3 কাৰণ ঈশ্বৰে দিয়া প্ৰেমৰ অভিপ্ৰায় এয়েই, আমি যেন তেওঁৰ আজ্ঞাবোৰ পালন কৰোঁ; আৰু তেওঁৰ আজ্ঞাবোৰ ব’বলৈ গধুৰ নহয়৷5:3 মথি 11:30৷
4 যিসকল ঈশ্বৰৰ পৰা জন্ম পোৱা, তেওঁলোকে জগতক জয় কৰে।5:4 যো 16:33৷ আৰু জগতক জয় কৰা যি জয়, সেয়ে আমাৰ বিশ্বাস। 5 যীচু যে ঈশ্বৰৰ পুত্ৰ হয়, ইয়াক যি জনে বিশ্বাস কৰে, তেওঁৰ বাহিৰে জগতক জয় কৰোঁতা কোন?