32 মই বিচাৰো, আপোনালোকে যেন চিন্তা-ভাৱনাৰ পৰা মুক্ত হৈ থাকিব পাৰে। অবিবাহিত জনে প্ৰভুৰ বিষয়বোৰ ভাৱে; তেওঁ চিন্তা কৰে কেনেকৈ তেওঁ প্রভুক সন্তুষ্ট কৰিব। 33 কিন্তু বিবাহিত পুৰুষে সংসাৰৰ বিষয়বোৰ ভাৱে; তেওঁ চিন্তা কৰে কেনেকৈ ভাৰ্যাক সন্তুষ্ট কৰিব। 34 তেওঁ ঈশ্বৰ আৰু ভার্যা দুয়ো দিশত ভাগ হয়। সেইদৰে এগৰাকী অবিবাহিতা বা কুমাৰী মহিলাই প্রভুৰ বিষয়ে চিন্তা কৰে যেন তেওঁ দেহ আৰু আত্মাত পবিত্র হয়। কিন্তু বিবাহিতা মহিলাই সংসাৰৰ বিষয়বোৰ ভাৱে; তেওঁ চিন্তা কৰে কেনেকৈ স্বামীক সন্তুষ্ট কৰিব। 35 মই আপোনালোকৰ হিতৰ অর্থেই এই কথা কৈছোঁ। আপোনালোকৰ ওপৰত কোনো বিধিৰ বোজা জাপি দিবলৈ নহয়, কিন্তু আপোনালোকে যেন শিষ্ট আচৰণ কৰে আৰু মনোযোগেৰে প্ৰভুত আসক্ত হৈ থাকে।
Publicidade
1 কৰিন্থীয়া 7
Estes versículos te tocaram? Ore agora!
+581 estão orando agora.
Junte-se à corrente de oração.