Ouvir a voz de Deus
Ouvir a voz de Deus é o privilégio supremo do cristão. Ele fala por sua Palavra, pelo Espírito e em circunstâncias — e as ovelhas reconhecem a voz do bom Pastor.
As ovelhas ouvem a voz do Pastor
Jesus disse: minhas ovelhas ouvem minha voz, eu as conheço e elas me seguem. A relação com Deus é íntima e pessoal.
মোৰ মেৰবোৰে হ’লে মোৰ মাত শুনে। মই সেই সকলক জানো, আৰু সেই সকল মোৰ পাছে পাছে আহে;
ভাববাদী সকলৰ পুস্তকত এই বুলি লিখা আছে, ‘তেওঁলোক সকলোৱে ঈশ্বৰৰ পৰা শিক্ষা লাভ কৰিব।’ যি জনে পিতৃৰ পৰা শুনি শিক্ষা পাইছে, তেৱেঁই মোৰ ওচৰলৈ আহে।
যি জন ঈশ্বৰৰ লোক, তেওঁ ঈশ্বৰৰ কথা শুনে। আপোনালোকে সেই বাবেই নুশুনে, কাৰণ আপোনালোক ঈশ্বৰৰ লোক নহয়��"
মই সঁচাকৈয়ে কওঁ, যি জনে মোৰ কথা শুনি মোক পঠোৱা জনত বিশ্বাস কৰে, তেওঁৰ অনন্ত জীৱন আছে আৰু তেওঁ দোষীৰূপে বিবেচিত নহ’ব, কিন্তু মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ’ল।
আপোনালোকক সঁচাকৈয়ে কওঁ, যি সময়ত মৃত লোকে ঈশ্বৰৰ পুত্ৰৰ মাত শুনিব, এনে সময় আহি আছে, বৰং আহি পালেহি আৰু যি সকলে শুনিব, তেওঁলোক জীৱ।
ঈশ্বৰৰ বাক্যই মানুহৰূপে জন্ম গ্রহণ কৰিলে
আদিতে বাক্য আছিল; বাক্য ঈশ্বৰৰ সৈতে আছিল আৰু সেই বাক্যই স্বয়ং ঈশ্বৰ।
সেই বাক্যই মাংস হ’ল; অনুগ্ৰহ আৰু সত্যতাৰে পৰিপূৰ্ণ হৈ আমাৰ মাজত বসতি কৰিলে; তাতে পিতৃৰ একমাত্ৰ পুত্ৰ হিচাপে তেওঁৰ যি মহিমা, সেই মহিমা আমি দেখিলোঁ।
Deus fala pela Palavra
Toda Escritura é inspirada por Deus. A Bíblia é a voz confiável de Deus registrada para nos guiar em toda verdade.
সকলো ধৰ্মশাস্ত্ৰ ঈশ্বৰৰ দ্বাৰা নিশ্বাসিত আৰু শিক্ষাৰ বাবে, অনুযোগৰ বাবে, শুধৰণিৰ বাবে আৰু ধাৰ্মিকতা সম্বন্ধীয় শিক্ষাত লাভজনক; যাতে ঈশ্বৰৰ মানুহ সিদ্ধ আৰু সকলো সৎ কর্মৰ কাৰণে সুসজ্জিত হব পাৰে��
সকলোৰে ওপৰত প্ৰথমে ইয়াকে জানি থওঁক যে, ধৰ্মশাস্ত্ৰৰ কোনো ভাৱবাণী, ভাৱবাদীজনৰ নিজৰ যুক্তি-ব্যাখ্যাৰ পৰা নাহে; ভাৱবাণী কেতিয়াও মানুহৰ ইচ্ছাৰে নাহে, কিন্তু পবিত্ৰ আত্মাৰ পৰিচালনাত ভাৱবাদী সকলে ঈশ্বৰৰ পৰা পোৱা কথা কয়।
এতেকে শ্ৰৱণৰ দ্বাৰাই বিশ্বাস আৰু খ্ৰীষ্টৰ বাক্যৰ দ্বাৰাইহে শ্ৰৱণ হয়।
দুই ধৰণৰ লোকৰ বিষয়ে যীচুৰ শিক্ষা
সেই কাৰণে কওঁ, যি কোনোৱে মোৰ এই সকলো কথা শুনি পালন কৰে, তেওঁ এনেকুৱা এজন বুদ্ধিমান লোকৰ নিচিনা যি জনে শিলৰ ওপৰত তেওঁৰ ঘৰ সাজিলে। পাছত বৰষুণ পৰিল, ধল আহিল আৰু প্রচণ্ড বতাহ বলাত সেই ঘৰত আহি খুন্দা লাগিল; কিন্তু সেই ঘৰটো নপৰিল, কাৰণ ইয়াক শিলৰ ওপৰত নিৰ্মাণ কৰা হৈছিল।
কিন্তু তেওঁ ক’লে, "হয়, তথাপি যি সকলে ঈশ্বৰৰ বাক্য শুনি পালন কৰে তেওঁলোকহে ধন্য।"
Buscar e ouvir
Deus promete: 'Clama a mim, e te responderei.' Quando buscamos sinceramente sua voz, encontramos direção e revelação.
‘তুমি মোৰ আগত প্ৰাৰ্থনা কৰা; তাতে মই তোমাক উত্তৰ দিম, আৰু তুমি নজনা মহত আৰু অগম্য কথা তোমাক জনাম।’
যেতিয়া তোমালোকে সোঁফালে কি বাঁওফালে ঘুৰিবা,
তেতিয়া তোমালোকৰ কাণে তোমালোকৰ পাছফালে কোৱা বাক্য শুনিবলৈ পাব,
"এয়ে পথ, এই পথে চলা,"
আপোনালোকে কৈছিল, ‘আমাৰ ঈশ্বৰ যিহোৱাই আমাৰ আগত নিজৰ প্ৰতাপ আৰু মহিমা দেখুৱালে, আৰু জুইৰ মাজৰ পৰা আমি তেওঁৰ মাত শুনিলোঁ; আজি আমি জানিলোঁ যে, ঈশ্বৰে মানুহৰ লগত কথা পতাৰ পাছতো মানুহ জীয়াই থাকিব পাৰে।
জল সমূহৰ ওপৰত যিহোৱাৰ স্বৰ শুনা যায়;
গৌৰৱান্বিত ঈশ্বৰে বজ্ৰধ্বনিৰে গর্জন কৰে,
যিহোৱা মহাজল সমূহৰ ওপৰত বিদ্যমান।
যিহোৱাৰ স্বৰ ক্ষমতাপূর্ণ;
যিহোৱাৰ স্বৰ মহিমাৰে পৰিপূৰ্ণ।
যিহোৱাৰ স্বৰে এৰচ গছবোৰ ভাঙে;
যিহোৱাই লিবানোনৰ এৰচ গছবোৰ ভাঙি পেলায়।
মই চিঞঁৰি চিঞঁৰি যিহোৱাক মাতো;
তাতে তেওঁ মোক তেওঁৰ পবিত্ৰ পৰ্ব্বতৰ পৰা উত্তৰ দিয়ে। (চেলা)