প্ৰভু, প্ৰভু’ বুলি মাতা, অথচ মই যি কওঁ তাক পালন নকৰা?
যীচুৱে সকলোৰে আগত ক’লে, "কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে, তেনেহলে তেওঁ নিজেই নিজকে অস্ৱীকাৰ কৰিব লাগিব আৰু দিনে দিনে নিজৰ ক্ৰুচ তুলি লৈ, মোৰ পাছে পাছে আহিব লাগিব।
Obedecer e praticar a Palavra
Sejam praticantes da Palavra. Quem ouve e pratica é como o homem sábio que construiu sobre a rocha firme — inabalável.
কেৱল শুনোতা হৈ নিজক নুভুলাব, কিন্তু বাক্য পালন কৰোঁতা হওক।
কেৱল শুনোতা হৈ নিজক নুভুলাব, কিন্তু বাক্য পালন কৰোঁতা হওক।
এতেকে আপোনালোক ঈশ্বৰৰ বশীভুত হওক আৰু চয়তানক প্ৰতিৰোধ কৰক; তাতে সি আপোনালোকৰ মাজৰ পৰা পলাই যাব।
এই বিধান-পুস্তক খনৰ কথা তোমাৰ মুখৰ পৰা কেতিয়াও আঁতৰি নাযাওঁক; কিন্তু ইয়াতে থকা আটাইখিনি কথাকে পালন কৰি সেই মতে কাৰ্য কৰিবলৈ তুমি দিনে-ৰাতিয়ে ইয়াক ধ্যান কৰা; কিয়নো ইয়াকে কৰিলে তোমাৰ শুভগতি হ’ব আৰু তুমি কৃতকাৰ্য্য হ’বা।
এই বিধান-পুস্তক খনৰ কথা তোমাৰ মুখৰ পৰা কেতিয়াও আঁতৰি নাযাওঁক; কিন্তু ইয়াতে থকা আটাইখিনি কথাকে পালন কৰি সেই মতে কাৰ্য কৰিবলৈ তুমি দিনে-ৰাতিয়ে ইয়াক ধ্যান কৰা; কিয়নো ইয়াকে কৰিলে তোমাৰ শুভগতি হ’ব আৰু তুমি কৃতকাৰ্য্য হ’বা।
হে মোৰ পুত্র, তুমি তোমাৰ পিতৃৰ আজ্ঞা পালন কৰা,
আৰু তোমাৰ মাতৃৰ শিক্ষা হেয়জ্ঞান নকৰিবা।
যিজনে নিয়মানুবৰ্তিতাত চলে, তেওঁ জীৱনৰ পথত চলে;
কিন্তু যিজনে অনুযোগ অমান্য কৰে, তেওঁ বিপথে যায়।
Bênçãos da obediência
A obediência abre caminho de bênçãos e prosperidade. Deus promete vida, saúde e vitória aos que andam em seus caminhos.
আপোনালোকে যদি আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা পালনত মনোযোগ দিয়ে আৰু আজি দিয়া মোৰ এই সকলো আজ্ঞা যত্নেৰে পালন কৰে, তেন্তে আপোনালোকৰ ঈশ্বৰ যিহোৱাই পৃথিবীৰ আন সকলো জাতিতকৈ আপোনালোকৰ স্থান উচ্চ কৰিব।
মোক ভয় কৰিবলৈ আৰু মোৰ আজ্ঞা পালন কৰাৰ এই মনোভাৱ যেন তেওঁলোকৰ সদায় থাকে; তাতে তেওঁলোক আৰু তেওঁলোকৰ সন্তান সকল চিৰকাল কুশলে থাকিব!
আপোনালোক যেন জীয়াই থাকিব পাৰে, আপোনালোকৰ যেন মঙ্গল হয়, আৰু যি দেশ আপোনালোকে অধিকাৰ কৰিব, তাত যেন অনেক কাল জীয়াই থাকিব পাৰে, সেইবাবে আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি যি পথত আপোনালোকক চলিবলৈ আজ্ঞা দিলে, সেই পথতে আপোনালোক চলিব।"
এই হেতুকে যি কোনোৱে এই আজ্ঞাবোৰৰ মাজৰ সৰু এটিও উলঙ্ঘন কৰে আৰু আন লোকক সেইদৰে কৰিবলৈ শিকায়, তেওঁ স্বৰ্গৰাজ্যত সকলোতকৈ সৰু বুলি গণ্য হব; কিন্তু যি কোনোৱে সেইবোৰ পালন কৰে আৰু সেইদৰে শিকায়, তেওঁ স্বৰ্গৰাজ্যত মহান বুলি গণ্য হ’ব।
এতেকে, হে মোৰ প্ৰিয় ভাই আৰু ভনী সকল আপোনালোকে সুস্থিৰ আৰু দৃঢ় সংকল্প কৰক, ঈশ্বৰৰ কার্যত সকলো সময়তে নিজকে সম্পূর্ণৰূপে সপি দিয়ক�� আপোনালোকে জানে যে, ঈশ্বৰৰ বাবে কৰা পৰিশ্ৰম ব্যৰ্থ নহয়।
কিয়নো এজন মানুহৰ আজ্ঞা-লঙ্ঘনৰ যোগেদি যেনেকৈ অনেকক পাপী বুলি গণিত কৰা হ’ল, তেনেকৈ এজনৰ আজ্ঞা পালনৰ যোগেদি অনেকক ধাৰ্মিক কৰা হ’ব।
ইয়াৰ বাহিৰেও অপৰাধ অধিক হ’বলৈ বিধান সোমাই আহিল; কিন্তু যি ঠাইত পাপ অধিক হ’ল, সেই ঠাইত অনুগ্ৰহ একেবাৰে উপচি পৰিল।
Submissão e consagração
Apresentar o corpo como sacrifício vivo é o culto racional. A obediência se expressa em submissão, serviço e consagração total a Deus.
এতেকে, হে ভাই সকল, ঈশ্বৰৰ সকলো দয়াৰ দ্বাৰাই মই আপোনালোকক এই মিনতি কৰোঁ যে, আপোনালোকে নিজ নিজ শৰীৰক ঈশ্বৰৰ গ্ৰহণীয়, জীৱিত, আৰু পবিত্ৰ বলি স্বৰূপে উৎসৰ্গ কৰক; এয়েই আপোনালোকৰ যুক্তিসঙ্গত আৰাধনা।
আপোনালোক জগতৰ অনুৰূপ নহ’ব; কিন্তু মন নতুন কৰাৰ যোগেদি ৰূপান্তৰিত হওক, তাতে আপোনালোকে পৰীক্ষা কৰি জানি লওঁক, কোনটো উত্তম, গ্ৰহণীয় আৰু সিদ্ধ, কিয়নো এয়ে ঈশ্বৰৰ ইচ্ছা��
যত্নত এলেহুৱা নহ’ব; আত্মাত উৎসাহী হওক; প্ৰভুৰ সেৱাকৰ্ম কৰক��
কিয়নো যিমান লোক ঈশ্বৰৰ আত্মাৰ দ্বাৰা চালিত হয়, সেই সকলোৱে ঈশ্বৰৰ সন্তান।
প্ৰত্যেক ব্যক্তিয়ে শাসনকৰ্তা সকলৰ বশীভূত হওক; কিয়নো ঈশ্বৰৰ পৰা নাহিলে, কোনোৱে কতৃত্ব নাপায়; আৰু যি যি আছে, সেইবোৰ ঈশ্বৰৰ দ্বাৰাই নিৰূপিত।
প্ৰত্যেক ব্যক্তিয়ে শাসনকৰ্তা সকলৰ বশীভূত হওক; কিয়নো ঈশ্বৰৰ পৰা নাহিলে, কোনোৱে কতৃত্ব নাপায়; আৰু যি যি আছে, সেইবোৰ ঈশ্বৰৰ দ্বাৰাই নিৰূপিত। এতেকে যি জনে সেই ক্ষমতাৰ প্ৰতিৰোধ কৰে, তেওঁ ঈশ্বৰৰ আজ্ঞাৰ প্ৰতিৰোধ কৰে; আৰু যি সকলে প্ৰতিৰোধ কৰে, তেওঁলোকে নিজেই নিজলৈ দণ্ডাজ্ঞা মাতি আনে।
আৰু ঈশ্বৰৰ ইচ্ছাৰে আপোনালোকৰ ওচৰলৈ আনন্দেৰে গৈ, আপোনালোকৰ সৈতে যেন মোৰ প্ৰাণ জুৰাব পাৰিম��
আৰু যীচু খ্ৰীষ্ট যে প্ৰভু, ইয়াক যেন পিতৃ ঈশ্বৰৰ মহিমাৰ অৰ্থে সকলো জিভাই স্বীকাৰ কৰে��
আজ্ঞাধীন হোৱা সন্তান সকলৰ যেনে উপযুক্ত, তেনেকৈ আপোনালোক পুৰ্ব্বৰ অজ্ঞান অৱস্থাৰ অভিলাষৰ অনুৰূপ নহব��
তেওঁ উত্তৰ দি ক’লে, "তুমি সকলো হৃদয়, সকলো প্ৰাণ, সকলো শক্তি আৰু সকলো চিত্তেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা, আৰু তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা।"
কিন্তু যি সকলে শুনি আছা, মই তোমালোকক কওঁ, তোমালোকে নিজৰ শত্ৰুবোৰক প্ৰেম কৰিবা আৰু যি সকলে তোমালোকক ঘিণ কৰে, তেওঁলোকলৈ মঙ্গল কৰিবা। যি সকলে তোমালোকক শাও দিয়ে, তেওঁলোকক আশীৰ্বাদ কৰিবা। যি সকলে তোমালোকক দুর্ব্যৱহাৰ কৰে, তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰিবা।
তোমাৰ ঈশ্ৱৰ যিহোৱাৰ আজ্ঞাবোৰ পালন কৰা আৰু তেওঁৰ পথত চলিবা আৰু তেওঁৰ, তেওঁৰ সকলো বিধি, আজ্ঞা, সিদ্ধান্ত আৰু তেওঁৰ নিয়ম-চুক্তিবোৰ সাৱধানে পালন কৰিবা। যি বিষয়বোৰ মোচিৰ ব্যৱস্থা-পুস্তকত লিখা আছে, তেনেদৰে তেওঁৰ বিধি, আজ্ঞা, শাসন-প্ৰণালী আৰু সাক্ষ্য অনুসাৰে কাৰ্য কৰিবা আৰু সেই সেয়েহে তুমি যেন সকলো কাৰ্যত আৰু যি যি ঠাইত যাবা সেই সকলোতে তুমি শান্তিপ্ৰাপ্ত হ’বা,
মোৰ কথা শুনা মাত্ৰকে তেওঁলোকে মোৰ বশ্যতা স্বীকাৰ কৰিলে;
বিৰোধী মনোভাৱ লৈ বিদেশীসকলো মোৰ বশীভুত হল।
তোমালোকে যে মোক মনোনীত কৰিলা এনে নহয়, মইহে তোমালোকক মনোনীত কৰিলোঁ; আৰু তোমালোক যেন ফলৱন্ত হোৱা, তাতে তোমালোকৰ ফল যেন স্থায়ী হয়। মোৰ নামেৰে পিতৃৰ আগত যি খুজিবা, সেয়াই তেওঁ তোমালোকক দিব, এই কাৰণে তোমালোকক নিযুক্ত কৰিলোঁ।
বাহিনীসকলৰ যিহোৱাই কৈছে, "মোৰ নামৰ মহিমা স্বীকাৰ কৰিবৰ কাৰণে তোমালোকে যদি মোৰ কথা নুশুনা আৰু মনোযোগ নিদিয়া, তেন্তে মই তোমালোকৰ ওপৰত এক শাও পঠাম আৰু তোমালোকৰ সকলো আশীৰ্ব্বাদৰ পাত্রক শাওলৈ পৰিণত কৰিম। বাস্তৱিক ইতিমধ্যে মই সকলোকে শাও দিলোঁ; কাৰণ তোমালোকে মোৰ আজ্ঞালৈ মনোযোগ দিয়া নাই।