Poder de decisão
Deus nos deu o poder de escolher. A Bíblia mostra que nossas decisões têm consequências eternas e nos chama a escolher sabiamente — a vida, a fé e o caminho de Deus.
A responsabilidade de escolher
Escolhei hoje a quem servireis. Cada decisão molda nosso destino, e Deus nos convida a escolher o caminho da vida e da obediência.
যদি যিহোৱাৰ আৰাধনা কৰাত বেয়া লাগিছে, তেন্তে ইউফ্ৰেটিচ নদীৰ সিপাৰে থকা তোমালোকৰ ওপৰ-পিতৃসকলে পূজা কৰা দেৱতাবোৰেই হওঁক বা যিসকলৰ দেশত তোমালোকে বাস কৰিছা, সেই ইমোৰীয়াসকলৰ দেৱতাবোৰেই হওঁক, যাৰ আৰাধনা কৰিবা তাক আজিয়েই মনোনীত কৰা�� কিন্তু মই আৰু মোৰ পৰিয়ালে হ’লে যিহোৱাৰ আৰাধনা কৰিম।"
তেতিয়া যিহোচূৱাই লোকসকলক ক’লে, "তোমালোকে আৰাধনা কৰিবৰ অৰ্থে যিহোৱাক যে মনোনীত কৰিলা, এই কথাত তোমালোকে নিজৰ বিৰুদ্ধে নিজে সাক্ষী হৈছা।" তেওঁলোকে ক’লে, "হয়, আমি সাক্ষী হৈছোঁ।"
এই হেতুকে, প্ৰভু যিহোৱাই কৈছে, "হে ইস্ৰায়েল বংশ, প্ৰতিজনৰ আচাৰ-ব্যৱহাৰ অনুসাৰে, মই তোমালোকৰ বিচাৰ কৰিম!" "তোমালোক উলটি আহা আৰু তোমালোকৰ সকলো অধৰ্মৰ পৰা ঘূৰা যেন অপৰাধ তোমালোকৰ বিৰুদ্ধে সৰ্ব্বনাশৰ কাৰণ নহ’ব।
যি যি অপৰাধেৰে তোমালোকে অপৰাধ কৰিলা, তোমালোকৰ সেই সকলো অপৰাধবোৰ তোমালোকৰ পৰা দূৰ কৰা আৰু তোমালোকৰ নিজৰ কাৰণে এক নতুন হৃদয় আৰু এক নতুন আত্মা কৰা; কিয়নো হে ইস্ৰায়েল বংশ, তোমালোক কিয় মৰিবা? কিয়নো যি জন লোকৰ মৃত্যু হয়, তেওঁৰ মৃত্যুত মই সন্তোষ নকৰোঁ" - এই কথা প্ৰভু যিহোৱাই ঘোষণা কৰিছে। "এই হেতুকে তোমালোক মনপালটন কৰি জীয়াই থাকা!"
মই তুমি কৰা কৰ্ম জানো, তুমি চেঁচা নোহোৱা, তপতো নোহোৱা। তুমি হয় চেঁচা, নহয় তপত হোৱা ভাল আছিল। এইদৰে তপতো নোহোৱা, চেঁচাও নোহোৱা, কেৱল কুহুমীয়া হোৱাৰ বাবে মই নিজ মুখৰ পৰা তোমাক বঁতিয়াই পেলাবলৈ উদ্যত হৈ আছোঁ।
Decisões e consequências
Deus retribuirá a cada um segundo as suas obras. As Escrituras nos alertam que a mornidão espiritual e a resistência ao Espírito têm consequências sérias.
তেওঁ প্ৰতিজনক নিজ নিজ কৰ্ম অনুসাৰে প্ৰতিফল দিব; যি সকলে সৎকৰ্মত ধৈৰ্য ধৰি মহিমা, সন্মান আৰু অক্ষয়তা বিচাৰে, তেওঁলোকক অনন্ত জীৱন দিব��
কিন্তু বিৰোধী লোক সকললৈ আৰু সত্যক অমান্য কৰি অধাৰ্মিকতাক মান্য কৰা সকললৈ ক্ৰোধ আৰু কোপ হ’ব;
হে ঠৰ-ডিঙীয়া লোক সকল, হৃদয় আৰু কাণৰ চুন্নৎ নোহোৱা লোক, আপোনালোকে সদায় পবিত্ৰ আত্মাৰ প্রতিৰোধ কৰে; পূৰ্ব-পুৰুষ সকলে যেনেদৰে কৰিছিল, আপোনালোকে সেইদৰেই কৰিছে।
এতেকে আপোনালোকে সাহস নেহেৰুৱাব, সেই সাহসে আপোনালোকক মহা-পুৰষ্কাৰ আনি দিব�� কিয়নো আপোনালোকে ঈশ্বৰৰ ইচ্ছা পালন কৰি প্ৰতিজ্ঞাৰ ফল যেন পায়, তাৰ বাবে আপোনালোকৰ ধৈৰ্যৰ প্ৰয়োজন আছে। কিয়নো অলপতে আহিব লগা জন আহিব ধৰিছে, পলম নকৰিব। কিন্তু মোৰ ধাৰ্মিক জন বিশ্বাসৰ দ্বাৰাই জীয়াই থাকিব; কিন্তু যদি হুঁহকি যায়, তেনেহলে মোৰ প্ৰাণ সেই জনত সন্তুষ্ট নহ’ব। কিন্তু যিবোৰে সৰ্ব্বনাশলৈ হুঁহকি যায়, আমি তেওঁলোকৰ মাজৰ নহওঁ; আমি জীৱাত্মাৰ ৰক্ষা লাভ কৰিবৰ বাবে বিশ্বাস কৰা সকলৰ মাজৰহে হৈছোঁ।
Decisão e fé
Decida com fé, entregue seus planos ao Senhor e aja com determinação. Deus guia os passos de quem se achega a Ele de coração.
চিঠি-খেলৰ গুটি কোঁচত পৰে,
কিন্তু সিদ্ধান্ত যিহোৱাৰ পৰা হয়।
মানুহৰ হৃদয়ত বহুতো আঁচনি থাকে;
কিন্তু যিহোৱাৰ অভিপ্রায় থিৰে থাকিব।
তোমাৰ কাৰ্যৰ ভাৰ যিহোৱাত সমৰ্পণ কৰা;
তাতে তোমাৰ অভিপ্ৰায় সিদ্ধ হ’ব।
কাৰণ প্ৰভু যিহোৱাই মোক সহায় কৰিব; সেই বাবে মই অপমানিত নহম;
সেয়ে মই মোৰ মুখ চকমকি পাথৰৰ দৰে কৰিলোঁ; কাৰণ মই জানো যে মই লাজ নাপাম।
যদি কোনোৱে তেওঁৰ ইচ্ছা পালন কৰিবলৈ বিচাৰে, তেনেহলে তেওঁ জানিব যে এই শিক্ষা ঈশ্বৰৰ পৰা আহিছে নে মই নিজৰ পৰা কৈছোঁ।
তেতিয়া তেওঁলোক মোৰ প্ৰজা হ’ব, আৰু মই তেওঁলোকৰ ঈশ্বৰ হম। মই তেওঁলোকক এক চিত্ত আৰু এক পথ দিম যাতে তেওঁলোকে মোক প্রতিদিনে সন্মান কৰিবৰ কাৰণে তেওঁলোক আৰু তেওঁলোকৰ পাছৰ সন্তান সকলৰ মঙ্গল হয়।
তেতিয়া পিতৰে তেওঁলোকক কলে, "আপোনালোকে পাপ ক্ষমা পাবলৈ অনুতপ্ত হওক আৰু যীচু খ্ৰীষ্টৰ নামেৰে প্ৰতিজনে বাপ্তিস্ম গ্ৰহণ কৰক, তেনে কৰিলেহে আপোনালোকে পবিত্ৰ আত্মা পাব��
এতেকে আপোনালোক ঈশ্বৰৰ বশীভুত হওক আৰু চয়তানক প্ৰতিৰোধ কৰক; তাতে সি আপোনালোকৰ মাজৰ পৰা পলাই যাব।
ঈশ্বৰৰ ওচৰলৈ চাপি আহক; তাতে তেৱোঁ আপোনালোকৰ ওচৰলৈ চাপিব। হে পাপ কৰ্ম কৰোঁতা সকল, আপোনালোকৰ হাত পৰিষ্কাৰ কৰক আৰু হে দুই মনৰ মানুহ, আপোনালোকৰ হৃদয় শুচি কৰক।