22 যীচু সেই অভিষিক্ত জন বুলি যিজনে অস্বীকাৰ কৰে, তেওঁৰ বাহিৰে প্ৰকৃত মিছলীয়া আন কোন আছে? সেই জনেই খ্ৰীষ্টৰ শত্রু; তেওঁ পিতৃ আৰু পুত্ৰকো অস্বীকাৰ কৰে। 23 যিজনে পুত্ৰক অস্বীকাৰ কৰে, তেওঁ পিতৃক পোৱা নাই; কিন্তু যিজনে পুত্ৰক স্বীকাৰ কৰে, তেওঁ পিতৃক পালে।