1 সেইদৰে হে ভাৰ্যা সকল, আপোনালোক নিজ নিজ স্বামীৰ বশীভূত হওক; গতিকে, তেখেত সকলৰ কোনো কোনোৱে যদিও ঈশ্বৰৰ বাক্য অমান্য কৰে, তথাপি নিজ নিজ ভাৰ্য্যাৰ আচাৰ-ব্যৱহাৰৰ দ্বাৰাই, 2 আপোনালোকৰ ভয়যুক্ত নিৰ্মল আচাৰ-ব্যৱহাৰ দেখি, তাৰ দ্বাৰাই বিনাবাক্যেৰে যেন তেওঁলোকক পোৱা যায়, সেই বাবে বশীভূত হওক।
3 কেশ-বেশ আৰু সোণৰ অলঙ্কাৰ পিন্ধা বা নানা বস্ত্ৰ পৰিধান; এনে বাহ্যিক ভূষণ আপোনালোকৰ নহওক। 4 কিন্তু আপোনালোকৰ হৃদয়ত নিৰ্দোষীৰূপে চিৰস্থায়ী হৈ থকা শান্ত আৰু নম্ৰ আত্মা আপোনালোকৰ ভূষণ হোৱা উচিত, এয়াই ঈশ্বৰৰ দৃষ্টিত মহা মূল্যৱান
5 কিয়নো আগৰ কালত যি পবিত্ৰ তিৰোতা সকলে ঈশ্বৰত ভাৰসা ৰাখিছিল, তেখেত সকলেও নিজ নিজ স্বামীৰ বশীভূত হৈ, সেইদৰে নিজক বিভূষিত কৰিলে; 6 সেইদৰে চাৰাই অব্ৰাহামৰ আজ্ঞা মানিলে। এতিয়া আপোনালোকেও যদি উচিত কৰ্ম কৰে আৰু আপোনালোকৰ কোনো সমস্যাৰ বাবে যদি ভয় নাথাকে, তেনেহলে আপোনালোক তেওঁৰ জীয়ৰী
7 সেইদৰে হে স্বামী সকল, আপোনালোকতকৈ স্ত্ৰী সকল মাটিৰ পাত্ৰৰদৰে কোমল, জীৱনৰূপ অনুগ্ৰহৰ সহকাৰিণী বুলি জানি, আপোনালোকৰ প্ৰাৰ্থনাত যেন বাধা নজন্মে, এই কাৰণে তেখেত সকলৰ সৈতে জ্ঞানমতে সহবাস কৰি তেখেত সকলক সমাদৰ কৰক।
8 অৱশেষত কওঁ, আপোনালোক সকলোৱে একে মনৰ, আনৰ দুখত দূঃখী, স্নেহশীল, প্ৰেম কৰোঁতা আৰু নম্ৰ হওক 9 অপকাৰৰ সলনি অপকাৰ, আৰু তিৰস্কাৰৰ সলনি তিৰস্কাৰ নকৰক, বিৰোধিতাত পুনৰায় আশীৰ্বাদ কৰক, কিয়নো ইয়াৰ বাবে আপোনালোক আমন্ত্ৰিত, আপোনালোক ক্ষমতাপূৰ্ণ আশীৰ্বাদৰ উত্তৰাধিকাৰ পোৱা লোক কিয়নো আশীৰ্বাদৰ অধিকাৰী হ’বৰ কাৰণে আপোনালোক আমন্ত্ৰিত হ’ল।
10 "কাৰণ, যি জনে জীৱনক প্ৰেম কৰিবলৈ, আৰু মঙ্গলৰ দিন চাবলৈ ইচ্ছা কৰে, তেখেতে কু-কথাৰ পৰা নিজৰ জিভা, আৰু ছলনা-বাক্যৰ পৰা নিজৰ ওঁঠ ৰাখক;
11 কু-পথৰ পৰা ঘূৰক আৰু ভাল কৰ্ম কৰক শান্তি বিচাৰক আৰু তাতে লাগি থাকক
12 প্ৰভুৰ চকুৱে ধাৰ্মিক সকলক দৃষ্টি কৰে, আৰু তেওঁৰ কাণে তেখেত সকলৰ প্ৰাৰ্থনা শুনে কিন্তু যি সকল কু-কৰ্মী, তেখেত সকললৈ প্ৰভুৰ মুখ বিৰোধী"
13 যি ভাল, তালৈ যদি আপোনালোকে ইচ্ছা কৰে, তেনেহলে আপোনালোকক কোনে ক্ষতি কৰিব? 14 কিন্তু ধাৰ্মিকতাৰ কাৰণে যদিও দুখভোগ কৰিব লগা হয়, তথাপি আপোনালোক ধন্য; কিন্তু তেওঁলোকৰ ভয়ত ভয়াতুৰ নহ’ব আৰু ব্যাকুল নহ’ব
15 ইয়াৰ পৰিৱৰ্তে খ্ৰীষ্টক প্ৰভু হিচাপে আপোনালোকৰ হৃদয়ত পবিত্ৰ ৰূপে মানিব; যি কোনোৱে আপোনালোকৰ অন্তৰত থকা আশাৰ বিষয়ে বিচাৰ লয়, তেওঁক আপোনালোকে নিজৰ পক্ষে উত্তৰ দিবলৈ সষ্টম থাকিব, কিন্তু নম্ৰতা আৰু সন্মানেৰে সৈতে এইবোৰ কৰিব 16 যি সকলে খ্ৰীষ্টত থাকি কৰা আপোনালোকৰ সদাচৰণৰ নিন্দা কৰে, আপোনালোক যি বিষয়ত নিন্দিত হয়, সেই বিষয়ত তেওঁলোক যেন লাজত পৰিব, এই কাৰণে আপোনালোকে উত্তম বিবেক ৰাখিব। 17 কিয়নো কুকৰ্ম কৰি দুখভোগ কৰাতকৈ, ঈশ্বৰৰ যদি এনে ইচ্ছা হয়, তেনেহলে সৎ কৰ্ম কৰি দুখভোগ কৰা বেছি ভাল
18 খ্ৰীষ্টয়ো সেই পাপৰ সম্বন্ধে এবাৰ দূখ-ভোগ কৰিলে আমাক ঈশ্বৰৰ ওচৰলৈ নিবলৈ, অধাৰ্মিক সকলৰ কাৰণে ধাৰ্মিক জনে, অৰ্থাৎ খ্ৰীষ্টে পাপবোৰৰ কাৰণে কেৱল এবাৰ দুখভোগ কৰিলে; তেওঁ মাংসত হত হ’ল, কিন্তু আত্মাত হ’লে পুনৰ্জীৱিত হ’ল; 19 সেই আত্মাৰে তেওঁ গ’ল আৰু এতিয়া কাৰাগাৰত থকা আত্মাবোৰৰ ওচৰত গৈ প্রচাৰ কৰিলে 20 সেইবোৰ নোহৰ সময়ত ঈশ্বৰৰ আবাধ্য আছিল নোহৰ জাহাজ তৈয়াৰ কৰাৰ সময়ত ঈশ্বৰ সহিষ্ণু হৈ তেওঁলোকৰ বাবে অপেক্ষা কৰিছিল ঈশ্বৰে অলপ মানুহক ৰক্ষা কৰিলে, আঠ টা আত্মা সেই জলৰ পৰা ৰক্ষা পালে
21 সেই জল বাপ্তিস্মৰ প্ৰতীক, যাৰ যোগে আপোনালোকে ৰক্ষা পালে সেই বাপ্তিস্মৰ যোগেদি শৰীৰৰ ময়লা আতৰোৱা নহয়, কিন্তু ঈশ্বৰৰ ওচৰত সৎ বিবেক বজায় ৰখাৰ কাৰণে এক আবেদন যীচু খ্ৰীষ্টৰ পুনৰুত্থানৰ যোগেদিহে আপোনালোকে ৰক্ষা পালে 22 তেওঁ স্বৰ্গলৈ গ’ল স্বৰ্গৰ দূত সকল, বিধিসংগত শাসন, আৰু পৰাক্ৰম, অৱশ্যে তেওঁলৈ সমৰ্পন কৰক