ঈশ্বৰৰ প্ৰেম; ঈশ্বৰৰ প্ৰতি প্ৰেম
1 ভাবি চাওক, পিতৃ ঈশ্বৰে আমাক কেনে প্ৰেম প্ৰদান কৰিলে, আমি যেন ঈশ্বৰৰ সন্তান বুলি অভিহিত হওঁ আৰু আমি হৈছোও!3:1 ৰো 8:14-17; গালা 3:26; 4:6, 7 এই বাবে জগতৰ মানুহে আমাক নাজানে, কাৰণ জগতে তেওঁক নাজানিলে�� 2 হে প্ৰিয়সকল, এতিয়া আমি ঈশ্বৰৰ সন্তান; কিন্তু পাছত কি হ’ম, সেয়ে এতিয়ালৈকে প্ৰকাশিত হোৱা নাই। কিন্তু আমি জানো যে, খ্ৰীষ্ট যেতিয়া প্ৰকাশিত হব, তেতিয়া আমি তেওঁৰ নিচিনাই হ’ম��3:2 ৰো 8:29; ফিলি 3:21 তেওঁ যেনেকুৱা আছে, তেনেকুৱাই তেওঁক দেখিম��