5 সেইদৰে হে ডেকা লোক সকল, আপোনালোক পৰিচাৰক সকলৰ বশীভূত হওক; আপোনালোক সকলোৱে নম্ৰতাৰে নিজকে ভালদৰে মেৰিয়াই বান্ধি লওঁক আৰু ইজনে সিজনক সেৱা কৰক; যিহেতু,
ঈশ্বৰে অহংকাৰী সকলক প্ৰতিৰোধ কৰে,
কিন্তু নম্ৰ সকলক অনুগ্ৰহ দান কৰে।5:5 যাক 4:6৷
6 সেই কাৰণে ঈশ্ৱৰৰ পৰাক্ৰমী হাতৰ অধীনত নিজকে নম্ৰ কৰক, তাতে উপযুক্ত সময়ত ঈশ্ৱৰে আপোনালোকক উন্নত কৰিব�� 7 আপোনালোকৰ সকলো চিন্তাৰ ভাৰ তেওঁৰ ওপৰত পেলাই দিয়ক;5:7 গীত 55:22; মথি 6:25-34৷ কিয়নো আপোনালোকৰ কাৰণে তেওঁ চিন্তা কৰে।