Planejamento
O planejamento é sábio, mas deve sempre se submeter à vontade de Deus. A Bíblia ensina que devemos planejar com prudência, mas confiar que Deus dirige nossos passos.
Planejar com sabedoria
Contar nossos dias nos ensina a ter coração sábio. O planejamento prudente é elogiado na Escritura como expressão de bom senso.
সেয়ে আমাৰ আয়ুসৰ কাল গণনা কৰিবলৈ তুমি আমাক শিকোৱা;
যাতে আমি প্রজ্ঞাৰ চিত্ত লাভ কৰিব পাৰোঁ।
কিয়নো গড় কাৰেং বান্ধিবলৈ মন কৰিলে, প্ৰথমতে বহি তাৰ কিমান খৰচ আৰু ইয়াক সম্পূর্ণ কৰিবলৈ সমর্থ আছে নে নাই, এই বিষয়ে গণনা নকৰা আপোনালোকৰ মাজত কোন আছে?
পৰামৰ্শৰ অবিহনে কৰা পৰিকল্পনা ব্যৰ্থ হয়;
কিন্তু বহু লোকৰ পৰামৰ্শত সেয়ে সিদ্ধ হয়।
তোমাৰ কাৰ্যৰ ভাৰ যিহোৱাত সমৰ্পণ কৰা;
তাতে তোমাৰ অভিপ্ৰায় সিদ্ধ হ’ব।
ধনী হ’বলৈ অধিক কষ্ট নকৰিবা,
কেতিয়া বন্ধ কৰিব লাগে সেই কথা জানিবলৈ যথেষ্ট জ্ঞানী হোৱা।
Deus dirige os passos
O coração do homem planeja, mas a resposta certa vem do Senhor. Seus caminhos são mais altos que os nossos, e seus planos prevalecem.
মানুহে হৃদয়ত নিজৰ পথৰ বিষয়ে পৰিকল্পনা কৰে;
কিন্তু যিহোৱাই তেওঁৰ ভৰিৰ খোজ নিৰূপণ কৰে।
মানুহৰ হৃদয়ত বহুতো আঁচনি থাকে;
কিন্তু যিহোৱাৰ অভিপ্রায় থিৰে থাকিব।
"কাৰণ মোৰ চিন্তাধাৰা তোমালোকৰ চিন্তাধাৰা নহয়, বা তোমালোকৰ পথ মোৰ পথ নহয়" এইয়া যিহোৱাৰ ঘোষনা।
"কাৰণ যি দৰে পৃথিবীতকৈ আকাশ-মণ্ডল ওখ, সেই দৰে তোমালোকৰ সকলো পথতকৈ মোৰ পথ ওখ, আৰু তোমালোকৰ চিন্তাধাৰাতকৈ মোৰ চিন্তাধাৰা।
যি জনা শিক্ষাত আশ্চৰ্য, আৰু প্রজ্ঞাত মহান,
বাহিনীসকলৰ সেই যিহোৱাৰ পৰা এয়াও ওলাইছে।
Confiança no plano de Deus
Os planos do Senhor são de paz e esperança. Ele revela seus segredos aos seus servos e guia com fidelidade cada caminho confiado a Ele.
কাৰণ যিহোৱাই কৈছে, মই তোমালোকৰ বিষয়ে কৰা সঙ্কল্প ময়েই জানো; তোমালোকৰ শেষ-অৱস্থাত তোমালোকক আশা দিবলৈ সেয়ে মঙ্গলৰ সঙ্কল্প, অমঙ্গলৰ নহয়।
অৱশ্যে প্ৰভু যিহোৱাই তেওঁৰ দাস ভাববাদীসকলৰ ওচৰত নিজৰ পৰিকল্পনা প্রকাশ নকৰাকৈ একোকে নকৰে।
তোমাৰ সকলো মনৰ ইচ্ছা তেওঁ পূৰ কৰক।
তোমাৰ সকলো পৰিকল্পনা তেওঁ সিদ্ধ কৰক।
ৰাতিপুৱাতে মোক তোমাৰ সুস্থিৰ প্রেমৰ বচন শুনুউৱা,
কাৰণ মই তোমাৰ ওপৰতে ভাৰসা কৰিছোঁ;
তুমি মোক মই চলিবলগীয়া পথ শিকোঁৱা,
কিয়নো মই মোৰ প্রাণ তোমালৈ তুলি ধৰিছোঁ।
সকলোৰে বাবে এক সময় আছে
প্ৰত্যেক বিষয়ৰ কাৰণে এক এক সময় আছে; আকাশৰ তলত প্ৰত্যেকটো কার্যৰ একোটা নির্দিষ্ট সময় আছে।
কিন্তু ঈশ্বৰে আত্মাৰ দ্বাৰাই সেইবোৰ আমাৰ আগত প্ৰকাশ কৰিলে; কাৰণ আত্মাই সকলো বিষয়ৰ অনুসন্ধান কৰে; এনে কি, ঈশ্বৰৰ নিগূঢ়তত্ত্বৰো অনুসন্ধান কৰে।
উগ্র ব্যক্তিক ভয় নকৰিবা;
বা তেওঁৰ কোনো পথ অনুসৰণ নকৰিবা।
কাৰণ কুটিললোক যিহোৱাৰ ঘৃণনীয়;
কিন্তু তেওঁ ন্যায়নিষ্ঠ সকলৰ লগত তেওঁৰ আস্থা থাকে।