O sangue de Jesus
O sangue de Jesus é o fundamento da redenção cristã. Através do seu sangue derramado na cruz, recebemos perdão, purificação e acesso à presença de Deus.
O poder redentor do sangue
O sangue de Cristo é o preço do nosso resgate. Sem derramamento de sangue não há remissão de pecados, e Cristo ofereceu o sacrifício perfeito e definitivo.
বিধানৰ মতে প্ৰায় সকলোকেই তেজেৰে শুচি কৰা হয়; তেজ উলিওৱা নহ’লে পাপ-মোচন নহয়।
ছাগ বা ভতৰাৰ তেজ আৰু চেঁউৰীৰ ভস্ম, এই সকলো অশুচি মানুহৰ ওপৰত চতিয়াই তেওঁলোকৰ শৰীৰৰ শুচিতাৰ কাৰণে পবিত্ৰ কৰে�� তেনেহলে যি জনে অনন্ত আত্মাৰে ঈশ্বৰৰ উদ্দেশ্যে নিৰ্দোষী বলি স্বৰূপে নিজকে উৎসৰ্গ কৰিলে, সেই খ্ৰীষ্টৰ তেজে আমাৰ বিবেকক মৃত কর্মৰ পৰা কিমান অধিক গুণে শুচি কৰিব! যাতে আমি জীৱনময় ঈশ্বৰৰ সেৱা কৰিব পাৰোঁ��
কিয়নো পাপ গুচাবলৈ ভতৰা আৰু ছাগলীৰ তেজৰ সাধ্য নাই��
এই কাৰণে যীচুৱেও, তেওঁৰ নিজৰ তেজৰ দ্বাৰাই লোক সকলক পবিত্ৰ কৰিবলৈ, নগৰৰ দুৱাৰৰ বাহিৰত মৃত্যুভোগ কৰিলে।
নতুন নিয়মৰ মধ্যস্থ যীচু, আৰু হেবলতকৈ অতি উত্তম কথা কওঁতা শান্তি কৰা তেজ, এই সকলোৰ ওচৰলৈ অাপোনালোক আহিল।
Perdão e purificação
O sangue de Jesus nos purifica de todo pecado. Nele temos redenção e perdão, segundo as riquezas de sua graça.
কিন্তু তেওঁ যেনেকৈ পোহৰত আছে, তেনেকৈ আমিও যদি পোহৰত চলোঁ, তেনেহলে পৰস্পৰ মাজত আমাৰ সহভাগিতা আছে আৰু তেওঁৰ পুত্ৰ, যীচুৰ তেজে সকলো পাপৰ পৰা আমাক শুচি কৰে।
কিয়নো ঈশ্বৰৰ সেই প্ৰিয়জনত, তেওঁৰ তেজৰ দ্বাৰা আমি মুক্তি পালোঁ; তেওঁৰ উপচি পৰা অনুগ্রহৰ দ্বাৰা আমি পাপৰ ক্ষমা পালোঁ।
আগেয়ে আপোনালোক ঈশ্বৰৰ পৰা বহুত দূৰৈত আছিল, কিন্তু এতিয়া খ্ৰীষ্ট যীচুত থকাৰ কাৰণে তেওঁৰ তেজৰ দ্বাৰাই ঈশ্বৰৰ ওচৰলৈ অনা হ’ল।
কিয়নো মোৰ যি তেজ, এয়া নিয়মৰ তেজ�� অনেকৰ পাপ মোচনৰ কাৰণে উলিওৱা হৈছে, সেয়ে এই।
আৰু যীচু খ্রীষ্টৰ পৰা, যি জন বিশ্বাসযোগ্য সাক্ষী, মৃত সকলৰ মাজত প্রথমে জন্ম পোৱা আৰু পৃথিৱীৰ ৰজা সকলৰ অধিকাৰী; যি জনে আমাক প্রেম কৰে আৰু নিজৰ তেজেৰে আমাক পাপৰ পৰা মুক্ত কৰিলে, অৰ্থাৎ মৃত সকলৰ মাজৰ প্ৰথমজাত আৰু পৃথিৱীৰ ৰজা সকলৰ অধিপতি, সেই জন যীচু খ্ৰীষ্টৰ পৰা আপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক,
কাৰণ ঈশ্বৰে যীচু খ্ৰীষ্টক তেওঁৰ তেজৰ দ্ৱাৰাই বিশ্বাসৰ প্ৰতিকাৰ স্ৱৰূপে, তেওঁৰ ধৈৰ্য-গুণত, পূৰ্বে কৰা নানা পাপৰ দণ্ড নিদিয়াকৈ থকাৰ কাৰণে, নিজ ধাৰ্মিকতা দেখুৱাবলৈ, তেওঁ যীচু খ্ৰীষ্টক দান কৰিলে��
এতেকে এতিয়া খ্ৰীষ্টৰ তেজেৰে ধাৰ্মিক বুলি গণিত হোৱাত, কিমান অধিক গুণে আমি তেওঁৰ তেজৰ দ্বাৰাই ঈশ্বৰৰ ক্ৰোধৰ পৰা পৰিত্ৰাণ পাম।
O sangue da aliança
Desde o Êxodo, o sangue é sinal de aliança entre Deus e seu povo. O sangue do Cordeiro pascal prefigurava o sacrifício supremo de Cristo.
তেতিয়া মোচিয়ে ইস্ৰায়েলৰ সকলো পৰিচাৰকক মাতি আনিলে আৰু তেওঁলোকক ক’লে, তোমালোকে নিজৰ নিজৰ পৰিয়ালৰ লোকক পৰ্যাপ্ত পৰিমাণে খোৱাবলৈ ভেৰাৰ জাকৰ পৰা পোৱালি বাছি লবা আৰু নিস্তাৰ-পৰ্ব্বৰ বলিৰ বাবে তাক কাটিবা। তাৰ পাছত এচোব বন একোচা লৈ, পাত্ৰটোত থকা তেজত জুবুৰিয়াবা। সেই তেজ পাত্ৰৰ পৰা লৈ দুৱাৰৰ চৌকাঠৰ ওপৰত আৰু দুই দাঁতিৰ কাঠত লগাবা। ৰাতিপুৱালৈকে তোমালোকৰ কোনেও নিজৰ নিজৰ ঘৰৰ দুৱাৰৰ বাহিৰ নহবা।
কিয়নো যিহোৱাই মিচৰীয়া সকলক আক্ৰমণ কৰিবৰ বাবে, তোমালোকৰ ওচৰেদি গমন কৰিব। যেতিয়া তেওঁ দুৱাৰৰ চৌকাঠৰ ওপৰত, আৰু চৌকাঠৰ দুই দাঁতিত সেই তেজ দেখিব, তেতিয়া যিহোৱাই সেই দুৱাৰ এৰি যাব, আৰু তোমালোকক আক্ৰমণ কৰিবৰ বাবে, আপোনালোকৰ ঘৰত আক্ৰমণকাৰীক সোমাবলৈ নিদিব।
কিয়নো শৰীৰৰ প্ৰাণ তেজত থাকে; আৰু তোমালোকৰ প্ৰাণ প্ৰায়শ্চিত্ত কৰিবৰ অৰ্থে মই সেই তেজ বেদীৰ ওপৰত দিবলৈ তোমালোকক দিলোঁ; কিয়নো প্ৰাণৰ গুণে তেজেই প্ৰায়শ্চিত্ত সাধক!
কিন্তু প্রাণে সৈতে অৰ্থাৎ তেজেৰে সৈতে তোমালোকে মঙহ নাখাবা।
কিন্তু তোমালোকক যদি কোনোবাই বধ কৰে, তোমালোকৰ সেই তেজৰ কাৰণে, যি তেজত তোমালোকৰ প্রাণ আছে তাৰ প্ৰতিকাৰ মই অৱশ্যেই সাধিম; সেয়ে পশুৱেই হওঁক বা মানুহেই হওঁক, প্ৰত্যেকৰে পৰা তাক সাধিম। এনেকি নিজ ভায়েকক হত্যা কৰা প্ৰত্যেক মানুহৰ পৰাও প্ৰাণৰ প্ৰতিকাৰ মই সাধিম। ঈশ্বৰে মানুহক নিজ প্ৰতিমূৰ্ত্তিৰ দৰেই নিৰ্ম্মাণ কৰিলে। সেয়ে, কোনো মানুহে যদি কাৰোবাৰ ৰক্তপাত কৰে, তেন্তে মানুহৰ দ্বাৰাই তেওঁৰো ৰক্তপাত কৰা হ’ব;
এইদৰে, তোমালোকে থকা দেশ অশুচি নকৰিবা; কিয়নো তেজে দেশ অশুচি কৰে আৰু তাত যি ৰক্তপাত কৰা হয় তাৰ কাৰণে ৰক্তপাতৰ বিনে দেশৰ প্ৰায়শ্চিত্ত হ’ব নোৱাৰে।
Vitória pelo sangue
Os cristãos vencem o acusador pelo sangue do Cordeiro e pela palavra do seu testemunho. O sangue comprou para Deus gente de toda tribo e língua.
তেওঁলোকে মেৰ-পোৱালিৰ তেজ আৰু নিজ নিজ সাক্ষ্যৰূপ বাক্যৰ দ্বাৰাই তাক জয় কৰিলে,
তেওঁলোকে মৃত্যু পৰ্য্যন্ত নিজৰ জীৱনক প্ৰিয় জ্ঞান কৰি ভালপায় নাথাকিল।
আপোনালোকে জানে যে, আপোনালোকৰ পূৰ্বপুৰুষৰ পৰা চলি অহা অসাৰ আচাৰ-ব্যৱহাৰৰ পৰা, আপোনালোক সোণ, ৰূপ আদিৰ ক্ষয়ণীয় বস্তুৰ দ্বাৰাই যে মুক্ত হ’ল, এনে নহয়, কিন্তু নিৰ্দোষী আৰু নিষ্কলঙ্ক মেৰ-পোৱালি স্বৰূপ খ্ৰীষ্টৰ বহুমূল্য তেজৰ দ্বাৰাইহে মুক্ত হ’ল��
আপোনালোকে নিজৰ বাবে আৰু পবিত্ৰ আত্মাই যি সকলৰ মাজত আপোনালোকক অধ্যক্ষ পাতিলে, সেই সকলোৱে সাৱধান হৈ, ঈশ্বৰে নিজৰ তেজেৰে যি মণ্ডলীক কিনিলে, সেই মণ্ডলীক প্ৰতিপালন কৰক।
যীচুৱে তেওঁলোকক ক’লে, "সঁচাকৈয়ে মই আপোনালোকক কওঁ, মানুহৰ পুত্ৰৰ মাংস নাখালে আৰু তেওঁৰ তেজ পান নকৰিলে, আপোনালোকৰ ভিতৰত জীৱন নাই। যি কোনোৱে মোৰ মাংস খায়, আৰু মোৰ তেজ পান কৰে, তেওঁৰ অনন্ত জীৱন আছে; আৰু শেষৰ দিনা মই তেওঁক তুলিম।
জল আৰু তেজেদি অহা জন তেৱেঁই; তেওঁ হ’ল যীচু খ্ৰীষ্ট; তেওঁ কেৱল জলেৰে নহয়, কিন্তু জল আৰু তেজ, এই উভয়েৰে আহিল। এই সাক্ষ্য আত্মা দিয়ে, কাৰণ আত্মা সত্য।