6 এই সকলো ঘটনা আমালৈ আর্হি স্বৰূপ হ’ল; তেওঁলোকে যেনেকৈ কামনা কৰিছিল, আমিও যেন তেনেকৈ মন্দ বিষয়ৰ কামনা নকৰোঁ৷
7 তেওঁলোকৰ মাজৰ কিছুমানে যেনেকৈ মূৰ্তিপূজক হৈছিল, আপোনালোক তেনে নহ’ব; সেই বিষয়ে এনেদৰে লিখা আছে; "মানুহবোৰে ভোজন-পান কৰিবলৈ বহিল আৰু পাছত যৌন কামনাৰে নাচিবলৈ উঠিল"। 8 তেওঁলোকৰ কিছুমানে যেনেকৈ যৌনপাপ কৰাত; একেদিনাই একুৰি তিনি হাজাৰ মানুহ মৰা পৰিল, তেনেকৈ আমি ব্যভিচাৰ নকৰোঁহক। 9 তেওঁলোকৰ কিছুমানে যেনেকৈ ঈশ্বৰক পৰীক্ষা কৰাত, সাপৰ দ্বাৰাই বিনষ্ট হ’ল, তেনেকৈ আমি যেন খ্ৰীষ্টক পৰীক্ষা নকৰোঁ। 10 তেওঁলোকৰ কিছুমান লোক অসন্তুষ্ট হৈ ধ্বংসকাৰী স্বর্গৰ দূতৰ কবলত পৰি মৃত্যু হ’ল, আপোনালোক তেনেকৈ অসন্তুষ্ট নহ’ব৷
13 যি যি প্ৰলোভন মানুহবোৰৰ মাজলৈ আহে, সেইবোৰৰ বাহিৰে আন পৰীক্ষা আপোনালোকলৈ ঘটা নাই; কিন্তু ঈশ্বৰ বিশ্বাসী; তেওঁ আপোনালোকলৈ শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিব; কিন্তু আপোনালোকে যেন সহিব পাৰিব, তাৰ কাৰণে পৰীক্ষাৰ সৈতে সাৰিবলৈ তেওঁ উপায়ো কৰি দিব।