Protecção e segurança
Deus é nosso protetor e refúgio seguro. Em todas as circunstâncias, a Bíblia nos assegura que o Senhor guarda, sustenta e protege aqueles que nele confiam.
Deus, a nossa fortaleza
O Senhor é refúgio e fortaleza, socorro bem presente na angústia. Quem habita no esconderijo do Altíssimo descansa à sombra do Todo-Poderoso.
প্ৰধান বাদ্যকৰৰ নিমিত্তে: কোৰহৰ বংশৰ ৰচিত গীত। অলামোৎ সুৰত গাবলগীয়া সঙ্গীত।
ঈশ্বৰ আমাৰ আশ্ৰয় আৰু বল,
সঙ্কটৰ সময়ত বিচাৰা মাত্ৰে পাব পৰা ঈশ্বৰ।
প্ৰধান বাদ্যকৰৰ নিমিত্তে: কোৰহৰ বংশৰ ৰচিত গীত। অলামোৎ সুৰত গাবলগীয়া সঙ্গীত।
ঈশ্বৰ আমাৰ আশ্ৰয় আৰু বল,
সঙ্কটৰ সময়ত বিচাৰা মাত্ৰে পাব পৰা ঈশ্বৰ।
যি মানুহ সৰ্ব্বোপৰি জনাৰ আশ্রয়ত থাকে,
যি মানুহ সৰ্ব্বশক্তিমানৰ ছাঁত বসতি কৰে
তেওঁ যিহোৱাৰ বিষয়ে এই কথা ক’ব, "তেৱেঁই মোৰ আশ্ৰয় আৰু মোৰ দুর্গ;
তেৱেঁই মোৰ ঈশ্বৰ, যি জনাৰ ওপৰত মই ভাৰসা কৰোঁ।"
তেওঁ নিজৰ ডেউকাৰে তোমাক আবৰি ৰাখিব,
তেওঁৰ ডেউকাৰ তলত তুমি আশ্রয় পাবা;
ঈশ্বৰৰ বিশ্বাসযোগ্যতা তোমাৰ ঢাল আৰু সুৰক্ষা হ’ব।
হয়তো তোমাৰ ওচৰে-পাজৰে ধ্বংস হ’ব হাজাৰ হাজাৰ লোক,
আৰু তোমাৰ সোঁফালে অযুত অযুত;
কিন্তু সেয়ে তোমাৰ কাষলৈ নাহিব।
‘হে প্ৰভু, হয়, তুমিয়েই মোৰ আশ্ৰয়!’
তুমি সৰ্ব্বোপৰি জনাক তোমাৰ আশ্রয়স্থান কৰিলা।
সেয়ে তোমালৈ কোনো বিপদ নঘটিব;
আৰু তোমাৰ তম্বুৰ ওচৰলৈ কোনো দুখ-কষ্ট নাহিব।
দায়ুদৰ ৰচিত গীত
যিহোৱা মোৰ দীপ্তি, মোৰ পৰিত্ৰাণ;
মই কাক ভয় কৰিম?
যিহোৱা মোৰ জীৱন ৰক্ষক কোঁঠ,
মই কাৰ বাবে ত্ৰাসযুক্ত হম?
কেৱল তেৱেঁই মোৰ শিলা আৰু মোৰ পৰিত্ৰাণ;
তেওঁ মোৰ উচ্চ দুৰ্গ, মই অতিকৈ লৰচৰ নহম।
উপদ্ৰৱ পোৱাসকলৰ কাৰণে যিহোৱা উচ্চ দুৰ্গস্বৰূপ হ’ব;
তেওঁলোকৰ সংকটৰ সময়ত তেওঁ দুর্গ হয়।
O escudo do Senhor
Deus nos rodeia com sua proteção como um escudo. Ele é rocha, baluarte e libertador. Sua fidelidade nos cobre e nos guarda.
কিন্তু, হে যিহোৱা, তুমিয়েই মোৰ চাৰিওফালে ঢাল হৈ আছা;
তুমিয়েই মোৰ গৌৰৱ;
তুমি মোৰ মূৰ উর্দ্ধত ৰাখিছা।
পুত্ৰ অবচালোমৰ ওচৰৰ পৰা পলাই যোৱাৰ সময়ত দায়ুদৰ ৰচিত গীত।
হে যিহোৱা চোৱা, মোৰ শত্রুৰ সংখ্যা কিমান বাঢ়িছে!
মোৰ বিৰুদ্ধে অনেকেই উঠিছে!
অনেকে মোক কৈছে, "ঈশ্বৰে তোমাক সহায় নকৰে।" (চেলা)
কিন্তু, হে যিহোৱা, তুমিয়েই মোৰ চাৰিওফালে ঢাল হৈ আছা;
তুমিয়েই মোৰ গৌৰৱ;
তুমি মোৰ মূৰ উর্দ্ধত ৰাখিছা।
মই চিঞঁৰি চিঞঁৰি যিহোৱাক মাতো;
তাতে তেওঁ মোক তেওঁৰ পবিত্ৰ পৰ্ব্বতৰ পৰা উত্তৰ দিয়ে। (চেলা)
মই শুই পৰিলো আৰু টোপনি গলোঁ; পুনৰ সাৰ পালোঁ;
কিয়নো যিহোৱাই মোক ৰক্ষা কৰে।
মোৰ বিৰুদ্ধে মোৰ চাৰিওফালে হাজাৰ হাজাৰ লোক সজ্জিত হৈ আছে,
কিন্তু মই তেওঁলোকলৈ ভয় নকৰোঁ।
ঈশ্বৰৰ পথ হলে সিদ্ধ;
যিহোৱাৰ বাক্য নিভাজ বুলি প্রমাণিত;
তেওঁ তেওঁত আশ্ৰয় লোৱা লোকসকলৰ ঢাল।
তুমি তোমাৰ পৰিত্ৰাণৰ ঢাল মোক দিলা;
তোমাৰ সোঁহাতে মোক ধৰি ৰাখিছে;
তোমাৰ সাহাৰ্যৰ কোমলতাই মোক মহান কৰিছে।
তুমি মোৰ ভৰিৰ তলৰ ঠাই বহল কৰিলা;
তাতে মোৰ ভৰি পিছলি নগল।
দায়ুদৰ ৰচিত গীত
যিহোৱাৰ প্রশংসা হওঁক; তেওঁ মোৰ আশ্রয়-শিলা;
তেওঁ মোৰ হাতক যুদ্ধ কৰিবলৈ শিকায়, মোৰ আঙুলিবোৰকো ৰণ কৰিবলৈ শিকায়।
তেওঁ মোৰ চিৰস্থায়ী প্রেম আৰু মোৰ কোঁঠ,
মোৰ উচ্চ দুৰ্গ আৰু মোৰ উদ্ধাৰকৰ্ত্তা;
তেওঁ মোৰ ঢাল আৰু মই তেওঁতে আশ্ৰয় লওঁ।
তেৱেঁই জাতি সমূহক মোৰ অধীনত আনে।
তুমিয়েই ৰজাসকলক জয়দান কৰা;
তুমিয়েই নিজ দায়ুদক উদ্ধাৰ কৰিলা।
কিন্তু যিসকলে তোমাত আশ্ৰয় লয়, তেওঁলোক আনন্দিত হওঁক;
তেওঁলোকে আনন্দেৰে চিৰকাল গীত-গান কৰক,
তেওঁলোকৰ ওপৰত তোমাৰ নিৰাপত্তা প্রসাৰিত কৰা
যাতে তোমাৰ নামক যিসকলে প্ৰেম কৰে, তেওঁলোকে তোমাত আনন্দ পায়।
কিয়নো হে যিহোৱা, যিসকল ধাৰ্মিক, তুমি তেওঁলোকক আশীৰ্বাদ কৰা;
তোমাৰ দয়াৰে তুমি তেওঁলোকক ঢালৰ নিচিনাকৈ আৱৰি ৰাখিছা।
হে ঈশ্বৰ, মই তোমাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ,
কিয়নো তুমি মোক উত্তৰ দিবা;
মোৰ প্রার্থনালৈ কাণ পাতা, মোৰ কথা শুনা।
তোমাৰ গভীৰ প্রেম, আশ্চর্যভাৱে প্রকাশ কৰা;
হে ত্রাণকর্তা, শত্রুৰ হাতৰ পৰা ৰক্ষা পাবৰ কাৰণে যি সকলে তোমাত আশ্ৰয় লয়,
তুমি তেওঁলোকক তোমাৰ সোঁ-হাতেৰে ৰক্ষা কৰা।
চকুৰ মণিৰ দৰেই তুমি মোৰ ৰক্ষক হোৱা;
তুমি মোক তোমাৰ ডেউকাৰ ছাঁত লুকুৱাই ৰাখা;
যি সকলে মোৰ ওপৰত উৎপীড়ন কৰে,
সেই দুষ্ট লোকসকলৰ পৰা,
যিসকলে প্রাণ-নাশৰ কাৰণে মোক ঘেৰি ৰাখিছে,
সেই শত্রুবোৰৰ পৰা,
তুমি মোক তোমাৰ ডেউকাৰ তলত লুকুৱাই ৰাখা।
কিয়নো ৰজাই যিহোৱাৰ ওপৰতে ভাৰসা কৰে;
সৰ্ব্বোপৰি জনাৰ দয়াই তেওঁক লৰচৰ নকৰিব।
তোমাৰ হাতেই তোমাৰ সকলো শত্রুবোৰক বিচাৰি পাব;
তোমাৰ সোঁ হাতে তোমাক ঘিণ কৰাসকলক বিচাৰি পাব।
তোমাৰ প্রকাশৰ কালত তুমি তেওঁলোকক এক অগ্নিময় জুইশালৰ নিচিনা কৰিবা;
যিহোৱাই নিজৰ ক্রোধত তেওঁলোকক গ্ৰাস কৰিব;
অগ্নিয়ে তেওঁলোকক দহন কৰিব।
তুমি মোৰ গুপ্তস্থান;
তুমি মোক সঙ্কটৰ পৰা উদ্ধাৰ কৰোঁতা;
মুক্তিৰ জয়ধ্বনিৰে তুমি মোক আৱৰি ৰাখোঁতা। (চেলা)
Segurança e provisão
O Senhor supre todas as necessidades dos seus filhos. Quem busca o Reino primeiro não precisa temer — nada faltará aos que temem ao Senhor.
দায়ুদৰ ৰচিত গীত
যিহোৱা মোৰ ৰক্ষক, মোৰ অভাৱ নহব।
ডেকা সিংহবোৰৰ আহাৰৰ অভাৱ হয়, সিহঁতে ভোকত কষ্ট পায়:
কিন্তু যিসকলে যিহোৱাক বিচাৰে, তেওঁলোকৰ মঙ্গলৰ অভাৱ নহয়।
যিহোৱাত ভাৰসা ৰাখা আৰু সুকৰ্ম কৰা;
দেশত বাস কৰা আৰু নিৰাপদে থাকা।
মই যুৱক আছিলোঁ, এতিয়া বুঢ়া হ’লো;
কিন্তু মই ধাৰ্মিকক ত্যাগ কৰা,
নাইবা তেওঁলোকৰ বংশধৰসকলে ভিক্ষা কৰা, এনে কেতিয়াও দেখা নাই।
আৰু মোৰ ঈশ্বৰে আপোনালোকৰ সকলো অভাৱ, প্ৰতাপেৰে নিজ ধন অনুসাৰে খ্ৰীষ্ট যীচুত পূৰ্ণ কৰিব।
মই খ্ৰীষ্টৰ দ্ৱাৰাই সকলো কাম সিদ্ধ কৰিব পাৰোঁ, কিয়নো তেওঁ মোক বলৱান কৰে।
কিন্তু তোমালোকে প্ৰথমে ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচাৰা; তাতে এই সকলোবোৰ তোমালোকক দিয়া হ’ব।
এতেকে তোমালোক তেওঁলোকৰ নিচিনা নহবা; কিয়নো তোমালোকৰ কি কি প্ৰয়োজন আছে, সেই বিষয়ে তোমালোকে পিতৃৰ পৰা খোজাৰ আগেয়ে, তোমালোকৰ পিতৃয়ে জানে।
প্ৰাৰ্থনাৰ বিষয়ে যীচুৰ শিক্ষা
খোজা, তেতিয়াহে তোমালোকক দিয়া হ’ব; বিচাৰা, তেতিয়াহে পাবা; টুকুৰিওৱা, তেতিয়াহে তোমালোকলৈ দুৱাৰ মুকলি কৰা হ’ব। কিয়নো যি জনে খোজে, সেই জনে পায়; যি জনে বিচাৰে, সেই জনে দেখা পায় আৰু যি জনে টুকুৰিয়ায়, সেই জনলৈকে দুৱাৰ মুকলি কৰা হয়।
তোমালোক দুষ্ট হৈয়ো যদি নিজৰ সন্তানক উত্তম বস্তু দিব জানা, তেনেহলে তোমালোকৰ স্বৰ্গত থকা পিতৃৰ ওচৰত যি সকলে বিচাৰে, সেই লোক সকলক জানো তেওঁ অধিকৰূপে ভাল বস্তু নিদিব?
Guarda e livramento
O anjo do Senhor acampa ao redor dos que o temem e os livra. Deus promete guardar todas as nossas saídas e entradas para sempre.
যিহোৱালৈ ভয় ৰাখোঁতাসকলৰ চাৰিওফালে যিহোৱাৰ দূতে ছাউনি পাতে আৰু তেওঁলোকক উদ্ধাৰ কৰে।
যিহোৱাই তেওঁৰ দাসবোৰৰ প্ৰাণ মুক্ত কৰে; তেওঁত আশ্ৰয় লোৱা সকলৰ কোনোৱেই দণ্ডিত নহব।
যাত্ৰাৰ সঙ্গীত।
মই পৰ্ব্বতবোৰৰ ফালে মোৰ চকু তুলি কওঁ,
ক’ৰ পৰা মোৰ সহায় আহিব?
যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই যিহোৱাৰ পৰা মোৰ সহায় আহিব।
তেওঁ তোমাৰ ভৰি লৰচৰ হ’বলৈ নিদিব;
তোমাৰ ৰখীয়াজনা টোপনি নাযাব।
চোৱা, যি জনাই ইস্ৰায়েলক ৰক্ষা কৰে,
তেওঁ টোপনি নাযাব, নিদ্ৰিত নহ’ব।
যিহোৱা তোমাৰ ৰক্ষক;
যিহোৱা তোমাৰ সোঁ হাতে থকা তোমাৰ ছাঁস্বৰূপ।
দিনত সূৰ্যই তোমাক প্ৰহাৰ নকৰিব, আৰু ৰাতি চন্দ্ৰয়ো তোমাক নামাৰিব।
যিহোৱাই তোমাক সকলো অমঙ্গলৰ পৰা ৰক্ষা কৰিব;
তেওঁ তোমাৰ প্ৰাণ ৰক্ষা কৰিব।
যিহোৱাই এতিয়াৰ পৰা অনন্ত কাললৈকে তুমি ওলাওঁতে সোমাওঁতে তোমাক ৰক্ষা কৰিব।
মিকটাম নামৰ দায়ুদৰ ৰচিত গীত।
হে ঈশ্বৰ, তুমি মোক ৰক্ষা কৰা,
কিয়নো মই তোমাতেই আশ্ৰয় লৈছোঁ।
মিকটাম নামৰ দায়ুদৰ ৰচিত গীত।
হে ঈশ্বৰ, তুমি মোক ৰক্ষা কৰা,
কিয়নো মই তোমাতেই আশ্ৰয় লৈছোঁ।
মই যিহোৱাক সদায় মোৰ সন্মূখত ৰাখোঁ;
তেওঁ মোৰ সোঁহাতে থকাত মই অস্থিৰ নহম।
মই যিহোৱাক সদায় মোৰ সন্মূখত ৰাখোঁ;
তেওঁ মোৰ সোঁহাতে থকাত মই অস্থিৰ নহম।
প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত
সঙ্কটৰ কালত যিহোৱাই তোমাক উত্তৰ দিয়ক,
যাকোবৰ ঈশ্বৰৰ নামে তোমাক সুৰক্ষা দিয়ক,
তেওঁৰ পবিত্ৰ স্থানৰ পৰা তেওঁ তোমাক সহায় কৰক;
তেওঁ চিয়োনৰ পৰা তোমাক শক্তি দান কৰক।
মোৰ প্রাণৰ সুৰক্ষা দিয়া, মোক উদ্ধাৰ কৰা;
মোক লাজত পৰিবলৈ নিদিবা,
কাৰণ মই তোমাতেই আশ্ৰয় লৈছোঁ।
মোৰ সততা আৰু ন্যায় কার্যই মোক ৰক্ষা কৰক;
কাৰণ মই তোমালৈকো অপেক্ষা কৰিছোঁ।
জয়ৰ অৰ্থে ঘোঁৰাৰ ওপৰত নির্ভৰ কৰা এক মিছা আশা;
মহা-শক্তি থাকিলেও ঘোঁৰাই তাৰ বলেৰে ৰক্ষা কৰিব নোৱাৰে।
যিসকলে যিহোৱালৈ ভয় ৰাখে,
যিসকলে তেওঁৰ অসীম দয়াৰ ওপৰত আশা ৰাখে,
যিহোৱাৰ দৃষ্টি তেওঁলোকৰ ওপৰত থাকে,
যাতে মৃত্যুৰ পৰা তেওঁলোকৰ প্রাণ ৰক্ষা কৰিব পাৰে;
আকালৰ সময়ত তেওঁলোকক জীয়াই ৰাখিব পাৰে;
আমাৰ প্ৰাণে যিহোৱালৈ অপেক্ষা কৰে;
তেঁৱেই আমাৰ সহায় আৰু আমাৰ ঢাল।
Confiança inabalável
Melhor é confiar no Senhor do que confiar no homem. Quem anda em integridade anda seguro, e a torre forte do nome do Senhor protege o justo.
যিহোৱা মোৰ পক্ষত আছে, মই ভয় নকৰোঁ;
মানুহে মোক কি কৰিব পাৰে?
মানুহৰ ওপৰত ভাৰসা ৰখাতকৈ যিহোৱাত আশ্ৰয় লোৱাই ভাল।
যিহোৱাৰ নাম দৃঢ় দুৰ্গ স্বৰূপ;
সৎ কাৰ্য কৰা লোকে পলাই গৈ সেই দুৰ্গত ৰক্ষা পায়।
যিহোৱাৰ নাম দৃঢ় দুৰ্গ স্বৰূপ;
সৎ কাৰ্য কৰা লোকে পলাই গৈ সেই দুৰ্গত ৰক্ষা পায়।
যিহোৱাক ভয় কৰাই দৃঢ়-বিশ্বাস,
আৰু এয়ে তেওঁৰ সন্তান সকলৰ বাবে আশ্ৰয় স্থল হ’ব।
কাৰণ যিহোৱা তোমাৰ পক্ষত থাকিব;
আৰু তেওঁ তোমাৰ ভৰি ফান্দত নপৰাকৈ ৰাখিব।
যি জনে সিদ্ধতাৰূপ পথত খোজ দিয়ে, তেওঁ সুৰক্ষিত হৈ চলে,
কিন্তু যিজনে নিজৰ পথ কুটিলতাৰে পূৰ্ণ কৰে, তেওঁক বিচাৰি উলিওৱা হ’ব।
ঈশ্বৰৰ প্ৰতিটো বাক্য প্রমাণিত,
তেওঁত আশ্ৰয় লোৱা সকলৰ তেওঁ ঢাল হয়।
ঈশ্বৰৰ প্ৰতিটো বাক্য প্রমাণিত,
তেওঁত আশ্ৰয় লোৱা সকলৰ তেওঁ ঢাল হয়।
যেতিয়া এজন লোকে সত্যতাত চলে, তেওঁ ন্যায়ৰ পথ সুৰক্ষিত কৰে।
কিন্তু দুষ্ট লোকসকল তেওঁলোকৰ পাপৰ কাৰণে বিনষ্ট হয়।
যিসকলে সত্যতাত চলে, তেওঁলোকে হেঁপাহ পলোৱাকৈ আহাৰ খায়;
কিন্তু দুষ্টলোক সদায় ভোকত থাকে।
কাৰণ যিহোৱাইহে প্রজ্ঞা দিয়ে,
তেওঁৰে মুখৰ পৰা জ্ঞান আৰু বিবেচনা শক্তি ওলায়।
যিসকলে তেওঁক সন্তুষ্ট কৰে তেওঁলোকৰ বাবে তেওঁ নিৰ্ভৰযোগ্য প্রজ্ঞা সংগ্রহ কৰে,
যি সকলে সত্যতাত চলে তেওঁলোকৰ বাবে তেওঁ ঢালস্বৰূপ।
তেওঁ ন্যায়ৰ পথক প্রতিৰক্ষা কৰে,
আৰু যিসকল তেওঁৰ প্রতি বিশ্বাসী, তেওঁলোকৰ বাবে সেই পথ সংৰক্ষিত কৰি ৰাখে।
দূৰদৰ্শী লোকে বিপদ দেখি নিজকে লুকুৱায়;
কিন্তু অশিক্ষিত লোকে আগুৱাই যায় আৰু ইয়াৰ বাবে ক্ষতিপূৰণ কৰিবলগীয়া হয়।
যুদ্ধৰ দিনৰ বাবে ঘোঁৰাক সু-সজ্জিত কৰা হয়,
কিন্তু জয় যিহোৱাৰ কাৰণেহে হয়।
সকলো অধ্যৱসায়ৰ দ্বাৰাই তোমাৰ হৃদয়ক অধিক যত্নেৰে ৰক্ষা কৰা,
কিয়নো তাৰ পৰাই জীৱন উৎপন্ন হয়।
A presença protetora
O Senhor prometeu estar conosco e nunca nos desampara. Ele é como sombra à nossa direita e fortaleza em todo o tempo.
আপোনালোক শক্তিশালী হওঁক আৰু অতিশয় সাহিয়াল হওঁক; তেওঁলোকক দেখি ভয় নকৰিব বা কঁপিও নুঠিব; কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা নিজেই আপোনালোকৰ লগত যাওঁতা; তেওঁ আপোনালোকক কেতিয়াও নেৰিব বা ত্যাগ নকৰিব।
যিজন অনাদিকালৰ ঈশ্বৰ
তেৱেঁই নিজৰ লোকসকলৰ আশ্রয়,
অধোদেশত তেওঁ চিৰস্থায়ী বাহুৰে ধৰি ৰাখে;
তেওঁ তোমালোকৰ সন্মুখৰ পৰা শত্ৰুবোৰক দূৰ কৰিব,
তেওঁ ক’ব, ‘এওঁলোকক ধ্বংস কৰা!’
বিন্যামীনৰ বিষয়ে মোচিয়ে ক’লে,
"যিহোৱাই যাক প্রেম কৰে,
বিন্যামীন তেওঁৰ ওচৰত নিৰ্ভয়ে থাকে;
যিহোৱাই ওৰে দিনটো তেওঁক আৱৰি ৰাখে,
আৰু তেওঁ যিহোৱাৰ দুই বাহুৰ মাজত বাস কৰে।"
তোমাৰ বিৰুদ্ধে গঢ়া কোনো অস্ত্ৰ সাফল নহ’ব;
আৰু তোমালোকক দোষাৰোপ কৰা প্রতিজনকে তোমালোকে দোষাৰোপ কৰিবা।
যিহোৱাৰ দাস সকলৰ এয়ে জন্ম স্বত্ত্ব, আৰু তেওঁলোকে মোৰ পৰা পোৱা সমর্থন" এয়াই যিহোৱাৰ ঘোষনা।
যাৰ মনে আপোনাত নিৰ্ভয় কৰে, আপুনি তেওঁক সম্পূৰ্ণ শান্তিত ৰাখিব; কিয়নো তেওঁ আপোনাত ভাৰসা কৰিছে।
আনকি তোমালোকৰ বৃদ্ধ অৱস্থালৈকে মইয়ে সেই জন, আৰু চুলি নপকা প্রয্যন্ত ময়েই তোমালোকক কঢ়িয়াম;
ময়েই তোমালোকক সৃষ্টি কৰিলোঁ, আৰু ময়েই তোমালোকক পোহপাল দিম; মই তোমালোকক সুৰক্ষিত স্হানলৈ লৈ যাম।
জাক পাতি উৰি ফুৰা চৰাইৰ দৰে বাহিনীসকলৰ যিহোৱাই যিৰূচালেমক ৰক্ষা কৰিব,
তেওঁ ৰক্ষা কৰিব আৰু ইয়াক অতিক্রম কৰি যাওঁতে উদ্ধাৰ কৰিব আৰু সংৰক্ষন কৰিব।
ভাল কৰ্ম কৰিবলৈ শিকা।
ন্যায়বিচাৰ বিচাৰা, আৰু নিপীড়িতক সহায় কৰা,
পিতৃহীনক ন্যায় দিয়া আৰু বিধৱাক সুৰক্ষা দিয়া।"
তোমালোকে যদি ইচ্ছা কৰা আৰু বাধ্য হোৱা, তেনেহ’লে তোমালোকে দেশৰ উত্তম ফল ভোগ কৰিবলৈ পাবা।
কিন্তু যদি তোমালোক অসন্মত হৈ বিদ্ৰোহ আচৰণ কৰা, তেনেহ’লে তৰোৱালৰ দ্বাৰাই গ্ৰাস কৰা হ’ব,"
কিয়নো যিহোৱাৰ মুখে এই কথা ক’লে।
যিহোৱাই তোমালোকৰ বাবে যুদ্ধ কৰিব; আৰু আপোনালোক কেৱল নিৰৱে থাকা।"
যিহোৱা মঙ্গলময়, সঙ্কটৰ দিনা তেওঁ দৃঢ় কোঁঠাস্বৰূপ; আৰু তেওঁত আশ্ৰয় লোৱা লোকসকলক তেওঁ জানে।
Promessas de cuidado
Deus garante que nem um fio de cabelo cairá sem sua permissão. Ele deseja que vivamos em paz, confiança e segurança total nele.
দুটা ঘৰ-চিৰিকা ক্ষুদ্র পইচালৈ নেবেচে নে? তথাপি তোমালোকৰ পিতৃৰ অনুমতি অবিহনে সেইবোৰৰ এটিও মাটিত নপৰে। তোমালোকৰ মূৰৰ আটাইবোৰ চুলিৰো হিচাব ৰখা আছে। এই হেতুকে ভয় নকৰিবা; তোমালোক অনেক ঘৰ-চিৰিকাতকৈ বহুমূলীয়া।
তোমালোকে প্ৰাৰ্থনাৰে বিশ্বাস কৰি যি যি খোজা সকলোকে পাবা।"
তোমালোক মোৰ নামৰ বাবে সকলোৰে ঘৃণাৰ পাত্ৰ হ’বা। কিন্তু তোমালোকৰ মূৰৰ এডালো চুলি নষ্ট নহ’ব। তোমালোকে নিজ ধৈৰ্যৰে, নিজ নিজ প্ৰাণ লাভ কৰিবা।
পাছত যীচুৱে তেওঁলোকক ক’লে, "মই যেতিয়া বিনা ধন, পাদুকা, মোনা আৰু জোলোঙাৰে, তোমালোকক পঠিয়াইছিলো, তেতিয়া তোমালোকৰ কোনো বস্তুৰ অভাৱ হৈছিল নে?" তেওঁলোকে ক’লে, "কোনো অভাৱ হোৱা নাছিল।"
তেতিয়াহলে এইবোৰ কথাত আমি কি ক’ম? যদি ঈশ্বৰ আমাৰ সপক্ষ হয়, তেনেহলে আমাৰ বিপক্ষ কোন হ’ব পাৰে?
এতেকে আমি সাহসেৰে ক’ব পাৰোঁ যে,
প্ৰভু মোৰ সহায়কৰ্তা;
মই ভয় নকৰিম;
মানুহে মোক কি
কৰিব?
এতেকে আপোনালোক ঈশ্বৰৰ বশীভুত হওক আৰু চয়তানক প্ৰতিৰোধ কৰক; তাতে সি আপোনালোকৰ মাজৰ পৰা পলাই যাব।
এই হেতুকে আহক, আমি আন লোকবোৰৰ নিচিনাকৈ টোপনিয়াই নাথাকি, পৰ দি আৰু সংযত হৈ থাকোহঁক।
Fidelidade e aliança
Deus é fiel à sua aliança. Ele protege cada promessa que faz e guarda os seus como a menina dos seus olhos.
কিন্তু, প্ৰভু বিশ্বাসী; তেৱেঁই আপোনালোকক সুস্থিৰ কৰিব আৰু দুষ্ট শক্তি চয়তানৰ হাতৰ পৰা ৰক্ষা কৰিব।
আৰু আমি যিহকে যাচনা কৰোঁ, সেয়ে আমি তেওঁৰ পৰা পাওঁ�� কিয়নো আমি তেওঁৰ আজ্ঞাবোৰ পালন কৰোঁ আৰু তেওঁৰ দৃষ্টিত যি যি সন্তোষজনক, সেই কৰ্ম আমি কৰোঁ।
এই বিষয়ত আমাৰ দৃঢ় আস্থা আছে যে, আমি যদি তেওঁৰ ইচ্ছা অনুসাৰে তেওঁৰ ওচৰত যি কোনো বিষয় বিচাৰো, তেনেহলে তেওঁ আমাৰ যাচনা শুনে; আৰু আমি যদি সঁচাকৈ জানোঁ যে, আমাৰ যাচনাৰ বিষয় তেওঁ শুনে; তেনেহলে আমি জানিব লাগে যে, আমি তেওঁৰ ওচৰত যি যি বিচাৰিছোঁ, সেই সকলো পালোঁ��
আমি জানোঁ যে, ঈশ্বৰৰ পৰা জন্ম পোৱা জনে পাপ নকৰে; কিন্তু যিজনে ঈশ্ৱৰৰ পৰা জন্ম পালে, ঈশ্ৱৰে তেওঁক চয়তানৰ পৰা ধৰি ৰাখে; আৰু চয়তানে তেওঁক স্পৰ্শ কৰিব নোৱাৰে।
মই এই জগতত বেছি দিন নাথাকো; কিন্তু এই লোক সকল হ’লে জগতত থাকিব, মই তোমাৰ ওচৰলৈ যাওঁ। হে পবিত্ৰ পিতৃ, আমি যেনেকৈ এক হৈ আছোঁ, তোমাৰ নামেৰে মোক দিয়া লোক সকলো যেন তেনেকৈ এক হব পাৰে��
মই তেওঁলোকৰ লগত থকা সময়ত, তুমি যি নাম মোক দিছা, তোমাৰ সেই নামত মই তেওঁলোকক ৰক্ষা কৰিলোঁ; আৰু মই তেওঁলোকক পহৰা দিলোঁ; তাতে তেওঁলোকৰ এজনো বিনষ্ট নহ’ল, কেৱল বিনাশৰ পুত্ৰহে শাস্ত্ৰীয় বচন সিদ্ধ কৰিবলৈ বিনষ্ট হ’ল।
তেওঁলোকক এই জগতৰ পৰা নিবলৈ মই তোমাক প্ৰার্থনা নকৰোঁ, কিন্তু তুমি তেওঁলোকক চয়তানৰ পৰা ৰক্ষা কৰা।
কিয়নো যিহোৱাৰ বাহিৰে কোন ঈশ্বৰ আছে?
আমাৰ ঈশ্বৰত বাহিৰে কোন শিলা আছে?
এই হেতুকে তোমাৰ দাসৰ বংশ যেন তোমাৰ আগত সদাকাল থাকে, এই কাৰণে অনুগ্ৰহ কৰি তাক আশীৰ্ব্বাদ কৰা�� কিয়নো হে প্ৰভু যিহোৱা, তুমি নিজে প্ৰতিজ্ঞা কৰিলা আৰু তোমাৰ আশীৰ্ব্বাদৰ গুণে তোমাৰ এই দাসৰ বংশ সদাকাল আশীৰ্ব্বাদপ্ৰাপ্ত হওঁক।"
তাৰ পাছত দায়ূদে দম্মেচকৰ অৰাম দেশত ৰক্ষী সৈন্যদল স্থাপন কৰিলে, তাতে অৰামীয়াসকলে দায়ূদৰ দাস হৈ প্ৰশংসাৰে উপহাৰ আনিলে। এইদৰে দায়ুদ যি যি ঠাইলৈ গৈছিল, সেই সকলোতে যিহোৱাই তেওঁক জয়ী হ’বলৈ দিছিল।
আৰু তুমি যি যি ঠাইলৈ গৈছিলা, মই তোমাৰ লগত থাকি তোমাৰ সন্মুখৰ পৰা তোমাৰ আটাই শত্ৰুবোৰক ছেদন কৰিলোঁ। আৰু পৃথিৱীত থকা মহৎ লোকৰ নামৰ দৰে তোমাৰো নাম মহৎ কৰিম।
এই কাৰণে তোমালোকে মোৰ বিধি অনুসাৰে আচৰণ কৰিবা, আৰু মোৰ শাসন প্ৰণালী পালন কৰি, সেই অনুসাৰে কাৰ্য কৰিবা; তেতিয়া তোমালোকে দেশত নিৰ্ভয়ে বাস কৰিবা।
মই তোমালোকৰ সৈতে মোৰ এই নিয়মটি স্থাপন কৰিলোঁ যে, জল-প্লাৱনৰ দ্বাৰাই কেতিয়াও কোনো প্ৰাণীকে আৰু বিনষ্ট কৰা নহব; পৃথিৱী ধ্বংস কৰাৰ দৰে জল-প্লাৱনো আৰু কেতিয়াও নহ’ব।"
অৱশ্যে প্ৰভু যিহোৱাই তেওঁৰ দাস ভাববাদীসকলৰ ওচৰত নিজৰ পৰিকল্পনা প্রকাশ নকৰাকৈ একোকে নকৰে।
Provisão diária
Deus satisfaz os desejos do coração dos seus filhos. Ele abençoa, renova as forças e sustenta dia após dia quem nele confia.
হে যিহোৱা, তুমি মোৰ পৰা তোমাৰ দয়া ধৰি নাৰাখিবা;
তোমাৰ প্রেম আৰু বিশ্বস্ততাই মোক সদায় ৰক্ষা কৰক।
যিহোৱাত তোমাৰ সকলো চিন্তাৰ ভাৰ সমৰ্পণ কৰা, তেওঁ তোমাক প্ৰতিপালন কৰিব;
তেওঁ ধাৰ্মিক লোকক কেতিয়াও পৰিবলৈ নিদিয়ে।
কিন্তু মই হলে তোমাৰ পৰাক্ৰমৰ গীত গাম;
এনে কি, ৰাতিপুৱাতে উচ্চ স্বৰেৰে তোমাৰ দয়াৰ গীত গান কৰিম;
কিয়নো তুমি মোৰ উচ্চ দুৰ্গ, সঙ্কটৰ কালত তুমি মোৰ আশ্ৰয় স্থান।
কিন্তু ৰজাই ঈশ্বৰত আনন্দ কৰিব;
তেওঁৰ নামেৰে শপত কৰা প্ৰতিজনে গৌৰৱ কৰিব,
কিয়নো মিছলীয়াবোৰৰ মুখ বন্ধ হ’ব।
তোমালোকে ঈশ্বৰৰ উদ্দেশ্যে গীত গোৱা, তেওঁৰ নামৰ প্ৰশংসাৰ গান কৰা;
মৰুভূমিৰ মাজেদি যি জন বাহনত উঠি আহিছে, তেওঁৰ কাৰণে এটি ৰাজপথ যুগুত কৰা;
তেওঁৰ নাম যিহোৱা, তোমালোকে তেওঁৰ উপস্থিতিত উল্লাস কৰা।
ঈশ্বৰ তেওঁৰ পবিত্ৰ বাসস্থানত পিতৃহীনৰ পিতৃ আৰু বিধৱাসকলৰ ন্যায়কর্তা।
প্রতিদিনে আমাৰ বোজা বহন কৰা যিহোৱা ধন্য; তেৱেঁই আমাৰ পৰিত্ৰাণকর্তা ঈশ্বৰ। (চেলা)
ময়েই তোমালোকৰ ঈশ্বৰ যিহোৱা;
ময়েই তোমালোকক মিচৰ দেশৰ পৰা উলিয়াই আনিলো;
তোমালোকে বহলকৈ মুখ মেলা, মই তাক পূৰ্ণ কৰিম।
কিয়নো ঈশ্বৰ যিহোৱা সূৰ্য আৰু ঢাল স্বৰূপ;
তেওঁ অনুগ্ৰহ আৰু গৌৰৱ দান কৰে;
যিসকলে সৎ পথত চলে, তেওঁলোকক কোনো উত্তম বস্তু দিবলৈ তেওঁ অস্বীকাৰ নকৰে।
যিসকলে দুষ্টতাক ঘিণ কৰে, যিহোৱাই তেওঁলোকক প্ৰেম কৰে;
তেওঁ নিজৰ ভক্তসকলৰ প্ৰাণ ৰক্ষা কৰে,
দুষ্টসকলৰ হাতৰ পৰা তেওঁলোকক উদ্ধাৰ কৰে।
যিহোৱাই অমায়িক লোকক ৰক্ষা কৰে;
মই অসহায় হোৱাত তেওঁ মোক উদ্ধাৰ কৰিলে।
হে মোৰ প্রাণ, তোমাৰ বিশ্ৰাম-স্থানলৈ উভটি যোৱা,
কিয়নো যিহোৱাই তোমাক প্ৰচুৰ মঙ্গল কৰিলে।
কাৰণ তুমিয়েই মৃত্যুৰ পৰা প্ৰাণ,
চকুলোৰ পৰা মোৰ চকু,
উজুটি খোৱাৰ পৰা মোৰ ভৰি ৰক্ষা কৰিলা।
মই জীৱিতসকলৰ দেশত যিহোৱাৰ সাক্ষাতে অহা-যোৱা কৰিম।
তুমি মোৰ গুপ্তস্থান আৰু ঢাল; তোমাৰ বাক্যতে মই আশা কৰোঁ।
চলোমনৰ ৰচিত যাত্ৰাৰ সঙ্গীত
যিহোৱাই গৃহ নিৰ্ম্মাণ নকৰিলে, নিৰ্ম্মাণ কৰাসকলৰ পৰিশ্ৰম বৃথা;
যিহোৱাই নগৰ ৰক্ষা নকৰিলে, ৰখীয়াই পৰ দিয়াও মিছা।
তাতে মই দায়ুদৰ বংশৰ পৰা এজনক মহান ৰজা পাতিলো,
মই সংৰক্ষণৰ কাৰণে মোৰ নিৰ্বাচিত এজনক ৰজা স্বৰূপে নিযুক্ত কৰিলোঁ।
মই তেওঁৰ শত্ৰুবোৰক লজ্জাৰূপ বস্ত্ৰ পিন্ধাম,
কিন্তু তেওঁৰ মূৰত হ’লে তেওঁৰ কিৰীটি জিলিকি থাকিব।"
যিহোৱাই মোৰ পক্ষে নিজৰ উদ্দেশ্য সিদ্ধ কৰিব;
হে যিহোৱা, তোমাৰ প্রেম অনন্তকাল স্থায়ী।
তুমি তোমাৰ হাতৰ কৰ্ম ত্যাগ নকৰিবা।
তুমি তোমাৰ হাত মেলা
আৰু সকলো জীৱকুলৰ বাঞ্ছা পূৰ্ণ কৰি কৰা।
তেওঁ উপদ্ৰৱ পোৱাসকলৰ পক্ষে ন্যায় বিচাৰ কৰে,
ক্ষুধাতুৰবোৰক আহাৰ দান কৰে;
যিহোৱাই বন্দীবোৰক মুক্ত কৰে;
যিহোৱাই অন্ধবোৰৰ চকু মুকলি কৰে,
নত অৱস্থাত থকাসকলক যিহোৱাই তুলি ধৰে;
যিহোৱাই ধাৰ্মিক লোকক প্ৰেম কৰে;
যিহোৱাই বিদেশীবোৰক ৰক্ষা কৰে,
তেওঁ মাউৰা আৰু বিধৱাসকলক ধৰি ৰাখে,
কিন্তু দুষ্টবোৰৰ পথ তেওঁ বিঘিনিযুক্ত কৰে।
মই শান্তিৰে শুই টোপনি যাম।
কাৰণ, হে যিহোৱা, কেৱল তুমিয়েই মোক নিৰাপত্তা দি নিৰাপদে ৰাখিছা।
ঈশ্বৰৰ আটাই যুদ্ধৰ সাজ পিন্ধি লওঁক যাতে চয়তানৰ নানা বিধ কৌশলৰ বিৰুদ্ধে থিয় হব পাৰে।
ঈশ্বৰৰ আটাই যুদ্ধৰ সাজ পিন্ধি লওঁক যাতে চয়তানৰ নানা বিধ কৌশলৰ বিৰুদ্ধে থিয় হব পাৰে। কিয়নো ৰক্ত আৰু মাংসৰ সৈতে আমাৰ মালযুদ্ধ হোৱা নাই; কিন্তু আধিপত্য, ক্ষমতা, এই অন্ধকাৰ যুগৰ শাসনকৰ্তা, আৰু স্বৰ্গীয় ঠাইবোৰৰ মন্দ শক্তিৰ দলবোৰৰ সৈতে হৈছে।
ঈশ্বৰক নঠগাব
মানুহে ঈশ্বৰক ঠগাব নেকি? কিন্তু তোমালোকেতো মোক ঠগাইছা। তথাপিও তোমালোকে কৈছা, ‘আমি কেনেকৈ আপোনাক ঠগাইছোঁ?’ আয়ৰ দশম ভাগত আৰু দানৰ বিষয়ত তোমালোকে মোক ঠগাইছা। তোমালোক এক অভিশাপত অভিশপ্ত; কিয়নো তোমালোকে মোকেই ঠগাইছা, এনে কি গোটেই জাতিয়েই ঠগাইছে। তোমালোকে তোমালোকৰ সমস্ত আয়ৰ দশমাংশ মোৰ গৃহত আহাৰ হ’বৰ কাৰণে ভঁৰাললৈ আনা। মই তোমালোকলৈ আকাশৰ দুৱাৰ মুকলি কৰিম নে নকৰিম, আৰু ঠায়ে নধৰাকৈ তোমালোকলৈ আশীৰ্ব্বাদ বৰ্ষাম নে নবৰ্ষাম, তাক জানিবলৈ তোমালোকে ইয়াৰেই মোক পৰীক্ষা কৰি চোৱা।" বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে।
আৰু মই তেওঁলোকক, আৰু মোৰ পৰ্ব্বতৰ চাৰিওফালে থকা ঠাইবোৰ আশীৰ্ব্বাদ যুক্ত কৰিম আৰু মই উচিত সময়ত বৃষ্টি অনাম, আৰু আশীৰ্ব্বাদযুক্ত বৃষ্টি পৰিব।
কিয়নো ধনৰ দৰে প্ৰজ্ঞায়েও নিৰাপত্তা দান কৰে।
কিন্তু জ্ঞানৰ সুবিধা হৈছে এয়ে যে,
জ্ঞানৱানৰ জ্ঞানেই তেওঁৰ জীৱন ৰক্ষা কৰে।
এইদৰে শুভবাৰ্তা প্ৰচাৰক সকলৰ কাৰণেও ঈশ্বৰে নিয়ম কৰিলে যে, তেওঁলোকৰ জীৱিকা সেই শুভবাৰ্তাৰ পৰাই হ’ব।
ধনক প্ৰেম কৰাই সকলো মন্দ পথৰ মূল�� তালৈ আকাংক্ষা কৰি, কোনো কোনো মানুহে বিশ্বাসৰ পৰা ভ্ৰান্ত হৈ যাতনা ৰূপ শলাৰে নিজকেই খোচ মাৰে।
কিয়নো মই ভাগৰুৱাসকলক প্ৰাণ জুৰাৱাম, আৰু প্ৰত্যেক দুখিত প্ৰাণক পৰিতৃপ্ত কৰিম"।
এই কাৰণে মই এইবোৰ দুখ ভোগ কৰিলেও লজ্জিত নহওঁ; কিয়নো মই যি জনক বিশ্বাস কৰিলোঁ, তেওঁক জানো আৰু তেওঁৰ হাতত মই নিজকে অৰ্পণ কৰি দিলোঁ, তাতে তেওঁ যে সেই দিনৰ কাৰণে মোক পহৰা দি ৰাখিবলৈ সমর্থ, ইয়াকে দৃঢ় প্ৰত্যয় কৰিছোঁ।