41 পাছত এলিয়াই আহাবক ক’লে, উঠা, গৈ ভোজন-পান কৰা; কিয়নো বৰ বৰষুণৰ শব্দ হৈছে।" 42 তেতিয়া আহাবে ভোজন-পান কৰিবলৈ উঠি গ’ল। এলিয়াই কৰ্মিল পৰ্ব্বতৰ টিঙলৈ গৈ মাটিত প্রণিপাত কৰি তেওঁৰ আঠু দুটাৰ মাজত নিজৰ মুখ ৰাখিলে।
43 পাছত তেওঁ নিজৰ দাসক ক’লে, "এতিয়া উঠি গৈ সাগৰৰ ফালে চোৱা।" তাতে তেওঁ উঠি গৈ চাই ক’লে, "তাত একোৱেই নাই।" তেতিয়া এলিয়াই ক’লে, "তুমি আকৌ যোৱা আৰু সাতবাৰ এইদৰে কৰা।" 44 পাছত সপ্তমবাৰ চাওঁতে, তেওঁ ক’লে, "চাওঁক, মানুহৰ হাতৰ সমান সৰু মেঘ এডোখৰ সাগৰৰ পৰা উঠিছে।" তেতিয়া এলিয়াই ক’লে, "তুমি উঠি গৈ আহাবক কোৱা, ‘বৰষুণে আপোনাক যাবলৈ বাধা দিয়াৰ আগতে আপুনি ৰথ সজাই নামি যাওঁক’।" 45 ইয়াৰ অলপ পাছত মেঘেৰে আৰু বতাহেৰে আকাশ ক’লা হৈ উঠিল আৰু বৰষুণ হ’ল। আৰু আহাবে ৰথত উঠি যিজ্ৰিয়েললৈ গ’ল।