1 এতেকে সকলো মন্দ, প্ৰৱঞ্চনা, কপটতা, হিংসা আৰু পৰচৰ্চা, দূৰ কৰক 2 নতুনকৈ জন্ম হোৱা শিশু সকলৰ দৰে, মিহলি নোহোৱা শুদ্ধ আত্মিক গাখীৰলৈ অতিশয় হাবিয়াহ কৰক, আৰু তাৰ দ্বাৰাই পৰিত্রাণৰ অৰ্থে আপোনালোকে বৃদ্ধি হওক, 3 যদিহে আপোনালোকে প্ৰভু স্নেহশীল বুলি আস্বাদ পালে
4 তেওঁৰ ওচৰলৈ আহক, যি জন জীৱনময় শিল মানুহৰ দ্বাৰাই অগ্ৰাহ্য হ’ল, কিন্তু তেওঁ ঈশ্বৰৰ দ্বাৰাই মনোনীত আৰু বহুমুলীয়া 5 আপোনালোকে নিজেও জীৱন্ত শিলৰ দৰে গঁথা হৈ, যীচু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰৰ পৰমগ্ৰাহ্য আত্মিক যজ্ঞ উৎসৰ্গ কৰিবলৈ, পবিত্ৰ পুৰোহিত সমূহ হ’বৰ অৰ্থে এক আত্মিক ঘৰ হৈ উঠিছে।
6 কিয়নো ধৰ্মশাস্ত্ৰত এইদৰে লিখা আছে,
চোৱা, মই চিয়োনত মনোনীত আৰু বহুমূল্য চুকৰ এক প্ৰধান শিল স্থাপন কৰোঁ;
যি জনে তেওঁত বিশ্বাস কৰে, তেওঁ কোনোমতে লাজত নপৰিব।
7 এতেকে বিশ্বাস কৰা যি আপোনালোক, আপোনালোকৰ কাৰণেই সেই শিল বহুমূল্যৰ; কিন্তু,
অবিশ্বাস কৰা সকলৰ কাৰণে, ঘৰ-সজীয়া সকলে যি শিল অগ্ৰাহ্য কৰিলে,
সেয়ে চুকৰ প্ৰধান শিল হ’ল,
8 আৰু,
"উজুটি খুউৱা শিল,
আৰু বিঘ্নজনক শিল হ’ল।"
তেওঁলোক বিঘ্নজনক, তেওঁলোকে বাক্য অমান্য কৰাত উজুটি খায়, তাৰ কাৰণে তেওঁলোক নিযুক্তও হৈছিল।
9 কিন্তু আপোনালোক মনোনীত বংশ, ৰাজকীয় পুৰোহিত সমূহ, পবিত্ৰ জাতি, আৰু ঈশ্বৰৰ নিজ অধিকাৰৰ অৰ্থে এক বিশেষ লোক হৈছে যাতে, যি জনে আপোনালোকক আন্ধাৰৰ পৰা তেওঁৰ আচৰিত পোহৰলৈ আমন্ত্ৰণ কৰিলে, আপোনালোকে যেন তেওঁৰ সদগুণ প্ৰকাশ কৰে এই কাৰণে
10 আগেয়ে আপোনালোক প্ৰজা নাছিল,
কিন্তু এতিয়া ঈশ্বৰৰ প্ৰজা হ’ল;
দয়াৰ পাত্ৰ নাছিল,
কিন্তু এতিয়া দয়াৰ পাত্ৰ হ’ল।
11 হে প্ৰিয় সকল, আপোনালোক বিদেশী আৰু প্ৰবাসী; সেয়েহে মই আপোনালোকক মিনতি কৰোঁ যে আত্মাৰ বিৰুদ্ধে যুদ্ধ কৰা মাংসিক অভিলাষৰ পৰা পৃথকে থাকক 12 আপোনালোকক অনা-ইহুদী সকলে যি বিষয়ত দুষ্কৰ্ম্মকাৰী বুলি বিৰোধী কথা কয়, সেই বিষয়ত তেওঁলোকে আপোনালোকৰ সৎকৰ্ম দেখি কৃপাদৃষ্টিৰ দিনা যেন ঈশ্বৰৰ স্তুতি কৰে, তাৰ কাৰণে তেওঁলোকৰ মাজত আপোনালোকৰ আচাৰ-ব্যৱহাৰ উত্তম হওক।
13 আপোনালোকে প্ৰভুৰ কাৰণে মনুষ্যৰ দ্বাৰাই স্থাপিত সকলো ৰীতিৰ বশীভূত হওক; যেনেদৰে ৰজা সকলোৰে ওপৰ, 14 আৰু দেশাধিপতি সকলক, দুষ্কৰ্ম্মকাৰী সকলৰ প্ৰতিকাৰৰ অৰ্থে আৰু সৎকৰ্মকাৰী সকলৰ প্ৰশংসাৰ অৰ্থে তেওঁৰ দ্বাৰাই পঠোৱা হৈছে বুলি, তেওঁলোকৰ বশীভূত হওক। 15 আপোনালোকে সৎ কৰ্ম কৰি কৰি যেন নিৰ্ব্বোধ লোক সকলৰ অজ্ঞানতাক নিৰুত্তৰ কৰে, ঈশ্বৰৰ এই ইচ্ছা 16 আপোনালোকে স্বাধীন লোকৰ দৰে হয়; কিন্তু সেই স্বাধীনতাক দুষ্টতাৰ ঢাকনি নকৰিব, বৰং ঈশ্বৰৰ দাস সকলৰ দৰে জীৱন-যাপন কৰক। 17 সকলোকে সমাদৰ কৰক ভাইমাত্ৰকে প্ৰেম কৰক ঈশ্বৰৰলৈ ভয় ৰাখক ৰজাক সমাদৰ কৰক।
18 হে দাস সকল, তোমালোক সম্পূৰ্ণ ভয়েৰে নিজ নিজ প্ৰভুৰ বশীভূত হোৱা; কেৱল উত্তম আৰু ক্ষান্ত স্বভাৱী সকলৰ নহয়, কিন্তু কুটিল-মনৰ লোক সকলৰো বশীভূত হোৱা। 19 কিয়নো কোনোৱে যদি ঈশ্বৰৰ উদ্দেশ্যে বিবেকৰ কাৰণে অন্যায় ভোগ কৰি দুখ সহন কৰে, তেনেহলে সেয়েই প্ৰশংসনীয়। 20 কাৰণ পাপ কৰি ভুকু খাই যদি সহন কৰা, তেনেহলে তাত কি প্ৰশংসা আছে? কিন্তু সৎ কৰ্ম কৰি দুখভোগ কৰি যদি সহন কৰা, তেনেহলে সেয়েহে ঈশ্বৰৰ আগত গ্ৰহণীয়।
21 কাৰণ তাৰ বাবেই তোমালোক আমন্ত্ৰিত হ’লা; কিয়নো তোমালোক যেন খ্ৰীষ্টৰ খোজৰ অনুগামী হোৱা, এই কাৰণে তেওঁ তোমালোকৰ অৰ্থে দুখভোগ কৰি, তোমালোকৰ কাৰণে এটি আৰ্হি থৈ গ’ল।
22 তেওঁ কোনো পাপ নকৰিলে;
তেওঁৰ মুখত কোনো ছলনা পোৱা নগ’ল;
23 তেওঁ নিন্দিত হলেও কাকো নিন্দা নকৰিলে; দুখ পোৱা কালত, ডাবি-ধমকি নিদিলে, কিন্তু ন্যায়ৰূপে বিচাৰ কৰোঁতা জনৰ ওপৰত ভাৰ দিলে
24 তাতে আমি যেন পাপৰ সম্বন্ধে মৰি, ধাৰ্মিকতাৰ সম্বন্ধে জীয়াই থাকো, আৰু এই কাৰণে তেওঁ নিজ শৰীৰত আমাৰ ভাৰ বৈ কাঠৰ ওপৰলৈ নিলে তেওঁৰ সাঁচৰ দ্বাৰাই আপোনালোক সুস্থ হ’ল 25 আপোনালোকে সকলোৱে ভ্ৰান্ত মেৰৰ নিচিনাকৈ ভ্ৰমি ফুৰিছিল; কিন্তু এতিয়া আপোনালোকৰ আত্মাৰ ৰক্ষক আৰু অধ্যক্ষৰ ওচৰলৈ আপোনালোক উভতি আহিছে