Sonhos
Sonhos aparecem em toda a Bíblia como meio de revelação divina. Deus falou através de sonhos a patriarcas, profetas e servos, mas também alertou contra falsos sonhadores.
Sonhos como revelação divina
Deus usou sonhos para comunicar sua vontade a homens e mulheres ao longo da história bíblica, revelando caminhos e mistérios.
যিহোৱাই ক’লে, "এতিয়া তোমালোকে মোৰ বাক্য শুনা।
তোমালোকৰ মাজত যদি মোৰ কোনো ভাববাদী হয়,
তেন্তে মই যিহোৱাই তেওঁৰ আগত কোনো দৰ্শনৰ দ্বাৰাই নিজকে চিনাকি দিম,
নাইবা সপোনত তেওঁৰ লগত কথা হ’ম।
তাৰ পাছতে
মই গোটেই মনুষ্যজাতিৰ ওপৰত মোৰ আত্মা বাকি দিম,
তাতে তোমালোকৰ পো-জীসকলে ভাববাণী প্ৰচাৰ কৰিব।
তোমালোকৰ বৃদ্ধসকলে সপোন দেখিব,
আৰু তোমালোকৰ যুৱক-যুবতীসকলে দৰ্শন পাব।
তেতিয়া পিতৰে এঘাৰ জন পাঁচনিৰে সৈতে থিয় হৈ বৰ মাতেৰে ক’লে, "হে যিহুদী লোক সকল, হে আটাই যিৰূচালেম নিবাসী সকল, এই কথা আপনালোকৰ জ্ঞাত হওক আৰু মোৰ কথালৈ কাণ দিয়ক। আপোনালোকে যেনেকৈ ভাবিছে, তেনেকৈ এওঁলোক মতলীয়া নহয়, কাৰণ এতিয়া পুৱাৰ ন মানহে বাজিছে�� কিয়নো এই সকলো কথা যোৱেল ভাববাদীৰ যোগে কোৱা হৈছিলঃ
‘ঈশ্বৰে কৈছে, শেষৰ দিনা সকলো মানুহৰ ওপৰত মোৰ আত্মা বাকি দিম,
তাতে তোমালোকৰ সতি-সন্ততি সকলে ভাববাণী প্ৰচাৰ কৰিব,
তোমালোকৰ যুৱক সকলে দৰ্শন পাব, তোমালোকৰ বৃদ্ধ লোক সকলে সপোন দেখিব।
ঈশ্বৰে সেই চাৰি জন যুৱকক সকলো আভ্যন্তৰীণ বিষয়ৰ শিক্ষা, জ্ঞান আৰু প্রজ্ঞা দিলে। তাতে দানিয়েলে সকলো প্রকাৰৰ দৰ্শন আৰু সপোনৰ কথা বুজিব পৰা হ’ল।
তেতিয়া ৰজাই দানিয়েলক (যাক বেলটচচৰ মতা হৈছিল) ক’লে, "মই দেখা সপোন আৰু তাৰ ফলিতা তুমি মোক ক’ব পাৰিবা নে?" তেতিয়া দানিয়েলে ৰজাৰ আগত উত্তৰ দি ক’লে, "মহাৰাজে দাবী কৰা নিগূঢ় বিষয়, জ্ঞানসম্পন্ন লোক, বা মৃতলোকৰ সৈতে কথা পতাৰ দাবী কৰাজন, বা মায়াবী, বা জ্যোতিষীৰ দ্বাৰাই প্রকাশিত হোৱা সম্ভৱ নহয়। কিন্তু মহাৰাজ, স্বৰ্গত থকা এজন ঈশ্বৰ আছে; যিজনে গোপন কথা প্ৰকাশ কৰে, আৰু আহিব লগা দিনবোৰত কি ঘটিব, সেই সকলোকে তেওঁ আপোনাক জানিব দিব; আপুনি শয্যাত শুই থকা সময়ত দেখা সপোন আৰু দৰ্শন এইবোৰ:
Sonhos na história da Bíblia
De José no Egito a José pai de Jesus, Deus guiou a história da salvação através de sonhos, protegendo e dirigindo seu povo.
তেওঁলোকে ক’লে, "আমি দুয়োজনেই এটাকৈ সপোন দেখিলোঁ; কিন্তু তাৰ অর্থ বুজাবলৈ কোনো নাই।" তেতিয়া যোচেফে তেওঁলোকক ক’লে, "সপোনৰ অর্থ কোৱাৰ ক্ষমতা জানো ঈশ্বৰৰ পৰা নহয়? আপোনালোকে অনুগ্রহ কৰি মোক কওঁকচোন।"
তাতে ফৰৌণে যোচেফক ক’লে, "মই এটা সপোন দেখিলোঁ, তাৰ অর্থ বুজাই দিব পৰা কোনো নাই; কিন্তু তুমি শুনামাত্ৰে সপোনৰ ফলিতা দিব পাৰা বুলি মই তোমাৰ বিষয়ে শুনিছোঁ।" তেতিয়া যোচেফে ফৰৌণক উত্তৰ দি ক’লে, "এইটো মোৰ বাবে অসাধ্য। ঈশ্বৰেহে ফৰৌণ ৰজাৰ সপোনৰ অর্থ বুজাই দিয়াৰ লগতে মনত শান্তনা দিব।"
কিন্তু তেওঁ যেতিয়া এইবোৰ কথা চিন্তা কৰিলে, তেতিয়া প্ৰভুৰ এজন দূত আহি সপোনত তেওঁক দৰ্শন দি ক’লে, "হে দায়ুদৰ বংশৰ সন্তান যোচেফ, তোমাৰ ভাৰ্যা মৰিয়মক গ্ৰহণ কৰিবলৈ ভয় নকৰিবা; কিয়নো তেওঁৰ গৰ্ভৰ সন্তান পবিত্ৰ আত্মাৰ পৰা হৈছে। তেওঁ এটি পুত্ৰ প্ৰসৱ কৰিব আৰু তুমি তেওঁৰ নাম যীচু থবা। কাৰণ তেৱেঁই নিজৰ লোকক তেওঁলোকৰ পাপ সমূহৰ পৰা মুক্ত কৰিব।"
পাছত তেওঁ বিচাৰৰ আসনত বহি থাকোঁতে তেওঁৰ ভাৰ্যাই তেওঁলৈ কৈ পঠালে, বোলে, ‘সেই ধাৰ্মিক জনৰ কথাত তুমি একো হাত নিদিবা; কিয়নো তেওঁৰ কাৰণে, মই আজি সপোনত যি দেখিলোঁ বহুত দুখ পালোঁ’।
যিহোৱাই যেতিয়া চিয়োনক পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিলে,
তেতিয়া আমি সপোন দেখা মানুহৰ নিচিনা হ’লো।
Sabedoria sobre sonhos
A Bíblia ensina discernimento: nem todo sonho vem de Deus. Devemos entregar nossos planos ao Senhor e confiar na direção dele.
তোমাৰ কাৰ্যৰ ভাৰ যিহোৱাত সমৰ্পণ কৰা;
তাতে তোমাৰ অভিপ্ৰায় সিদ্ধ হ’ব।
মানুহৰ হৃদয়ত বহুতো আঁচনি থাকে;
কিন্তু যিহোৱাৰ অভিপ্রায় থিৰে থাকিব।
যদি আপোনালোকৰ মাজত কোনো ভাববাদী বা সপোন দেখি ভৱিষ্যতৰ কথা কব পৰা এনে কোনোবাই চিন বা অদ্ভুত লক্ষণ দেখুৱায়, আৰু সেই লোকজনেও যদি চিন বা অদ্ভুত লক্ষণৰ প্রমাণ দেখুৱাই আপোনালোকক কয় আহাঁ "আমি আন দেৱতাবোৰৰ পাছত চলি যি বোৰৰ বিষয়ে আপোনালোকে নাজানে সেইবোৰৰ সেৱা-পূজা কৰোঁগৈ," তেন্তে আপোনালোকে সেই ভাববাদী বা সপোন দেখা লোকৰ কথা নুশুনিব। কিয়নো আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক সকলো মনেৰে আৰু সকলো প্ৰাণেৰে প্ৰেম কৰে নে নকৰে, তাক জানিবৰ কাৰণেহে আপোনালোকৰ যিহোৱাই আপোনালোকক পৰীক্ষা কৰে।
আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰেই পাছত চলিব, তেওঁকেই ভয় কৰিব, তেওঁৰেই আজ্ঞাবোৰ পালন কৰিব, তেওঁকেই অনুসৰণ কৰিব, তেওঁৰেই আৰাধনা কৰিব আৰু তেওঁক কেতিয়াও পৰিত্যাগ নকৰিব।
‘মই সপোন দেখিলোঁ! মই সপোন দেখিলোঁ!’ এই বুলি কৈ মোৰ নামেৰে মিছা ভাববাণী প্ৰচাৰ কৰোঁতা ভাববাদীসকলে কোৱা কথা মই শুনিলোঁ। মিছা ভাববাণী প্ৰচাৰ কৰোঁতা ভাববাদীসকলৰ, এনে কি, নিজ নিজ মনৰ কপটতা প্ৰকাশ কৰোঁতা ভাববাদীসকলৰ অন্তৰত এয়ে কিমান কাল থাকিব?
যিহোৱাই কৈছে, চোৱা, যি ভাববাদীবোৰে নানা মিছা সপোন প্ৰচাৰ কৰে, আৰু সেইবোৰ কৈ তেওঁলোকৰ মিছা কথা আৰু অনৰ্থক অহঙ্কাৰৰ দ্বাৰাই মোৰ প্ৰজাসকলক ভ্ৰান্ত কৰে, সেই ভাববাদীসকলৰ মই বিপক্ষ।" কিয়নো মই তেওঁলোকক পঠোৱা কি আজ্ঞা দিয়া নাছিলোঁ; এই হেতুকে তেওঁলোকে এই প্ৰজাসকলক সমুলি উপকাৰ নকৰিব, ইয়াক যিহোৱাই কৈছে।
অধিক কাৰ্যৰ ভাৱ-চিন্তা থাকিলে মানুহে যেনেকৈ সপোন দেখে,
তেনেকৈ আৰু অধিককৈ কথা ক’লে অজ্ঞানতা প্রকাশ পায়।
কিয়নো অধিক সপোন আৰু অধিক কথাৰ সৈতে অসাৰতা আহে; কিন্তু তুমি ঈশ্বৰক ভয় কৰিবা।